অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টুথপেষ্টেৰে মেলেৰিয়াৰ চিকিৎসা :

টুথপেষ্টেৰে মেলেৰিয়াৰ চিকিৎসা :

 

অলপতে লণ্ডনত সম্পন্ন হোৱা এটা অধ্যনত এই কথা জানিব পৰা গ’ল যে টুথপেষ্ট, চাবোন আৰু ডিটাৰজেন্টত এনে এবিধ উপাদান থাকে, যিবিলাকে মেলেৰিয়াৰ কীটাণুৰ সৈতে যুঁজ দিবলৈ সক্ষম। ৰবট বৈজ্ঞানিক ইবৰ নেতৃত্বত চলা এই গৱেষণাৰ পৰা জানিব পৰা মতে টুথপেষ্টত থকা ৰাসায়নিক যৌগ ট্ৰাইক্লোজেন নামৰ উপাদানবিধে মেলেৰিয়া পৰীজীৱী ডি এইচ এফ আৰ নামৰ এবিধ এনজাইমৰ ওপৰত আক্ৰমণ কৰি সেইবিলাকৰ বংশবৃদ্ধি স্থবিৰ কৰি পেলায়।

মেলেৰিয়া প্ৰতিৰোধী ঔসধ পিৰিমেথামাইনে প্ৰধানকৈ ডি এইচ ই আৰ ৰ ওপৰত আক্ৰমণ কৰে। আফ্ৰিকাত এইবিধ ঔষধে মেলেৰিয়া পৰজীৱীৰ ওপৰত স্বাভাৱিকভাৱে প্ৰভাৱ পেলায়। গৱেষকসকলে প্ৰমাণ কৰিছে যে ট্ৰাইক্লোজেনে মেলেৰিয়াৰ পৰজীৱীৰ ওপৰতো ক্ৰিয়া কৰে আৰু এই পৰজীৱীবোৰ ধ্বংস কৰি পেলাব পাৰে আৰু পিৰি মেথামাইনৰ সৈতে যুঁজ দিবলৈ সক্ষম হয়।

ব্ৰাজিলত থকা বিশ্ববিদ্যালয়ত সহযোগী প্ৰফেচৰ আৰু মুখ্যলেখক এলিজাবেথ বিছলেণ্ডে কৈছে যে ৰবট বৈজ্ঞানিক ইবে প্ৰমাণ কৰি দিছে যে ট্ৰাইক্লোজেনে মেলেৰিয়াৰ বীজাণুৰ লগত যুঁজিবলৈ সক্ষম। গৱেষণাটোৰ পিছত এই কথাৰ ভৱিষ্যৎবাণীত প্ৰকাশ পাইছে যে এই সূত্ৰটোকে কিছু উন্নীত কৰি মেলেৰিয়াৰ নতুন ঔষধ প্ৰস্তুত কৰিব পৰা যাব। তেওঁ আৰু কৈছে যে এইটো এবিধ সুৰক্ষিত যৌগ। মেলেৰিয়া পৰজীৱীৰ জীৱন চক্ৰৰ দুটা বিন্দুত এবিধ উপাদানে আক্ৰমণ কৰিব পাৰে। মেলেৰিয়া পৰজীৱীয়ে এইবিধ যৌগৰ আক্ৰমণ কোনোপধ্যে প্ৰতিৰোধ কৰিব নোৱাৰে।

টুথপেষ্টত ট্ৰাইক্লোজেন মজুত থকাৰ কাৰণে ই লিভাৰত ফেটি এচিড প্ৰস্তুত কৰাত সহায় কৰা ইনুয়েল ৰিজাক্টেজ(ই এন আৰ) নামৰ এবিধ এনজাইমক নিষ্ক্ৰিয় কৰি প্লেগৰ জীৱাণুৰ বংশ বৃদ্ধি প্ৰতিহত কৰে। গৱেষকসকলে কৈছে যে ট্ৰাইক্লোজেন ই এন আৰ আৰু ডি এইচ ই আৰৰ ওপৰত পোনপটীয়াকৈ প্ৰভাৱ পেলাব পাৰে। সেই কাৰণে এই উপাদানবিধে লিভাৰ আৰু তেজৰ ওপৰতো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে। আফ্ৰিকা আৰু দক্ষিণ পূব এছিয়াত মেলেৰিয়াৰ কাৰণে প্ৰতিবছৰে পাঁচ লাখতকৈও বেছি মানুহৰ মৃত্যু হয়।

মেলেৰিয়াৰ চিকিৎসা -

মেলেৰিয়াৰ বিপক্ষে যুঁজিবৰ কাৰণে আমাৰ দেশত কেইবাপ্ৰকাৰৰ ঔষধ পোৱা যায়। এই ঔষধবোৰ উদ্ভাৱন হোৱাৰ লগে লগে মেলেৰিয়া পৰজীৱীয়েও এই ঔষধবোৰৰ বিপক্ষে যুঁজিবলৈ দ্ৰুত গতিৰে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ধৰিছে। অৰ্থাৎ মেলেৰিয়া পৰজীৱীয়ে এই ঔষধবোৰৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা আহৰণ কৰিছে। এই প্ৰক্ৰিয়াৰ ফলত অদূৰ ভৱিষ্যতে মেলেৰিয়া ৰোগটো চিকিৎসাৰ বাহিৰ হৈ যাব পাৰে বা অপ্ৰতিৰোধ্য হৈ উঠিব পাৰে বুলি আশংকা কৰা হৈছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate