অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েৰীয়া আৰু অ’ আৰ টি

ডায়েৰীয়া আৰু অ’ আৰ টি

সমগ্ৰ বিশ্বতে বছৰি কেইবালক্ষ লোক ডায়েৰীয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। ইয়াৰে আধাতকৈও বেছি দক্ষিণ-পূৱ এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহত হয়। প্ৰতি বছৰে প্ৰায় ৪,৫৩,০০০ টি শিশুৰ প্ৰাণ লোৱা ডায়েৰীয়া বিশ্বব্যাপি পাঁচ বছৰ বা তাৰ তলৰ শিশুৰ মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ। বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞানুসৰি দিনটোত তিনি বা ততোধিকবাৰ পনীয়া শৌচ হ’লে ডায়েৰীয়া বা পেটচলা হোৱা বোলে। ডায়েৰীয়াত শৰীৰৰ পানীভাগ অতিমাত্ৰা হাৰত ওলাই গৈ জলাল্পতা বা ডিহাইড্ৰেচন কৰে- যি হ’ল ডায়েৰীয়াজনিত মৃত্যুৰ মূল কাৰণ। এক তথ্য মতে প্ৰতিদিনে বিশ্বত ২,১৯৫ টি শিশুৱে ডায়েৰীয়াত মৃত্যুবৰণ কৰে। ভাৰতকে ধৰি তৃতীয় বিশ্বৰ দেশসমূহত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি। সমীক্ষা মতে তৃতীয় বিশ্বৰ শিশুসকল গড়ে বছৰি তিনিবাৰকৈ ডায়েৰীয়াৰ দ্বাৰা আক্ৰান্ত হয়।

ডায়েৰীয়া ভাইৰাছ, বেক্টেৰীয়া বা পৰজীৱিৰ সংক্ৰমণৰ দ্বাৰা হ’ব পাৰে। ভাইৰাছৰ ভিতৰত নৰোভাইৰাছ, ৰোটাভাইৰাছ, এডিনোভাইৰাছ আৰু এষ্ট্ৰ’ভাইৰাছ প্ৰজাতি তথা বেক্টেৰিয়াৰ ভিতৰত কেম্পাইলোবেক্টৰ, চালমোনেলা, শ্চিগেলা আৰু এস্কোৰিচিয়া ক’লাই প্ৰজাতিয়ে মানুহৰ ডায়েৰীয়া কৰে। নৰোভাইৰাছ প্ৰাপ্তবয়স্ক লোকৰ আৰু ৰোটাভাইৰাছ পাঁচ বছৰ বা তাৰ তলৰ শিশুৰ ভাইৰাছজনিত ডায়েৰীয়াৰ মূল কাৰণ। জিয়াৰ্ডিয়া আৰু এন্টামিবা হিষ্টোলাইটিকা প্ৰজাতিৰ পৰজীৱিয়ে মানুহৰ ডায়েৰীয়া কৰে। বিভিন্ন বিষাক্ত পদাৰ্থ, ভেঁকুৰ আৰু কিছুমান ঔষধেও ডায়েৰীয়া কৰিব পাৰে। সংক্ৰমণজনিত কাৰণৰ বাদেও খাদ্যনলীৰ কেতবোৰ অসুখ বা অস্বাভাৱিকতা, খাদ্য জীণ যোৱা প্ৰক্ৰিয়াৰ অস্বাভাৱিকতা, নিয়মীয়া মদ্যপান আদিৰ বাবেও ডায়েৰীয়া হয় আৰু ই সচৰাচৰ দীৰ্ঘকালীন হয়।

ডায়েৰীয়া প্ৰতিৰোধৰ বাবে পানী আৰু আহাৰ গ্ৰহণৰ ক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাকে ধৰি যথোচিত সাৱধানতা অত্যাৱশ্যকীয়। ৰোটা ভাইৰাছৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিষেধক ছিটা ওলাইছে আৰু যথোচিতভাৱে এই ছিটা প্ৰয়োগ কৰি শৈশৱৰ ডায়েৰীয়া প্ৰতিৰোধ সম্ভ হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে ২০০৩ চনত পৃথিৱীৰ সকলোবোৰ দেশকে নিজ দেশৰ জাতীয় টিকাকৰণ আঁচনিত এই টিকা অন্তৰ্ভুক্ত কৰাৰ বাবে উপদেশ দিছে। ভাৰতত অৱশ্যে চৰকাৰীভাৱে জাতীয় টিকাকৰণ আঁচনিত এই ছিটা এতিয়ালৈকে লোৱা হোৱা নাই যদিও বেচৰকাৰীভাৱে ই বজাৰত উপলব্ধ। শ্চিগেলা, কলেৰা, ETEC আদিৰ বিৰুদ্ধেও প্ৰতিষেধক ছিটাৰ গৱেষণাই বহুদূৰ অগ্ৰগতি লাভ কৰিছে। বজাৰত উপলব্ধ ‘প্ৰোবায়োটিক’ তথা প্ৰোবায়োটিকযুক্ত আহাৰ দৈ, লচ্চি আদি নিয়মীয়াকৈ গ্ৰহণ কৰিলেও ডায়েৰীয়াত আক্ৰান্ত হোৱাৰ আশংকা কমে।

অ’ আৰ টি বা অ’ৰেল ৰিহাইড্ৰেচন থেৰাপী নামে এক তুলনামূলকভাৱে অতি সহজ উপায়েৰে ডায়েৰীয়াজনিত মৃত্যুৰ মূল কাৰণ জলাল্পতা বা ডিহাইড্ৰেচন ৰোধ কৰি বৃহৎসংখ্যক লোকৰ প্ৰাণ বচোৱা সম্ভৱ হৈছে। এনে জীৱনদায়ী গুণৰ বাবে অ’ আৰ টি ক ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ অত্যাৱশ্যকীয় ঔষধৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। অ’ আৰ টি ৰ বাবে প্ৰয়োজনীয় অ’ আৰ এছ (অ’ৰেল ৰিহাইড্ৰেছন ছল্ট বা অ’ৰেল ৰিহাইড্ৰেছন ছলিউচন)ৰ উপাদান তথা তৈয়াৰ প্ৰণালী সম্পৰ্কে আৱশ্যকীয় নিৰ্দেশনাৱলী বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফে যুটীয়াভাৱে প্ৰস্তুত কৰি উলিয়াইছে। এই সংজ্ঞা মতে ২.৬ গ্ৰাম নিমখ, ২.৯ গ্ৰাম ছ’ডিয়াম চাইট্ৰেট, ১.৫ গ্ৰাম পটাছিয়াম ক্ল’ৰাইড আৰু ১৩.৫ গ্ৰাম গ্লুকোজ এক লিটাৰ বিশুদ্ধ পৰিষ্কাৰ পানীত মিহলাই আদৰ্শ পেয় অ’ আৰ এছ প্ৰস্তুত কৰিব পাৰি। এনেদৰে প্ৰস্তুত কৰা এক লিটাৰ অ’ আৰ এছ-এ সম্পূৰ্ণ বিনামূলীয়াভাৱে চৰকাৰী চিকিৎসালয়সমূহত পোৱা যায়। জৰুৰী সময়ত ঘৰতে থকা সামগ্ৰীৰেও অ’ আৰ এছ প্ৰস্তুত কৰি ল’ব পাৰি। ইয়াৰ বাবে এক লিটাৰ বিশুদ্ধ পানীত চাহ চামুচেৰে ৬ চামুচ চেনি আৰু আধা চামুচ নিমখ মিহলাব লাগে। পানীৰ পৰিমাণ অকণমান বেছি হ’লেও একো অপকাৰ নহয়, কিন্তু পানী যাতে কম নহয় তালৈ চকু ৰাখিব লাগে, কিয়নো এনে হ’লে বমি ভাব বা বমি হোৱাৰ আশংকা থাকে যিটো এনে সময়ত বিপজ্জনক হ’ব পাৰে। এবাৰ প্ৰস্তুত কৰি লোৱাৰ পিছত সৰ্বাধিক ২৪ ঘন্টালৈ ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। কেঁচুৱাক ড্ৰ্পাৰ বা ছিৰিঞ্জেৰে আৰু দুবছৰ তলৰ শিশুক চামুচেৰে প্ৰতি একৰ পৰা দুই মিনিটৰ মূৰে মূৰে অ’ আৰ এছ খুৱাব লাগে। বমি হ’লে ৫-১০ মিনিট ৰৈ পুনৰ অ’ আৰ এছ কৰিব লাগে। ব্যৱহৃত  পানী উতলাই চেঁচা কৰি বা ক্লৰিণৰ দ্বাৰা পৰিশোধিত কৰি লোৱা উচিত, কিন্তু পৰিশোধনৰ বাবে ৰৈ থাকি অ’ আৰ টি আৰম্ভ কৰাত মুঠেও পলম কৰিব নালাগে। পোৱাতে থকা পানীৰেই অ’ আৰ টি আৰম্ভ কৰি পিছৰ প্ৰয়োজনৰ বাবে একে সময়তে পানী পৰিশোধন ক্ৰিয়াও চলাব লাগে। ভাত, দাইলৰ পানী, ফলৰ ৰস, নাৰিকলৰ পানী আদিও ব্যৱহাৰ কৰিব পৰা যায়। মাকৰ গাখীৰ খাই থকা কেঁচুৱাক সঘনাই গাখীৰ খুৱাব লাগে। শেহতীয়াভাৱে অ’ আৰ টি ৰ এক অংশ হিচাপে জিংক বড়ি যোগ কৰা হৈছে। ১০ ৰ পৰা ২০ মিলিগ্ৰামৰ জিংক বড়ি ১০ ৰ পৰা ১৪ দিন খুৱালে ডায়েৰীয়াৰ সময় আৰু বিপদ লাঘৱ হোৱাৰ লগতে পিছৰ দুই-তিনি মাহলৈ ই পুনৰায় হোৱাৰ আশংকা কম হয়।

ডায়েৰীয়া ৰোগত অ’ আৰ টি ৰ উপযোগিতাৰ ধাৰণাটো বহু পুৰণি। প্ৰায় ২৫০০ বছৰ পূৰ্বেই ভাৰতীয় চিকিৎসা বিজ্ঞানী শুশ্ৰুতে পেটচলা ৰোগতে ভাতৰ পানী, নাৰিকলৰ পানী আৰু গাজৰৰ জোলৰ উপযোগিতাৰ কথা বৰ্ণনা কৰি গৈছে।

লিখক: ডা: ৰমেন কুমাৰ কাকতি, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate