অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আকস্মিক দুৰ্ঘটনা আৰু প্ৰাথমিক চিকিৎসা

 

সংসাৰত এনে এটা পৰিয়াল নাই, যিটো পৰিয়ালত দুৰ্ঘটনা বা আঘাত নোপোৱাকৈ এটা দিন অতিবাহিত হৈছে । কাৰোবাৰ হয়তো কচৰবাত কাটিলে, কাৰোবাৰ হাত ভাঙিলে ইত্যাদি ধৰণৰ দুৰ্ঘটনাবোৰ হৈয়ে থাকে । গতিকে আমি প্ৰত্যেকেই আকস্মিক দুৰ্ঘটনাৰ প্ৰাথমিক চিকিৎসা সম্বন্ধে অলপ হ’লেও জনা উচিত ।

কটা -

কাটিলে তেজ ওলোৱা ঠাইডোখৰত তৎক্ষণাৎ বুঢ়া আঙুলি নাইবা আন আঙুলিৰে হেঁচা মাৰি ধৰিব লাগে যাতে থিয়ৈ থিয়ৈ আঙুলিৰ চাপ পৰে । কিন্তু কটা ঠাইডোখৰত কিবা দ্ৰব্য সোমালে আঙুলিৰে তেনেকৈ চাপ দিয়া উচিত নহয় । তাৰ পিছত ঠাইখিনি পৰিষ্কাৰ পানীৰে ধুই যদি অলপকৈ কাটিছে তেন্তে তুলসী, মানিমুনি বা নাৰ্জীফুলৰ পাতৰ ৰস দিলে তেজ ওলোৱা বন্ধ হয় । আনহাতে, বেছিকৈ কাটিলে বা আঘাত পালে তেজ ওলোৱা অংশত ডেটল পানীত তুলা জুবুৰিয়াই সেই অংশত হেঁচা মাৰি অলপ সময় ধৰি থাকি পিছত টান বেণ্ডেজ কৰিব লাগে ।

জুয়ে পোৱা -

জুয়ে পুৰিলে বৰ পোৰণি হয় । অলপ পিছতে জোলা ফুটে । পিছত জোলাবোৰ ভাঙি ঘা হয় । বেছিকৈ পুৰিলে ছাল আৰু মাংসৰ পৰা এবিধ বিষৰ উৎপত্তি হয় । ই শৰীৰৰ তেজ বিষাক্ত কৰে । সেয়ে জোলা নুফুটিবৰ বাবে তলত দিয়া ধৰণে যেই সেই এটা দিহা কৰা উচিত :

ক) নাৰিকল তেলৰ লগত চূণৰ পানী মিহলাই পোৰা ঠাইত ঢালিব ।

খ) আফুগুটি মিহিকৈ বটি পোৰা ঠাইত লেপ দিব ।

গ) মৌ জোল সানিব পাৰে ।

ঘ) চাল কোমোৰাৰ শাহ বটি পোৰা ঠাইত লেপ দিব ।

ঙ) পাতল পৰিষ্কাৰ কাপোৰ এডোখৰত বাৰ্নল লগাই ঠাইডোখৰত দি থ’ব ।

কুকুৰে কামুৰিলে -

কামোৰা কুকুৰটো যদি পোহনীয়া নহয়, তেন্তে কামোৰা ঠাইখিনিৰ পৰা তেজ চেপি যিমান পাৰি সিমান বাহিৰ কৰি দিব লাগে । আঘাত পোৱা ঠাইডোখৰত তলমুৱা কৰি ৰাখিব লাগে । যিমান সোনকালে সম্ভৱ হয়, কাৰ্বলিক এচিড নাইবা নাইট্ৰিক এচিডেৰে ক্ষতস্থান পুৰি পেলাব লাগে । তাৰ পিছত ক্ষতস্থান কুহুমীয়া গৰম পানীত ডেটল মিহলাই ধুব । এইখিনি কৰা ক্ষতস্থান শুকান কৰি এখন পৰিষ্কাৰ কাপোৰেৰে বান্ধি ৰোগীক তৎক্ষণাৎ ডাক্তৰৰ ওচৰলৈ নিব লাগে ।

সাপে খোটা -

সাপে খুটিলে খোঁটা ঠাইৰ অলপ ওপৰতে ততালিকে টানকৈ এটা বান্ধ দিব লাগে । এই বান্ধৰ উদ্দেশ্য হ’ল যাতে তেজৰ যোগেদি বিহ গোটেই শৰীৰত বিয়পিব নোৱাৰে । বান্ধ দিয়েই তৎক্ষণাৎ এখন চোকা কটাৰী উতলা পানীত কেইঘণ্টামান থৈ খোঁটা ঠাইডোখৰ কাটি দি তেজ ওলাবলৈ দিব লাগে । তাৰ পিছত কাৰ্বলিক এচিড পুৰি নাইবা পাৰামাংগানেট অৱ পটাছেৰে ধুই পেলাব লাগে । চিকিৎসালয়লৈ নিব লাগে । বান্ধ কিন্তু খুলিব নালাগে । মনত ৰাখিব, সময়ত চিকিৎসা কৰাব পাৰিলেহে বিষাক্ত সাপৰ কামোৰৰ পৰা জীৱন ৰক্ষা পৰে ।

বিহ খোৱা -

বিহ খোৱা বুলি সন্দেহ হ’লে বা অচিনাক্ত বিহ খালে তৎক্ষণাৎ কুহুমীয়া গৰম পানীত ভাতৰ চামোচৰ দুচামুচ লোণ মিহলাই খুৱাই বমি কৰাব লাগে । এনে কৰিলে বিহ শৰীৰত মিহলি হ’ব নোৱাৰে আৰু পেট ঠাণ্ডা কৰে ।

দ্বিতীয়তে , ধতুৰা বা ভাং গুটি খালে নেমু টেঙাৰ ৰস বা ভিনেগাৰ খুওৱা উচিত ।

তৃতীয়তে , আফিং বা কানি খালে ৰোগীৰ টোপনি আহে আৰু হাত-ভৰি ঠাণ্ডা হৈ যায় । তেনে অৱস্থাত ৰোগীৰ হাত-ভৰি আৰু গা গৰমে ৰাখিবৰ বাবে আৰু টোনি নাহিবৰ বাবে গৰম চাহ বা কফি খুৱাব লাগে আৰু ডাক্তৰ নহা পৰ্যন্ত ধৰি ধৰি খোজ কঢ়াই থাকিব লাগে ।

চতুৰ্থতে কাৰ্বলিক এচিড জাতীয় বিহ হ’লে ৰোগীক বমি কৰাব নালাগে । ৪/৫ টা কেঁচা কণী খুৱাব লাগে আৰু তাৰ পিছত ডাঙৰ চামুচৰ এচামু ছ’ডিয়াম ছালফেট এগিলাছ পানীত গুলি খুৱাব লাগে ।

ৰ’দত মূৰ্ছা যোৱা -

অতিপাত ৰ’দত কাম কৰা মানুহে হঠাতে অজ্ঞান হৈ মাটিত পৰি যায় । তেনে ৰোগীক তৎক্ষণাৎ ছাঁ পৰা ঠাইলৈ আনি মূৰত আৰু বুকুত ঠাণ্ডা পানী ঢালিব লাগে । ৰোগীৰ গাত ঠাণ্ডা পানী ঢালি থাকোতে কোনোবা এজনক ৰোগীৰ বুকু আৰু বাহু মোহাৰি থাকিবলৈ দিব লাগে । ৰ’দত মূৰ্ছা যোৱা বৰ বিপজ্জনক, গতিকে উক্ত পদ্ধতিৰে ৰোগী সুস্থ নহ’লে তৎক্ষণাৎ ডাক্তৰ মাতিব লাগে ।

হাড় ভঙা :-

হাড় ভাঙিলে ৰোগীক ডাক্তৰৰ ওচৰলৈ নিনিলে নহয় । গতিকে হাড় ভঙা মাত্ৰকে ওচৰৰ চিকিৎসালয়লৈ লৈ যাব লাগে ।

হাড় ভঙাৰ সাধাৰণ লক্ষণ -

১) বিষ :-

হাড় ভহা ঠাইত বা তাৰ ওচৰত বিষ হয় ।

২) শক্তি হ্ৰাস :-

আহত অংশৰ শক্তি হ্ৰাস পায় ।

৩) উখহা :-

ভঙা হাড়ৰ চাৰিওফালে উখহি উঠে ।

৪) অংশৰ বিকৃতি :-

হাড় ভঙা ঠাইত হাড় লৰচৰ কৰে আৰু সেই অংশ অস্বাভাৱিক অৱস্থাত থাকে ।

৫) হাড়ৰ অসমতা :-

ছালৰ তলতে হ’লে ভঙা হাড়ৰ অসমতো হাতেৰে চুই চালে গম পাব পাৰি ।

ভঙা হাড়ৰ পৰা তেজ ওলাই থাকিলে তাৰ প্ৰতিকাৰ কৰাব লাগে । যিমান পাৰি সোনকালে ভঙা হাড়ডাল লৰচৰ কৰিব নোৱাৰাকৈ বাঁহ, কাঠ আদি বান্ধি দিব লাগে । এনে কৰাৰ পিছতহে ৰোগীক স্থানান্তৰিত কৰিব লাগে । যদি বান্ধিবলৈ বাঁহ, কাঠ আদি নাপায়, তেন্তে এক্সৰে কৰাব লাগে । হাড় ভাঙিলে কেতিয়াও মালিচ কৰাব নালাগে ।

এচিডে পুৰিলে :-

তৎক্ষণাৎ পোৰা ঠাইডোখৰ খাৰ পানীৰে ধুব লাগে । অভাৱত প্ৰচুৰ গৰম পানী ঢালিব লাগে ।

ভাপে পুৰিলে :-

বেকিং পাউডাৰ মিহলোৱা গৰম পানী এচৰিয়াত পোৰা অংশ জুবুৰিয়াই থ’ব লাগে । এনে কৰিলে স্নায়ৱিক অৱসন্নতা নাহিব আৰু লগতে বিষ কমিব ।

লেখিকা :- ডা: ৰীণা দেৱী

উৎস :- জি এনআৰচি স্বাস্থ্য

 

 

 

শেহতীয়া উন্নীতকৰণ: : 4/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate