মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / চৰ্মৰোগত যোগ আৰু প্ৰাকৃতিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চৰ্মৰোগত যোগ আৰু প্ৰাকৃতিক চিকিৎসা

চৰ্মৰোগত যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

ছালখন আমাৰ দেহৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ । ই আমাৰ দেহৰ বাহিৰখন আৱৰি থাকে । দেহৰ উত্তাপ নিয়ন্ত্ৰণ ছালৰ অন্যতম প্ৰধান কাম । মস্তিষ্কত থকা উত্তাপ নিয়ন্ত্ৰণ কেন্দ্ৰই তাক পৰিচালনা কৰে । তেজৰ পৰা মস্তিষ্কৰ হাইপ’থেলামাছে এই উত্তাপৰ হ্ৰাস-বৃদ্ধি সম্পৰ্কে তথ্য সংগ্ৰহ কৰে আৰু সেই হিচাপে দেহটোৱে উত্তাপ গ্ৰহণ বা বৰ্জন কৰি শৰীৰৰ প্ৰয়োজনীয় উত্তাপ সঠিক মাত্ৰাত ৰাখে । ছালখন হ’ল দেহটোৰ সুৰক্ষা প্ৰদান কৰা অংগ । বিভিন্ন কাৰণত ৰক্ত দূষিত হৈ ৰক্তৰ ভিতৰত বিষ সংগৃহীত শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি দুৰ্বল হৈ ছালৰ ৰোগ বিয়পি পৰে । এই অৱস্থাতে দেহৰক্ষী শ্বেতৰক্ত কণিকাই অনুপ্ৰৱেশকাৰী ৰোগ বীজাণুৰ লগত যুদ্ধ কৰে । ফলত খজুৱতি, ফোঁহা, ঘামচি আদিৰ আৱিৰ্ভাৱ হয় । শৰীৰৰ দূষিত অৱস্থাই এই ৰোগৰ প্ৰত্যক্ষ কাৰণ । ছালৰ প্ৰায়বিলাক ৰোগেই শৰীৰৰ দূষিত অৱস্থাৰ পৰিণতি, শৰীৰত যদি দীৰ্ঘ সময় ধৰি খৰ-খজুৱতি আদি ছালৰ ৰোগ হৈ থাকে, তেনে লোকৰ পেট আৰু যকৃৎ অত্যন্ত দুৰ্বল আৰু দেহ বিভিন্ন পৰিত্যাজ্য, দূষিত আৰু বিষাক্ত পদাৰ্থৰে ভৰি থাকে বুলি জানিব পাৰি । তদুপৰি বহুদিন ধৰি চলি থকা কোষ্ঠবদ্ধতাও এনে ৰোগৰ অন্যতম কাৰণ ।

ছালৰ ৰোগৰ ভিতৰত খৰ-খজুৱতি, ঘামচি, হাতীখৰ (একজিমা), ফোঁহা বা খহু আদিয়েই প্ৰধান ।

খৰ (Ringworm) -

খৰ এবিধ সংক্ৰামক ব্যাধি । পশু-পক্ষীৰ দেহৰ পৰা বা অপৰিষ্কাৰ পৰিৱেশৰ পৰা ভেঁকুৰজাতীয় জীৱাণু আহি মানুহৰ দেহত বাহ লয় আৰু ঘূৰণীয়া আকৃতিৰ চকলা বান্ধি খৰ হয় । কেতিয়াবা এনে খৰ সৰ্বদেহত সংক্ৰমিত হয় । যেতিয়া ছালৰ কোষবোৰ দুৰ্বল হৈ পৰে, তেতিয়া এই ৰোগে বেছিকৈ আক্ৰমণ কৰে । ক’বলৈ গ’লে শৰীৰৰ দূষিত অৱস্থাহে এই ৰোগৰ বাবে দায়ী । শিশুসকলৰ মূৰতো এই ৰোগ হোৱা দেখা যায় । যৌৱন কালত ই প্ৰায়েই কৰঙনৰ চুকত হয় ।

খজুৱতি -

একপ্ৰকাৰ বীজাণুৰ আক্ৰমণৰ ফলত এই ৰোগৰ উৎপত্তি হয় বুলি চিকিৎসা-বিজ্ঞানে কয় । ইহঁতে ছালখনৰ ভিতৰতে গাঁত কৰি আশ্ৰয় লয় আৰু তাতে বংশ বৃদ্ধি কৰি শৰীৰৰ যিকোনো অংগৰ ছালত খজুৱতিৰ সৃষ্টি কৰে । যিসকল লোকৰ শৰীৰ অত্যধিক দূষিত পদাৰ্থৰ দ্বাৰা ভাৰাক্ৰান্ত হৈ থাকে, সেইসকলৰ শৰীৰত এনে খজুৱতি হোৱাৰ সম্ভাৱনা বেছি থাকে ।

ঘামচি -

এইটো গ্ৰীষ্মকালৰ এটা বিশেষ ৰোগ । সাধাৰণতে ছালৰ নোম-কূপবোৰ বন্ধ হৈ যোৱাৰ বাবে ঘামচিৰ উৎপন্ন হয় । ছালখনৰ বিভিন্ন স্তৰত ঘামবোৰ সঞ্চিত হৈ থকাত প্ৰকৃতিয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ ফোঁহাৰ সৃষ্টি কৰি সেইবোৰ বাহিৰ কৰি দিয়ে । তাৰ বাবে যি খজুৱতি হয় সিয়ে আহুকালৰ সৃষ্টি কৰে ।

ফোঁহা বা খহু -

শৰীৰটো দূষিত হৈ যেতিয়া তেজবোৰৰ মাজত বিষাক্ত দ্ৰব্য পৰিভ্ৰমণ কৰি ফুৰে, সেইবোৰক শৰীৰৰ পৰা বাহিৰ কৰি দিয়াৰ উদ্দেশ্যে প্ৰকৃতিয়ে ঠায়ে ঠায়ে ফোঁহা বা খহুৰ সৃষ্টি কৰে । তাৰ বাবে ছালখনৰ কোনো কোনো ঠাইত এটা বা একেলগে কেইবাটাও খহু আৰম্ভ হয় । যেতিয়া একে শ্ৰেণীৰ ৰোগ বীজাণুৱে শৰীৰৰ অন্ত্ৰবোৰক আক্ৰমণ কৰে তেতিয়াই এনে হয় । এই বীজাণুৱে দেহত সঞ্চিত বিবিধ দূষিত পদাৰ্থ আৰু আৱৰ্জনাৰ মাজত থাকি মৃত-জৈৱ পদাৰ্থবোৰ খাই জীয়াই থাকে আৰু বংশ বৃদ্ধি কৰে । শৰীৰত যেতিয়াই এনে ৰোগ বিস্তাৰৰ অনুকূল ক্ষেত্ৰৰ সৃষ্টি হয়, তেতিয়াই এই ৰোগৰ বীজাণুবোৰে এনেদৰে খহুৰ সৃষ্টি কৰে ।

একজিমা (হাতীখৰ আৰু বেচু) আটাইতকৈ যন্ত্ৰণাদায়ক ছালৰ ৰোগ । মানুহৰ প্ৰায়ভাগ চৰ্মৰোগেই এইজাতীয় । প্ৰথমে ছালৰ ওপৰত এটা অংশ ৰঙা আৰু প্ৰদাহযুক্ত হৈ উঠে আৰু তাৰ পৰা সৰু সৰু ৰঙা গুটি প্ৰকাশ পায় । তাৰ পিছত গুটিবিলাক একত্ৰ হৈ তাৰ পৰা প্ৰচুৰ দূষিত ৰস বাহিৰ হয় । এনেদৰে উঠা ক্ষুদ্ৰ ফোঁহা বা গুটিৰ পৰা ৰস বা পূঁজ আদি নোলায়, তাকে হাতীখৰ বা শুকান একজিমা বোলে । যিবিলাক ফোঁহাৰ পৰা অনবৰতে ৰস ওলাই থাকে তাক বেচু বা ৰসস্ৰাৱী একজিমা বোলে । এই দুয়োটা ৰোগতে বেছিকৈ খজুৱতি হয় । যেতিয়ালৈকে ছালৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট থাকে তেতিয়ালৈকে একজিমা হ’ব নোৱাৰে । যেতিয়া বিভিন্ন কাৰণত ৰক্ত দূষিত হয় আৰু তাৰ পৰিমাণতে ছালখনৰো ৰোগ প্ৰতিৰোধ শক্তি দুৰ্বল হয়, তেতিয়াহে এনে ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ে ।

তদুপৰি যি লোকে বাতবিষ, পায়েৰিয়া, মধুমেহ আদি বিভিন্ন ৰোগত ভোগে আৰু অজীৰ্ণ, কোষ্ঠবদ্ধতা আদি ৰোগৰ ফলত ৰক্তৰ দোষ-ক্ৰুটি ঘটে, তেনে লোকহে এনে ৰোগত ভোগে । একজিমা হোৱা স্থানত চাবোন লগোৱা উচিত নহয় । চাবোন লগালে একজিমা বৃদ্ধি পোৱাৰ সম্ভাৱনা বেছি হয় । বিষাক্ত ৰং ছালত লাগিলে, অপৰিষ্কাৰ মোজা ব্যৱহাৰ কৰিলে একজিমা হ’ব পাৰে ।

