মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / ইলিজাৰ’ভ চিকিৎসা পদ্ধতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ইলিজাৰ’ভ চিকিৎসা পদ্ধতি :

ইলিজাৰ’ভ চিকিৎসা পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

 

অস্থি শল্য বিভাগলৈ কেতিয়াবা এনে কিছুমান লোক আহে যাৰ হয়তো এটা ভৰি দীঘল, আনটো চুটি । বা ভৰি এটা বেঁকা বা দুৰ্ঘটনাত পতিত হৈ হাড়ৰ এটা টুকুৰা দুৰ্ঘটনা হোৱা ঠাইতে থাকি আহিল, বা এডাল ডাঙৰ হাড়ৰ মাজৰ এটা অংশ নাই । এনে ৰোগীক প্ৰচলিত চিকিৎসা পদ্ধতিৰে চিকিৎসা দিয়াটো কঠিন । কেতিয়াবা হয়তো amputation কৰিব লগা হয় ।

আজিকালি এক বিশেষ চিকিৎসা পদ্ধতিৰ সহায়ত এই জাতীয় সমস্যাবিলাক সমাধান কৰিব পৰা হৈছে । এই চিকিৎসা পদ্ধতিৰ নাম হৈছে ইলিজাৰ’ভ (ilizarov) পদ্ধতি ।

ইতিহাসে আমাক সদায় প্ৰেৰণা যোগায় আহিছে । অস্থি শল্য বিভাগো ইয়াৰ ব্যতিক্ৰম নহয় । অস্থি শল্য চিকিৎসকসকলৰ বহু যুগান্তকাৰী পদক্ষেপে বহু লোকৰ জীৱনলৈ অশেষ পৰিৱৰ্তন আনিছে আৰু নৱ-প্ৰজন্মৰ অস্থি শল্য চিকিৎসকসকলক নতুন উদ্যমেৰে কাম কৰাৰ ক্ষেত্ৰত প্ৰেৰণা যোগায় আহিছে । মহান অস্থি শল্য চিকিৎসকসকলক নতুন উদ্যমেৰে কাম কৰাৰ ক্ষেত্ৰত প্ৰেৰণা যোগায় আহিছে । মহান অস্থি শল্য চিকিৎসকসকলৰ ভিতৰত ডা: গেভ্ৰিল এব্ৰাম’ভিক ইলিজাৰ’ভ অন্যতম । যদিও তেওঁ এজন সাধাৰণ চিকিৎসকহে (Gneral practitioner) আছিল, তেওঁ শিকাইছিল কেনেকৈ অস্থি আৰু কলাসমূহ (bones & tissues) বৃদ্ধি আৰু বেঁকা অস্থি পোন কৰিব পৰা যায় ।

ডা: ইলিজাৰ’ভৰ জন্ম ১৯২১ চনৰ ২১ জুনত, পোলেণ্ডত । ১৯৪৪ চনত ক্ৰিমিয়া মেডিকেল স্কুলৰ পৰা  তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ছাইবেৰিয়াৰ এখন গ্ৰাম্য চিকিৎসালয়ত কৰ্মজীৱনৰ পাতনি মেলে ।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত তেওঁ ছাইবেৰিয়াৰ কুৰ্গান নামৰ এখন সৰু চহৰত এজন সাধাৰণ চিকিৎসক (Gneral practitioner) হিচাপে কৰ্মজীৱন আৰম্ভ কৰে । বিশ্বযুদ্ধৰ অৱসান ঘটিলেও বহু লোকৰ অস্থি যোৰা নলগা (Nonunion), ক্ৰনিক অষ্টিঅ’মাইলাইটিছ (chronic osteomyelitis), বিসংগতি (skeletal deformity), বৃহতাকৃতিৰ অস্থি বিভ্ৰাট (Large segmental bone defect) ইত্যাদি সমস্যাৰ উদ্ভৱ হয় । তেতিয়া তেওঁৰ হাতত দুটাই উপায় আছিল- অংগছেদ (Amputate) অথবা অস্থিক ৰক্ষা কৰা (Salvage) । তেওঁৰ ডিছট্ৰেকশ্যন অষ্ট্ৰিঅ’জেনেছিছ (Distraction osteogenesis) নামৰ এটা ধাৰণাৰ অৱতাৰণা কৰিছিল, যি পদ্ধতিৰে আমি দুটা আঁতৰি থকা অস্থিৰ মাজৰ খালী স্থানখিনিত অস্থিৰ কৰ্ষণ ঘটাব পাৰোঁ । ইয়াত আমি গোলাকৃতিৰ স্থিতিস্থাপক আৰু অস্থিভেদী ৱাইৰ (Transosseous wires) অস্থিৰ দুটা অংশত (proximal and distal fragments) ব্যৱহাৰ কৰোঁ । টেনশ্যন ষ্ট্ৰেছ নীতি (Law of tension stress) তেওঁ অৱতাৰণা কৰিছিল, যাৰ দ্বাৰা আমি অস্থিৰ আৰোগ্য লাভ (Healing), অস্থিক আকৃতি প্ৰদান (shaping) কৰাৰ লগতে আশে-পাশে থকা মাংসপেশীক আৰোগ্য লাভ কৰিব পৰা যায় ।

১৯৯২ চনত তেওঁৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁ ২০৮ টা চিকিৎসা বিজ্ঞান সম্বন্ধীয় আৱিষ্কাৰ কৰি অস্থি শল্য চিকিৎসাত এক নতুন যুগৰ সূচনা কৰে ।

পোন প্ৰথমে ইলিজাৰ’ভে কুকুৰৰ ঠেঙত এই পদ্ধতি ব্যৱহাৰ কৰিছিল । তেখেতে কুকুৰৰ টেঙৰ হাড় ভাঙি চাইকেলৰ স্পকৰ তাঁৰ ভগাৰ দুই খণ্ডৰ মাজেৰে পাৰ কৰি বাহিৰত ৰিং এটাত সংযোজন কৰে । তাৰ পাছত লাহে লাহে ভগা ঠাই ইটোৰ পৰা সিটোৰ দূৰত্ব ক্ৰমাগতভাৱে বঢ়াই দীঘল কৰিব ধৰে । পাছত মন কৰিলে যে হাড় ডালৰ ভগা গেপটো বাঢ়িছে, লগতে তাত নতুন হাড়ৰ জমা হ’ব ধৰিছে আৰু হাড়ডাল ক্ৰমাগতভাৱে দীঘল হৈ পৰে। অকল হাড়ভাগেই যে বাঢ়িছে তেনে নহয়, লগে লগে তাৰ চৌপাশে থকা সিৰা-উপসিৰা, ৰক্ত বাঢ়ি নলী, নাৰ্ভবিলাকো বাঢ়িব ধৰিছে । গোটেই ভৰিটো দীঘল হৈ পৰিব আৰু ইয়াৰ বিৰুপ প্ৰভাৱো দেখা নগ’ল । ইয়াকে তেওঁ osteogenesis বুলি কয় । নতুনকৈ সৃষ্টি হোৱা কোষবিলাকৰো গুণাগুণ দেহৰ অন্য কোষৰ দৰে একে । কিছুদিনৰ পাছত নৱকোষবিলাক যেতিয়া পৰিপক্ক হৈ পৰিব, তেতিয়া ৰিং থকা তাঁৰবিলাকো খুলি দিয়ে । কুকুৰটো আকৌ চলাচল পৰা হয় । ইয়াৰ পৰা প্ৰমাণ হ’ল যে যদি সীমিতভাৱে কোষবিলাক  টানি দিয়া হয়, তেন্তে নৱকোষৰ জন্ম হ’ব পাৰে ।

এই আৱিষ্কাৰে বহুতো অস্থিৰোগৰ সমাধানৰ পথ মুকলি কৰে । আনকি বাওনাসকলকো ওখ কৰিব পৰা হ’ব । এটা ভৰি চুটি আৰু আনটো দীঘল হ’লে চুটিটো দীঘল কৰি দুয়োটাই সমান কৰিব পৰা হয় । সেইদৰে বেঁকা ভৰি চিধা কৰিব পৰা হয় । বেঁকা ভৰিৰ ভিতৰভাগৰ কোষবিলাক সংকুচিত অৱস্থাত থাকে । তাক ৰিঙত বহুৱাই ক্ৰমাগতভাৱে Distraction  কৰি দীঘল কৰি বেঁকা ভৰি পোন কৰিব পৰা হয় ।

পোন প্ৰথমে ইলিজাৰ’ভৰ এই আৱিষ্কাৰ অকল চাইবেৰিয়াত সীমিত আছিল । পাছলৈ মস্কোৰ পৰা অস্থি বিশেষজ্ঞসকল যায় । ইয়াৰ পাছত ইউৰোপতো এই পদ্ধতি বিয়পি পৰে । কাটিব লগা ভৰি ঠিক কৰিব পৰা যায় । আমেৰিকা (ইংৰাজী শব্দ) Dr. D Paley  পদ্ধতিৰ পৃষ্ঠপোষকতা কৰি সমগ্ৰ পৃথিৱীত ইয়াৰ জ্ঞান বিয়পায় । লগতে ইউৰোপতো বহুলভাৱে ব্যৱহাৰ কৰে । ১৯৯২ চনত তেওঁ ভাৰতলৈও আহে । তাত কৰ্মশালাৰ দ্বাৰা  ভাৰতত এই পদ্ধতি কৰি দেখুৱায় আৰু জনপ্ৰিয় কৰি তোলে । আজি এই পদ্ধতি বহুলভাৱে প্ৰচলিত । আমাৰ চিকিৎসা মহাবিদ্যালয়তো ব্যৱহাৰ হৈ আহিছে ।

লেখক : ডা: বিপুল বৰঠাকুৰ

উৎস – দৈনিক জনমভূমি

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top