টনছিলাইটিছ শব্দটো নুশুনা ব্যক্তি খুউব কমেই উলাব। এই টনছিল শব্দটোৰ সৈতে আমি প্ৰত্যকেই কম বেছি পৰিমাণে পৰিচিত। আমি প্ৰত্যকেই জীৱন কালত কম বেছি পৰিমণে হলেও টনছিলৰ সমস্যাত ভুগিছো। টনছিলৰ সম্পৰ্কে আকৌ কোনো কোনোৱে ধাৰনা কৰে যে টনছিল এনেকুৱা এটা বস্তু যিটো আমাৰ প্ৰতিজন ব্যক্তিৰে ডিঙিত থাকে আৰু ঠাণ্ডা পানী খালে বা ঠাণ্ডা খাদ্য খালে, কলডিং খালে, বা ঠাণ্ড বতাহ লাগিলে সমস্যা বৃদ্ধি হয় আৰু অপাৰেচন কৰি কাটি পেলাই দিলেই যেন সকলো সমস্যা শেষ। আচলতে ই এটা অতি ভুল ধাৰনা।
জিভাৰ শেষ প্ৰান্তৰ তলত বাওঁ আৰু সোঁ ফালে দুই কাষে বাদাম গুটিৰ দৰে প্ৰায় ১.৫ চেন্টিমিটাৰ আকাৰৰ ৰঙা ৰঙৰ মাংস পিণ্ডকে টনছিলন বুলি কোৱা হয়। ইয়াক দেখাত মাংস পিণ্ডৰ দৰে লাগিলেও ই লসিকা কলা বা লিম্ফনোড কলাৰ দ্বাৰা গঠিত হয়। মুখগহ্বৰ দুয়ো কাষে দুইটা টনচিলৰ অৱস্থান। ই মুখ, ডিঙি, নাক অথবা চাইনাচৰ দ্বাৰা ৰোগৰ জীৱানু অন্তঃত বা পেটত প্ৰৱেশ কৰা বাধা দিয়ে অৰ্থাৎ ৰেগৰ প্ৰতিৰোধী ক্ষমতা তৈয়াৰ কৰে
টনছিলাইটিছত যেতিয়া আমাৰ দেহত প্ৰৱ্শ কৰা বেক্টেৰিয়া, ভাইৰাচ, পেৰাচাইট আদি বোৰ ধংস কৰিবলৈ গৈ টনছিল গন্থী নিজেই আক্ৰান্ত হৈ পৰে বা ইয়াত ইনফেকচন বা সংক্ৰামনৰ সৃষ্টি হয় আৰু টনছিন গন্থী ফুলি উঠি, বিভিন্ন সমস্যা সৃষ্টি কৰে এই অবস্থাটোকে টনছিলাইটিছ বা সাধাৰন ভাষাত টনছিলৰ সমস্যা বুলি কোৱা হয়। বাৰিষা কালত এই টনছিলৰ সমস্যা অধিক হোৱা দেখিবলৈ পোৱা যায়। টনছিলাইটিছ ৮৫% ভাইৰাচ সংক্ৰমন জনিত। যি সকল ব্যক্তিৰ ৰোগ প্ৰতিৰোধী শক্তি কম বা ঠাণ্ডা সহ্য কৰিব পৰা ক্ষমতা কম তেনে ব্যক্তিৰ ভাইৰাচৰ আক্ৰমন বেছি হয়।
১)একিউট বা তীব্ৰ
২)দীৰ্ঘকালিন অথবা ক্ৰনিক।
লক্ষণঃ
টনছিলৰ সংক্ৰামন হলে প্ৰধানকৈ ডিঙিৰ বিষ হব, যিকোনো খাদ্য দব্য গিলাত অসুবিধা হব, শৰীৰত সামান্য জ্বৰ থাকিব, জ্বৰৰ যাত্ৰা ৩৯ চেল চিয়াচ বা ১০৩ ফাৰেনহাইট বা তাতকৈ বেছিও হব পাৰে। কেতিয়াবা কেতিয়াবা ডিঙিৰ স্বৰ পৰিৰ্ৱতন হয়, মাত কৰ্কষ হয়, মাত ভাগে বা কেতিয়াবা মাত একেবাৰে নোলোৱা দৰে সমস্যাও হব পাৰে। উশাহ নিশাহত দূগৰ্ন্ধহোৱা আদি সমস্যা হব পাৰে। শিশুৱে খাদ্য খাবলৈ মন নকৰে আৰু নাকেৰে একেৰাহে পানী উলাই থকা আদি সমস্যা সন্মুখিন হব পাৰে। কোনো কোনো ক্ষেত্ৰত ডিঙিৰ বাহিৰতো ফুলি উঠা দেখিবলৈ পোৱা যায়।
ভাইৰাচ আক্ৰমনৰ বাবে টনছিল হলে লাহে লাহে ফুলি যায়। আৰু উপশৰ্গ সমূহো লাহে লাহে প্ৰকাশ পায়। বেক্টেৰিয়া জনিত টনছিলাইটিছ হলে হৰ্থাৎ তীব্ৰ ভাৱে বৃদ্ধি হয়। ফলত তীব্ৰ ডিঙিৰ বিষ, জ্বলা-পোৰা আদি লক্ষণ দেখা যায়। শিশুৰ ক্ষেত্ৰত পেটৰ বিষ, বমি আদি হব পাৰে আৰু বয়োজ্যেষ্ঠ সকলৰ ক্ষেত্ৰত তীব্ৰ মূৰৰ বিষত হব পাৰে। লগতে ভয়ংঙ্কৰ কাহোঁ হব পাৰে।
ঠাণ্ডা, চৰ্দি, অত্যাধিক জ্বৰ বা জ্বৰৰ সৈতে কপঁনি, ডিঙিৰ বিষ, সুৰ সুৰীয়া কাহঁ, খাদ্য গিলা, পানী খোৱাৰ সময়ত বিষ হোৱা, শিস্বাস লোৱাত সমস্যা, মূখগহ্বৰৰ ভিতৰত টনচিল গ্ৰন্থি অত্যন্ত ৰঙা পৰি যোৱা, ডিঙিৰ ভিতৰত ফোটি যোৱাৰ দৰে বিষ হোৱা অথবা ডিঙি বা দাঁতৰ আলুত বিষ হোৱা আদি লক্ষণ সমূহ প্ৰকাশ পায়।
যিকোনো ধৰনৰ গন্ধ সহ্য কৰিব নোৱাৰে, টোপনি যাব নোৱাৰে, শিশুৱে শুৱলৈ ভয় কৰে। একেৰাহে কোলাত উঠি থাকিব বিছাৰে মূৰৰ বিষ, ডিঙিৰ বিষ, পিছ ফাললৈকে তীব্ৰ বিষ হয়। মূখেৰে লেলাউতি উলায় থাকে আৰু মাত গধুৰ হৈ যায়। মূখৰ পৰা দূৰ্গন্ধ বাহিৰ হব পাৰে।
হোমিঅপেথিকত কোনো ধৰনৰ পাৰ্শ্বক্ৰীয়া নোহোৱাকৈ খুউব সহজতেই এই টনছিল ৰোগ আৰোগ্য কৰিব পৰা যায়।
লেখক: হৰিকান্ত দাস
শেহতীয়া উন্নীতকৰণ: : 5/15/2020