জুয়ে পোৰাৰ অৰ্থ হৈছে- শৰীৰৰ কোনো অংশত উচ্চ তাপ বা ৰাসায়নিক, বৈদ্যুতিক অথবা বিকিৰণ ক্ৰিয়াৰ ফলত কলা আঘাতপ্ৰাপ্ত হোৱা। প্ৰধানকৈ দুই ধৰণে পুৰিব পাৰে। যেনে-
১) শুকান তাপৰ দ্বাৰা, উদাহৰণ স্বৰূপে অগ্নিশিখা, উত্তপ্ত লোহাৰ দণ্ড, টিন, গৰম কেৰাহী, বা তেনে ধৰণৰ ৰন্ধন পাত্ৰ ইত্যাদি।
২) ভিজা তাপৰ দ্বাৰা, উদাহৰণস্বৰূপে উতলি থকা গৰম পানী, ভাতৰ মাৰ, গৰম চাহ, গৰম তেল ইত্যাদি।
জুয়ে পোৰাৰ প্ৰকাৰ
জুইৰ উত্তাপ অনুযায়ী জুয়ে পোৰাক চাৰিভাগত ভাগ কৰা হৈছে।
- সামান্য তাপ লগাৰ ফলত যদি ছাল ৰঙা পৰি উঠে তেন্তে তাক প্ৰথম মাত্ৰা বা প্ৰকাৰৰ জুয়ে পোৰা বোলা হয়।
- অধিক উত্তাপ লগাৰ ফলত যদি ছালত জ্বলা ফুটে তেন্তে সেয়া দ্বিতীয় মাত্ৰা বা প্ৰকাৰৰ জুয়ে পোৰা বোলা হয়।
- অত্যাধিক তাপ লগাৰ ফলত যদি ছাল ধ্বংস হয় তেন্তে সেয়া তৃতীয় মাত্ৰা বা প্ৰকাৰৰ জুয়ে পোৰা। আৰু
- অত্যাধিক তাপ লগাৰ ফলত ছালৰ লগতে ভিতৰভাগৰ তন্তুসমূহো পুৰি কলা হয় তেন্তে সেয়া চতুৰ্থ মাত্ৰা বা প্ৰকাৰৰ দাহক্ষত।
দাহক্ষত বা জুয়ে পোৰাৰ ফলত স্নায়ুতন্ত্ৰও প্ৰচণ্ড আঘাত লাগে, যাৰ ফলত মনত ত্ৰাসৰ সৃষ্টি হ’ব পাৰে। দাহক্ষতৰ এয়াই হৈছে আটাইতকৈ বিপদজনক পৰিণতি। কাৰণ উপযুক্ত সময়ত ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা নল’লে এয়া মৃত্যুলৈ পৰ্যবৰ্সিত হ’ব পাৰে।
পিন্ধি থকা কাপোৰত যদি জুই লাগে
- কাপোৰত জুই লগা ব্যক্তিজনে লগে লগে মাটিত শুই পৰিব। জুই লগা কাষটো আকাশৰ ফালে ৰাখি দীঘল হৈ মাটিত শুই পৰিব আৰু সাহাৰ্য্যকাৰীয়ে হাতত পোৱা কম্বল, টেবিল ক্লথ, বিছনা চাদৰ, লেপ আদি যি পোৱা যায়, তাকে লৈ জুই লগা অংশটো ঢাকি হেঁচা মাৰি ধৰিব লাগিব। কাপোৰখন পানীত তিতা হ’লে আৰু ভাল।
- কাষত কোনো সাহাৰ্য্যকাৰী নাথাকিলে জুই লগা অংশটো মাটিত জোৰেৰে চেপি ধৰি শুই পৰিব।
- ওচৰত যদি কোনো পানীৰ উৎস, খাল-বিল আদি থাকে তেন্তে লগে লগে পানীত জপিয়াব বা জুই লগা অংশলৈ পানী ছটিয়াব।
- ওচৰত কোনো সাহাৰ্য্যকাৰী নাথাকিলে, সহায়ৰ বাবে চিঞৰ-বাখৰ লগাব। হাতত ঢুকি পোৱাতে একো পোৱাতে একো নাপালে অনাহকতে, ভীতিবিহ্বল হৈ লৰা-ঢপৰা নকৰিব, গাৰ সমস্ত কাপোৰ জোৰেৰে টানি ৰাখিব যাতে জুই লাগিব পৰাকৈ শিথিল হৈ নাথাকে।
সাৱধানতা
১) জুই সদায় ঊৰ্ধমুখী, জুই লগা অংশটো মাটিত চেপি ধৰি শুই পৰিলে যদি জুই নুমাই নাযায়, তেন্তে ঊৰ্ধমুখী জুয়ে শৰীৰৰ ওপৰৰ অংশ পুৰি পেলাব পাৰে।
২) সাহাৰ্য্যকাৰীয়ে নিজৰ গাৰ কাপোৰ আটি আটি টানকৈ পিন্ধি ল’ব। লক্ষ্য ৰাখিব যাতে নিজৰ গাত জুই নালাগে।
৩) গাত জুই লগা ব্যক্তিয়ে যিমানেই লৰা-ঢপৰা কৰিব, জুয়ো সিমানেই বেছিকৈ দপ্দপ্কৈ জ্বলি উঠিব। সেয়ে লৰা-ঢপৰা একেবাৰেই নকৰিব।
- সাহাৰ্য্যকাৰীৰ প্ৰধান কৰ্তব্য হ’ল- দুৰ্দশাগ্ৰস্তৰ শৰীৰৰ পৰা জুই নুমুৱাই দিয়া, শৰীৰৰ পৰা জ্বলা আৰু উত্তপ্ত পোছাক সাৱধানেৰে সোলোকাই দিয়া।
- কাপোৰৰ যদি কোনো অংশ গাত লিপিত খাই লাগি ধৰে তেন্তে সেই ঠাইখিনি তেনেকৈয়ে ৰাখি চাৰিওফালৰ পৰা কেচিৰে কাটি পেলাব লাগে।
- জোতা-মোজা বা পেন্ট আদি সহজে খুলিব নোৱাৰিলে কাটি বা ফালি ফালি খুলিব লাগে। গাৰ কাপোৰ কেতিয়াও টনা-আজোৰা কৰিব নালাগে।
- জুয়ে পোৰা ঠাইত বতাহ লগাব নালাগে। সেয়ে লগে লগে পৰিষ্কাৰ কাপোৰেৰে ঢাকি ৰাখিব লাগে।
- যিমান পাৰি সিমান সোনকালে শুকান জীৱাণুবিহীন বেণ্ডেজ বা বন্ধনীৰে পোৰা ঠাইখিনি বান্ধি দিব লাগে। বেণ্ডেজ নাথাকিলে গৰম ইস্ত্ৰিৰে ইস্ত্ৰি কৰা পৰিষ্কাৰ কাপোৰৰ টুকুৰা ইথাইল স্পিৰিটত বা পটেছিয়াম পাৰমাংগানেট দ্ৰৱত তিতাই বান্ধি দিব পাৰি।
- দাহক্ষতত কোনো ধৰণৰ মলি বা পোৰা কাপোৰৰ ছাই লাগি থাকিবলৈ দিব নালাগে।
- তৃতীয় আৰু চতুৰ্থ মাত্ৰাৰ দাহক্ষতত দুৰ্দশাগ্ৰস্তক লগে লগে ওচৰতে থকা ভাল চিকিৎসালয়লৈ পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে। যি অৱস্থাত থাকিলে জ্বালা-যন্ত্ৰণাৰ অনুভূতি কম হয়, দুৰ্দশাগ্ৰস্তক সেই অৱস্থানতেই শুৱাই চিকিৎসালয়লৈ নিব লাগে। গা গৰম কম্বলেৰে ঢাকি দিব লাগে। পানী বা পনীয়া খাদ্য যিমান পাৰি খুৱাব লাগে আৰু লগে লগে স্নায়ৱিক আঘাত বিৰোধী চিকিৎসা আৰম্ভ কৰিব লাগে। বিষ-যন্ত্ৰণা কমোৱাৰ বাবে গৰম কফি বা চাহ খাবলৈ দিব পাৰি।
- শৰীৰৰ যদি বেছিভাগ ঠাই জুয়ে পোৰে তেন্তে ইস্ত্ৰি কৰা বিছনাৰ চাদৰে ঢাকি দুৰ্দশাগ্ৰস্তক তৎক্ষণাৎ চিকিৎসায়ললৈ পঠোৱা উচিত। পৰিবহণৰ আগেই দুৰ্দশাগ্ৰস্তক গাড়ীত নিশ্চলকৰণৰ ব্যৱস্থা কৰিব লাগে।
- নিশ্চলকৰণৰ ব্যৱস্থা লোৱাৰ সময়ত লক্ষ্য ৰাখিব লাগে যাতে শৰীৰৰ পুৰি যোৱা অংশৰ ছাল যেন টান হৈ থাকে, ছালত শিথিলতা বা সোত-মোচ খাই যেন নাথাকে।
- কিলাকুটিৰ ভাঁজৰ ভিতৰফালে যদি জুয়ে পোৰে তেন্তে পৰিবহণৰ সময়ত হাতখন পোনাই টানকৈ লৰচৰ হ’ব নোৱাৰা অৱস্থাত ৰাখিব। আৰু কিলাকুটিৰ পিছফালে পুৰিলে হাতখন ভাঁজ কৰি লৰচৰ কৰিব নোৱাৰাকৈ ৰাখিব।
সাৱধানতা
১) লাগি ধৰা কাপোৰ এৰুৱাওতে বা পিন্ধি থকা কাপোৰ-সোলোকাওতে যাতে ছালৰ সামগ্ৰিকতা নষ্ট নহয় অৰ্থাৎ ছাল ফাটি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
