নাকৰ পৰা তেক ওলালে নাকৰ ওপৰত বৰফৰ টুকুৰা এটা ধৰি থাকিব লাগে। তেজ ওলোৱা বন্ধ হ’ব।
জুয়ে পুৰিলে নতুবা আন গৰম বস্তুৱে পুৰিলে পোৰা অংশত লগে লগে ঠাণ্ডা পানী ঢালিব লাগে। পোৰাৰ যন্ত্ৰণা কমে।
ভৰিত মোচোকা খালে বা কঁকালত বিষ হ’লে গৰম পানীৰ বেগেৰে সেক দিলে আৰাম পোৱা যায়। আঁঠুৰ বিষ হ’লে কাপোৰত বৰফৰ টুকুৰা বান্ধি সেক দিলে বিষ কমি আহে।
জ্বৰ হ’লে শৰীৰৰ তাপ কমাবলৈ কপালত পানীত তিওঁৱা কাপোৰ দিব লাগে আৰু সৰ্বশৰীৰ তিতা কাপোৰেৰে মোহাৰি দিব লাগে।
সদায় ভৰি দুখন কুহুমীয়া পানীত ডুবাই ৰাখিব লাগে।
এগিলাচ কুহুমীয়া পানীত আধা চামুচ নিমখ মিহলাই কুলকুল কৰিলে ডিঙিৰ বিষৰ উপশম ঘটে।
পানীতো মানুহে ব্যায়াম কৰি সুফল লাভ কৰিব পাৰে। পানীত সাঁতুৰিলে কেলৰি ক্ষয় হৈ উচ্চ ৰক্তচাপ, মেদবহুলতা, ডায়েবেটিছ আদিৰ পৰা উপকাৰ সাধন হয়।
পানীৰ লগত সামান্য নিমখ আৰু চেনি বা ইলেক্ট্ৰল জাতীয় দ্ৰৱ মিহলি কৰি খালে পনীয়া শৌচৰ বাবে শৰীৰত উৎপন্ন হোৱা নৰ্জলা অৱস্থা দূৰ হয়।
গাঁঠিৰ বিষ হ’লে হাত ভৰি কুহুমীয়া পানীত তিয়াই ৰাখিলে বিষ কমে।
এটা গামলাত কুহুমীয়া পানী লৈ তাত অকণমান Aquaflevin মিহলাই নিতম্ব ডুবাই ৰাখিলে আৰাম পোৱা যায়।
পানী খালে প্ৰস্ৰাৱৰ জ্বলা-পোৰা যন্ত্ৰণাৰ যথেষ্ট উপশম ঘটে।
মুঠতে পানীয়ে বহুতো বেমাৰৰ প্ৰাথমিক চিকিৎসাত সহায় কৰে। আমি দিনে ৮/৯ গিলাচ পানী খাব লাগে।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 4/16/2020
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
আঁঠুৰ বিষৰ হোমিও আৰু আকুপাংচাৰ চিকিৎসা
অন্য এক চিকিৎসা প্ৰণালী এৰ’মাথেৰাপী