অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তুষাৰঘাত

তুষাৰঘাত

নিম্ন তাপ বা শৰীৰৰ প্ৰয়োজনতকৈ কম তাপৰ ক্ৰিয়াৰ ফলত শৰীৰৰ অংগ বিশেষৰ যি ক্ষতি সাধন হয় তাকে তুষাৰঘাত বোলা হয়। বিভিন্ন কাৰণত তুষাৰঘাত হ’ব পাৰে। কিছুমান বিশেষ অৱস্থাত তুষাৰঘাত সহজে হয় আৰু ৩ ৰ পৰা ৭ ডিগ্ৰী ছেন্টিগ্ৰেড উষ্ণতাতেই সেয়া হ’ব পাৰে। সেই বিশেষ অৱস্থাসমূহ হৈছে বহু সময় ধৰি ঠাণ্ডা লগা, ভীষণ শীতল বতাহত থকা, অতিপাত আদ্ৰৰ্তা, সেমেকা বা তিতা জোতা পিন্ধা, একে অৱস্থাত বহু সময় ধৰি থকা, সাধাৰণ অৱস্থাৰ অৱনতি যেনে অসুখ, ক্ষয়প্ৰাপ্ত দেহ, মদ খাই খোৱা মাতাল অৱস্থা, অতিপাত ৰক্তক্ষয় ইত্যাদি। শৰীৰৰ প্ৰান্তৰ অংগসমূহ, নাক, কাণ আদিতেই তুষাৰঘাত বেছি হোৱা দেখা যায়।

তুষাৰঘাতৰ স্থানত প্ৰথমে শীতল অনুভূতি হয়, তাৰ পাছত ঠাইখিনি বোধশক্তিবিহীন হৈ পৰে। প্ৰথমে বিষৰ অনুভৱ নোহোৱা হয়; তাৰ পাছত ক্ৰমান্বয়ে সকলো অনুভূতিয়েই নোহোৱা হৈ পৰে।

জুয়ে পোৰাৰ দৰে তুষাৰঘাতকো চাৰিটা মাত্ৰাত ভাগ কৰা হৈছে। এই মাত্ৰা নিৰ্ধাৰণ কৰা হয়-দুৰ্দশাগ্ৰস্তক গৰম পৰিৱেশলৈ অনাৰ পাছতহে। প্ৰথম মাত্ৰা তুষাৰঘাতৰ বৈশিষ্ট্য হ’ল-ছালৰ ৰক্তপ্ৰৱাহৰ পৰিৱৰ্তনশীলতা। ছাল শেঁতা পৰে আৰু ফুলে। গৰম পৰিৱেশলৈ অনাৰ পাছত ছালৰ ৰং নীলাভ ৰঙা হ’বলৈ ধৰে। কিছুদিন পাছত মৰা শিলৰ দৰে ছাল গুৰ গুৰিয়া হৈ এৰাই যায় আৰু খজুৱায়। দ্বিতীয় মাত্ৰাৰ তুষাৰঘাতত নীলাভ ৰঙা হোৱাৰ লগতে চাৰিওফালৰ পৰা তাৰাতাৰি ফুলি উঠে। আৰু তাতেই পানীজ্বলা বান্ধে। ঠাইখিনি চেতনাহীন হ’লেও দুৰ্দশাগ্ৰস্তই বহুদিনলৈ ভীষণ বিষ অনুভৱ কৰে। মাজে মাজে কঁপি কঁপি জ্বৰ উঠে, ভোক আৰু টোপনি কমি যায়। ১৫ ৰ পৰা ৩০ দিনৰ ভিতৰত ছাল মৰি এৰাই যায়।

তৃতীয় মাত্ৰাৰ তুষাৰঘাতত ৰক্তপ্ৰবাহ বন্ধ হয়। ফলত ছালৰ স্তৰবোৰ আৰু ভিতৰভাগত থকা কোমল কলাসমূহ ধ্বংসপ্ৰাপ্ত হয়। ৰঙচুৱা অথবা কলচীয়া পানীজ্বলা ফুটে। নষ্ট হোৱা ঠাই টুকুৰাৰ চাৰিওকাষে ক’লা ৰঙৰ দাগ এটি ফুলি উঠে। ভিতৰভাগৰ কলা যে নষ্ট হৈছে সেয়া ধৰা পৰে ৩ ৰ পৰা ৫ দিনৰ ভিতৰত। কাৰণ, এই দিন কেইটাৰ ভিতৰতে ধ্বংসপ্ৰাপ্ত কলাৰ পচন হ’বলৈ ধৰে আৰু বিষ ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰে। কঁপি কঁপি উঠা জ্বৰ, অতিপাত ঘাম আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি উদাসীনতা ইয়াৰ প্ৰধান উপসৰ্গ।

চতুৰ্থ মাত্ৰাৰ তুষাৰঘাতৰ বৈশিষ্ট্য হ’ল-কলাৰ সমস্ত স্তৰবোৰ, আনকি হাড়পৰ্যন্ত মৃত অৱস্থাপ্ৰাপ্ত হোৱা। আঘাতৰ গভীৰতাৰ বাবে তুষাৰঘাতপ্ৰাপ্ত অংশটিক গৰম কৰি তোলা সম্ভৱ হৈ নপৰে। লগে লগে ছালৰ ওপৰত ক’লা পানীৰে ভৰা পানীজ্বলা দেখা দিয়ে। ১০ দিনৰ পৰা ১৭ দিনৰ ভিতৰত আঘাতৰ সীমাসূচক ৰেখা পৰিষ্কাৰভাৱে ফুটি উঠে। তুষাৰহত ঠাইখিনি লগে লগে ক’লা পৰে আৰু শুকাই যায়। ডেৰ মাহৰ পৰা ২ মাহৰ ভিতৰত মৃত অংশটো শৰীৰৰ পৰা পৃথক হৈ সৰি পৰিবলৈ আৰম্ভ কৰে। দুৰ্দশাগ্ৰস্তৰ সাধাৰণ অৱস্থা অতিকৈ বেয়া হৈ পৰে। শৰীৰৰ বিভিন্ন অংশ বিকৃত হৈ ক্ষয় যাবলৈ ধৰে; দুৰ্দশাগ্ৰস্তৰ শৰীৰ দুৰ্বল আৰু ক্ষীণ হৈ পৰে; সহজেই ৰোগত আক্ৰান্ত হয়।

  • প্ৰাথমিক চিকিৎসা সাহাৰ্য্যৰ প্ৰথম পদক্ষেপ হ’ল- অনতি বিলম্বে দুৰ্দশাগ্ৰস্তক গৰম পৰিৱেশলৈ অনা, বিশেষকৈ তুষাৰঘাতৰ ঠাই টুকুৰা গৰম কৰা। ইয়াৰ বাবে যিমান সম্ভৱ সিমান সোনকালে দুৰ্দশাগ্ৰস্তক গৰম কোঠাৰ ভিতৰলৈ আনিব লাগে।
  • তুষাৰহত হোৱা অংগ বা অঞ্চলটো গৰম বা সেক দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে তেজ পৰিবহণ পুনৰ প্ৰতিষ্ঠিত হয়। সাধাৰণতে গৰম পানীত ২০ ৰ পৰা ৩০ মিনিট সময় ধৰি অংগটোক ডুবাই ৰাখিব লাগে। পানীৰ উষ্ণতা লাহে লাহে ২০ ডিগ্ৰীৰ পৰা ৪০ ডিগ্ৰী ছেন্টিগ্ৰেড পৰ্যন্ত বঢ়াব লাগে।
  • পানীত ডুবাই সেক দিয়াৰ পাছত তুষাৰহত ঠাইখিনি মচি পানী শুকুৱাই বেণ্ডেজ বা পৰিষ্কাৰ কাপোৰেৰে বান্ধি দিব লাগে। পাছত গৰম কাপোৰেৰে ঢাকি থব লাগে।

সাৱধানতা

১) তুষাৰহত অংশত চৰ্বি বা মলম ব্যৱহাৰ নকৰিব। তেনে কৰিলে প্ৰাথমিক চিকিৎসা খুবেই কঠিন হৈ পৰে।

২) বৰফ নঘঁহাব। তেনে কৰিলে ঠাণ্ডাৰ ক্ৰিয়া বৃদ্ধি পাব আৰু চৰ্ম আহত হোৱাৰ ফলত বীজাণুৰ সংস্পৰ্শৰ দ্বাৰা ৰোগ হ’ব পৰা অনুকূল অৱস্থাৰ সৃষ্টি হ’ব।

  • নাক, কাণ আদি সূক্ষ্ম অংগবোৰৰ তুষাৰহত হ’লে হাতৰ তলুৱাৰে বা গৰম পানীৰ বেগৰ সহায়ত সেক দিব লাগে।
  • দুৰ্দশাগ্ৰস্তক গৰম কফি, চাহ বা গাখীৰ পান কৰিব দিব লাগে।

সাৱধানতা

শীতত গোট মৰা অংগত সাজোৰে হাতেৰে ঘঁহা অনুচিত। কাৰণ তেনে কৰিলে ৰক্তবাহী সিৰাসমূহ আহতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা বেছি আৰু সিৰাত থ্ৰম্ব’ছিছ (তেজ গোট মৰা বা জমি যোৱা ৰোগ) হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।

লিখক: ডা: ৰফিক আলী।

3.01351351351
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top