মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / চিকিৎসকৰ ব্যৱস্থা-পত্ৰ কিছু খুঁটি-নাটি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চিকিৎসকৰ ব্যৱস্থা-পত্ৰ কিছু খুঁটি-নাটি

চিকিৎসকৰ ব্যৱস্থা-পত্ৰ কিছু খুঁটি-নাটি

এটা স্বাস্থ্য-যতন আৰু চিকিৎসা সেৱা ব্যৱস্থাত আইনগতভাৱে স্বীকৃত, অৰ্হতাসম্পন্ন চিকিৎসক বা চিকিৎসাকৰ্মীয়ে ব্যক্তি (ৰোগী) এগৰাকীৰ কুশলাৰ্থে বিধান কৰা ঔষধ তথা চিকিৎসাৰ পৰিকল্পনা সম্পৰ্কীয় লিখিত নিৰ্দেশনাৰ পত্ৰখনকে ব্যৱস্থা পত্ৰ বা প্ৰেচ্‌ক্ৰিপচন বুলি কোৱা হয়। আধুনিক চিকিৎসা সেৱা ব্যৱস্থাত প্ৰেচক্ৰিপচন এক অবিচ্ছেদ্যপ্ৰায় অংগ। চিকিৎসাৰ সফলতাৰ বাবে চিকিৎসকএ ব্যৱস্থা পত্ৰখন ৰোগী, অভিভাৱক, শুশ্ৰূষাকাৰী বা সংশ্লিষ্ট সকলোৱে নিৰ্ভুলভাৱে বুজি লোৱা অতিকৈ প্ৰয়োজনীয়। চিকিৎসকৰ ব্যৱস্থা পত্ৰখন কেনে হ’ব লাগে, সেই সন্দৰ্ভত কোনো বিশ্বজনীন সমূহীয়া নীতি নাই। কিছুমান দেশত প্ৰেচক্ৰিপচনৰ মান আৰু ধৰণ নিৰ্দ্ধাৰণৰ বাবে আইন আছে আৰু এইবোৰ দেশভেদে বেলেগ বেলেগ যদিও প্ৰায় সকলো ঠাইতে কিছুমান সাধাৰণ নিয়ম নীতিগতভাৱে পালন কৰি অহা হৈছে।

প্ৰেচ্‌ক্ৰিপচ্‌নখনৰ আৰম্ভণিতে সংশ্লিষ্ট চিকিৎসকগৰাকীৰ নাম, ঠিকনা, অৰ্হতা, বিশেষ অৰ্হতা, পঞ্জীয়ন নম্বৰৰ লগতে আকস্মিক প্ৰয়োজনৰ বাবে ফোন নম্বৰ বা ই-মেইল আই ডি আদি উল্লেখ থকা বাঞ্ছনীয়। চিকিৎসালয়ৰ ক্ষেত্ৰতো সংশ্লিষ্ট চিকিৎসালয়খনৰ একেখিনি তথ্য আৰম্ভণিতে থকা বাঞ্ছনীয়। এই সকলোবোৰ তথ্য ছপা ৰূপত মচ নোখোৱাকৈ থকা উচিত। এইখিনিৰ পিছত যাৰ বাবে ব্যৱস্থাপত্ৰখন কৰা হয়, তেওঁৰ নাম, ঠিকনা, বয়স, লিংগ আৰু সম্ভৱ হ’লে পেছা, ধৰ্ম, গোষ্ঠী আদি সবিশেষ উল্লেখ হ’ব লাগে। ব্যৱস্থাপত্ৰ লিখাৰ তাৰিখ অপৰিহাৰ্য স্পষ্টকৈ উল্লেখ থাকিব লাগে। পৰম্পৰাগতভাৱে ব্যৱস্থা-পত্ৰ এখনৰ নিৰ্দেশনা “R/” এই প্ৰতীকটোৰে আৰম্ভ কৰা হয়, যাৰ অৰ্থ- ‘এনেধৰণে ল’বলৈ দিয়া হ’ল (Take Thou)’। তাৰ পিছৰ প্ৰথম শাৰীত ঔষধৰ বিৱৰণ থাকে। ঔষধৰ ব্যৱসায়িক বা ‘ব্ৰ্যাণ্ড’ নামতকৈ ৰাসায়নিক বা জেনেৰিক নাম থকা যুগুত। লগতে একে শাৰীতে ঔষধবিধ কি ৰূপত উপলব্ধ (টেবলেট, কেপছুল, বেজী আদি), ঔষধবিধৰ শক্তি যেনে: ২৫০ মিলিগ্ৰাম, ৫ মিলিলিটাৰ আদি আৰু মুঠ কিমান পৰিমাণত ব্যৱহাৰ হ’ব লাগিব, সেয়া উল্লেখ থাকে। তাৰ তলৰ শাৰীত ঔষধ ব্যৱহাৰৰ নিৰ্দেশনাখিনি থাকে, ইয়াক ‘ছিগ্‌নেচিউৰা’ বোলে আৰু ‘sig’ শব্দাংশৰে চিহ্নিত কৰা হয়। ব্যৱস্থা পত্ৰৰ একেবাৰে শেহত চিকিৎসকগৰাকীৰ স্বাক্ষৰ থাকে।

চিকিৎসকৰ ব্যৱস্থা-পত্ৰত ঔষধ ব্যৱহাৰৰ নিৰ্দেশনাসমূহ শুদ্ধ ৰূপত পালন কৰাটো অতিকৈ প্ৰয়োজনীয়। নিৰ্দেশনাসমূহ সঠিকভাৱে পালন নহ’লে আশা কৰা ধৰণে ঔষধৰ গুণাগুণ পোৱা নাযায়। কিছুমান ঔষধ আহাৰ খোৱাৰ আগতে খাবলৈ পৰামৰ্শ কৰা হয়। ‘আহাৰ খোৱাৰ আগত’ বুলিলে কমেও ৩০ মিনিট আগেয়ে বুজায়, খোৱাৰ এক বা দুই মিনিট আগেয়ে নহয়। পাকস্থলীত খাদ্যৰ উপস্থিতিত এনেবোৰ ঔষধৰ কিছুমান ক্ৰিয়া নষ্ট হ’ব পাৰে হেতুকে আহাৰৰ আগত খাবলৈ কোৱা হয়। আনহাতে পাকস্থলীত জ্বলন বা অইন ধৰণৰ অস্বস্তি কৰাব পৰা কিছুমান ঔষধ আহাৰ খোৱাৰ পিছত খাবলৈ পৰামৰ্শ কৰা হয়। এনেবোৰ ঔষধ কোনো গুৰু আহাৰ গ্ৰহণ কৰাৰ ৫ ৰ পৰা ১০ মিনিট পিছত খাব লাগে। তেতিয়া পাকস্থলীত খাদ্যৰ উপস্থিতিত ঔষধৰ জ্বলন বা অস্বস্তিকৰ ক্ৰিয়া কম হয় বা নোহোৱা হয়। বিভিন্ন ভিটামিনসমূহ সম্পুৰক হিচাপে দিনৰ ভাগত আহাৰৰ পিছত খাবলৈ পৰামৰ্শ কৰা হয়।ভিটামিন আদি কেতিয়াও খালী পেটত খাব নালাগে। এনে কৰিলে শৰীৰে গ্ৰহণ কৰিব পৰাৰ আগেয়েই প্ৰস্ৰাৱত ইবোৰ শৰীৰৰ পৰা বাহিৰ হৈ যায় বাবে ভিটামিন সম্পুৰকৰ ক্ৰিয়া লাঘৱ হয়-বিশেষকৈ ভিটামিন-বি আৰু ভিটামিন-চি ৰ ক্ষেত্ৰত। পুৰণি প্ৰেচ্‌ক্ৰিপচ্‌নেৰে ঔষধ কিনিব বা ব্যৱহাৰ কৰিব নালাগে-যদিও কেতিয়াবা ৰোগটো বা সমস্যাটো ‘একে’ বুলি ধাৰণা কৰা হয়। ৰোগটো সচাকৈয়ে একে হ’লেও সময়ৰ লগে লগে মানুহগৰাকী কাহানিও সম্পূৰ্ণ ‘একে’ হৈ নাথাকে। ব্যৱস্থা-পত্ৰত নিৰ্দেশিত সকলোবোৰ ঔষধেই নিৰ্দিষ্ট কৰি দিয়া দিনলৈ ব্যৱহাৰ কৰিব লাগে। অসুখ ভাল হোৱা যেন পালেও নিৰ্দ্ধাৰিত ক্ৰম সম্পূৰ্ণ কৰিব লাগে। প্ৰতিজৈৱিক শ্ৰেণীৰ ঔষধৰ ক্ষেত্ৰত এই নীতি আৰু অধিক কঠোৰভাৱে পালন কৰিব লাগে। সম্পূৰ্ণকৈ ব্যৱহাৰ নকৰিলে দুই-এটা বীজাণু ৰৈ যাব পাৰে আৰু তেতিয়া ইহঁতবোৰে অধিক শক্তিশালী ৰূপ ধাৰণ কৰে। ফলশ্ৰুতিত সেই ঔষধবিধে পুনৰ সেই বীজাণুবিধ মাৰিব নোৱাৰা হয়। ইয়াকে চিকিৎসা বিজ্ঞানৰ ভাষাত ঔষধ প্ৰতিৰোধ্যতা বোলে। ঔষধ প্ৰতিৰোধ্যতা বৰ্তমান চিকিৎসা ব্যৱস্থাৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

ব্যৱস্থা-পত্ৰখন ভালদৰে বুজিবলৈ সংশ্লিষ্ট চিকিৎসকগৰাকীৰ হস্তাক্ষৰ বুজিব পৰা আৰু স্পষ্ট হোৱা একান্ত প্ৰয়োজনীয়। স্পষ্ট আৰু বুজিব পৰাকৈ ব্যৱস্থা-পত্ৰ লিখাটো চিকিৎসকসকলৰ ৰোগীৰ প্ৰতি লোৱা যতনৰে এটা অংশ তথা নৈতিকভাৱে আৰু কিছুমান দেশত আইনগতভাৱে দায়বদ্ধ। ইংলেণ্ড আদি দেশত এই সংক্ৰান্তীয় আইন যথেষ্ট কঠোৰ। চিকিৎসকৰ কোঠাৰ পৰা ৰোগীগৰাকী ওলাই যোৱাৰ লগে লগে দায়বদ্ধতা শেষ বুলি ভবাটো ভুল। ভাৰতত এই সংক্ৰান্তীয় কঠোৰ আইন নথকাৰ বাবে কিছুসংখ্যক চিকিৎসকে আকৌ যিমানে বুজিব নোৱাৰা আৰু অস্পষ্টকৈ লিখিব, সিমানে মানুহে ভাল ডাক্তৰ বুলি ভাবিব বুলি ধাৰণা এটা লৈ থকা যেন লাগে। প্ৰেচ্‌ক্ৰিপচ্‌নত ঔষধৰ ব্যৱহাৰ সংক্ৰান্তীয় নিৰ্দেশনাবোৰ ইংৰাজী বা পৰম্পৰাগত লেটিন সাংকেতিকত নিদি অসমীয়া বা সংশ্লিষ্ট ৰোগীগৰাকীৰ মাতৃভাষাত লিখিলে আনৰ বাবে যথেষ্ট সুবিধা হয়, বিশেষকৈ বহিৰ্বিভাগৰ ৰোগী অৰ্থাৎ ঘৰতে থাকি ঔষধ তথা চিকিৎসা গ্ৰহণ কৰি থকা ৰোগীসকলৰ ক্ষেত্ৰত-কাৰণ ব্যৱস্থা-পত্ৰৰ সাংকেতিক ভাষা বুজিব পৰা লোক বেছিভাগ ঘৰতে নাই। বেয়া হাতৰ আখৰৰ চিকিৎসকসকলে টাইপ কৰি ব্যৱস্থা-পত্ৰ দিয়াৰ ব্যৱস্থা কৰিব পাৰে। দেশৰ প্ৰচলিত আইনে ৰোগীক প্ৰদান কৰা অধিকাৰ আৰু চিকিৎসকৰ দায়িত্ব সম্পৰ্কে সংশ্লিষ্ট আটায়ে সজাগ হোৱা প্ৰয়োজন।

লিখক: ডা: ৰমেন কুমাৰ কাকতি।

2.96842105263
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top