অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেৰেলিয়ান পঞ্চকৰ্ম চিকিৎসাৰ বিষয়ে এষাৰ

কেৰেলিয়ান পঞ্চকৰ্ম চিকিৎসাৰ বিষয়ে এষাৰ

 

পঞ্চকৰ্ম চিকিৎসা প্ৰণালী আয়ুৰ্ব্বেদ শাস্ত্রৰ এক অবিচ্ছেদ্য অংগ। পঞ্চকৰ্ম হল শৰীৰ শুদ্বিকৰণৰ এক বিধান । বিশেষভাবে পুৰণিব্যাধি,আমজনিত(Toxin)ব্যাধি, ৰোগ প্ৰতিৰোধজনিত(Immunity/Autoimmunue related) ব্যাধি, মনো -দৈহিক (Psycho-Somatic)ৰোগ,আয়ুৰ্ব্বেদৰ   বিশেষ চিকিৎসা ৰসায়ন-বাজীকৰণ (Rejuvenating/Aphrodisiac) জনিত ব্যাধিৰ লগতে ৰোগ-হেতু নিৰ্ণয় কৰিব নোৱাৰা(Idiopathic) দুৰাৰোগ্য কঠিন বেমাৰতো পন্চকৰ্ম নিয়মেৰে শৰীৰ শোধন কৰাৰ পিছতহে আয়ুৰ্ব্বেদিক ঔষধীয় শমন বিধান দিয়াৰ নিয়ম...যথাযথ নিয়মেৰে পন্চকৰ্ম কৰি ঔষধ প্ৰয়োগ কৰিলে যিকোনো বেমাৰতে সফলতাৰ আশা কৰিব পাৰি।
কিন্তু সময় আৰু ব্যস্ততাই গ্ৰাস কৰা জীৱনশৈলীত আয়ুৰ্ব্বেদ শাস্ত্ৰীয় নিয়মেৰে ৰোগীক পন্চকৰ্ম চিকিৎসা দিবলৈ প্ৰস্তুতি কৰ্মত যথেষ্ট নিয়ম ,ব্যয়বহুল আৰু ব্যাপক সময়ৰ প্ৰয়োজন হোৱাত কেৰেলিয়ান আয়ুৰ্ব্বেদ চিকিৎসক তথা বিজ্ঞ মহলে কিছু নতুনত্ব আৰু শাস্ত্ৰীয় ধাৰাৰ সংমিশ্ৰণেৰে অধিক ফলপ্ৰসু আৰু সহজ নিয়মাৱলীৰে পন্চকৰ্ম চিকিৎসাক সমগ্ৰ বিশ্বতে জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত কৰাবলৈ সক্ষম হৈছে।
গতিকে আয়ুৰ্ব্বেদ শাস্ত্ৰীয় পন্চকৰ্মত উল্লেখ নথকা কিছুমান কাৰ্য্যকৰী প্ৰণালী যেনে ধাৰাকৰ্ম, কায়সেক্,পিন্ডস্বেদ,অন্নলেপ,সিৰোলেপ ইত্যাদি কেৰেলাৰ লগতে সমগ্ৰ আয়ুৰ্ব্বেদ চিকিৎসক ও বিশ্বতে সমাদাৰ বুটবলিবলৈ পাইছে।
এতিয়া জানো আহক, পঞ্চকৰ্ম চিকিৎসাৰে কোনবোৰ ব্যাধিত সফলতাৰ আশা বা প্ৰয়াস কৰিব পাৰি...
১.পিঠি আৰু গল (Back and Neck)...Cervical spondylosis/litis,Myelopathy (গ্ৰীবাস্তম্ভ), Lumber spondylosis/Disc herniation(to limited degree)/Radiculopathy,Degenerative Disc diseases(ককালৰ বিষ) ইত্যাদি ...
২.Skin Diseases...সকলো বেমাৰ বিশেষকৈ Psoriasis ,Vitiligo, Eczema,Allergic Dermatoses etc.
৩. Bone and Joints...Osteo arthritis (সন্দ্বিবাত),Rheumotoid Arthritis(আমবাত),Gouty arthritis,Frogen Shoulder etc
৪.Gynae conditions...Overian cyst,PCOD/PCOS, Endometriosis,Pre/post- menopausal syndromes etc.
৫.Rehabilitation..Post stroke disability,Multiple sclerosis,Muscular dystrophy, Neuro-muscular diseases,Auto-immunue diseases,Post-Surgical mobilisation,Post-traumatic Brain injury etc
৬.Others..Recurrent headache, Migraine,Sinusitis,Stress,Respiratory allergy etc
৭.Life style diseases...Obesity (মেদবহুলতা), Diabetes (মধুমেহ), High cholesterol /B.P.,Digestive ,IBS, Ulcerative colitis,Absolute constipation not responding to laxative etc..
এই সমুহ বেমাৰত যথাযথভাবে ৰোগী ভেদে সঠিক সিদ্ধান্ত লৈ পন্চকৰ্ম আৰু আয়ুৰ্ব্বেদ ঔষধ (উচ্চমানবিশিষ্ট কোম্পানী ) ব্যৱহাৰেৰে কৃতকাৰ্য্য লভিব পাৰি বা কিছু শতাংশ উপশম পাব পাৰি যাৰ ফলত ৰোগীজনৰ দৈনন্দিন জীৱন পৰিচালনাশৈলীত ধনাত্মক পৰিৱৰ্তন দেখা পাব।

লেখক :- ড: নাজিৰুদ্দিন মল্লাহ

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate