মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / আকস্মিক দুৰ্ঘটনা স্বাস্থ্যজনিত সমস্যা জৰুৰীকালীন অৱস্থা ঘৰুৱা প্ৰাথমিক ব্যৱস্থা আৰু চিকিৎসা সেৱা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আকস্মিক দুৰ্ঘটনা স্বাস্থ্যজনিত সমস্যা জৰুৰীকালীন অৱস্থা ঘৰুৱা প্ৰাথমিক ব্যৱস্থা আৰু চিকিৎসা সেৱা

আকস্মিক দুৰ্ঘটনা স্বাস্থ্যজনিত সমস্যা জৰুৰীকালীন অৱস্থা ঘৰুৱা প্ৰাথমিক ব্যৱস্থা আৰু চিকিৎসা সেৱাৰ বিষয়ে লিখা হৈছে ।

 

আকষিম জৰুৰীকালীন –এই শব্দবোৰৰ মাজতেই চিন্তা উদ্ৰেককাৰী বহুতো কথা লুকাই আছে । কাৰণ প্ৰথম দৃষ্টিতেই ইয়াত নিহিত হৈ থকা অৰ্থ আমি বিচাৰি পাওঁ কোনো দুৰ্ঘটনা, শাৰীৰিক ৰোগ বা সমস্যাৰ । কেতিয়াবা অসাৱধানতা, স্বাস্থ্যৰ প্ৰতি অৱহেলা বা কেতিয়াবা সাৱধানতা অৱলম্বন কৰাৰ পিছতো আমি বিভিন্ন ধৰণৰ দুৰ্ঘটনা তথা ৰোগ বা সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । পথ দুৰ্ঘটনা, গাড়ী-মটৰৰ দুৰ্ঘটনা, পিছলি পৰা, উজুটি খোৱা, জুয়ে পোৰা, কটাৰীৰে কটা, খুন্দা খোৱা, ইলেক্ট্ৰিক শ্বক লগা আদি কিমান যে ঘটনা ঘটে প্ৰতিদিনাই । বাহিৰৰ দুৰ্ঘটনাবোৰ বাদ দিলেও আমাৰ ঘৰৰ ভিতৰতে কিমান ঘটনা ঘটি হাতে-ভৰিয়ে আমি দুখ পাওঁ তাৰ কোনো ঠিক নাই । মজিয়াত পানী পৰি থাকিলে পিচল খোৱা, ক্ষয় যোৱা চেণ্ডেলযোৰৰ বাবেই বাথৰুমত পৰা, চিৰি বগাওঁতে বা বেঁকা হৈ, ভাঁজ হৈ থকা কাৰ্পেট বা ডাষ্টাৰত উজুটি খাই দুখ পোৱা, ভঙা আইনাৰ বাচন-বৰ্তনৰ পৰা বা অন্যান্য আচবাব ড্ৰেচিং, আলমাৰি, শ্ব’কেচৰ ভঙা আইনাৰ পৰা আঙুলি বা হাত কটা । বিভিন্ন ধৰণৰ আচবাব বিছনা, ছোফা, আলনা, আলমাৰি, ট্ৰাংক, চকী, টেবুলৰ ওলাই থকা চুক বা লাগি থকা গজাল আদিৰ পৰাও কেতিয়াবা আঘাতপ্ৰাপ্ত হ’বলগীয়া হয় । য’তে ত’তে খুন্দা লাগি মূৰত দুখ পোৱাৰ কথা নক’লোৱেইবা । গৃহিণীসকলে সৰ্বাধিক আঘাতপ্ৰাপ্ত হোৱা ঘৰখনৰ মূল অংশটোৱেই হ’ল পাকঘৰটো । কটা, পোৰা, উজুটি খোৱা সকলো ঘটনাই ঘটে ইয়াত । গৰম ইস্ত্ৰি, উন্মুক্ত চুইচব’ৰ্ড, তাঁৰ ওলাই থকা প্লাগ ইত্যাদিৰ পৰা ইলেক্ট্ৰিক শ্বক লাগিব পাৰে । য’তে ত’তে পৰি থকা বেজী, চেফটি পিন, গজাল আদি ধৰণৰ বস্তুৰ পৰা শিশুকে ধৰি জ্যেষ্ঠসকলেও দুখ পাব পাৰে । ঘৰত ঘটা বেছিভাগ ঘটনা অসাৱধানতা, অৱহেলা, আওকাণ, পাহৰণি আদিৰ বাবেই ঘটে বুলি ক’ব পাৰি । উচ্চ ৰক্তচাপ, ডায়েবেটিছ, থাইৰয়ড, হৃদৰোগী আদিসকলৰ ক্ষেত্ৰতো কেতিয়াবা নিয়মীয়া স্বাস্থ্য পৰীক্ষা, ঔষধ সেৱন, নিৰ্দিষ্ট খাদ্যতালিকা, দৈনন্দিন কৰ্মসূচী আদিৰ প্ৰতি অৱহেলা কৰাৰ বাবেও জৰুৰীকালীনভাৱে চিকিৎসক বা চিকিৎসালয় বিচাৰিবলগীয়া হয় । কিন্তু সৰ্বতোপ্ৰকাৰে সাৱধান হোৱাৰ পিছতো যেতিয়া যিকোনো কাৰণত বা কাৰণ অবিহনেই আকস্মিক দুৰ্ঘটনা, স্বাস্থ্যজনিত সমস্যা আদিৰ বাবে জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয়, তেতিয়া আমাৰ কৰণীয় কি হোৱা উচিত সেয়া হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ।

কেইটামান পৰামৰ্শ -

১) যদিহে মূৰত আঘাত পায়, তেন্তে সামান্যভাৱে নে গুৰুতৰ বা গভীৰভাৱে পাইছে তালৈ লক্ষ্য কৰা উচিত । আঘাতপ্ৰাপ্ত লোকসকলৰ উশাহ-নিশাহ, ৰক্ত সঞ্চালন, মাত মাতিব পাৰিছে নে নাই সেইবোৰলৈ মন দিয়া উচিত । যদি তেজ ওলোৱা দেখে, খুব সাৱধানেৰে প্ৰথমে কপাহেৰে পৰিষ্কাৰ কৰিব লাগে । ঠাইডোখৰত ডেটল লগাব পাৰে নতুবা এণ্টিচেপ্টিক মলমো লগাব পাৰে । কেতিয়াবা মূৰত দুখ পালে ঠাইডোখৰ ফুলি যায়- এখন পৰিষ্কাৰ ডাঠ কাপোৰত বৰফ বান্ধি লাহে লাহে হেঁচা মাৰি লগাব পাৰে । মূৰত যদি সাধাৰণভাৱেও আঘাত পাইছে । তথাপিও চিকিৎসকৰ ওচৰলৈ যোৱা উচিত । কিয়নো কেতিয়াবা অন্তৰ্ভাগত ৰক্তক্ষৰণ হৈ থাকিলেও গম পোৱা নাযায় । কিছুলোকৰ ক্ষেত্ৰত অৱশ্যে মূৰ ঘূৰায় বা বমিও হয় নতুবা লোকজন অচেতনো হৈ পৰে । মূৰত আঘাত পোৱা লোকজনক চিকিৎসালয়লৈ নিয়া অৱস্থাত মূৰটো যাতে লৰচৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত । মূৰত দুখ পালে কেতিয়াও পানী ঢলা উচিত নহয় । প্ৰয়োজন সাপেক্ষে CT Scan কৰাব লাগে ।

