অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আকস্মিক মৃত্যু(Unexpected of sudden death):

 

যেতিয়া কোনো এজন ৰোগী কোনো সাংঘাটিক ৰোগত ভুগি থকা বুলি জনা নাযায় বা আঘাতপ্ৰাপ্ত বা কোনো বিষক্ৰিয়া হৈছে বুলি জনা নাযায় আৰু মৃত্যুৰ আগৰ লক্ষনসমূহ প্ৰকাশ পোৱাৰ ২৪ ঘন্টা বা তাতকৈ কম সময়ৰ ভিতৰত ৰোগীজনৰ মৃত্যু হয়, তেনে মৃত্যুক অপ্ৰত্যাশিত মৃত্যু বা Sudden death বুলি কোৱা হয়।

আপোনজনৰ এনে অপ্ৰত্যাশিত মৃত্যুৰ কথাটো সঁচাকৈয়ে বৰ হৃদয় বিদাৰক। কোনেও সহজভাৱে মানি ল’ব নোৱাৰে। এনে মৃত্যু যদি কোনো চিকিৎসকৰ চিকিৎসাধীন অৱস্থাত ঘটে, বহু সময়ত সাধাৰণতে চিকিৎসকজনকেই জগৰীয়া কৰা দেখা যায় আৰু নানা অপ্ৰীতিকৰ ঘটনা ঘটে। এনেবোৰ কাৰণেই বৰ্তমান ৰোগী আৰু চিকিৎসকৰ মাজৰ সম্বন্ধটো শিথিল হৈ গৈ গৈ আজি বিপৰীত মেৰুত অৱস্থাত কৰিছেগৈ।

বহুবোৰ কাৰণত এজন লোকৰ Sudden death হ’ব পাৰে। (এই বিষয়ে কেৱল চিকিৎসকসকলেহে জ্ঞাত)। আজিৰ দিনত সিবিলাকৰ বিষয়ে সাধাৰণ জনতাইও জনাটো অতি আৱশ্যক হৈ পৰিছে। আজিৰ দিনত চিকিৎসক এজনে এজন ৰোগীক ‘বচাব নোৱাৰিলো, Sorry’ বুলি কোৱাৰ দিন আৰু নাই।

অপ্ৰত্যাশিত মৃত্যুৰ কাৰণসমূহৰ বিষয়ে  তলত আলোচনা হ'ল -

হৃদযন্ত্ৰজনিত কাৰণ:

অপ্ৰত্যাশিত মৃত্যুৰ ৪৫-৫০ শতাংশ কেৱল হৃদযন্ত্ৰজনিত কাৰণতেই ঘটে। সেইবিলাক হ’ল-

ক)Ventricular Trachycardia(VT),

খ)Ventricular Fibrilation(VF)

এইকেইটা ৰোগ হ’লে ৰোগৰ হৃদস্পন্দন(Pulse)ৰ গতি স্বাভাৱিকভাৱে বৃদ্ধি হৈয়ে প্ৰায় ১৫০ৰ পৰা ৩৫০ পৰ্যন্ত হ’ব পাৰে। ৰোগীৰ হঠাৎ বুকু ধপধপাই বুকুত বিষ অনুভৱ কৰিব পাৰে, মূৰ ঘূৰায় আৰু অচেতন হৈ পৰে। ৰক্তচাপ কমি যায় আৰু যথা সময়ত উপযুক্ত চিকিৎসা নাপালে ৰোগীৰ হঠাৎ মৃত্যু হয়। সাধাৰণতে যিসকল লোকে Cardiomyopathy, Prolong QT interval, Ischemic heart disease, Electrolyte imblance, Myocarditis আদি ৰোগত গম নোপোৱাকৈ ভুগি থাকে, সেইসকল ৰোগীৰ ওপৰোক্ত অৱস্থা যিকোনো সময়তে হ’ব পাৰে। কেতিয়াবা অতি বেছি মদ খালেও এই অৱস্থা হয়(Holiday heart syndrome)।

এইবিলাক হ’লে ৰোগী ১৫-৩০ মিনিট বা তাতকৈ কম সময়ৰ ভিতৰতে মৃত্যু ঘটে, যিখিনি সময়ত ৰোগীৰ চিকিৎসা দূৰৈৰ কথা, ৰোগ চিনাক্তকৰণেই সম্ভৱ নহয়। গতিকে তেনে এজন ৰোগী যদি এখন সাধাৰণ চিকিৎসালয়ত ভৰ্তি হৈ থাকে বা Casually লৈ আহে, কৰ্তব্যৰত চিকিৎসকজন এজন নিৰব দৰ্শক হোৱাৰ বাহিৰে উপায় নাথাকে।

এখন EGG কৰি ওপৰোক্ত ৰোগটো নিৰ্ণয় কৰিব পাৰি আৰু ইয়াৰ সম্পূৰ্ণ চিকিৎসা কেৱল ICU তহে সম্ভৱ। ইয়াৰ চিকিৎসা হ’ল CPR(Cardiopulmonary Resucitiation) আৰু প্ৰধানকৈ Cardioversion, এটা ইলেকট্ৰনিক যন্ত্ৰৰ(Defibrilator) সহায়ত Shock দিয়া হয়। তেতিয়া ৰোগীৰ হৃদস্পন্দন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। আজি পৰ্যন্ত এই যন্ত্ৰ আমাৰ দেশত কেৱল ICU আৰু অস্ত্ৰোপচাৰ কক্ষতহে ৰখাৰ ব্যৱস্থা কৰা হৈছে। কোনো কোনো উন্নত চিকিৎসালয়ৰ OPD, Ward আদিতো এই যন্ত্ৰ স্থাপন কৰা হৈছে। উন্নত দেশত তেওঁলোকে জনসমাগম হোৱা ঠাই, যেনে- ৰেল ষ্টেচন, এয়াৰপোৰ্ট আৰু ব্যস্ত ৰাস্তাৰ কাষে কাষেও এই যন্ত্ৰ স্থাপন কৰিছে। আমাৰ দেশৰ একমাত্ৰ কইমবটুৰ চিটিত এই যন্ত্ৰ বচা বচা স্থানত মিউনিচিপাল ব’ৰ্ডে স্থাপন কৰিছে। এই ৰোগ হ’লে যিমান সোনকালে পৰি Shock প্ৰয়োগ কৰিব লাগে আৰু পাঁচ মিনিট মানৰ ভিতৰত Shock প্ৰয়োগ কৰিব পাৰিলেহে ৰোগীজন জীয়াই থাকি স্বাভাৱিক জীৱন যাপন কৰাৰ আশা থাকে। মুঠৰ ওপৰত জীৱিত থকাৰ হাৰ(Survival rate) নিচেই তাৰক। কেৱল USA তেই বছৰি ৭০,০০০ৰ পৰা ৯০,০০০ ৰোগী এই ৰোগত মৃত্যু হয়।

গ)Acute myocardial infarction বা হাৰ্ট এটেক বুলিও কোৱা হয়। এই ৰোগত হৃদপিণ্ডলৈ ৰক্তসঞ্চালন হঠাৎ বন্ধ হৈ যায় আৰু হৃদপিণ্ডৰ মাংস পেশীবিলাক বিকল হৈ যায়। ফলত ৰোগীৰ হঠাৎ মৃত্যু হয়। এই ৰোগ হ’লে ৰোগীৰ হঠাৎ মৃত্যু হয়। এই ৰোগ হ’লে ৰোগীৰ হঠাৎ বুকুৰ বিষ হয়, বিষ বাওঁহাতৰ আঙুলিৰ পৰ্যন্ত বিস্তাৰিত হয়। কেতিয়াবা বিষ নহবও পাৰে(বহুমূত্ৰ ৰোগ থাকিলে), উশাহ ল’বলৈ অসুবিধা হয়। শৰীৰৰ পৰা ঠাণ্ডা ঠাণ্ডা ঘাম নিগৰিত হয় আৰু উপযুক্ত চিকিৎসা নাপালে ৰোগীৰ আধাঘন্টা বা তাতকৈ কম সময়ৰ ভিতৰতে মৃত্যু হয়। ECG কৰি এই ৰোগ ধৰা পেলাব পাৰি। এই ৰোগৰো চিকিৎসা কেৱল CCU ত(Coronary care unit) হে Cardiologist ৰ দ্বাৰা অসম্ভৱ। কাৰকসমূহ হ’ল, যিসকল লোকে অতিমাত্ৰা ধূমপান কৰে ৩৬ শতাংশ, মেদবহুলতা ২০ শতাংশ, কৰোৰী এথেৰোস্কেলেৰ’চিছ ১২ শতাংশ, ডায়েবেটিছ মেলিটাছ, মেন্টেল ষ্ট্ৰেছ ৩ শতাংশ, Lack of physical exercise ইত্যাদি।

২)Intracranial Hemorrhage বা মগজুৰ ভিতৰত ৰক্তক্ষৰণ:

কেতিয়া বা উচ্চৰক্তচাপৰ বাবে জন্মগতভাৱে দুৰ্বল ৰক্তবাহী নলী মগজুৰ ভিতৰত ফাটি যায় আৰু মগজুৰ ভিতৰত ৰক্তক্ষৰণ হয়, তেতিয়া ৰোগী তৎক্ষণাত মৃত্যু মুখত পৰিব পাৰে। ৰোগটো CT Scan of Brain কৰি ধৰা পেলাব পাৰি।

৩)Pulmonary Embolism:

এই ৰোগত হাওঁফাওঁলৈ ৰক্ত কঢ়িয়াই নিয়া ধমনীত কেতিয়াবা হঠাৎ কেতবোৰ পদাৰ্থই বন্ধ কৰি দিয়ে আৰু ৰক্ত সঞ্চালন বন্ধ হৈ হাওঁফাওঁ বিকল হৈ ৰোগীৰ তৎক্ষণাত মৃত্যু হয়। পদাৰ্থ কেইবিধ ক্ৰমে-

ক)Cloted blood(গোটমৰা ৰক্তপিণ্ড) এষ্ট্ৰোজেন সেৱন, Hypercoagulatory State বা ৰক্ত গোট মাৰিব পৰা প্ৰৱণতা থকা অৱস্থা, Prolong immobility বহুদিন লৰচৰ কৰিব নোৱাৰা অৱস্থা আদিত ৰক্ত গোট মাৰি Clot হ’ব পাৰে, কেন্সাৰ, মেদবহুলতা হ’লেও কোনো সময়ত এই অৱস্থা হ’ব পাৰে।

খ)Amniotic Fluid বা গৰ্ভস্থা সন্তানৰ লগত থকা জৰায়ুৰ পানী সাধাৰণতে প্ৰসৱৰ সময়ত, Lscs বা ছিজাৰিয়ান অপাৰেচনৰ সময়ত কেতিয়াবা এই পানী জৰায়ুৰ ৰক্ত নলীয়েদি দেহত প্ৰৱেশ কৰি হাওঁফাওঁ আৰু কলিজা পায়গৈ আৰু ৰিয়েকচন হৈ হাওঁফাওঁ আৰু অন্যান্য অংগ বিকল কৰি পেলায় আৰু ৰোগীৰ মৃত্যু ঘটে।

গ)বায়ু সাধাৰণতে Laporoscopic Operation ৰ সময়ত বায়ু, বা গেচ যেনে- কাৰ্বনডাইঅক্সাইড দি পেটটো ফুলাই ল’বলগীয়া হয়। কেতিয়াবা দুৰ্ভাগ্যক্ৰমে ৰক্তনলীয়েদি বায়ু গৈ হাওঁফাওঁৰ ৰক্তাসঞ্চালন বন্ধ কৰি দিয়ে আৰু ৰোগীৰ থিতাতে মৃত্যু হ’ব পাৰে।

ঘ)চৰ্বি ডাঙৰ হাড় ভাঙিলে বা হাড়ৰ অপাৰেচন কৰাৰ সময়ত আৰু পিছত হাড়ৰ মজ্জাত থকা চৰ্বি ৰক্তনলীয়েদি সোমাই গৈ এই অৱস্থা কৰিব পাৰে।

৪)Aortic Aneurysmal Rupture:

এই ৰোগত দেহত মুখ্য ধমনী Aorta ডাল ফুলি উঠে আৰু লাহে লাহে পাতল হৈ গৈ থাকে আৰু এটা সময়ত ৰোগীজনে গম নোপোৱাকৈ ফাটি যায় আৰু পেটৰ ভিতৰত ৰক্তক্ষৰণ হৈ ৰোগীৰ হঠাৎ মৃত্যু হয়। এই ৰোগ সাধাৰণতে উচ্চ ৰক্তচাপত ভুগি থকা, ধমনীত চৰ্বি জমা হোৱা Atherosclerosis আৰু চিফিলিচ অসুখত হ’ব পাৰে।

৫)Miscellanaous causes বহিৰ্ভুত:

হাইপ’থাইৰয়ড, হাইপাৰথাইৰয়ড, ডায়েবেটিছ কিটুএচিডচিছ, মেনিনজাইটিচ, এনকেফেলাইটিছ, চেৰিব্ৰেল মেলেৰিয়া, মায়’কাৰডাইটিছ, টক্সেমিয়া অব প্ৰেগনেনচি, একিউট নেপক্ৰিয়াটাইটিছ, লবাৰ নিউমোনিয়া ইত্যাদি। আৰু কেতিয়াবা পেটত দুৰ্ঘটনাবশতঃ দুখ পালে যদি প্লীহা(Spleen)ত দুখ পায়, ই লাহে লাহে ফুলি উঠে আৰু হঠাৎ ফাটি যায় আৰু ভীষণ ৰক্তক্ষৰণ হৈ ৰোগীৰ হঠাৎ মৃত্যু হয়। এই ক্ষেত্ৰত এনেকুৱাও হয়, ৰোগীজনে দুখ পাই নিজেই খোজকাঢ়ি বা গাড়ী চলাই ঘৰ বা হস্পিতাল পায় গৈ তাৰ কিছুসময়ৰ পিছত হঠাৎ মৃত্যু হয়।

নৱজাতকৰ ক্ষেত্ৰত -

জন্মগতভাৱে হৃদপিণ্ডৰ ভালভৰ বিসংগতি, Hypoplastic left ventricle, কেতিয়াবা নৱজাতক তললৈ পেট পেলাই শুই যায় আৰু উশাহ বন্ধ হৈ শুই থাকোতেই মৃত্যু হ’ব পাৰে। ধপাতৰ ধোৱাৰ সংস্পৰ্শলৈ আহিলেও কেতিয়াবা নৱজাতক মৃত্যু হ’ব পাৰে। কেতিয়াবা গাত দিয়া কাপোৰৰ দ্বাৰা শ্বাস-প্ৰশ্বাস বন্ধ হৈও মৃত্যু হ’ব পাৰে। আজিকালি বিজ্ঞানীসকলে কেবাটাও মাইট’কণ্ড্ৰিয়া এনজাইম চিনাক্ত কৰি উলিয়াইছে, যিকেইটা দেহত নাথাকিলে নৱজাতকৰ হঠাৎ মৃত্যু হ’ব পাৰে। আৰু কেতবোৰ কাৰক আছে, সেইবোৰ হ’ল জন্মৰ সময়ত ওজন কম ৃ২.৫ কিলোগ্ৰামতকৈ কম, অপৈণত শিশু(৩৭ সপ্তাহৰ আগত জন্ম হ’লে)ৰো হঠাৎ মৃত্যু হ’ব পাৰে।

লেখক: ডাঃ পি.ডি. গগৈ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate