মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / চায়েটিকা(Sciatica)ৰ হোমিঅ’ চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চায়েটিকা(Sciatica)ৰ হোমিঅ’ চিকিৎসা :

চায়েটিকা(Sciatica)ৰ হোমিঅ’ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

পিঠিৰ তল আৰু দুই তপিনাৰ মাজত ওখ ভাগৰ পৰা এডাল দীঘল শকত স্নায়ু ভৰিৰ গোৰোহালৈকে নামি গৈছে। এই স্নায়ুডাল চায়েটিকা নাৰ্ভ। চায়েটিকা বিভিন্ন কাৰণত হয়।

লক্ষণ -

কঁকালৰ তলৰ পৰা আঁঠুৰ পিছফাললৈকে বা গোৰোহালৈকে বিষ হয়। কিছু সময় বহাৰ পিছত উঠিলে, খোজ কাঢ়িলে বা বহি থাকোতে টনা-আঁজোৰা কৰা বিষ হয়। কিছুমান লোকৰ ৰাতি শুলে অতিৰিক্ত বিষ হয় আৰু বিষৰ কাৰণে টোপনি নাহে। চায়েটিকা নাৰ্ভ সাধাৰণতে বাওঁফালে প্ৰায় আক্ৰান্ত হয়। এই ৰোগে পুৰণি আকাৰ ধাৰণ কৰিলেব কিছুমান লোকৰ আক্ৰান্ত হোৱা ফালে বা দুয়োফালে ভৰি আৰু তপিনা ক্ষীণ হৈ পৰে।

চিকিৎসা -

১)Colocynthis 30:

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ সিৰামুৰি ধৰাৰ দৰে, কোঁচাই ধৰাৰ দৰে বিষ চায়েটিকা নাৰ্ভত আৰু তপিনাত ধৰে। কিছুমান ৰোগীৰ তীব্ৰ গতিত হোৱা চায়েটিকা নাৰ্ভৰ বিষ আঁঠুৰ পিছফালে সমগ্ৰ ভৰিলৈ পৰিচালিত হয়। Colocynthis ব্যৱহাৰ হোৱা ৰোগীৰ সাধাৰনতে বাওঁ তপিনা, বাওঁ কৰঙন, বাওঁ আঁঠু বিশেষভাৱে আক্ৰান্ত হয়।

২)Cimicifuga 30:

জৰায়ু, ডিম্বকোষৰ ৰোগৰ লগত বা গৰ্ভ অৱস্থাতে চায়েটিকা হ’লে এই ঔষধৰ ব্যৱহাৰ কৰা হয়।

৩)Rhus tox 30:

চায়েটিকা নাৰ্ভত কুট-কুটনি ধৰা বিষ সকলো সময়তে লৰচৰ কৰি থাকিলে, আৰাম পালে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।

৪)Kali carb 30:

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ চায়েটিকা বিষ কঁকালৰ পৰা ভৰি গোৰোহালৈকে ধৰে। খোজ কাঢ়িলে ভৰি কোচ খোৱাই আনে। গতিকে বহি দিবলগীয়া হয়। শুলেও এই ৰোগ বৃদ্ধি হয়।

৫)Bryonia Alba 30:

চায়েটিকা নাৰ্ভৰ বিষ লৰ-চৰ কৰিলে বৃদ্ধি হ’লে আৰু নিতালমাৰি পৰি থাকি আৰাম পালে এই ঔষধ ব্যৱহাৰ কৰা হয়।

৬)Indigo 30:

চায়েটিকা নাৰ্ভৰ বিষ তপিনাৰ পৰা আঁঠুলৈকে পৰিচালিত হ’লে এই ঔষধ ব্যৱহাৰ হয়।

৭)Plumbum Met 30:

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ শৌচ টান হয়, কেতিয়াবা কিছুদিন ধৰি শৌচ নহয়। যিফালে চায়েটিকা নাৰ্ভ আক্ৰান্ত হয় সেইফালে ভৰি ক্ষীণ হৈ আহে।

৮)Ammon Mur 30:

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ প্ৰায়ে চিকিৎসা পোৱা যায়। এই ঔসধ ব্যৱহাৰ হোৱা ৰোগীৰ শৌচ কঠিন থাকে। তপিনাৰ পৰা ভৰিৰ গোৰোহালৈকে ভৰি কোঁচ খোৱাই আনে, থিৰ হৈ বহি থাকিলে বিষ বৃদ্ধি হয়। খোজ কাঢ়ি ফুৰিলে কিছু বিষ আৰাম হয়। শুলে সম্পূৰ্ণ আৰাম পায়।

৯)Gnaphalium 30:

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ সাধাৰণতে সোঁফালৰ চায়েটিকা নাৰ্ভ আক্ৰান্ত হয়। কটা-ছিঙা কৰাৰ দৰে, খোচা-বিন্ধা কৰাৰ দৰে, অসহ্য বিষ হয়, ভৰিত সিৰামূৰি ধৰে আৰু কোঁচ খোৱাই নিয়াৰ দৰে কৰে। শুলে, খোজ কাঢ়িলে, কুঁজা হ’লে অসহ্য বিষ হয়। বহি থাকিলে কিছু আৰাম পায়।

১০)Causticum 30:

এফালে বা দুয়োফালে চায়েটিকা নাৰ্ভ আক্ৰান্ত হৈ ভৰি কোঁচ খাই গ’লে, ভৰি মেলিব, জপাব নোৱাৰিলে এই ঔষধ ব্যৱহাৰ হয়।

লেখিকা: ইলিজা বেগন(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.975
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top