চিকিৎসা -

চৰ্ম ৰোগত মাটিৰ পটি বা মাটিৰ লেপন দিব পাৰি । সকলো প্ৰকাৰৰ চৰ্মৰোগীয়ে কোষ্ঠ পৰিষ্কাৰ সম্বন্ধে বিশেষ গুৰুত্ব দিয়া উচিত । তাৰ বাবে প্ৰতিদিনে ৰোগীক নিমপাত সিদ্ধ পানীৰ দ্বাৰা ডুচ দিয়া আৱশ্যক । তদুপৰি নেমুৰ ৰসসহ ৰোগীয়ে প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত । চৰ্মৰোগত বাষ্পস্নান অত্যন্ত ফলপ্ৰসূ । প্ৰতি ১৫ দিনৰ মূৰে মূৰে বাষ্পস্নান লোৱা আৱশ্যক । এই সময়ত একজিমাৰ ওপৰত এখন ভিজা পটি ৰখা আৱশ্যক । আতপ স্নানো ৰোগীৰ পক্ষে অত্যন্ত হিতকৰ । এই ৰোগীৰ প্ৰায়ভাগৰে যকৃৎটো দুৰ্বল হৈ থাকে । এই কাৰণে মাজে মাজে চাৰি-পাঁচ দিন পৰ্যন্ত লিভাৰৰ ওপৰত গৰম-ঠাণ্ডা সেক প্ৰয়োগ কৰা কৰ্তব্য । তদুপৰি পেটত পটি ব্যৱহাৰ কৰা উচিত । বহু সময়ত খাদ্য পৰিপাকত ব্যাঘাত জন্মি বিভিন্ন প্ৰকাৰৰ চৰ্মৰোগ উৎপন্ন হয় । এই কাৰণে ৰোগীৰ প্ৰতিদিনে পেটত পটি দিয়া উচিত আৰু প্ৰাণায়াম, আসন আদি  নিতৌ অভ্যাস কৰা উচিত । প্ৰাণায়ামে চৰ্মৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰাত যথেষ্ট সহায় কৰে । কাৰণ প্ৰাণায়ামে শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাটোক যথেষ্ট শক্তিশালী কৰে । ৰোগ প্ৰতিৰোধ শক্তি অধিক বৃদ্ধি কৰে । ফলত শৰীৰত যিকোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে । আসন অভ্যাসৰ দ্বাৰা শৰীৰৰ কোষ, পেশী আৰু গ্ৰন্থিসমূহ সবল আৰু সক্ৰিয় হৈ উঠে । শৰীৰৰ বিশেষ বিশেষ গ্ৰন্থিসমূহত তেজৰ চলাচল স্বাভাৱিকভাৱে হৈ থাকে ।

আহাৰ -

বহুবিধ চৰ্মৰোগ আহাৰৰ ভুল-ক্ৰটিৰ ফলত উৎপন্ন হয় । এই কাৰণে আহাৰৰ প্ৰতি সদায় দৃষ্টি দিয়া উচিত । উপযুক্ত আহাৰ গ্ৰহণে ৰোগ আৰোগ্যৰ প্ৰক্ৰিয়া পৰিমাণে সহজসাধ্য কৰি তোলে । ইয়াৰ লগে লগে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নীতি-নিয়ম যথাসাধ্য মানি চলা কৰ্তব্য । চৰ্মৰোগ হ’লে বিশেষভাৱে পুষ্টিকৰ, দহজ পাচ্য, অনুত্তেজক আৰু ক্ষাৰধৰ্মী খাদ্য খোৱা আৱশ্যক । সতেজ ৰসাল ফল, চালাড, গাখীৰ, দৈ, ঘোল, শাক-পাচলি আদি খাব পাৰে । দীঘলীয়া উপবাস চৰ্মৰোগীৰ বাবে অত্যন্ত ফলপ্ৰদ । উপবাসে তেজ পৰিষ্কাৰ কৰে । ৰোগী নিৰামিষহাৰী হোৱা উচিত ।

কৰিব লগা প্ৰাণায়াম :- কপালভাতি, বাহ্য প্ৰাণায়াম, অনুলোম-বিলোম, ভস্ত্ৰিকা আদি কৰিব পাৰে ।

আসনৰ ভিতৰত :- তাৰাসন, মাৰ্জৰাসন, পৱনমুক্তাসন, ভূজংগাসন, শলভাসন, পশ্চিমোত্তানাসন, বজ্ৰাসন, বক্ৰাসন আদি । অভিজ্ঞ যোগ প্ৰশিক্ষকৰ পৰামৰ্শ লৈহে এইবিলাক আসন প্ৰাণায়াম অভ্যাস কৰিব ।

লেখক :- বসন্ত মজুমদাৰ

উৎস:- জি এনআৰচি স্বাস্থ্য

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top