অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৰত হোৱা দুৰ্ঘটনা

ঘৰত হোৱা দুৰ্ঘটনা

পথে-ঘাটে দুৰ্ঘটনা সকলো সময়তে হৈয়েই থাকে, এয়া কোনো নতুন কথা নহয়। কিন্তু নিজৰ ঘৰতো এনে কিছুমান দুৰ্ঘটনা ঘটে, যাৰ বাবে আমি মুঠেই প্ৰস্তুত নহওঁ। এনে ক্ষেত্ৰত কি ধৰণে পৰিস্থিতি চম্ভালিব আহকচোন জানি থওঁ।

আমাৰ সকলোৰে বাবেই নিশ্চিত আশ্ৰয়ৰ স্থল হ’ল ঘৰখন। আমি অন্য ক’ৰবাত যিমান আৰাম আৰু নিৰাপত্তাৰ বেষ্টনীতে নাথাকোঁ কিয়, ঘৰখন পালেহে নিজকে সম্পূৰ্ণ নিৰাপদ যেন অনুভৱ হয়। সকলো শ্ৰেণীৰ লোকৰে আৰু সকলো বয়সৰে মানুহৰ মনত একেই প্ৰতিক্ৰিয়া হয়। অৰ্থাত্‌ সকলোৰে ধাৰণা যে ঘৰত সোমাব পাৰিলেই আৰু কোনো দুৰ্ঘটনা বা বিপদ হ’ব নোৱাৰে। কিন্তু প্ৰকৃততে সেইটো সঁচা জানো? বহু সময়ত এনে কিছুমান মাৰাত্মক দুৰ্ঘটনা ঘৰৰ ভিতৰতে সংঘটিত হয়, যাৰ ফলত বহুলোক চিৰদিনৰ বাবে পংগু হয় বা কেতিয়াবা মৃত্যু পৰ্য্যন্ত হ’ব পাৰে। বাহিৰত অন্তত: মানুহ অলপ হ’লেও সতৰ্ক হৈ থাকে। সময়ত খুব নিশ্চিন্ত হৈ কাম কৰি থকা অৱস্থাত ঘৰতে দুৰ্ঘটনাবোৰ ঘটে। এনেকুৱা অসময়ত দুৰ্ঘটনা ঘটে যে সেই সময়ত ডাক্টৰ বিচাৰিও পোৱা নাযায়। ফলত চিকিত্‌সাৰ অভাৱত আঘাতপ্ৰাপ্ত ব্যক্তিৰ মৃত্যু পৰ্য্যন্ত হ’ব পাৰে। ঘৰত হোৱা দুৰ্ঘটনাবোৰৰ সৰহভাগেই শিশু, মহিলা আৰু বয়সস্থ মানুহৰ ক্ষেত্ৰত হোৱা দেখা যায়। এনেকুৱা ঘটনাবোৰ যাতে আপোনালোক বা আমাৰ কাৰো ঘৰত নহয়, তাৰ বাবে সকলোৰে কৰ্তব্য কি ধৰণৰ দুৰ্ঘটনা ঘৰত হ’ব পাৰে সেই বিষয়ে জনা আৰু আনকো সতৰ্ক কৰি দিয়াটো।

