মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / খেলোতে পোৱা আঘাত আৰু ইয়াৰ চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খেলোতে পোৱা আঘাত আৰু ইয়াৰ চিকিৎসা :

খেলোতে পোৱা আঘাত আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

খেলা-ধূলা কৰাৰ সময়ত খেলুৱৈ এজনে সৰু-বৰ বহুতো আঘাতেই সাধাৰণতে পায় । এই আঘাত কেতিয়াবা ইমান বেছি হয় যে মাজতেই খেল বন্ধ কৰি খেলুৱৈজনক চিকিৎসালয়লৈ নিব লগা হয় । অৱশ্যে প্ৰায়ভাগ আঘাতেই কিন্তু প্ৰাথমিক চিকিৎসা প্ৰদানতেই সুস্থ হৈ উঠে ।

এই আঘাতসমূহ বিভিন্ন কাৰণত হয়, যেনে-

১) খুন্দা খালে

২) শৰীৰৰ কোনো এটা অংশত অত্যধিক চাপ পৰিলে

৩) শৰীৰে বহন কৰিব পৰা শক্তিতকৈ অধিক শক্তি ব্যৱহাৰ কৰিলে আদি ।

খেলৰ সময়ত পোৱা আঘাতসমূহক দুই ভাগত ভগাব পাৰি ।

১) একিউট ( হঠাতে হোৱা বা তীক্ষন আঘাত)

২) ক্ৰ’নিক (পুৰণি)

একিউট ইনজুৰী হঠাতে পোৱা আঘাতক বুজায়, যেনে- খেলৰ সময়ত ভৰিৰ গাঁঠিৰ মোচোকা খোৱা ।

পুৰণি (ক্ৰ’নিক) আঘাত সাধাৰণতে বহুদিন ধৰি একেবিধ মাংসপেশী বা গাঁঠি অত্যধিক ব্যৱহাৰ কৰাৰ ফলত সংঘটিত হয় । খেলৰ নিয়ম ভালদৰে মানি নচলিলে বা জন্মগত বিসংগতিৰ বাবেও এটা সময়ত আঘাত সংঘটিত হ’ব পাৰে । যাক পুৰণি বা ক্ৰ’নিক আঘাত বুলি কোৱা হয় । এটা কথা মন কৰিব যে যি ধৰণৰ আঘাতেই নহওক, অভিজ্ঞ চিকিৎসকৰ হতুৱাই পৰীক্ষা কৰোৱাটো বাঞ্জনীয় ।

খেলাৰ সময়ত পোৱা বিভিন্ন আঘাতসমূহ তলত বৰ্ণনা কৰা হ’ল -

১) ভৰিৰ গাঁঠিৰ মোচোকা খোৱা (এঙ্কল স্প্ৰেইন) :-

খুউব সঘনাই দেখা পোৱা এইধৰণৰ গাঁঠিৰ আঘাত হঠাতে পাক খাই পৰিলে বা গোৰোহাৰ ওপৰত ভৰ দি জোৰকৈ ওপৰৰ পৰা পৰিলে সংঘটিত হ’ব পাৰে । ইয়াৰ ফলত ভৰিৰ গাঁঠিৰ সিৰ (লিগামেণ্ট) ছিগি যায়, ফলত ভৰিৰ গাঁঠি উখহি উঠে, বিষায় আৰু খোজ কাঢ়িব নোৱাৰা হয় । গাঁঠিটো জঠৰ হৈ পৰে ।

২) থেঁতেলা খোৱা (ব্ৰূজ):-

কোনো গধুৰ বস্তুৰ লগত খুন্দা খালে শৰীৰৰ ছালৰ তলত তেজ গোট মাৰে, ফলত ঠাইডোখৰ ফুলি উঠে আৰু বিষাবলৈ ধৰে ।

৩) কনকাচন :-

মূৰত আঘাত পালে, অলপ সময়ৰ বাবে মানুহজন সংজ্ঞাহীন হৈ পৰে, মূৰ বিষায়, গধুৰ গধুৰ লাগে, আৰু সাময়িকভাৱে স্মৃতিশক্তি লোপ পায় । চিকিৎসাৰ সহায়ত মানুহজন পুনৰ সুস্থ হৈ উঠে । বক্সিং, ফুটবল, ক্ৰিকেট আদিত ইয়াক সঘনাই দেখা যায় ।

৪) কটা আৰু ঘঁহনি খাই ছাল ছিগা :-

খেলাৰ সময়ত মাটিত বাগৰি পৰিলে এনে আঘাত পাব পাৰে । আঁঠু আৰু হাতত সততে এনে আঘাত পোৱা দেখা যায় ।

৫) ডিহাইড্ৰেচন :-

অত্যধিক ঘাম আৰু পানী কমকৈ খোৱাৰ ফলত শৰীৰত পানী আৰু লৱণসমূহৰ পৰিমাণ কমি যায় আৰু খেলুৱৈজনক জঠৰ কৰি তোলে । গৰমত ফুটবল, ক্ৰিকেট খেলিলে খেলুৱৈসকলৰ এনেধৰণৰ সমস্যা হ’ব পাৰে ।

৬) দাঁতত পোৱা আঘাত :-

মুখত পোৱা আঘাতৰ ফলত দাঁত ফাটিব বা ভাগিব বা সৰি যাব পাৰে । বক্সিং খেলত ইয়াক সঘনাই দেখা পোৱা যায় ।

৭) কৰঙনৰ মোচোকা খোৱা বা টানি ধৰা :-

কৰঙনৰ বিষ, ফুলি উঠা, দৌৰোতে বা জঁপিয়াওঁতে কৰঙনৰ সিৰ ছিগিলে এনে হয় ।

৮) হেমষ্ট্ৰিং স্প্ৰেইন :-

আঁঠুৰ পিছফালৰ সিৰা মোচোকা খালে, খেলুৱৈজন খোজ কাঢ়িব নোৱাৰা হয়, বিষায়, ফুলি উঠে আৰু ছালৰ তলত তেজ গোট মাৰে ।

৯) আঁঠুৰ আঘাত :-

আঁঠুত মোচোকা খোৱাৰ ফলত ইয়াৰ সিৰা বা ৰগ বা লিগামেণ্ট, কাৰ্টিলেজ, টেনডন ফাটি যায় আৰু আঁঠুটো লৰচৰ কৰিব নোৱাৰা হয় । আঁঠুটো ফুলি উঠে, বিষায় ।

১০) নাকৰ আঘাত :-

নাকত খুন্দা খালে বা ঘোচা খালে, নাকৰ হাড় ভগা, তেজ ওলোৱা, ফাটি যোৱা আদি আঘাতবোৰ দেখা যায় ।

১১) হাড়ত ফাট মেলা :-

এনে আঘাত ভৰিৰ হাঁড়ত সততে দেখা যায় । সঘনাই জঁপিওৱা, টান, অসমান ঠাইত জোৰেৰে দৌৰাৰ ফলত হাড়ত ফাট মেলে, যাক ষ্ট্ৰেছ ফ্ৰেকচাৰ বোলে ।

১২) টেনিছ এলব’ :-

ইয়াত বিষ অনুভূত হয় কিলাকুটিৰ ওচৰত । বিষৰ আৱিৰ্ভাৱ ঘটে । টেনিছ খেলা খেলুৱৈৰ ক্ষেত্ৰত বেছিকৈ হয় বাবে ইয়াক টেনিছ এলব’ বোলে ।

১৩) ৰিষ্ট স্প্ৰেইন বা মণিবন্ধৰ মোচোকা খোৱা :-

খেলা- ধুলাৰ সময়ত সততে পোৱা আঘাতৰ ভিতৰত মণিবন্ধৰ মোচোকা খোৱা অন্যতম । হাত মেলি মাটিত বাগৰি পৰিলে হাতৰ গাঁঠিৰ সিৰাবোৰ ছিগি যায় । গাঁঠি ফুলি উঠে, বিষায়, লৰচৰ কৰিব নোৱাৰা হয় । বাস্কেট বল খেলুৱৈ, বেছবল, জিমনাষ্ট বা কুস্তি খেলুৱৈ, গাড়ীচালক, স্কি খেলুৱৈ, স্কেটাৰ-যিয়ে বৰফত একৰকমৰ খৰম পিন্ধি ভৰি পিছলাই যায়, আদি খেলুৱৈ সঘনাই মণিবন্ধৰ মোচোকা খোৱা সমস্যাত ভোগে ।

প্ৰাথমিক চিকিৎসা -

খেলাৰ সময়ত পোৱা বিভিন্ন ধৰণৰ আঘাতবোৰ, যেনে- মোচোকা খোৱা, কটা-ছিগা, তেজ ওলোৱা, ফুলি উঠা ইত্যাদি দৈনন্দিন ঘটি থকা পৰিঘটনা । ইয়াৰ সৰহভাগেই সামান্য ধৰণৰ আঘাত, গুৰুতৰ ধৰণৰ নহয় । সেয়েহে সাধাৰণ প্ৰাথমিক চিকিৎসা প্ৰয়োগেৰে ইয়াৰ পৰা সুস্থ হৈ উঠিব পাৰি । প্ৰাথমিক চিকিৎসাৰ মূল উদ্দেশ্য হ’ল-

১) ৰক্তক্ষৰণ বন্ধ কৰা

২) ঘাডোখৰ পৰিষ্কাৰ কৰা

৩) ঘাডোখৰ পৰিষ্কাৰ কৰাৰ পিছত আবৃত কৰা ।

১) ৰক্তক্ষৰণ বন্ধ কৰা :-

পৰিষ্কাৰ কপাহ বা কাপোৰ বা বেণ্ডেজেৰে তেজ ওলোৱা ঠাইখিনি হেঁচা মাৰি ধৰিব লাগে । যদিহে বন্ধ কৰিব পৰা নাই, তেতিয়াহ’লে আনৰ সহায় ল’ব লাগে ।

জিভাৰ পৰা তেজ ওলালে পৰিষ্কাৰ কাপোৰ বা কপাহ বা ড্ৰেছিঙেৰে কটা অংশত হেঁচা মাৰি ধৰিব লাগে । মানুহজনক সন্মুখলৈ হাউলি বহিবলৈ দিয়ক । মুখত জমা হোৱা তেজ গিলিবলৈ নিদি থুৱাই পেলাবলৈ দিয়ক ।

নাকৰ পৰা তেজ ওলালে ব্যক্তিজনক সন্মুখৰ ফালে হাউলি বহিবলৈ দিয়ক । হাতৰ দুটা আঙুলিৰে নাকৰ কোমল অংশ দুটা হেঁচা মাৰি ধৰক, প্ৰায় ২০ মিনিটমান । মুখেৰে উশাহ ল’বলৈ দিয়ক । মুখত তেজ জমা হ’লে থুৱাই পেলাওক ।

২) ঘাডোখৰ পৰিষ্কাৰ কৰা :-

পৰিষ্কাৰ পানীৰে লাগি থকা ধূলি-বালি আঁতৰাই পৰিষ্কাৰ কৰক । কপাহেৰে ঢাকি বেণ্ডেজেৰে বান্ধি দিয়ক ।

মোচোকা খোৱা, গাঁঠিৰ আঘাতৰ প্ৰাথমিক চিকিৎসা -

*পি আৰ আই চি ই হ’ল খেলৰ সময়ত পোৱা আঘাতৰ চিকিৎসাৰ মুল মন্ত্ৰ । এই পি আৰ আই চি নো কি তলত বহলাই আলোচনা কৰা যাওক ।

*পি মানে প্ৰটেকচন । আঘাত পোৱাৰ লহে লগে খেলাটো বন্ধ কৰিব লাগে । ইয়ে আঘাত আৰু বাঢ়িবলৈ নিদিয়ে ।

*আৰ মানে ৰেষ্ট । খেলৰ পৰা বিশ্ৰাম ল’ব লাগে । আঘাত পোৱা ঠাইডোখৰক জিৰণি দিব লাগে, যাতে আঘাত আৰু বাঢ়ি নাযায় । কমেও ৪৮-৭২ ঘণ্টা আঘাত পোৱা ঠাইডোখৰ বা ভৰি বা হাতখন ব্যৱহাৰ কৰিব নালাগে । ধৰা হ’ল খেলুৱৈ এজনে আঁঠুত আঘাত পালে, আঁঠুত বেণ্ডেজেৰে বান্ধি, আঁঠুটোত ভৰ নিদিয়াকৈ ৰাখিলেহে আঁঠুটোৰ আঘাতৰ উপশম ঘটে । জিৰণি বা শুকানৰ বাবে অতি জৰুৰী ।

*আই মানে আইচ, মানে বৰফ । বৰফ হ’ল খেলৰ প্ৰাথমিক চিকিৎসা সঁজুলিৰ এক গুৰুত্বপূৰ্ণ সামগ্ৰী । প্লাষ্টিকৰ বেগ এটাত বৰফ ভৰাই, ,সৰু বৰফ ঠাণ্ডা কৰি ৰখা পাত্ৰত (কুলাৰ) সুমুৱাই লগত ৰাখিব লাগে, যাতে যিকোনো মূহূৰ্তত ব্যৱহাৰ কৰিব পাৰে । বৰফ পাতলীয়া ধৰণৰ গামোচা বা কাপোৰেৰে মেৰিয়াই আঘাত পোৱা ঠাই, তলত আৰু ওপৰত লগাই দিব লাগে । বৰফেৰে লাহে লাহে হেঁচা প্ৰয়োগ কৰিলে বিষৰ উপশম ঘটে । উখহি যোৱাটো কমি যায় আৰু ঘা শুকোৱাত সহায় হয় । মনত ৰাখিব , বেছি সময় বৰফ ব্যৱহাৰ কৰিলে ঠাইডোখৰত তেজ চলাচল কমি আঘাত বাঢ়ি যাব পাৰে বা নতুন ঘাৰ সৃষ্টি হ’ব পাৰে । যাক কোৱা হয় ‘ফ্ৰেষ্ট বাইট’ (বৰফত নিথৰ হৈ যোৱা) । সেয়েহে এবাৰত ২০ মিনিট সময় লগাই, ২ ঘণ্টাৰ মূৰে মূৰে ২০ মিনিটকৈ ৪৮-৭২ ঘণ্টা পৰ্যন্ত বৰফ লগাব পাৰে ।

*ই মানে এলিভেচন । অৰ্থাৎ ওপৰলৈ দাঙি থকা । আঘাত পোৱা ঠাইডোখৰ দেহৰ আন অংশতকৈ ওপৰলৈ উঠাই ৰাখিব লাগে । তেনে কৰিলে ফুলাটো কমে, তেজ ওলোৱা বন্ধ হয়, বিষ কমে ।

কি কি নকৰিব :-

দৌৰিব নালাগে । মালিচ নকৰিব । গৰম পানীৰ সেক নিদিব, তেনে কৰিলে আঘাত বাঢ়ি যাব পাৰে, বন্ধ হোৱা তেজ পুনৰায় নিগৰিব পাৰে ।

দাঁত সৰি গ’লে :-

প্ৰাথমিক চিকিৎসা হিচাপে , সৰি যোৱা দাঁতটো পৰিষ্কাৰ পানীৰে ধুই, চাফা কৰি, পুনৰ লগাই ল’ব লাগে । চাব লাগে ঠিক আগৰ দৰে লাগিছে নে নাই । পৰিষ্কাৰ কাপোৰ বা ৰুমালেৰে দাঁতটো ঢাকি দাঁতেৰে কামুৰি ঠিক ঠাইত ৰাখি থ’ব লাগে, যেতিয়ালৈকে ডাক্তৰৰ ওচৰলৈ যোৱা নহয় । দাঁত সৰি পৰাৰ ত্ৰিছ মিনিটৰ ভিতৰত পুনৰায় লগাব পাৰিলে ফল ভাল পোৱা যায় ।

কাণত দুখ পালে :-

কাণত দুখ পোৱাৰ পাছত যদি তেজ জমা হৈ কাণখন ফুলি উঠে, তেতিয়াহ’লে বৰফ কাপোৰেৰে মেৰিয়াই দুখ পোৱা অংশটোত হেঁচা মাৰি ধৰক । যিমান সোনকালে পাৰে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী ।

প্ৰাথমিক চিকিৎসাৰ অন্তত, আঘাতপ্ৰাপ্ত খেলুৱৈজনক চিকিৎসকৰ পৰামৰ্শৰ আৱশ্যক ।

খেলৰ আঘাত প্ৰতিৰোধৰ উপায়সমূহ -

খেলৰ আঘাতসমূহ একেবাৰে নিৰ্মূল কৰিব নোৱাৰি । কিন্তু অলপ সাৱধান হ’লে, নিয়মানুৱৰ্তিতা মানি চলিলে খেলৰ সময়ত পোৱা আঘাতসমূহ এৰাই চলিব পাৰি ।

*খেলৰ আগেয়ে সৰু-সুৰা ব্যায়াম, দৌৰা, জঁপিওৱা আদি কৰিলে আঘাতৰ পৰিমাণ বা তীব্ৰতা কমে ।

*সঠিক জোখৰ, মজবুত আৰু উন্নত মানৰ জোতাৰ ব্যৱহাৰ ।

*দুখ পোৱাৰ সম্ভাৱনা থকা গাঁঠি বা ঠাইত আগতীয়াকৈ বেণ্ডেজেৰে বান্ধি বা ফিতা বা টেপ মেৰিয়াই থ’ব লাগে, যাতে খেলৰ সময়ত আঘাতৰ মাত্ৰা কমে ।

*নিজৰ প্ৰতিৰক্ষাৰ বাবে যথাযথ সা- সঁজুলি, যেনে মাউথ গাৰ্ড, পেলভিক গাৰ্ডৰ ব্যৱহাৰ ।

*যথেষ্ট পৰিমাণে পানী বা ফলৰ ৰস, খেলৰ আগেয়ে, খেলি থকাৰ মাজত, খেল শেষ হোৱাৰ অন্তত খাব লাগে ।

*অতি বেছি গৰমত খেলা-ধূলা নকৰাই ভাল, বিশেষকৈ দিনৰ ১১-৩ বজাৰ ভিতৰত ।

*শৰীৰৰ সক্ষমতা সদায় ধৰি ৰাখিবৰ চেষ্টা কৰিব লাগে । খেল নথকা বতৰতো ব্যায়াম আদি কৰি শৰীৰটো সক্ষম কৰি ৰাখিব লাগে ।

*নিজে খেলা খেলবিধৰ উপৰি আন খেলা খেলক শৰীৰক সক্ষম কৰি ৰখিবলৈ । উদাহৰণ স্বৰুপে ক্ৰিকেট খেলাসকলে ফুটবল, ভলীবল খেলাটো দৰকাৰী ।

*উপযুক্ত আৰু সঠিকভাৱে ব্যায়াম আৰু অনুশীলন কৰাটো অতি দৰকাৰী, যাতে খেলৰ সময়ত প্ৰয়োজন হোৱা শক্তি পূৰা মাত্ৰাই পোৱা যায় ।

*অনুশীলনৰ মাত্ৰা অধিক হ’ব নালাগে । শৰীৰৰ সামৰ্থ্য অনুযায়ী অনুশীলনৰ সময় আৰু মাত্ৰা লাহে লাহে বঢ়াব লাগে ।

*শুদ্ধ আৰু সঠিক অনুশীলন অতি দৰকাৰী ।

*নিয়মিতভাৱে চিকিৎসকৰ হতুৱাই শৰীৰৰ সুস্থতা সম্পৰ্কে পৰীক্ষা কৰোৱাব লাগে ।

ৰিহেবিলিটেচন (পুনৰায় পূৰ্বৰ অৱস্থাপ্ৰাপ্তি) হ’ল খেলৰ চিকিৎসাৰ আন এক অধ্যায় । ইয়াৰ উদ্দেশ্য হ’ল আঘাত প্ৰশমিত কৰি পূৰ্বৰ স্বাভাৱিক অৱস্থালৈ ব্যক্তিজনক লৈ যোৱা । পৰ্যায়ক্ৰমে শাৰীৰিক অনুশীলন, ব্যায়াম কৰাই, খেলুৱৈজনক চিকিৎসকৰ তত্ত্বাৱধানত, সুস্থ কৰি তোলা হয় । বিভিন্ন ধৰণৰ মালিচ, অংগ সঞ্চালন আৰু নিৰ্ধাৰিত ব্যায়াম ইয়াৰ অন্তৰ্ভুক্ত । ইয়াৰোপৰি হিট (উত্তাপ), আল্ট্ৰাছাউণ্ড, থেৰাপী, অস্ত্ৰোপচাৰ চিকিৎসালয়ত উপলব্ধ আন কেতবোৰ চিকিৎসা। অস্ত্ৰোপচাৰৰ সহায়ত হাড় ভাগিলে জোৰা লগোৱা হয় । খেলপথাৰত খেলিবলৈ কেতিয়ালৈ নামিব সেইটো নিৰ্ভৰ কৰিব সংশ্লিষ্ট চিকিৎসকজনৰ ওপৰত । তেওঁৰ অনুমতি অবিহনে কেতিয়াও খেলত অংশ ল’ব নালাগে ।

প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ -

খেলৰ সময়ত পোৱা আঘাতৰ ফলপ্ৰসূ চিকিৎসাৰ বাবে আঠঘণ্টীয়া এক প্ৰশিক্ষণ দিয়া হয় । ইয়াত প্ৰাথমিক চিকিৎসাৰ গুৰুত্ব, শৰীৰ গঠনৰ সাধাৰণ জ্ঞান, কেনেকৈ খেলৰ আঘাতসমূহ প্ৰতিৰোধ কৰিব পাৰি, চিকিৎসাৰ প্ৰাথমিক জ্ঞান আদিৰ ওপৰত গুৰুত্ব দিয়া হয় ।

খেলৰ প্ৰাথমিক চিকিৎসা এক দলীয় প্ৰচেষ্টা । দলগত প্ৰচেষ্টা, আধুনিক সুবিধালব্ধ এম্বুলেন্স, উন্নত মানৰ চিকিৎসালয় হ’ল খেলৰ আঘাত লাঘৱৰ দৰকাৰী উপাদান ।

লেখক :- ডা: ৰাজীৱ লোচন শৰ্মা

উৎস :- জি এনআৰচি স্বাস্থ্য

 

 

 

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top