আপোনালোকে বাৰু জোকেৰে চিকিৎসা কৰাৰ কথা শুনিছেনে? বহুতে হয়তো শুনিছে, আৰু বহুতে হয়তো কথাটো শুনি আচৰিত হৈছে। জোকেৰেও জানো কিবা চিকিৎসা কৰিব পাৰি? হয়, বিভিন্ন ৰোগৰ চিকিৎসাত জোক প্ৰয়োগ কৰি অতি সুফল পাব পাৰি। এই বিষয়ে আয়ুৰ্বেদত হাজাৰ হাজাৰ বছৰ আগতেই সুন্দৰ বৰ্ণনা কৰা হৈছে আৰু প্ৰায়োগিক ৰূপত ইয়াৰ সফলতাও পোৱা গৈছে। আধুনিক যুগত জোক ওপৰত চলা বিভিন্ন গৱেষণাইও প্ৰমাণ কৰিছে যে সঁচাকৈয়ে জোকেৰে চিকিৎসা কৰি বহুতো ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।
জোকক সংস্কৃতত জলৌকা(জল অৰ্থাৎ পানীত বাস কৰে বাবে জলৌকা) বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Hirudin medicinalis আৰু ইংৰাজীত Leech বা Hirudu বোলে। জোকৰ লেলাৱতী(saliva)ত কিছুমান বিশেষ ধৰণৰ এনজাইম(enzyme) থাকে। তাৰ ভিতৰত হিৰুদিন(hirudin) নামৰ এনজাইমবিধ উল্লেখযোগ্য। এই এনজাইমবোৰে শৰীৰৰ তেজ গোট মৰাত বাধা দিয়ে অৰ্থাৎ anti coagulant হিচাপে কাম কৰে। তাৰোপৰি এই এনজাইমবোৰে ৰক্তবাহী নলিকা সমূহ সম্প্ৰসাৰিত (vaso dilatation) কৰে। আকৌ জোকে শৰীৰৰ যি ঠাইত তেজ শোহে, সেই ঠাইৰ ৰক্ত চলাচল(blood circulation) বৃদ্ধি পায়। এইবোৰ গুণৰ বাবেই জোক বিভিন্ন ৰোগত প্ৰয়োগ কৰা হয়।
আয়ুৰ্বেদ শল্য চিকিৎসাৰ পিতৃ স্বৰূপ মহৰ্ষি সুশ্ৰুতে সুশ্ৰুত সংহিতাত জোক আৰু ইয়াৰ প্ৰয়োগৰ বিষয়ে সুন্দৰ ভাৱে বৰ্ণনা কৰিছে।তেখেতে কৈছে যে পানীত থাকে বাবে জোক মধুৰ ৰস আৰু শীত গুণ সম্পন্ন। এই জোক মুঠ বাৰ প্ৰকাৰৰ। তাৰে ছয়বিধ বিষাক্ত আৰু ছয় বিধ বিষহীন। চিকিৎসাৰ বাবে বিষহীন জোকহে প্ৰয়োগ কৰা হয়। বিষহীন জোক সদায় গভীৰ আৰু পৰিষ্কাৰ পানীৰ জলাশয়তহে বাস কৰে। অভিজ্ঞ আৰু ভালদৰে জোক চিনি পোৱা লোকৰ দ্বাৰাহে এইবোৰ সংগ্ৰহ কৰা হয়। পিছত সিহঁতক আনি ডাঙৰ পানী ভৰা পাত্ৰত ভৰাই থোৱা হয়।
যেতিয়া কোনো কাৰণত শৰীৰৰ ৰক্ত(blood) দূষিত হয় তেতিয়া শৰীৰৰ পৰা সেই দূষিত ৰক্ত উলিয়াই দিব লগা হয়। ইয়াকে আয়ুৰ্বেদত ৰক্তমোক্ষণ(blood letting) কৰা বুলি কোৱা হয়। যেতিয়া এই ৰক্ত, পিত্ত দোষৰ দ্বাৰা দূষিত হয় তেতিয়া জোক প্ৰয়োগ কৰি সেই দূষিত ৰক্ত শৰীৰৰ পৰা উলিয়াই দিয়া হয়। পিত্ত দোষৰ দ্বাৰা আক্ৰান্ত ৰক্তজনীত ৰোগত জোকৰ প্ৰয়োগে উত্তম ফল দিয়ে। কাৰণ জোক হৈছে শীতল গুণৰ।
অশুদ্ধ ৰক্ত পান কৰাৰ পাছত জোকে তেজ শুহিবলৈ এৰি দিয়ে। অশুদ্ধ ৰক্ত পান কৰি থকালৈকে ৰোগীয়ে কোনো ধৰণৰ বিষ অনুভৱ নকৰে। শুদ্ধ ৰক্ত পান কৰিবলৈ আৰম্ভ কৰিলে ৰোগীয়ে বিষ অনুভৱ কৰে। ৰক্ত পান কৰা সম্পূৰ্ণ হোৱাৰ পিছত জোকৰ মুখত হালধি চূৰ্ণ(Turmeric powder) ছটিয়াই দিয়া হয়। এনে কৰাৰ ফলত সি পান কৰা অশুদ্ধ ৰক্ত বমি কৰি উলিয়াই দিয়ে। ফলত সি পুনৰ প্ৰয়োগৰ বাবে উপযোগী হৈ উঠে।প্ৰতিজন ৰোগীৰ বাবে ব্যৱহাৰ কৰা জোক বেলেগে বেলেগে পাত্ৰত ৰখা হয়।
জোক প্ৰয়োগৰ বাবে অনুপযোগী লোক-
জোকৰ দ্বাৰা ৰক্তমোক্ষণ কৰালে ৰোগীয়ে কোনো ধৰণৰ কষ্ট অনুভৱ নকৰে । সেইবাবে আয়ুৰ্বেদত ৰজা, কম বয়সৰ ল'ৰা -ছোৱালী, বৃদ্ধলোক, দুৰ্বল লোক, স্ত্ৰী, কোমল দেহৰ লোক অৰ্থাৎ যিয়ে বেছি কষ্ট সহ্য কৰিব নোৱাৰে, তেনেকুৱা লোকৰ ৰক্তমোক্ষণ কৰিবলৈ জোক প্ৰয়োগ কৰাৰ উপদেশ দিছে।চিকিৎসাৰ ক্ষেত্ৰত জোক প্ৰয়োগৰ ফলত লাভ কৰা সফলতাৰ বাবে পশ্চিমীয়া দেশসমূহতো জোকৰ দ্বাৰা কৰা চিকিৎসাই অৰ্থাৎ Leech therapyয়ে বিশেষ জনপ্ৰিয়তা লাভ কৰিছে।
লেখিকা :- বন্দনা শৰ্মা
উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 3/30/2020