মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / ওকনিৰ সমস্যা পৰিত্ৰাণ পাব কিদৰেঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ওকনিৰ সমস্যা পৰিত্ৰাণ পাব কিদৰেঃ

ওকনিৰ সমস্যা পৰিত্ৰাণৰ উপায়ৰ বিষয়ে লিখা হৈছে

ওকনিৰ সমস্যা পৰিত্ৰাণৰ উপায়-

 

সৌ সিদিনালৈকে ফেচবুক আৰু হোৱাটছএপ নথকাৰ দিনত মহিলাসকলে ইজনীৰ পিছত সিজনীয়ে শাৰী পাতি বহি নানা চৰ্চা কৰি ইজনীয়ে সিজনীৰ মূৰৰ ওকনি চাই সময় পাৰ কৰিছিল বুলি কোৱা কথাটো বোধকৰো অতিৰঞ্জিত অভিব্যক্তি নহয়। আকৌ আজিৰ দিনৰ ওকনি এটা মূৰৰ পৰা আন এটা মূৰলৈ বিয়পাৰ অন্যতম এটাৰ কাৰণ ‘ছেলফি সংস্কৃতি’ বুলি ক’লে উচপ খাই নুঠিব। এয়া মই কোৱা কথা নহয়- পশ্চিমৰ ওকনি বিশেষজ্ঞসকলৰ অভিমত। অসমত আৰু ভাৰতত কেইবছৰমানৰ আগতে জনপ্ৰিয় বাতৰি কাকত আৰু আলোচনীত এটা বিজ্ঞাপন ওলাইছিল- বিজ্ঞানৰ নৱতম আৱিষ্কাৰ ওকনি মৰা যন্ত্ৰ ঘৰতে বহি ভিপিপিৰ যোগে লাভ কৰক আৰু চিৰদিনৰ বাবে ওকনিৰ সমস্যাৰ পৰা মুক্তি পাওক। অৰ্ডাৰ দি মগাই অনা সকলে পাইছিল দুচটা শিল আৰু লগত প্ৰয়োগবিধিৰ নিৰ্দেশনা পত্ৰ- মূৰৰ পৰা ধৰি অনা ওকনি চেপটা পটাত দি ঘূৰণীয়া শিলেৰে খুন্দি দিয়ক।

ইয়াৰ পৰা বুজা যায় ওকনিৰ সমস্যা গুৰুতৰ সমস্যা, য’ৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে উপায়ৰ সন্ধানত থাকে। ওকনিৰ পৰা খজুৱতি, খজুৱতিৰ পৰা আঁচোৰ-ঘাঁ, ঘাঁত বীজাণুৰ সংক্ৰমণ, তাৰ ফলত সৰুসুৰা গাঙঠি উঠা (লিম্ফ ন’ড ডাঙৰ হোৱা) ওকনিৰ পৰা শাৰীৰিক ক্ষতি মাথোঁ এই পৰ্যায়লৈকে যাব পাৰে। কিন্তু ওকনি আক্ৰান্ত লোকে হতাশাত ভুগিব পাৰে, নিজকে লেতেৰা যেন অনুভৱ কৰিব পাৰে আৰু লজ্জানত হোৱা পৰিস্থিতিৰ সন্মুখীন হ’লে হীনমন্যতাত ভুগিব পাৰে।

ওকনি পুৰুষৰ তুলনাত নাৰীৰ শৰীৰত সদায় বেছিকৈ হোৱা দেখা যায়। ইয়াৰ দুটা কাৰণ- মহিলাৰ তেজ ওকনিৰ বাবে প্ৰিয়, দ্বিতীয়তে পুৰুষৰ টেষ্ট’ষ্টেৰন হৰম’ন ওকনিয়ে বৰকৈ সহ্য কৰিব নোৱাৰে। বিশ্বৰ মহাদেশকেইখনত ওকনিৰ প্ৰাদুৰ্ভাৱ এনেকুৱা- ইউৰোপত ৪৮ শতাংশ, আফ্ৰিকাত ৫৮ শতাংশ, এছিয়াত ৫৯ শতাংশ, অষ্ট্ৰেলিয়াত ৬০ শতাংশ আৰু আমেৰিকাত ৬১ শতাংশ। বিশ্বত বছৰি ৬ৰ পৰা ১২ নিযুত লোক ওকনিত আক্ৰান্ত হয়। শৰণাৰ্থী, কাৰাবন্দী লোক আৰু সাধাৰণ বস্তিত বসতি কৰা লোকৰ বেছিকৈ ওকনি হোৱা দেখা যায়।

ওকনিৰ সংক্ৰমণ কেনেকৈ আৰম্ভ হয় ?

 

৪-৫ বছৰ বয়সত যেতিয়া শিশুৱে আন আন সংগীৰ সৈতে স্কুলত পাঠ গ্ৰহণ কৰিবলৈ যায়, খেলা-ধূলা কৰিবলৈ লয় তেতিয়া আন সংক্ৰমিত শিশুৰ মূৰৰ পৰা ওকনিৰ আগমন হয়। সমনীয়াৰ মূৰৰ সংস্পৰ্শ, একেখন ফণি নাইবা চুলিৰ ব্ৰাছ কেইবাজনে ব্যৱহাৰ কৰা, হোষ্টেলত আনৰ বিছনাত বা একেলগে শয়ন কৰিলে, টুপী-মাফলাৰ, চুলিৰ ৰিবন, ফিটা, টাৱেল-গামোচা-ৰুমাল বা আন কাপোৰ ভগাই লোৱা কৰিলে ওকনিয়ে স্থানান্তৰিত হোৱাৰ সুযোগ পায়। ঈৰ্ষাবশতঃ এজনীয়ে আনজনীৰ মূৰত ওকনি মেলি দিয়া কথাও শুনিবলৈ পোৱা যায়। আনৰ হেডফোন, হেলমেট আদি ব্যৱহাৰ কৰিলেও ওকনিক বিয়পাৰ সুযোগ দিয়া হয়।

প্ৰতিকাৰঃ

 

ঘৰৰ সকলো ওকনি আক্ৰান্ত সদস্যই একে সময়তে চিকিৎসা লোৱাটো বাঞ্ছনীয়। ইয়াৰ নিৰাময়ৰ বাবে প্ৰয়োগ কৰা ঔষধবিধ শৰীৰৰ বাবে নিৰাপদ, পাৰ্শ্বক্ৰিয়াবিহীন, সহজলব্ধ, কম খৰচী আৰু কাৰ্যক্ষম হোৱাটোও লাগতিয়াল কথা। শৰীৰৰ সকলো কাপোৰৰ লগতে সদায় ব্যৱহাৰ কৰা গামোচা, টাৱেল, গাৰু গিলিপ, বিছনা চাদৰ আদি একে সময়তে ভালদৰে বহুপৰ গৰম পানীৰে পৰিষ্কাৰ কৰি ধুব লাগে। উত্তাপ ওকনিয়ে সহ্য কৰিব নোৱাৰে। কোট, টুপী, চুৱেটাৰ, জেকেট আদি ড্ৰাইক্লিনিং কৰিবলৈ দিয়ক। বিছনা, ছোফা, টেবুল-চকী, মজিয়া, কাৰ্পেট ফাৰ্নিচাৰ আদি ভেকুৱাম ক্লিনাৰৰ সহায়ত চাফা কৰক। এবছৰৰ তলৰ শিশুৰ মূৰৰ ওকনি আঁতৰাবলৈ একো ঔষধ প্ৰয়োগ নকৰিব। তাৰ সলনি হাত আৰু ফণী ব্যৱহাৰ কৰিব। দুই বছৰৰ ওপৰৰ শিশুৰ বাবে নিৰ্দেশনা পত্ৰত দিয়া মতে দৰববিধ ব্যৱহাৰ কৰিব।

কিছুমান লোকে কেৰাচিন, ফেনাইল, ডিডিটি বা কীটনাশক দ্ৰব্যৰে মূৰ ধুই ওকনিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে। এনে আসুৰিক প্ৰতিবিধান স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক হ’ব পাৰে।

বজাৰত উপলব্ধ ওকনিনাশক কিছুমানৰ পৰিচয়ঃ ইয়াৰে কিছুমানে কেৱল পিজলা আৰু বিহা ওকনিহে বিনাশ কৰে আৰু কিছুমানে লেখিও বিনষ্ট কৰে। যদি ইয়াৰ প্ৰয়োগ কৰিলে এলাৰ্জী জাতীয় পাৰ্শ্বক্ৰিয়া দেখা দিয়ে লগে লগে চিকিৎসকৰ কাষ চাপক।

এইখিনিতে পাঠকক এটা কথা জনাই দিওঁ- তলত দৰবৰ ৰাসায়নিক নামহে উল্লেখ কৰা হ’ব। কোনো ব্ৰেণ্ডেড নাম নাপাব। ফাৰ্মাচীত দৰবৰ বটলত চালেই কোনটো কি চিনিব পাৰিব।

ডাইমেটিকনঃ ইয়াৰ লোচন, জেল আৰু স্প্ৰে’ পোৱা যায়। ওকনিৰ কণীত ই প্ৰভাৱ নেপেলায়। পিজলা আৰু বিহা ওকনিৰ শ্বাস বন্ধ কৰি ক্ৰিয়া কৰে। দুই বছৰৰ ওপৰৰ সকলো লোক, গৰ্ভৱতী মহিলা, স্তনপান কৰোৱা মাতৃ, হাঁপানী আৰু চৰ্মৰোগীসকলেও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ প্ৰয়োগবিধি হ’ল শুকান চুলিত ৰাতিটো ঘঁহি থৈ পুৱা সাধাৰণতে ব্যৱহাৰ কৰা চেম্পুৰে মূৰ ধুব। সপ্তাহৰ ব্যৱধানত ২-৩ বাৰ ইয়াৰ প্ৰয়োগ কৰিব।

ই হ’ল এবিধ ছিলিকন তেল। ৪ শতাংশ ডাইমেটিকৰ সলনি ৯২ শতাংশ ডাইমেটিকনে ওকনিৰ কণী লেখিক বিনাশ কৰিবলৈ সক্ষম। কিন্তু গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মাতৃৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নাযায়। শুকান চুলিত আধা ঘণ্টা সময় সানিলেই ফলাফল পোৱা যাব।

মেলাথিয়নঃ ০.৫ শতাংশ হ’ল বহুত বছৰৰ পৰা (১৯৯৯ চনৰ আগৰ পৰা) বজাৰত উপলব্ধ ঔষধি। ই লেখি, পিজলি আৰু ডাঙৰ ওকনিক বিনাশ কৰিব পৰা এবিধ অৰ্গেনফছফৰাছ কীটনাশক। শুকান চুলিত ১২ ঘণ্টা সানি পিছত ছেম্পুৰে মূৰ ধুব লাগে। সপ্তাহৰ ব্যৱধানত কমেও দুবাৰ ইয়াক প্ৰয়োগ কৰিব লাগে। গৰ্ভৱতী মহিলাকে ধৰি সকলো লোকে ইয়াক ব্যৱহাৰ কৰিব পাৰে।

আইছোপ্ৰপাইল মাইৰিষ্টেট আৰু ছাইমেথিকনৰ মিশ্ৰণঃ ই ডাইমেটিকনৰ দৰেই ক্ৰিয়া কৰে। দহ মিনিট সময় চুলিত ভালদৰে সানি থৈ মিবি ফণীৰে মূৰ ফণিয়াই মৃত ওকনিবোৰ আঁতৰাব লাগে। তাৰ পিছত ছেম্পুৰে মূৰ ধুব। এসপ্তাহৰ ব্যৱধানত পুনৰ একেদৰে আকৌ কৰিব। চৰ্মৰোগী আৰু হাঁপানি ৰোগীয়ে ইয়াৰ প্ৰয়োগ কৰিব পাৰে। কিন্তু গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মাতৃৰ ক্ষেত্ৰত এইবিধ ঔষধি ব্যৱহাৰ কৰা নাযায়।

পাইৰেথ্ৰিনঃ পাইৰেথ্ৰিন হ’ল ক্ৰেছেনথিনাম ফুলৰ পৰা তৈয়াৰ কৰা প্ৰাকৃতিক ঔষধি। ই লেখি ওকনিত ক্ৰিয়া কৰিবলৈ অক্ষম। ১০ মিনিট সময় চুলিত ঘঁহি বেছিকৈ ফেনোৱা ছেম্পু বা চাবোনেৰে মূৰ ধুব লাগে। কাচিৎ একোজনৰ ক্ষেত্ৰত ক্ৰিছেনথিনামৰ এলাৰ্জি দেখা দিব পাৰে। শিশুৰ বাবে বেছি উপযোগী। এসপ্তাহৰ পৰা ১০ দিন ব্যৱধানত পুনৰ আকৌ একেদৰে প্ৰয়োগ কৰিব পাৰে।

পাৰমেথ্ৰিন ১%-  ১৯৮৬ চনত আৱিস্কৃত প্ৰাকৃতিক ঔষধি। প্ৰয়োগ বিধি হ’ল পোনতে কণ্ডিচনাৰ নলগোৱাকৈ ছেম্পুৰে মূৰ ধুব লাগে। চুলিৰ পানী টাৱেলেৰে মচিব, কিন্তু সম্পূৰ্ণ নৌশুকাওঁতেই পাৰমেথ্ৰিন ১% দহ মিনিট সময় ঘঁহি ৰাখিব। ইয়াৰ ব্যৱহাৰৰ কিছুদিনৰ পিছত লেখি ওকনিও হ্ৰাস পাবলৈ ধৰে। ১০ দিনৰ ব্যৱধানত পুনৰ প্ৰয়োগ কৰক। শিশুৰ বাবে বেছি উপকাৰী ঔষধি।

ঘৰুৱা চিকিৎসাঃ

 

তলত কেইটামান সহজ ঘৰুৱা চিকিৎসাৰ ফলপ্ৰসূ বিধান উল্লেখ কৰিলোঁ-

  • নেমুৰ ৰস আৰু নহৰুৰ ৰস এই মিশ্ৰণ ৰাতি ঘঁহি থৈ পুৱা চাবোন বা ছেম্পুৰে মূৰ ধুব। সপ্তাহত ৩-৪ দিন এনে কৰক।
  • পিঁয়াজৰ ৰস চুলিত গা ধোৱাৰ আগতে এঘণ্টা সময়ৰ বাবে ঘঁহি ৰাখক। এদিন বাদে এদিন এনে কেইসপ্তাহমান কৰিলে ওকনি নিৰ্মূল হ’ব।
  • মহানিমৰ পাত পিচা দুঘণ্টাৰ বাবে চুলিত কেইদিনমান সানক।
  • মধুৰীৰ পাত পিচা আৰু হালধিৰ মিশ্ৰণ গা ধোৱাৰ আগতে দুঘণ্টাৰ বাবে সানি ৰাখক।
  • জালুকৰ গুৰি, দৈ আৰু নেমুৰ ৰস গা ধোৱাৰ আগতে আধা ঘণ্টাৰ বাবে সানি ৰাখক।
  • নেমুৰ ৰস আৰু নাৰিকল তেল চুলিত কেইদিনমান মালিচ কৰক।
  • গাৰু আৰু বিছনাত নিমপাত আৰু তুলসীৰ পাত ৰাখিলে ওকনিৰ উপদ্ৰৱ কমে।
  • নেমুৰ ৰস আৰু আদা পিচা চুলিত মালিচ কৰক।
  • মাখন চুলিত ৰাতি ভালদৰে সানি থ’ব। ওকনি য’তে আছে ত’তে থৰ হৈ থাকিব। পুৱা ঘন ফণিৰে মূৰ ফণিয়াই ছেম্পু কৰক।
  • টী ট্ৰী অইল মূৰত ঘঁহিলেও ওকনিৰ উপদ্ৰৱ হ্ৰাস পায়।

ওকনিৰ এই সমস্যাটোৰ বিষয়ে জানিবলগীয়া বহু কথাৰ ভিতৰৰ লাগতিয়াল কথা কিছু পাঠকৰ জ্ঞাতাৰ্থে এই নিবন্ধৰ মাধ্যমেৰে আগবঢালোঁ। পাঠক উপকৃত হোৱা বুলি জানিলে সুখী হম।

 

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ ভূপেন শইকীয়া)।

3.04651162791
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top