কোনো ব্যক্তি এজন হঠাৎ কিবা কাৰণত আঘাতপ্ৰাপ্ত হ’লে বা হঠাৎ কিবা কাৰণত অসুস্থ হৈ পৰিলে তাৎক্ষণিকভাৱে চিকিৎসাৰ প্ৰয়োজন হয় যদিও হাতৰ কাষতে চিকিৎসক বা চিকিৎসালয় নথকাৰ বাবে সাময়িকভাৱে সকাহ পোৱাৰ বাবে কিছু ব্যৱস্থা লোৱাৰ প্ৰয়োজন হয়। এনে সামাজিক সকাহৰ বাবে যি চিকিৎসা প্ৰদান কৰা হয় তাকে প্ৰাথমিক চিকিৎসা বুলি কোৱা হয়। অৱশ্যে কিছু প্ৰাথমিক চিকিৎসা প্ৰদানৰ দ্বাৰা গুৰুতৰ অৱস্থাৰ ৰোগীৰো জীৱন ৰক্ষা কৰিব পৰা যায়। চিকিৎসালয় পোৱাৰ আগতে যাতে সংকটজনক অৱস্থাৰ ৰোগীসকল বিনা চিকিৎসাত থাকিবলগীয়া নহয় তাৰ বাবে প্ৰাথমিক চিকিৎসা প্ৰদানো কেতিয়াবা গুৰুতৰ অৱস্থাৰ ৰোগীৰ জীৱন বচোৱাৰ কাৰক হ’ব পাৰে। সেয়ে আমাৰ সকলোৰে প্ৰাথমিক চিকিৎসাৰ বিষয়ে এটা সাধাৰণ ধাৰণা থকাটো অতি প্ৰয়োজন।
কেতিয়াবা কিছুমান লোকৰ নাকৰ পৰা তেজ ওলোৱা দেখা যায় আৰু সেয়া জোৰকৈ চোঁচি উলিয়াই দিবলৈ চেষ্টা কৰে। তেনে কৰিলে তেজ বন্ধ নহয় বৰং বেছিকৈ ওলায়। তাৰ সলনি নাকৰ কোমল পাহি দুটা ১০ মিনিটমান আঙুলিৰে হেঁচা মাৰি ধৰিব লাগে আৰু মুখেৰে উশাহ ল’বলৈ দিব লাগে। তেতিয়াও ৰক্তক্ষৰণ বন্ধ নহ’লে নাকৰ ফুটাত কপাহৰ সোপা দিব লাগে। কিন্তু সাৱধান হোৱা জৰুৰী যে কপাহৰ এটা অংশ যাতে বাহিৰ ওলাই থাকে। ইয়াৰ পিছতো ৰক্তক্ষৰণ হৈ থাকিলে বৰফৰ টুকুৰা নাকৰ ওপৰত হেঁচা মাৰি ধৰি ৰাখিব লাগে। ১০ মিনিটমান এনেধৰণে ৰাখিলে তেজ ওলোৱাৰ পৰিমাণ কমি যায়। যদি সঘনাই নাকৰ পৰা তেজ ওলাই থাকে তেতিয়া হ’লে চিকিৎসাৰ পৰামৰ্শ লোৱা জৰুৰী।
হঠাৎ কিবা আঘাত বা দুৰ্ঘটনাৰ বাবে শৰীৰৰ কোনো অংশৰ পৰা ৰক্তক্ষৰণ হ’লে ৰক্তক্ষৰণ হোৱা অংশত পৰিষ্কাৰ কাপোৰেৰে হেঁচা প্ৰয়োগ কৰিলে সুফল পোৱা যায়। যদি মুৰ, ডিঙি, হাত বা ভৰিৰ পৰা ৰক্তক্ষৰণ হৈছে তেন্তে সেই নিৰ্দিষ্ট মানুহজনক শুৱাই সেই নিৰ্দিষ্ট হাতখন বা ভৰিখন দাঙি ধৰিব লাগে। এনেকৈ ধৰিলে ৰক্তক্ষৰণ পৰিমাণ অলপ কমি যায়। দাঙি ধৰোঁতেও ৰক্তক্ষৰণ হোৱা ঠাইডোখৰত হেঁচা প্ৰয়োগ কৰি থাকিব লাগে। ইয়াৰ পিছতো যদি তেজ ওলায়ে থাকে তেতিয়া আঘাত পোৱা ঠাইডোখৰৰ ওপৰফালে টানকৈ কাপোৰেৰে বান্ধি কাষৰ স্বাস্থ্যকেন্দ্ৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা প্ৰয়োজন। ৰোগীজনৰ যদি চেতনা থাকে তেতিয়া প্ৰচুৰ পৰিমাণে পানী খাব দিব লাগে।
যদিও সৰু ল’ৰা-ছোৱালীৰ কটা-ছিঙা ঘা আদি বেছিকৈ হোৱা দেখা যায়, তথাপি ডাঙৰসকলৰো ইয়াৰ ব্যতিক্ৰম নহয়। সৰু-সুৰা কটা, ছিঙা ঘা আদি প্ৰায়েই নিজেই শুকাই যায়। কিন্তু সৰু হ’লেও অপৰিষ্কাৰকৈ ৰখা কটা, ছিঙা আদি দিনকদিনে বেছি হৈ যায় আৰু শুকাওঁতে সময় লাগে। প্ৰথমতে এই ধৰণৰ ঘা আদিত প্ৰাথমিক চিকিৎসা হিচাপে নিজৰ হাত দুখন গৰম পানীৰে ভালকৈ ধুই ল’ব লাগে। পাৰিলে চাবোন বা আন ডিটাৰজেণ্ট পাউডাৰেৰেও হাত দুখন পৰিষ্কাৰ কৰি লৈ পৰিষ্কাৰ গজ বা কাপোৰ বা পাতল কপাহেৰে বতাহ সোমাব পৰাকৈ ঘা ডোখৰ ঢাকি থ’ব যাতে বাহিৰৰ ধুলি-মাকতি আদি পৰি লেতেৰা হৈ থাকি বীজাণুৰ দ্বাৰা সংক্ৰমণ ঘটিব নোৱাৰে। প্ৰতিদিনে এনেকৈ চাফা গজ বা কাপোৰেৰে ঢাকি ৰাখিব লাগে আৰু সদায় গজ সলাই থাকিব লাগে। প্ৰয়োজন সাপেক্ষে কোনো এণ্টিচেপটিক মলম আদি লগাই ৰাখিব লাগে।
আকৌ যদি ঘাডোখৰত সামান্য তেজ, পুঁজ জমা হোৱা যেন দেখা যায়, তেন্তে প্ৰথমে চাবোন পানীৰে ঘাডোখৰ ভালকৈ ধুই ঘাডোখৰ অলপ চেপি পুঁজ বা মৰা তেজখিনি উলিয়াই দিব লাগে। তাৰ পিছত গৰম পানীত পৰিষ্কাৰ কাপোৰ এখন তিয়াই ঘাডোখৰৰ ওপৰত সামান্য চাপ প্ৰয়োগ কৰিলে ঘাডোখৰ পৰিষ্কাৰ হৈ যায়। তাৰ পিছত ধুলি-মাকতি পৰিব নোৱাৰাকৈ ঢাকি ৰাখিলে সোনকালে শুকাই যায়। অৱশ্যে চাৰি-পাঁচদিনৰ ভিতৰত যদি ঘাডোখৰ নুশুকায় তেতিয়া স্বাস্থ্য কেন্দ্ৰলৈ গৈ চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী।
শিশুসকলৰ বিভিন্ন কাৰণত পনীয়া শৌচ, বমি আদি হ’ব পাৰে। পনীয়া শৌচ বা ডায়েৰীয়া আদি হ’লে চিকিৎসকৰ ওচৰলৈ নিয়াৰ আগতে কিছু প্ৰাথমিক বিধান ঘৰতে দিব লাগে। শিশুৰ শৌচ আদি বাৰে বাৰে হ’লে নাইবা পনীয়া হ’লে বহুতে শিশুটিক খুৱাবলৈ বন্ধ কৰি দিয়ে। এইটো এটা ভ্ৰান্ত ধাৰণা। পনীয়া শৌচ হ’লেও শিশুক মাকৰ গাখীৰ খুৱাই থাকিব লাগে। কেতিয়াবা যদি মাকৰ গাখীৰ অধিক পৰিমাণে খাই শিশুৱে হজম কৰিব নোৱাৰে তেতিয়াহ’লে প্ৰতিবাৰে গাখীৰৰ খুওৱাৰ আগত মাকৰ গাখীৰ অলপ চেনি পেলাই দি পিছত শিশুটিক খুৱাব লাগে। গোটা আহাৰ খাব পৰা শিশুক কোমলকৈ সিজাই পিটিকা কৰা ভাত দাইল, পাচলি খুৱাব লাগে। পনীয়া শৌচ হ’লে শিশুৰ অভিভাৱকে শিশুটিৰ গাৰ পানীৰ পৰিমাণৰ ওপৰত আটাইতকৈ অধিক গুৰুত্ব দিব লাগে। সেইকাৰণে অ’ আৰ এছ পানীত মিহলাই শিশুটিক বাৰে বাৰে খুৱাই থকা প্ৰয়োজন। এক লিটাৰ পানী উতলাই লৈ ঠাণ্ডা কৰি সেই পানীত অ’ আৰ এছৰ এটা পেকেট মিহলাই অলপ পিছে পিছে শিশুটিক খুৱাই থকা দৰকাৰ। বাৰে বাৰে পনীয়া শৌচ হৈ থাকিলেও অ’ আৰ এছৰ পানী দি থাকিলে শিশুটিক গুৰুতৰ পৰিস্থিতিৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়। আকৌ অ’ আৰ এছ হাতৰ কাষত নাথাকিলে ঘৰতে নিজে বনাই ল’ব পাৰি। পানী উতলাই ঠাণ্ডা কৰি নিমখ আৰু অলপ চেনি মিহলাই সেই পানী শিশুটিক খুৱাই থাকিলেও সেয়াও বহু সময়ত ভাল ফল দিয়া দেখা যায়। কিন্তু যদি তলত উল্লেখ কৰা লক্ষণসমুহ শিশুটিৰ গাত দেখা দিয়ে তেতিয়া অলপো পলম নকৰি চিকিৎসকৰ ওচৰলৈ নিয়া অতি জৰুৰী। যেনে- শিশুটিৰ চকু সোমাই যোৱা, পানী পিয়াহ বেছিকৈ লগা, কান্দিলে চকুপানী নোলোৱা, জ্বৰ উঠা, খাবলৈ এৰি আৰু বমি কৰি থকা আৰু এঘণ্টাৰ ভিতৰতে বহুবাৰ পানীয়া শৌচ কৰা দেখা যায়, তেতিয়া অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা অতি জৰুৰী আৰু এই মাজৰ সময়খিনি পনীয়া মিশ্ৰণ খুৱাই থাকিব লাগে।
বিভিন্ন দুৰ্ঘটনা আদিত শৰীৰৰ কোনো অংশৰ হাড় ভঙা বা ফ্ৰেকচাৰ হোৱা অন্যতম। সাধাৰণতে আঘাতপ্ৰাপ্ত অংশটো ফুলি উঠে, বিষায় আৰু স্বাভাৱিক অৱস্থাত থকাতকৈ আঘাতপ্ৰাপ্ত অংশটো অলপ লেতু-সেতু হৈ যায়। কেতিয়াবা হাড় ভাঙি ছাল ফুটা হৈ বহিবলৈ ওলাই যায়। তেতিয়া লগে লগে ৰোগীজন বা জনীক শুৱাই দিব লাগে যাতে ভঙা অংশখিনি লৰচৰ নহয়। তেতিয়া ভঙা অংশৰ তলফালে বাঁহৰ ফলা দি আৰু যদি কাষতে বাঁহৰ ফলা আদি নাথাকে তেতিয়া ডাঠ কাগজ বা কিবা ডাঠ কামি তিনি-চাৰিডালমান ফ্ৰেকচাৰ হোৱা ঠাইডোখৰত দীঘলে দীঘলে দি বেণ্ডেজ কাপোৰ আৰু বেণ্ডেজ কাপোৰ আদি পোৱা নগ’লে ফটা কাপোৰেৰে ডাঠকৈ বান্ধি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে। ভৰিৰ হাড় ভাঙিলে বাঁহৰ ফলা দিয়াৰ সলনি নভঙা ভৰিটোৰ লগত একেলগ কৰি কাপোৰেৰে মেৰিয়াই লৰচৰ কৰিব নোৱাৰাকৈ বান্ধি দিয়া উচিত। হাতৰ হাড় ভাঙিলে হাতখন লৰচৰ কৰিব নোৱৰাকৈ গাৰ সৈতে বান্ধি হাতখন বুকুৰ উচ্চতাত ৰাখি ডিঙিৰ পৰা কাপোৰেৰে বান্ধি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা উচিত। এনে কৰিলে অলপ হ’লেও সকাহ পায়।
লেখক: ডা: আশ্বৰাফুল আলম (দেওবৰীয়া সুকন্যা)
শেহতীয়া উন্নীতকৰণ: : 2/29/2024