২) দাহক্ষত ধুব নালাগ, হাতেৰেও স্পৰ্শ কৰিব নালাগে।
৩) পানীজ্বলাবোৰ ফুটাই বা বিন্ধাই কেতিয়াও ভাঙিব নালাগে।
৪) দাহক্ষতত কেতিয়াও মলম, পাউদাৰ আদি ছটিয়াব নালাগে। কাৰণ এইবোৰে দাহক্ষত শুকুৱাত অকণো সহায় নকৰে। অথচ ৰোগৰ বীজাণু সোঁচৰাতহে সহায় কৰে।
৫) জুয়ে পোৰা দুৰ্দশাগ্ৰস্তক কেতিয়াও ঠাণ্ডা লাগিব দিব নালাগে।
প্ৰথম আৰু দ্বিতীয় মাত্ৰাৰ দাহক্ষতত ঘৰুৱা ব্যৱস্থা
- জুয়ে পুৰিলে, ভাতৰ মাৰ বা গৰম পানী আদিয়ে পোৰা মাত্ৰকে অলপ নিমখ কিঞ্চিত পানীত তিয়াই লৈ পোৰা ঠাইত লিপি দিব লাগে। এনে কৰিলে নিমখখিনি লাগি ধৰিব। জ্বলা-যন্ত্ৰণা, চেক-চেকণি আদি নিমিষতে কমি যাব। পানী জ্বলাও নুফুটে। পাছত নিমখখিনি নিজে নিজে এৰাই যাব।
- অমিতাৰ আঠা পোৰা ঠাইত লগালে জ্বলা নুফুটে আৰু যন্ত্ৰণাও নহয়।
সাৱধানতা: দাহক্ষত গভীৰ হ’লে অমিতাৰ আঠা ব্যৱহাৰ নকৰিব।
- নতুন আলু পুৰি লগে লগে লেপ দিলে জ্বলা নুফুটে আৰু যন্ত্ৰণাও কমি যায়।
- জলফাইৰ তেলত তিয়াই লোৱা পৰিষ্কাৰ কোমল কলপাত মেৰিয়াই থ’ব লাগে।
- তিচিৰ তেল আৰু চূণৰ পানী সমানে সমানে লৈ ভালকৈ মিহলাই জুয়ে পোৰা ঠাইত লগালে বেচ আৰাম পোৱা যায়।
- ছালকুঁৱৰী পাতৰ ভিতৰৰ বিজলুৱা পদাৰ্থখিনি পোৰা ঠাইত লেপ দিলে জ্বলা নুফুটে আৰু যন্ত্ৰণাও কমি যায়।
- হঠাৎ যদি গৰম তেল বা ঘিউৱে তেন্তে লগে লগে ঠাণ্ডা তেল বা ঘিউৰে মালিচ কৰিব লাগে। তেনে কৰিলে জ্বলাও নুফুটে আৰু পোৰণিও নুঠে।
- ৫ ভাগ কপাৰ ছালফেট দ্ৰৱ লগাই শুকান পৰিষ্কাৰ কাপোৰ বা বেণ্ডেজেৰে বান্ধি দিব লাগে।
সাৱধানতা: ফছফৰাছৰ দ্বাৰা দগ্ধ ঠাইত কোনো ধৰণৰ তেল, চৰ্বি বা মলম ব্যৱহাৰ নকৰিব। কাৰণ, তেনে কৰিলে শৰীৰলৈ ফছফৰাছ শোষিত হ’ব।
- ক্ষাৰে পোৰা ঠাইখিনি পানীৰ ধাৰত ভালকৈ ধুই পেলাব লাগে। তাৰ পাছত তাত শতকৰা ২ ভাগ এছিটিক এছিডৰ দ্ৰৱ বা ছাইট্ৰিক এছিডৰ দ্ৰৱ (নেমু টেঙাৰ ৰস) লগাব লাগে। পাছত জীৱাণুবিহীন বেণ্ডেজেৰে ঠাইখিনি আবৃত কৰিব লাগে।
- এছিডৰ দ্ৰৱসমূহ নাপালে সমান পৰিমাণৰ পানী আৰু নেমুৰ ৰস মিহলাই দ্ৰৱ তৈয়াৰ কৰি ল’ব পাৰি। নেমু নাথাকিলে ভিনেগাৰ ল’ব পাৰি।
- চূণে যদি পোৰে, পোৰা ঠাইত পানী লগাব নালাগে। কোনো তেল (প্ৰাণীজ বা উদ্ভিজ) ৰ সহায়ত পোৰা ঠাইখিনিৰ পৰা চূণখিনি আঁতৰাব লাগে।
- প্ৰথমে চূণৰ টুকুৰাবোৰ আঁতৰাই পাছত মিহি সূতাৰ কাপোৰেৰে কৰা বেণ্ডেজেৰে ঠাইখিনি ঢাকি থ’ব লাগে।
লিখক: ডা: ৰফিক আলী।