মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / অৰ্শ আৰু ইয়াৰ চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অৰ্শ আৰু ইয়াৰ চিকিৎসা :

অৰ্শ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ গুহ্যদ্বাৰৰ চাৰিওফালে থকা সিৰাবিলাক ফুলি গ’লে আমি তাক অৰ্শ হোৱা বুলি কওঁ । আজিৰ দিনত অগণন লোকে এই বেমাৰত ভুগি আছে । এই বেমাৰটো যে কিমান বিৰক্তিকৰ তাক ভুক্তভোগীৰ বাহিৰে আনে নাজানে । অৰ্শ দুই ধৰণৰ হ’ব পাৰে । আভ্যন্তৰীণ আৰু বাহ্যিক । আভ্যন্তৰীণ অৰ্শ মলদ্বাৰৰ ভিতৰত হয় আৰু বাহ্যিক অৰ্শ মলদ্বাৰৰ পৰা বাহিৰলৈ ওলোৱা নলীত, অৰ্থাৎ পায়ুত হয় । অৰ্শ হ’লে মলৰ লগত তেজ যাব পাৰে, বিষাব পাৰে । তাৰ লগতে খজুৱতি হোৱাও দেখা যায় ।

৪৫ বছৰৰ পৰা ৬৫ বছৰৰ বয়সত এই বেমাৰ বেছি হয় ।

অতি সৰু থাকিলে সাধাৰণতে ই কিছুদিনৰ ভিতৰত ভাল হৈ যায় । খাদ্য গ্ৰহণত সামান্য পৰিৱৰ্তন আনিলেই ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি । অৱশ্যে আভ্যন্তৰীণ অৰ্শ ডাঙৰ হ’লে আমি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।

গৰ্ভাৱস্থাত পেটত অতিৰিক্ত হেঁচা পৰাৰ বাবে কিছুমান মহিলাৰ অৰ্শ হোৱা দেখা যায় । গৰ্ভাৱস্থাৰ শেষৰ তিনি মাহত এনেকুৱা অৰ্শ হয় । অৱশ্যে সন্তান জন্ম হোৱাৰ পিছত এনে অৰ্শ নিজে নিজে আৰোগ্য হোৱা দেখা যায় ।

অৰ্শ হ’লে সাধাৰণতে মাজে মাজে শৌচৰ লগত তেজ যোৱা দেখা যায় । ইয়াৰ উপৰি খজুৱতি, জ্বলা-পোৰা, বিষ, ফুলা, অস্বস্তিকৰ ভাব আদি গুহ্যদ্বাৰৰ চাৰিওফালে অনুভৱ হয় ।

আভ্যন্তৰীণ আৰু বাহ্যিক অৰ্শৰ লক্ষণবোৰ প্ৰায় একে ধৰণৰ হয় ।

শৌচৰ সময়ত জোৰ দিয়াটো হ’ল অৰ্শৰ অন্যতম কাৰণ । গতিকে আমি আঁহযুক্ত খাদ্য, যেনে-শাক পাচলি, ফল আদি বেছিকৈ খালে মল কোমল হয় আৰু ফলত শৌচ কৰোতে জোৰ দিব নালাগে । ইয়াৰ উপৰি পানীকে ধৰি আন জুলীয়া আহাৰ বেছিকৈ খাব লাগে । অৰ্শৰ আন এটা কাৰণ হ’ল পুৰণি কোষ্ঠবদ্ধতা । ইয়াৰ উপৰি বহু সময় পাইখানাত বহি থকা বা বংশগত কাৰণতো অৰ্শ হ’ব পাৰে । অৰ্শত বিষালে পাত্ৰ এটাত গৰম পানী লৈ তাত প্ৰত্যেক দিন ১০ মিনিট সময় বহি থাকিলে আৰাম পোৱা যায় । গৰম পানীৰ বটলো ব্যৱহাৰ কৰিব পাৰি । ইয়াৰ উপৰি বিভিন্ন ধৰণৰ মলম ব্যৱহাৰ কৰি অৰ্শৰ বিষ আৰু খজুৱতিৰ পৰা ৰক্ষা পাব পাৰি ।

অৰ্শৰ কেইবা প্ৰকাৰৰ চিকিৎসা কৰা হয় । যেনে- ৰাবাৰ বেণ্ড লাইগেচন :-

এই পদ্ধতিত ৰাবাৰৰ এটা ফিতা অৰ্শত অতি টানকৈ বান্ধি দিয়া হয়, যাতে অৰ্শলৈ তেজ চলাচল বন্ধ হৈ যায় । এনেদৰে কিছুদিন থকাৰ পিছত অৰ্শ সৰু হৈ যায় বা শুকাই যায় । ইনফ্ৰাৰেড লাইট, তাপ বা অতি ঠাণ্ডা প্ৰয়োগ কৰিও অৰ্শৰ চিকিৎসা কৰা হয় । অৰ্শ শুকুৱাবলৈ অৰ্শত ৰাসায়নিক পদাৰ্থ সুমুৱাই দিয়া হয় বেজীৰ সহায়ত ।

ওপৰত উল্লেখ কৰা পদ্ধতিত যদি কোনো উপকাৰ পোৱা নাযায় তেতিয়া চিকিৎসকে শল্য চিকিৎসাৰ সহায় লয় ।

অৰ্শৰ পৰা নিজক ৰক্ষা কৰিবলৈ হ’লে বা অৰ্শ যাতে নহয় তাক নিশ্চিত কৰিবলৈ হ’লে তলত উল্লেখ কৰা কথাকেইটাত বিশেষ মনোযোগ দিয়া দৰকাৰ ।

*মেদবহুলতাৰ পৰা নিজক ৰক্ষা কৰা ।

*পায়ু সংগমৰ পৰা আঁতৰি থকা ।

* সদায় পাইখানা টান বা পাতল হ’লে চিকিৎসা কৰা ।

*পাইখানাত বেছি সময় বহি নথকা বা বেছি জোৰ নিদিয়া ।

*আঁহজাতীয় আহাৰ বেছিকৈ খোৱা  ।

*অতিৰিক্ত ইনেমা বা ডুশ ব্যৱহাৰ নকৰা ।

অৰ্শ আৰু ইয়াৰ হোমিঅ’পেথিক চিকিৎসা -

অৰ্শ ৰোগী প্ৰায়ে হোমিঅ’পেথিক চিকিৎসা পদ্ধতিৰ কাষ চপা দেখা যায় ।  যিহেতু হোমিঅ’পেথিক পদ্ধতিত ৰোগৰ নহয় ৰোগীৰহে চিকিৎসা কৰা হয়, সেয়ে চিকিৎসকে ৰোগীৰ অৰ্শকে ধৰি আন সকলো বেমাৰৰ ওপৰত বিশেষ অনুসন্ধান কৰি ঔষধ্ৰ নিৰ্বাচন কৰে । নিয়মানুযায়ী ঔষধ সেৱন আৰু অৰ্শৰ প্ৰতি বিশেষ সচেতন হৈ থাকিলে এই বেমাৰৰ পৰা পৰিত্ৰাণ পোৱা যায় ।

লেখক :- ডা: ৰাজুল আলম

উৎস :- জি এনআৰচি স্বাস্থ্য

 

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top