২) কটাৰী, আইনা, ছুৰী কটাৰী, ব্লেড, দা, কুঠাৰ, টিন বাঁহৰ, চোঁচ, তাঁৰ আদি যি সঁজুলিৰেই নাকাটক কিয়, কটা-চিঙাটো কিমান গভীৰ সেয়া চাই লোৱা উচিত । কটা অংশৰ তেজ ওলোৱা বন্ধ কৰিবলৈ আঙুলি আৰু হাতৰ সহায়ত হেঁচা মাৰি ধৰি কপাহত স্পিৰিট লগাই হেঁচি ৰাখিব পাৰে, বৰফ লগাব পাৰে । (বনৌষধেৰে তেজ বন্ধ কৰো বুলি ভাবিলে পাণ-চূণ, দোৰোণ বন লগাব পাৰে ) । বেণ্ডেজ বা পৰিষ্কাৰ কপাহী কাপোৰেৰে কটা অংশটো টানকৈ বান্ধি ৰাখিব লাগে । অৱশ্যে এনেকুৱা টানকৈ বান্ধিব নালাগে যাতে ৰক্ত সঞ্চালন বন্ধ হৈ শৰীৰলৈ অক্সিজেন যোগানেই স্তব্ধ হৈ পৰিব পাৰে । কটা অংশ পৰিষ্কাৰকৈ ধুব লাগে । হাত-ভৰিত গভীৰভাৱে কাটিলে চিকিৎসালয়লৈ নিয়া অৱস্থাতে হওক বা আন ঠাইত থকা অৱস্থাতে হওক ওলোমাই ৰাখিব নালাগে-অধিক ৰক্তক্ষৰণৰ সম্ভাৱনা থাকে । গভীৰভাৱে আঘাতপ্ৰাপ্ত হ’লে চিলাবলগীয়াও হ’ব পাৰে নতুবা চাৰ্জাৰী পৰ্যন্ত কৰাবলগীয়া হ’ব পাৰে । চিকিৎসকৰ পৰামৰ্শ অনুযায়ী টিটেনাচ টক্সাইড লোৱা উচিত ।

৩) হাতি-ভৰি, কঁকাল, ডিঙি, পিঠি আদি শৰীৰৰ যি অংশতেই কচকা বা মোচোকা লাগে, কেতিয়াও মালিচ কৰিব নালাগে । কঁকাল, ডিঙি, পিঠি আদিত সামান্য গৰমপানীৰ (ঠাণ্ডাপানীও ল’ব পাৰে) সেক ল’ব পাৰে । পানীখিনিত সামান্য নিমখ মিহলাই ল’ব পাৰে । সাময়িক সকাহৰ বাবে বিষ উপশমৰ স্প্ৰে মাৰিব পাৰে । বিষৰ মলমো কম পৰিমাণে লাহে লাহে লগাব পাৰে । অৱশ্যে ভৰিৰ গাঁঠি, জোৰা, পতা, হাতৰ তলুৱা, মণিবন্ধ আদিত লগা মোচোকাৰ ক্ষেত্ৰত নিমখ মিহলোৱা সামান্য গৰমপানীত ডুবাই ৰাখিলে ভালেখিনি আৰাম পোৱা যায় । পানীৰ পৰা উঠাই শুকানকৈ মচি বিষৰ মলম বা হালধি পিহি লগাব পাৰে । চিকিৎসালয়লৈ নিওঁতে মোচোকা খোৱা অংশ জোৰ নপৰাকৈ ৰাখিব লাগে । যদি হাত-ভৰি ভাগে, তৎক্ষণাৎ চিকিৎসালয়লৈ নিবলৈ চেষ্টা কৰক । চিকিৎসালয় পোৱালৈকে ভগা হাত বা ভৰিটো টানকৈ পৰিষ্কাৰ কাপোৰ এখনেৰে বান্ধি ওখকৈ ৰাখিব লাগে । আৰু লক্ষ্য ৰাখিব লাগে যাতে হাত-ভৰি বেছিকৈ লৰচৰ কৰা নহয় ।

৪) কেতিয়াবা আইনা, লোহাজাতীয় বা বাঁহ-কাঠজাতীয়, তাঁৰ, পিন আদি বস্তু গভীৰভাৱে শৰীৰত আঘাত কৰি সোমাই যাব পাৰে । তেনেক্ষেত্ৰত কেতিয়াও ঘৰত উলিয়াবলৈ চেষ্টা কৰা অনুচিত । তৎক্ষণাৎ সাৱধানেৰে চিকিৎসালয়লৈ লৈ যোৱা উচিত্ । ডিঙিত খাদ্যবস্তু গ্ৰহণ কৰোতে যদি লাগি ধৰে, তৎক্ষণাৎ পানী খাওঁতে, মাছৰ কাঁইট আদি লাগিলে শুকান ভাত লাড়ু কৰি গিলি খাওক, কল আদিও খাব পাৰে ।

৫) পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকজনে ক’ত, কেনেকৈ দুখ পাইছে তৎক্ষণাৎ পৰীক্ষা কৰা উচিত । যদিহে অচেতন হৈ পৰে, তেন্তে মূৰত আঘাত পাইছে বুলি নিশ্চিত হ’ব পাৰে । তেখেতে উশাহ-নিশাহ লৈ আছেনে নাই, পালচ আদি পৰীক্ষা কৰিব পাৰে- কোনো অংশৰ পৰা ৰক্তক্ষৰণ হৈছে নেকি সেয়া চাব লাগে । তাৰপিছত তৎক্ষণাৎ সাৱধানেৰে চিকিৎসালয়লৈ লৈ যাব লাগে । শ্বাস-প্ৰশ্বাস পৰীক্ষা কৰিব লাগে । প্ৰয়োজন সাপেক্ষে mouth to mouth বায়ু ভৰাব লাগে । বুকু-পেটৰ মাজ অংশত হেঁচি পানী উলিয়াবলৈ চেষ্টা কৰিব পাৰে ।

৬) আকস্মিকভাৱে জুয়ে পুৰিলে ১%, ২% ৰ পৰা কিমান বেছি শতাংশলৈ লোকজন অগ্নিদগ্ধ হৈছে সেয়া প্ৰাথমিক পৰ্যায়ত চাব লাগে । চিকিৎসালয়লৈ তৎক্ষণাৎ লৈ যাব লাগে যদিহে সামান্য অগ্নিদগ্ধ নহয় । কম অংশ পুৰিলে ঠাণ্ডাপানী লগাব পাৰে, বৰফ লগাব পাৰে, মেডিকেটেড মলম লগাব পাৰে । বেছিকৈ অগ্নিদগ্ধ হ’লে শৰীৰৰ পানীভাগ বহু পৰিমাণে কমি যায় । গতিকে পানী, ORS  আদি লোকজনক খাবলৈ দি থাকিব লাগে । অত্যধিক মাত্ৰাত অগ্নিদগ্ধ ব্যক্তিৰ বাবে প্ৰয়োজনীয় বাৰ্ণ কেয়াৰ সা-সুবিধা আমাৰ সকলো চিকিৎসালয়ত উপলব্ধ নহয় । অগ্নিদগ্ধ লোকক চিকিৎসা প্ৰদান কৰাৰ আগতে মধুমেহ, কিডনী, লিভাৰ আদিৰ সমস্যাৰ বিষয়ে চিকিৎসকে বুজ লোৱাটো অত্যন্ত জৰুৰী । কাৰণ কিছুমান নিয়মৰ মাজেৰেহে অগ্নিদগ্ধ লোকক চিকিৎসা প্ৰদান কৰিবলগীয়া হয় । তদুপৰি যথেষ্ট চেলাইন দিবলগীয়া হয় তেওঁলোকক । ঘৰতে প্ৰাথমিকভাৱে জুয়ে পোৰা অংশত কপাহী কোমল কাপোৰত বৰফ বান্ধি লাহে লাহে লগাব পাৰে- হাত-ভৰি হ’লে বৰফৰ পানীত জুবুৰিয়াই থ’ব পাৰে । পোৰণি ভাল হ’বলৈ আৰু ঢৌ নুঠিবলৈ এনেধৰনৰ উপায়ে কামত আহে । পিছত শুকানকৈ কোমল কাপোৰেৰে মোহাৰি বাৰ্ণলৰ দৰে মলম লগাব পাৰে ।

৭) শিশুহঁতে হাতে পোৱা যিকোনো সামগ্ৰী (কইন, সৰু বল, মাৰ্বল আদি) গিলিবলৈ চেষ্টা কৰোতে ডিঙিত লাগি ধৰে । তৎক্ষণাৎ মুখখন সামান্য হাওলাই পিঠিত ঢকা মাৰি দিয়ক, ওলাই আহিব । নতুবা তৎক্ষণাৎ চিকিৎসকসকলৰ কাষলৈ লৈ যোৱা উচিত ।

৮) কোনো এজন লোক হঠাৎ ব্ৰেইন, হাৰ্ট এটেক বা ষ্ট্ৰ’ক বা মূৰ ঘূৰণিৰ বাবে বা ক্ৰনিক কিডনীৰ ৰোগ, লিভাৰৰ সমস্যা, শৰীৰৰ দৰকাৰী উপাদান আদি খোৱাৰ বাবে, অন্যান্য ঔষধ সেৱনৰ বাবেও অচেতন হৈ পৰি যাব পাৰে, হিট ষ্ট্ৰ’কৰ বাবেও হ’ব পাৰে । তেনে ধৰণৰ লোকক তৎক্ষণাৎ বায়ু, বতাহ মুকলিকৈ আহিব পৰা পৰিৱেশ প্ৰদান কৰি কাপোৰ-কানি ঢিলা কৰি দিব লাগে আৰু তৎক্ষণাৎ চিকিৎসালয়লৈ লৈ যাব লাগে- য’ত CT Scan আদিৰ সুবিধা আছে । এনেবোৰ শাৰীৰিক আকস্মিক সমস্যাৰ কাৰণ প্ৰত্যেকৰে ক্ষেত্ৰত বেলেগ বেলেগ হয়- হাৰ্ট ষ্ট্ৰ’ক হ’লে ২ ছেকেণ্ডমানৰ বাবে হ’লেও অচেতন হ’ব পাৰে আৰু ব্ৰেইন ষ্ট্ৰ’ক হ’লে কথা ক’ব নোৱাৰা অৱস্থা হ’ব পাৰে আৰু অচেতনো হ’ব পাৰে ।

৯) ইলেক্ট্ৰিক শব্দ আদিৰ ক্ষেত্ৰত উন্মুক্ত অৱস্থাত ইকেক্ট্ৰিক বস্তু একোৱেই ৰাখিব নালাগে । এইক্ষেত্ৰত সাৱধানতা আটাইতকৈ ডাঙৰ কথা । চুইছ ব’ৰ্ড, তাঁৰ, কেবল আদি পৰীক্ষা কৰি থাকিব লাগে । ট্ৰান্সফৰ্মাৰ আদিত কিবা বিজুতি ঘটা যেন পালে, ৰাস্তাত তাঁৰ, কেৱল আদি ওলমি থাকিলে তৎক্ষণাৎ বিদ্যুৎ বিভাগত খবৰ দিয়া উচিত । বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়েও বিদ্যুতৰ কাম কৰোতে সাৱধানতামূলক জাননী এখন দি ৰখা উচিত । বিদ্যুৎ পৰিবাহিত বস্তু স্পৰ্শ কৰিবলগীয়া হ’লে হাৱাই চেণ্ডেল বা চামৰাৰ চেণ্ডেল পিন্ধি ল’ব লাগে । কোনোবা যদি বিদ্যুৎ পৰিবাহিত তাঁৰত লাগি ধৰে কাঠ বা বাঁহেৰেহে তেওঁক এৰুৱাবলৈ চেষ্টা কৰিব নালাগে । ইলেক্ট্ৰিক শ্বক লাগি জুই লাগিলে কেতিয়াও পানী ঢালি নুমুৱাবলৈ চেষ্টা নকৰিব । অৱশ্যে চিলিণ্ডাৰত জুই লাগিলে এখন কাপোৰেৰে জুইকুৰা আৱৰি কোবাই নুমুৱাব পাৰি । সদায় মূল চুইচটো অফ কৰি দিব যদিহে ইলেক্ট্ৰিক শ্বক লাগে । সামান্য শ্বক লাগিলে শৰীৰত অলপ জিনজিননি উঠি ঠিক হৈ যায়, কিন্তু যদি বেছিকৈ লাগে চিকিৎসকৰ কাষ নচপাকৈ নাথাকিব ।

লেখক :- ৰীতু গগৈ

উৎস :- নন্দিনী

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top