অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেটত প্ৰচণ্ড বিষ

পেটত প্ৰচণ্ড বিষ

পেটত কেতিয়াবা হঠাতে প্ৰচণ্ড বিষ হয় । হঠাতে পেটৰ বিষ বহুতো কাৰণত হ'ব পাৰে ।পেৰিট'নিয়াম বা পেট গহ্বৰৰ আৱৰণীখনৰ স্ফীতি, পেট গহ্বৰত ৰক্তপাত, প্ৰকট উপাংগপ্ৰদাহ বা এপেণ্ডিচাইটিছ, পাক্স্থ্লী আৰু গ্ৰহণী ফুটা হোৱা ক্ষত, পিত্তথলিৰ স্ফীতি, খামুচি ধৰা হাৰ্নিয়া, ক্ষুদ্ৰ অন্ত্ৰৰ প্ৰকট অগম্যতা(Acute Intestinal Obstruction), পেটৰ অংগসমুহত আঘাত,প্ৰকট অগ্ন্যাশয় গ্ৰন্থিৰ প্ৰদাহ, জৰায়ু বহিৰ্ভুত গৰ্ভধাৰণত জৰায়ুনলী ফাটি যোৱা, ডিম্বাশয়ৰ কৌশিকা আদি ৰোগজনিত কাৰণত হঠাতে পেটৰ বিষ হ'ব পাৰে।

এই আটাইবোৰ ৰোগৰ সাধাৰণ উপসৰ্গ অসহ্যকৰ ভীষণ বিষ যদিও বিষৰ স্থান, পৰিসৰ আৰু চৰিত্ৰৰ কিছু পাৰ্থক্যও পৰিলক্ষিত হয়। সুস্থ অৱস্থাত হঠাতে বিষ আৰম্ভ হৈ ক্ৰমে ক্ৰমে বাঢ়ি যাব পাৰে ।দ্বিতীয় উপসৰ্গ হ'ল গা বমি বমি লগা আৰু বমি হোৱা। এনে বমি ধাৰাবাহিকভাবে চলি থাকিব পাৰে, একোতে বন্ধ নহয় ।পেটৰ প্ৰকট অৱস্থাত বেছিভাগ ৰোগীৰ শৌচ নহয় আৰু বায়ুও নাযায়।
পেট গহ্বৰত থকা অংগসমুহৰ স্ফীতিযুক্ত অসুখৰ এটি প্ৰধান বৈশিষ্ট্য হ'ল: পেটৰ সন্মুখভাগৰ বেৰখনৰ মাংসপেশীসমুহ অতিকৈ টান হৈ পৰে। যদি স্ফীত অংগ থকা অঞ্চলত হেঁচি পেট স্পৰ্শ কৰা হয় তেন্তে অতিপাত বিষায় আৰু প্ৰায়ে এটি বিশেষ লক্ষণ পৰিলক্ষিত হয়।


এই বিশেষ লক্ষণটি পৰীক্ষা কৰাৰ উপায়:

হাতেৰে ৰোগীৰ পেটত অতি ধীৰে ধীৰে চাপ সৃষ্টি কৰিব লাগে অৰ্থাত হেঁচা প্ৰয়োগ কৰিব লাগে আৰু ততক্ষণাত হাতখন উথাই আনিব লাগে। ৰোগীৰ পেটৰপৰা হাত আঁতৰাই অনাৰ মুহূৰ্ততে যদি পেটত প্ৰকট বিষ অনুভৱ হয় তেন্তে লক্ষণটোক ইতিবাচক বুলি ধৰিব লাগে।
পেটৰ গহ্বৰত ৰক্তপাত হলে ভীষণ ৰক্তাল্পতাৰ লগতে, শেঁতা পৰা, দুৰ্বলতা, মূৰ ঘুৰোৱা, ঠাণ্ডা ঘাম ওলোৱা, নাড়ী দুৰ্বল আৰু দ্ৰুত হোৱা, ৰক্তচাপ কমি যোৱা, তেজৰ হিম'গ্ল'বিন কমি যোৱা, পেটৰ মাংসপেশীবোৰ টান হোৱা, পেট স্পৰ্শ কৰি হেঁচি দিলে বিষ হোৱা আদি লক্ষণবোৰ পৰিলক্ষিত হয়।
এনে ৰোগীক লগে লগে বিছ্নাত শুৱাই দি সম্পুৰ্ণ বিশ্ৰামত ৰাখিব লাগে ।ৰোগীৰ পেটৰ ওপৰত বৰফৰ বেগ বা ঠাণ্ডা পানীৰ পটি দিয়া অতিকৈ আৱশ্যক।

সাৱধানতা:


  • ৰোগীক খাবলৈ দিয়া, পাকস্থলী ধুই দিয়া, জোলাপ আদি দিয়া একেবাৰে নিষেধ ।
  • বিষনাশক ঔষধ আৰু এণ্টিবায়'টিক বা প্ৰতিজৈবিক ঔষধ দিয়া অনুচিত ।কাৰণ, এনে কৰিলে ৰোগীৰ চিকিত্‌সাৰ বাবে উপযোগী ৰোগচিত্ৰ অস্পষ্ট হৈ পৰে আৰু সঠিকভাবে ৰোগ নিৰ্ণয়ত জটিলতা আহি পৰে ।

পেটৰ বিষত ঘৰুৱা চিকিত্‌সা:


  • কৰচ গছৰ ছালৰ ৰস উলিয়াই গৰম কৰি নিমখ মিহলাই খুৱাব লাগে ।
  • বচ আৰু মছ্ন্দৰীৰ শিপা বটি নিমখ আৰু জালুক মিহলাই খুৱাব লাগে ।
  • পদিনা পাটৰ ৰস এচামুচ খুৱাব লাগে ।
  • নিমপাত আৰু তেজপাত একেলগে বটি ভাত খোৱাৰ আগতে খাব লাগে ।
  • আমলখিৰ ৰস মৌৰে মিহলাই খাব লাগে ।
  • পকা নেমু টেঙাৰ ৰস চেনি মিহলাই গধুলি খাব লাগে ।
  • কেঁচা হালধিৰ ৰস চূণৰ পানী মিহলাই খাব লাগে ।
  • ২-৩ চামুচ নহৰু ৰসৰ সৈতে মৌ মিহলাই দিনত ২ বাৰো কৈ এসপ্তাহ খাব লাগে ।
  • মৌৰ সৈতে মিহলাই শতমূলৰ ৰস পুৱা ভাগত খালেও উপকাৰ পোৱা যায় ।
  • নিমপাতৰ ৰস, শিলিখাৰ ৰস, জালুক বটা আৰু নিমখ মিহলাই খালেও উপকাৰ পোৱা যায় ।

লিখকঃ ৰফিক আলী

শেহতীয়া উন্নীতকৰণ: : 7/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate