মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / আঘাত পোৱা, মোচোকা খোৱা বা থেতেলা খোৱা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আঘাত পোৱা, মোচোকা খোৱা বা থেতেলা খোৱা

আঘাত পোৱা, মোচোকা খোৱা বা থেতেলা খোৱা

খেল-ধেমালি কৰোতে, দৌৰা-দৌৰি কৰোতে প্ৰায়ে হাত-ভৰিত মোচোকা খোৱা যায়। কেতিয়াবা গধুৰ বস্তু শৰীৰত পৰাৰ ফলত কোনো অংশ থেতেলা উঠিব পাৰে। ইয়াৰ লগে লগে প্ৰতিকাৰ নকৰিলে পাছলৈ ফুলি যোৱাৰ লগতে বিষো বাঢ়ি যায়।

  • মোচোকা খোৱা ঠাইত চূণ, হালধি আৰু নিমখ একেলগে মিহলাই গৰম কৰি লেপ দি বান্ধি দিব লাগে।
  • দিনত ২-৩ বাৰকৈ হালধি গৰম কৰি দিলে বিষ আৰু ফুলা উপশম হয়।
  • ভৰিত মোচোকা খালে গৰম পানীৰ তাপ দি ল’ব লাগে। পিছত পিঁয়াজ আৰু কেঁচা তেতেলি পুৰি লেপ দিব।
  • চূণ আৰু হালধি মিহলাই বটি লেপ দিলেও বিষ কমে।
  • মোচোকা খোৱা ঠাইখিনিত প্ৰথমে খুব পাতলকৈ চূণৰ লেপ দি তাৰ ওপৰত গুড়ৰ লেপ দিলে বিষ আৰু ফুলা কমি যায়।
  • অৰ্জুন গছৰ কেঁচা বাকলি আৰু নহৰু মিহিকৈ বটি মোচোকা খোৱা ঠাইত লেপ দিলে বিষ আৰু ফুলা কমি যায়।
  • ভেদাইলতাৰ পাত আৰু পচতীয়াৰ পাত একে সমানে লৈ মিহিকৈ বটি লেপ দিলে ফুলা আৰু বিষ কমি যায়।
  • মানিমুনিৰ পাত মিহিকৈ বটি লেপ দিলেও উপকাৰ পোৱা যায়।
  • এটা আকণৰ পাত লৈ ওপৰফালে ঘিউ বা তেল সানি জুইত তাপ দিব লাগে। সেই গৰম পাতটোৰে আঘাতপ্ৰাপ্ত অংশত সেক দিলে খুব সোনকালে বিষ আৰু ফুলা কমে।
  • তুলসীৰ গুটি কেইটামান পানীত তিয়াই থ’ব লাগে। গুটিকেইটা তিতি ফুলি উঠিলে আঘাত পোৱা অংশত এখন পাতল কাপোৰ মেৰিয়াই লৈ তাৰ ওপৰত গুটি কেইটাৰে লেপ দিব লাগে।
  • বুকুত আঘাত পালে পচতীয়াৰ পাতকেইটামান কাপোৰ এখনত মেৰিয়াই বান্ধি উতলা পানীৰ ভাপত তপতাব (ভকা বা টেকেলি মুখত দিয়া পিঠা সজোৱাৰ দৰে) আৰু সেই তপত টোপোলাৰে বুকুত সেক দিব।

লিখক: ডা: ৰফিক আলী।

3.06557377049
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top