মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / প্ৰাকৃতিক চিকিৎসাত মাটি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাকৃতিক চিকিৎসাত মাটি :

প্ৰাকৃতিক চিকিৎসাত মাটিৰ বিষয়ে লিখা হৈছে ।

 

প্ৰাকৃতিক চিকিৎসাত মাটিয়ে এক শ্ৰেষ্ঠ স্থান অধিকাৰ কৰি আছে । বৰ্তমান চিকিৎসাত পানীৰ অধিক ব্যৱহাৰ হৈ আছে যদিও বহু ৰোগ চিকিৎসাৰ উপকৰণ হিচাবে মাটিও ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক চিকিৎসাত মাটিৰ পটি ব্যৱহাৰ হয় । এই মাটিৰ পটি বা মাটিৰ লেপনে আমাৰ শৰীৰৰ পৰা দূষিত বীজাণুবোৰ বাহিৰ কৰি আনে। যিহেতু শৰীৰত জমা হৈ থকা দূষিত ৰোগ বীজাণুৰ পৰাই বিভিন্ন ৰোগ সৃষ্টি হয় , গতিকে প্ৰাকৃতিক চিকিৎসাত এই মাটিৰ পটিৰ দ্বাৰা দূষিত বীজাণু শুহি লৈ ৰোগ দূৰ কৰাত সহায়ক হয় বাবেই মাটিৰ পটি প্ৰাকৃতিক চিকিৎসাত এক বিশেষ ভাগ হিচাবে পৰিচিত হৈছে ।

মাটিৰ পটিৰ প্ৰকাৰ -

মাটিৰ পটি দুই ধৰণে দিব পাৰি-

১) মাটিৰ ঠাণ্ডা পটি (Cold Earth Compress) আৰু

২) মাটিৰ আবৃত পটি (Heating Earth compress) । এই মাটিৰ পটি এইভাৱে দিয়া হয় যে মাটিৰ তলৰ পৰা পবিত্ৰ শুদ্ধ মাটি খান্দি উলিয়াই আনি ৰ’দত শুকুৱাই গুড়ি কৰি থ’ব লাগে। আৱশ্যক মতে সেই মাটি আটা মৰাৰ দৰে ভাল পানীৰে এখন থালত মাৰি মাৰি মাখনৰ দৰে কোমল কৰি এখন পাতল পৰিষ্কাৰ কাপোৰৰ ওপৰত এতৰপীয়াকৈ এখন পিঠাৰ দৰে কৰি লৈ ৰোগীৰ আক্ৰান্ত ঠাইত অলপ বহলকৈ বহুৱাই ৰাখি তাৰ ওপৰত এখন গৰম কাপোৰেৰে ঢাকি ৰখা কৰ্তব্য । কিন্তু আধা ইঞ্চিতকৈ কম ডাঠ হ’লে মাটিয়ে কাম কৰিব নোৱাৰে । এঘণ্টাৰ ভিতৰতে শৰীৰ ৰোগাক্ৰান্ত অংশৰ পৰা মাটিয়ে ৰোগৰ বীজাণু আৰু বিষ-যন্ত্ৰণা শুহি লয় । গতিকে এঘণ্টাৰ মূৰত সেই মাটি তুলি আনি পেলাই দিয়া উচিত । একেখিনি মাটি পুনৰ ব্যৱহাৰ কৰিব নালাগে । মাটিবোৰ মিহি বালি থকা আৰু আলতীয়া হোৱা বাঞ্চনীয় । চিকিৎসাৰ কাৰণে যি মাটি ব্যৱহাৰ কৰা হয় সেই মাটি বিশেষ চাফ-চিকুণ হ’ব লাগে । চাৰিভাগৰ তিনিভাগ বালি আৰু চাৰিভাগৰ একভাগ  আঠালেতীয়া মাটি হোৱা উচিত ।

মাটিৰ ঠাণ্ডা পটি -

মাটিৰ ঠাণ্ডা পটি যি অংচৰ ওপৰত প্ৰয়োগ কৰা হয় , তাৰ ওপৰত এটা শীতল আৰু যন্ত্ৰণাহীন প্ৰভাৱ পৰে আৰু তাৰ ফলত জীৱাণুৰ বৃদ্ধি ৰোধ হয় । পেটৰ বিভিন্ন ৰোগ মাটিৰ পটি ব্যৱহাৰ কৰি নিৰাময় কৰিব পাৰি । মাটিৰ ঠাণ্ডা পটি ব্যৱহাৰৰ ফলত পেটৰ প্ৰদাহ দোষ নষ্ট হয় , কাৰণ ঠাণ্ডাত অন্ত্ৰৰ ভিতৰত জীৱাণু বৃদ্ধি হ’ব নোৱাৰে । নাভিৰ পৰা সমস্ত তলপেটৰ ওপৰত এই পটি প্ৰয়োগ কৰা কৰ্তব্য । যদি ৰোগীজন শাৰীৰিকভাৱে দুৰ্বল হয় তেনেহ’লে এই প্ৰক্ৰিয়াটো ১০/২০ মিনিটৰ কাৰণে গ্ৰহণ কৰা ভাল । পেট যদি গৰম হৈ থাকে, তেতিয়া মাথোঁ মাটিৰ ঠাণ্ডা পটি ব্যৱহাৰ কৰিব । জ্বৰ হোৱাৰ সময়ত এই পটি প্ৰয়োগত উপকাৰ হয় । এই পটি প্ৰয়োগৰ ফলত কোষ্ঠ পৰিষ্কাৰ হয় , জ্বৰ কমি আহে । কিন্তু জ্বৰৰ প্ৰথম অৱস্থাত যদি ঠাণ্ডা আৰু কঁপনি থাকে তেতিয়া এই পটি প্ৰয়োগ নকৰিব । ডায়েৰীয়া আৰু কলেৰা ৰোগত পেট যদি গৰম হৈ থাকে তেতিয়া মাটিৰ পটি ব্যৱহাৰৰ দ্বাৰা পেট ঠাণ্ডা ৰাখিব পাৰি ।

মাটিৰ ঠাণ্ডা পটি জুয়ে পোৰাত এক শ্ৰেষ্ঠ চিকিৎসা । যদি শৰীৰৰ কোনো অঙ্গত জুয়ে পোৰে , তেতিয়া তৎক্ষণাৎ মাটিৰ ঠাণ্ডা পটি প্ৰয়োগ কৰা কৰ্তব্য । পটি প্ৰয়োগৰ লগে লগে বেদনা কমি যায় । পাকস্থলী, মূত্ৰাশয়, জৰায়ু প্ৰভৃতি স্থানত ৰক্তস্ৰাৱ হ’লে মাটিৰ পটি প্ৰয়োগ কৰিলে ৰক্তক্ষৰণ বন্ধ হোৱাত সহায় কৰে । এই অৱস্থাত মাটি যথেষ্ট ঠাণ্ডা হোৱা আৱশ্যক আৰু তলপেটৰ পৰা গুহ্যদ্বাৰ পৰ্যন্ত গোটেই স্থানত প্ৰয়োগ কৰা আৱশ্যক । এই সময়ত ভৰি দুখন মৃদুভাৱে গৰম ৰখা আৱশ্যক ।

মাটিৰ আবৃত পটি -

মাটিৰ ঠাণ্ডা পটিৰ ওপৰত কাপোৰেৰে ঢাকি দিলে সেইটো আবৃত পটিলৈ ৰুপান্তৰিত হয় । যিমান সময় মাটি তিতি বা সেমেকি থাকে, সিমান সময়হে কাম হ’ব । মাটি শুকাই গ’লে মাটিৰ আবৃত পটি গুচাই দি পটিৰ স্থান নাতিশীতোষ্ণ পানীৰে ধুই এখন টাৱেলেৰে মচি দিব পাৰে । মাটিৰ আবৃত পটি এঘণ্টা পৰ্যন্ত ৰাখিলেই যথেষ্ট হয় । গুৰুতৰ কিছুমান ব্যাধিত আৱশ্যক অনুযায়ী কেইবাবাৰো এই পটি প্ৰয়োগ কৰিব পাৰে । বিভিন্ন পুৰণি ক্ষত আৰোগ্য কৰাত মাটিৰ পটি এক শ্ৰেষ্ঠ উপাচাৰ । ক্ষতস্থানৰ ওপৰত কেতিয়াও এঘণ্টাৰ বেছি সময় প্ৰয়োগ কৰা উচিত নহয় । কাৰণ এক ঘণ্টাৰ ভিতৰত ক্ষতস্থানৰ বিষ, ক্লেদ প্ৰভৃতি মাটিৰ ভিতৰলৈ উঠি আহে। বেছি সময় এই পটি ৰাখিলে ক্ষতৰ অৱস্থা বেয়া হ’ব পাৰে আৰু আৰোগ্য হোৱাত সময় ল’ব পাৰে । অবিচ্ছিন্নভাৱে ক্ষতৰ ওপৰত ঠাণ্ডা প্ৰয়োগ কৰা উচিত নহয় । ক্ষতৰ ওপৰত যদি মাটিৰ পটি প্ৰয়োগ কৰা হয় , তেনেহ’লে ক্ষতৰ ওপৰত দিনে এবাৰ ৫/১০ মিনিট সময় সেক দিয়া উচিত । কিন্তু জুয়ে পোৰা ঘাত কেতিয়াও সেক নিদিব ।

অৰ্শৰোগত যেতিয়া ৰক্তক্ষৰণ হয় , তেতিয়া তলপেটত এৰাতি মাটিৰ পটি প্ৰয়োগ কৰিলে তিনি-চাৰি দিনৰ ভিতৰত ৰক্তক্ষৰণ বন্ধ হয় । এজন ব্যক্তিয়ে যদি পৰিপূৰ্ণ বিশ্ৰাম লৈ বিশুদ্ধ পানী খায়, উপবাস দিয়ে আৰু ধৌতিমূলক চিকিৎসাৰ সৈতে মাটিৰ পটি দিনে ৩/৪ বাৰ গ্ৰহণ কৰে, তেতিয়া এপেণ্ডাছাইটিছ ৰোগ ভাল হয় । গ্ৰীষ্মকালত চৰ্ম ৰোগ, বিশেষকৈ খজুৱতি, ঘামচি হ’লে গোটেই শৰীৰত মাটিৰ লেপন দি ৰ’দত শুকুৱাই লৈ তাৰ পাছত গা ধুলে তিনি-চাৰি দিনৰ ভিতৰত ছাল পৰিষ্কাৰ হৈ যায় । অৱশ্যে পেটৰ ভিতৰভাগো পৰিষ্কাৰ কৰি লোৱা উচিত।

এনেদৰে বিভিন্ন ৰোগত মাটিৰ পটি প্ৰয়োগ কৰিব পাৰি । এটা কথাত মনত ৰখা উচিত যে এই মাটিৰ লেপন বা মাটিৰ পটিৰ দ্বাৰা শৰীৰৰ পৰা যথেষ্টভাৱে ৰোগ- বিষ টানি অনা হয় । মাটিয়ে শৰীৰৰ সমস্ত ৰোগ-বিষ শুহি লয় , ফলত ৰোগ আৰোগ্য হোৱাত সহায়ক হয় । এনেকৈ দেহক দোষমুক্ত কৰিবৰ কাৰণে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰাটোৱে হ’ল-প্ৰাকৃতিক চিকিৎসা । উল্লেখযোগ্য যে মাটিৰ পটি প্ৰয়োগ কৰিলে সময়ে সময়ে সলাই থাকিব লাগে । কাৰণ একেৰাহে বেছি সময় মাটিৰ পটি দি থাকিলে তাৰ গুণাগুণো কমি যায় ।

শৰীৰত যি ৰোগেই নহওক কিয় , দেহ সঞ্চিত বিভিন্ন বিষাক্ত আৰু দূষিত পদাৰ্থই তাৰ মূল কাৰণ । সাধাৰণতে দুৰ্বল অংগই ৰোগৰ উৎপন্ন কৰে । শৰীৰত দূষিত ৰক্তস্ৰোতৰ ভিতৰত যি বিষ পৰিভ্ৰমণ কৰি থাকে, দুৰ্বল অংগসমূহ তাৰ দ্বাৰা আক্ৰান্ত হয় । এইদৰে দেহৰ চকুৰোগ, দন্তৰোগ, চৰ্মৰোগ আদি বিভিন্ন ৰোগ বিবিধ প্ৰাকৃতিক চিকিৎসাৰে আৰোগ্য কৰিব পাৰি । এই চিকিৎসাৰ উদ্দেশ্য হ’ল দেহৰ বিষাক্ত বীজাণু বাহিৰ কৰি দিয়া । প্ৰাকৃতিক চিকিৎসাৰ দ্বাৰা দেহক দোষমুক্ত কৰি ল’লে ৰোগ কেতিয়াও বৃদ্ধি পাব নোৱাৰে আৰু ৰোগ সহজে আৰোগ্য হয় ।

লেখক –বসন্ত মজুমদাৰ

উৎস – জি এনআৰচি স্বাস্থ্য

 

3.44444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top