মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ চিকিৎসা :

পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

যিকোনো ৰোগৰ ক্ষেত্ৰত সহজে কাৰ্যকৰী হোৱা, পাৰ্শ্ব প্ৰতিক্ৰিয়াবিহীন নিখুঁত চিকিৎসা পদ্ধতি আৱিষ্কাৰৰ উদ্দেশ্যে বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে নিৰন্তৰ গৱেষণাত ৰত। কোৱা বাহুল্য যে প্ৰতিদিনে কোটি কোটি টকা ব্যয়সাপেক্ষে এনে গৱেষণামূলক চিকিৎসা পদ্ধতিৰ সুফল লাভ কৰি আহিছে ৰোগীসকলে।

এনে এক গৱেষণালব্ধ উদ্ভাৱন হ’ল থুলিয়াম লেজাৰ ২০০ ৱাট নামৰ এক অত্যাধুনিক যন্ত্ৰ। শেহতীয়া প্ৰযুক্তিৰ সমাহাৰ ঘটোৱা এই যন্ত্ৰটোৰ সহায়ত প্ৰষ্টেট গ্ৰন্থিৰ শল্য চিকিৎসা কৰোৱা হয়। যাৰ সফলতাৰ হাৰ ১০০ শতাংশ বুলি ক’লেও অত্যুক্তি কৰা নহয়।

থুলিয়াম লেজাৰ অস্ত্ৰোপচাৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে আমি প্ৰষ্টেট গ্ৰন্থি আৰু ইয়াৰ সমস্যাসমূহৰ আভাস লওঁ আহক।

প্ৰষ্টেট গ্ৰন্থিনো কি -

মূত্ৰাশয় আৰু মূত্ৰনলীৰ সংযোগস্থলত অৱস্থিত প্ৰষ্টেট নামৰ গ্ৰন্থিটো কেৱল পুৰুষৰহে থাকে। ১৮ৰ পৰা ২২ গ্ৰাম ওজনৰ দেখাত আখৰোটৰ দৰে প্ৰষ্টেটক আমাৰ ভাষাত মদন গ্ৰন্থি বুলি কোৱা হয়। ইয়াক যৌন গ্ৰন্থি বুলিও ক’ব পাৰি।

কিয়নো প্ৰষ্টেটৰ পৰা নিঃসৰিত ৰস শুক্ৰাণুৰ লগত মিহলি হৈ বীৰ্যৰ ৰূপত ওলাই আহি প্ৰজনন প্ৰক্ৰিয়াত সহায় কৰে। পুৰুষৰ টেষ্ট’ষ্ট’ৰেল হৰম’নৰ ওপৰত মদন গ্ৰন্থিৰ কাৰ্যক্ষমতা বহু পৰিমাণে নিৰ্ভৰ কৰে।

প্ৰষ্টেটৰ সমস্যা:

প্ৰষ্টেটাইটিছ -

ই এক ধৰণৰ সংক্ৰমণ। লক্ষণসমূহ হ’ল- প্ৰস্ৰাৱৰ জলা-পোৰা, প্ৰস্ৰাৱ কৰোঁতে কষ্ট পোৱা, প্ৰস্ৰাৱৰ প্ৰৱণতা বৃদ্ধি পোৱা আৰু প্ৰস্ৰাৱৰ গতিবেগ কমি যোৱা যেন লগা। তদুপৰি কেতিয়াবা জ্বল উঠিব পাৰে বা প্ৰস্ৰাৱৰ লগত তেজ যাব পাৰে।

এইবোৰ একিউট প্ৰষ্টাইটিছৰ লক্ষণবোৰ সহজতে গম পোৱা নাযায়। ক্ৰনিক প্ৰষ্টাইটিছ ভাল পোৱাৰ পিছতো পুনৰ দেখা দিব পাৰে। ইয়াৰ অন্যতম উপসৰ্গ হ’ব প্ৰস্ৰাৱৰ সমস্যা।

যাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা কম আৰু যি ডায়েবেটিছৰ দৰে ৰোগত ভুগি আছে তেওঁলোকৰ ক্ষেত্ৰতহে প্ৰষ্টাইটিছৰ সমস্যাই দেখা দিয়ে।

বি পি এইচ -

ইয়াৰ সম্পূৰ্ণ অৰ্থ হ’ল বিনাইন প্ৰষ্টেটিক হাইপাৰপ্লাছিয়া। অৰ্থাৎ প্ৰষ্টেটৰ আকাৰ ডাঙৰ হয় যদিও তাত কেঞ্চাৰ কোষ নাথাকে। বয়স ৫০ বছৰ অতিক্ৰম কৰা পুৰুষৰ ক্ষেত্ৰত এই সমস্যাটো উদ্ভৱ হোৱা পৰিলক্ষিত হয়। লক্ষণ হ’ল প্ৰষ্টেটৰ আকাৰ ক্ৰমশঃ ডাঙৰ হৈ যোৱা।

স্বাভাৱিক অৱস্থাত থকা ২০ গ্ৰাম ওজনৰ প্ৰষ্টেট গ্ৰন্থি ২০০/৩০০ গ্ৰাম ওজনলৈ ডাঙৰ হ’ব পাৰে। স্বস্তিৰ বিষয় এয়ে যে বৃহৎ আকাৰ ধাৰণ কৰিলেও তাত কেঞ্চাৰ কোষ অনুপস্থিত থাকে। ৭০ বছৰ অতিক্ৰম কৰা ৭০ শতাংশ পুৰুষৰ ক্ষেত্ৰত এই সমস্যাই দেখা দিয়ে।

ইয়াৰ বাৰ্ধক্যৰ লক্ষণ হিচাপেও পৰিগণিত কৰা হয়। সাধাৰণতে বংশগত কাৰণত হয় যদিও ধূম্ৰ আৰু সুৰাপায়ীসকলৰ লগতে মেদবহুল লোকৰ বেলিকাও বি পি এইচ হোৱাৰ সম্ভাৱনা অধিক।

উল্লেখ্য যে বি পি এইচ আক্ৰান্ত লোকৰ মূত্ৰনলী সংকুচিত হয় আৰু প্ৰস্ৰাৱৰ নানা ধৰণৰ সমস্যাই দেখা দিয়ে।

কেঞ্চাৰ -

আমেৰিকান কেঞ্চাৰ ছ’চাইটীৰ এক তথ্য অনুসৰি পুৰুষৰ ক্ষেত্ৰত সৰ্বাধিক কেঞ্চাৰ হয় প্ৰষ্টেট গ্ৰন্থিত। আন এক তথ্য অনুসৰি ৬০ বছৰ অতিক্ৰম কৰা যিসকল পুৰুষ প্ৰষ্টেটৰ ৰোগত আক্ৰান্ত হয়, তেওঁলোকৰ ২০/২৫ শতাংশৰ বেলিকা কেঞ্চাৰ হোৱা দেখা যায়।

মন কৰিবলগীয়া যে প্ৰাথমিক অৱস্থাত এনে কেঞ্চাৰৰ লক্ষণ প্ৰকাশ নাপায়। যেতিয়া প্ৰকাশ পায় তেতিয়ালৈ ৰোগে জটিল ৰোগ ধাৰণ কৰিব পাৰে। সেয়ে ৫০ বছৰ অতিক্ৰম কৰা প্ৰতিজন পুৰুষে বছৰত অন্ততঃ এবাৰকৈ প্ৰষ্টেট কেঞ্চাৰ ধৰা পেলোৱা পৰীক্ষা কৰাব লাগে। কিয়নো প্ৰাথমিক অৱস্থাত ধৰা পৰিলে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সহায়ক হয়।

চিকিৎসা -

প্ৰষ্টেটাইটিছ আৰু বি পি এইচত ৫০-৬০ শতাংশ ৰোগীক ঔষধ প্ৰণালীৰ দ্বাৰা চিকিৎসা আগবঢ়োৱা হয়। আনসকল ৰোগীৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ অৰ্থাৎ শল্য চিকিৎসাৰ আৱশ্যক হয়। আগতে বি পি এইচ ৰোগীৰ অস্ত্ৰোপচাৰ কৰা হৈছিল TURP পদ্ধতিত।

এতিয়াও এই পদ্ধতিতে সৰহভাগ চিকিৎসকে অস্ত্ৰোপচাৰ কৰে। কিন্তু এই পদ্ধতিৰ কিছুমান সীমাবদ্ধতা নথকা নহয়। যেনে-

*প্ৰষ্টেটৰ ওজন যদি ১০০ গ্ৰামতকৈ অধিক হয়, তেন্তে এই পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰিব নোৱাৰি।

*অস্ত্ৰোপচাৰৰ সময়ত অধিক ৰক্তক্ষৰণ হ’ব পাৰে, তেনে ক্ষেত্ৰত ৰোগীক ৰক্তদান কৰিব লগা হয়।

*অস্ত্ৰোপচাৰ চিকিৎসা কৰিলেও সমস্যাটো পুনৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকে।

*হৃদৰোগী বা পেচমেকাৰ লগোৱা ৰোগী আৰু ডায়েবেটিছ ৰোগীৰ বাবে বৰ বেছি নিৰাপদ নহয়। TURP তদুপৰি অস্ত্ৰোপচাৰৰ পিছত কিছুমান জটিলতা দেখা দিব পাৰে। আনহাতে, ইটালীৰ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত তথা ২০১৩ চনৰ পৰা প্ৰচলিত থুলিয়াম লেজাৰ ২০০ ৱাটাৰ বৈশিষ্ট্য হ’ল এই যে-

*ইয়াত ৰক্তক্ষৰণ নহয় বুলিয়ে ক’ব পাৰি।

*প্ৰষ্টেটৰ ওজন অস্বাভাৱিক হ’লেও এই পদ্ধতি প্ৰয়োগ কৰিব পাৰি।

*এই যন্ত্ৰৰে অস্ত্ৰোপচাৰ কৰিলে সমস্যাটো পুনৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা নাথাকে।

*হৃদৰোগী, পেচমেকাৰ লগোৱা ৰোগী আৰু ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰতো ই যথেষ্ট নিৰাপদ। তদুপৰি TURP পদ্ধতিত অস্ত্ৰোপচাৰৰ পিছত দেখা দিব পৰা কিছুমান জটিলতাৰ সম্ভাৱনা থুলিয়াম লেজাৰত একেবাৰেই নাই। উল্লেখ্য যে শল্য চিকিৎসাৰ ক্ষেত্ৰত যুগান্তকাৰী ভূমিকা পালন কৰা থুলিয়াম লেজাৰ যন্ত্ৰটো অসম তথা ভাৰতৰ কেৱল কেইখনমান আগশাৰীৰ হাস্পতালহে ব্যৱহাৰ কৰা হয়।

লেখক: ডাঃ অম্লানজ্যোতি শৰ্মা(নিয়মীয়া বাৰ্তা)

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top