ঘৰত হ’ব পৰা দুৰ্ঘটনা

  • পিছল মজিয়া অথবা ছিৰিত ভৰি পিছলি পৰাৰ সম্ভাৱনা বেছি।
  • ছিৰিত যদি ক’ৰবাত অসমান বা ভগা অংশ থাকে তেতিয়াহ’লে উজুতি খাই পৰি যোৱাৰ সম্ভাৱনা থাকে।
  • ভাত ৰন্ধাৰ ষ্ট’ভ যদি মজিয়াত ৰাখি ৰন্ধা-বঢ়া কৰা হয়।
  • বেছি আহল-বহল কাপোৰ পিন্ধি অথবা শাৰী পিন্ধি ৰন্ধা-বঢ়া কৰিলে জলন্ত ষ্ট’ভৰ পৰা জুই লগাৰ ভয় থাকি যায়।
  • চোকা ছুৰি কটাৰি অথবা ব্লেড ব্যৱহাৰ কৰোঁতে আঙুলি কটা যাব পাৰে।
  • ভঙা আইনাৰ টুকুৰাই হাত কাটিব পাৰে অথবা খালী ভৰিত সোমাব পাৰে।
  • বাথৰূমত ভৰি পিছলি পৰিব পাৰে।
  • গ্ৰিল অথবা টেবুল-চকীৰ খুঁটাত উজুটি মাৰি সাধাৰণতে অনেক সময়ত সৰু ল’ৰা-ছোৱালী পৰি যায়।
  • ইলেক্‌ট্ৰিকেল বস্তুৰ পৰা অথবা ছুইচ ব’ৰ্ডৰ পৰা ইলেক্‌ট্ৰিক শ্বক্‌ খোৱাৰ সম্ভাৱনা থাকে।
  • অলপ অসাৱধান হ’লেই গৰম ইস্ত্ৰিয়েও পোৰাৰ সম্ভাৱনা থাকে।
  • পলিথিনৰ বেগৰ পৰা ল’ৰা-ছোৱালীক সাৱধানে ৰখা উচিত। নহ’লে খেলোঁতে উশাহ বন্ধ হৈ যাব পাৰে।
  • উতলা গাখীৰ অথবা পানী পৰি যোৱাৰ সম্ভাৱনা।
  • ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰিবলৈ যাওঁতে আঙুলি চেপা খোৱাৰ ভয়।
  • ঘৰত হাতেৰে ঢুকি নোপোৱা ঠাইত থকা বস্তু নমাবলৈ কাঠৰ বা এলুমিনিয়ামৰ ছিৰি ব্যৱহাৰ কৰা হয়। অনেক সময়ত তেনে ছিৰিৰ পৰা পৰি দুৰ্ঘটনাগ্ৰস্ত হোৱা দেখা যায়।
  • ওপৰৰ পৰা বস্তু নমাবৰ সময়ত সেইবোৰ গাৰ ওপৰত পৰি যোৱাৰ ভয় থাকে।
  • পোক-পৰুৱাই কামোৰাৰ ভয়।
  • সৰু ল’ৰা-ছোৱালীয়ে প্ৰায়ে নিজকে কোঠাৰ ভিতৰতে লক্‌ কৰি থয়।
  • কোনো জোঙা বা ধাৰ থকা বস্তুৰে খেলি থাকোতে আঘাতপ্ৰাপ্ত হয়।
  • সৰু ল’ৰা-ছোৱালী পানী ভৰ্তি বাথটাব বা ছুইমিং পুলত ডুবাৰ ভয় সকলো সময়তে থাকে।
  • সহজে পোৱা কোনো ঔষধ খোৱা বস্তু বুলি ভাবি সৰু ল’ৰা-ছোৱালীয়ে খোৱাৰ ভয়।
  • নাকৰ ভিতৰত নেপ্‌থেলিন, মাটি পেঞ্চিল অথবা বুটমাহ সুমুৱাই দি বিপদত পৰিব পাৰে।
  • চেপেটা বস্তু মুখত লৈ থাকোঁতে হঠাত্‌ ডিঙিলৈ গুচি যাব পাৰে।
  • গৰম চাহ বা অন্য পানীয় চাৰ্ভ কৰোঁতে হঠাত্‌ চিটিকি পৰা।
  • গধুৰ বস্তু কঢ়িয়াওঁতে হঠাত্‌ ভৰিত পৰি যাব পাৰে।
  • টানকৈ লগোৱা সাঁফৰ খুলিবলৈ যাওঁতে আইনাৰ বটল ভাঙি যাব পাৰে।
  • ধোৱাৰ সময়ত কাঁচৰ বাচন হঠাত্‌ ভাঙি যোৱাৰ সম্ভাৱনা।
  • কুকিং গেছ ছিলিণ্ডাৰ সংক্ৰান্ত দুৰ্ঘটনা।
  • পূজা কৰিবলৈ যাওঁতে হঠাত্‌ জুই লগা, ইত্যাদি ইত্যাদি।

এই তালিকাৰ বাহিৰেও ঘৰত আৰু অনেক দুৰ্ঘটনা ঘটিব পাৰে। এইবিলাক ঘটনা বা দুৰ্ঘটনা যে ঘটিবই এনেকুৱা কথা নাই; কিন্তু যিকোনো অঘটনৰ বাবে প্ৰস্তুত থকা ভাল। সেই বাবেই সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। ৰন্ধা- বঢ়া কৰোঁতে গেছ আমি খুব সাৱধানে ব্যৱহাৰ কৰিব লাগে। গেছৰ পাইপডালত যাতে কোনো ধৰণৰ ফুটা নহয় বা ফটা নাথাকে সেইটো চাব লাগে।পাইপডাল বেয়া হ’লেই সোনকালে সলাই নতুন এডাল আনি ল’ব। জুইশলাৰ সলনি গেছ লাইটাৰ ব্যৱহাৰ কৰাটো ভাল। ৰন্ধা শেষ হ’লে ছিলিণ্ডাৰৰ ছুইচ বন্ধ কৰি দিব। গেছ বহুতদিন ব্যৱহাৰ নকৰিলে ৰেগুলেটৰ খুলি ভালকৈ কোনো সুৰক্ষিত স্থানত থৈ দিব। পূজা কৰিবলৈ যাওঁতে গাৰ কাপোৰত জুই লগা এটা অতি সঘনে ঘটি থকা ঘটনা। মহিলাৰ ক্ষেত্ৰত এনে ঘটনা বেছিকৈ ঘটা দেখা যায়। জুইশলাৰ দ্বাৰা এইবোৰ জ্বলোৱা হয় আৰু ইয়াৰপৰাই বহু দুৰ্ঘটনা সংঘটিত হয়। গতিকে জুই জ্বলাওঁতে ল’ব লগা সাৱধানতা গোটেইখিনি মানি চলিব লাগে। বিশেষকৈ বয়সস্থ মানুহ আৰু ল’ৰা-ছোৱালী যেতিয়া ঘৰত অকলে থাকে তেতিয়া সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিব লাগে। চাব লাগে যাতে কোনো কাৰণতেই সৰু সৰু ল’ৰা-ছোৱালীৰ হাতত জুইশলা নপৰে। সৰু সৰু ল’ৰা-ছোৱালীক সম্পূৰ্ণ অকলে কেতিয়াও ৰাখিব নালাগে। কেচুঁৱাই যেতিয়া উবুৰি হ’বলৈ আৰম্ভ কৰে তেতিয়া তাৰ ওচৰত কোনো ধৰণৰ ইলেক্‌ট্ৰিক ব’ৰ্ড অথবা ছুইচ ( বিশেষকৈ বে’ড্‌ ছুইচ) যেন নাথাকে। কেনেবাকৈ থাকিলেও সেইবোৰ বহল ডাঠ টেপেৰে ঢাকি দিব লাগে। ঘৰত ছিৰি থাকিলে লক্ষ্য ৰাখিব লাগে যে সৰু ল’ৰা-ছোৱালী যেন অকলে সেইবোৰেৰে উঠা-নমা নকৰে। বাথৰূম সদায় ‘কম্পপেক্ট’ আৰু শুকান কৰি ৰখা উচিত, যাতে বয়সস্থ মানুহৰ ভৰি পিছলি নপৰে। বাথৰূমৰ দেৱালত ৰেলিং লগাব পাৰিলে ভাল। তেওঁলোকৰ শোৱাকোঠাৰ লগত বাথৰূম থাকিলে ভাল হয়। অৱশেষত ক’ব খোজোঁ যে সাৱধানতা অৱলম্বন কৰিলেও দুৰ্ঘটনা যে নঘটিব তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। দুৰ্ঘটনা সংঘটিত হ’লে তাৰ সন্মুখীন হ’বলৈ সকলো সময়তে প্ৰস্তুত থাকিব লাগিব। এটা ‘ফাৰ্ষ্ট এইড বক্স’ সকলো সময়তে হাতত পোৱাকৈ ৰাখিব লাগে। ইয়াৰ ভিতৰত ছাৰ্জিকেল কটন, এণ্টিছেপ্টিক মলম, বেণ্ডেজ, পোৰাত লগোৱা মলম, তেজ বন্ধ কৰা ঔষধ ইত্যাদি প্ৰয়োজনীয় বস্তুখিনি থকা প্ৰয়োজন। ‘ফাৰ্ষ্ট এইড’ৰ ট্ৰেইনিং ল’ব পাৰিলে ভাল। আজিকালি ইণ্টাৰনেটত ‘হোম এক্সিডেণ্ট’ ছাৰ্চ কৰি চালেও অনেক তথ্য জানিব পৰা যায়। সকলো সময়তে থিতাতে পোৱাকৈ ওচৰৰ হাস্পতাল আৰু এম্বুলেঞ্চৰ নম্বৰ, ফেমিলি ডাক্টৰৰ নম্বৰ লিখি ৰখা উচিত। প্ৰয়োজন হ’লে ওচৰ-চুবুৰীয়াৰ সহায় ল’বলৈ দ্বিধাবোধ নকৰিব।

লেখিকা: চিত্ৰা বৰুৱা, প্ৰিয় সখী

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate