মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / বহুমূত্ৰ ৰোগৰ যৌগিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বহুমূত্ৰ ৰোগৰ যৌগিক চিকিৎসা

বহুমূত্ৰ ৰোগৰ যৌগিক চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

লক্ষণ – ‘মূত্ৰস্থা মাক্ষিকাদ্যা’- মূত্ৰৰ লগত চেনি পৰিলে, মূত্ৰত মাখি আদি পৰে । গতিকে মূত্ৰত মাখি আৰু পিপৰা পৰিলে বহুমূত্ৰ ৰোগ সম্বন্ধে সচেতন হ’ব । এই ৰোগৰ অন্যান্য লক্ষণ ঘনাই পিয়াহ লগা, ঘনাই মূত্ৰত্যাগ, মুখত মিঠা সোৱাদৰ অনুভৱ, মাজে-সময়ে সৰ্বশৰীৰত অসহ্য খজুৱতিৰ সৃষ্টি হয় অথবা দুষ্ট ব্ৰণৰ উদ্ভৱ হয় । ৰোগৰ কঠিন অৱস্থাত মূৰৰ বিষ, মূৰ ঘূৰোৱা, দুৰ্বলতা, মূৰ্ছা, মূত্ৰাশয় প্ৰদাহ প্ৰভৃতি যন্ত্ৰণাদায়ক উপসৰ্গ সৃষ্টি হয় । হৃদৰোগ, সন্ন্যাসৰোগ প্ৰভৃতি মাৰাত্মক ব্যাধিয়ে বহুমূত্ৰ ৰোগীৰ দেহত সহজেই আক্ৰমণ কৰিব পাৰে । যি লোকৰ চকুত ছানি পৰে, প্ৰায়েই দেখা যায়, তেওঁলোক কম-বেছি পৰিমাণে বহুমূত্ৰ ৰোগাক্ৰান্ত । বহুমূত্ৰ ৰোগীৰ হয় কোষ্ঠবদ্ধতা নহ’লে কোষ্ঠতাৰল্য বিদ্যমান থাকে । তেওঁলোকৰ গাৰ ছাল শুকান, দাঁতবোৰ মলিয়ন হৈ যায় । এক কথাত ক’ব পাৰি- বহুমূত্ৰ ৰোগ দুৰাৰোগ্য কঠিন অজীৰ্ণ-ৰোগৰেই প্ৰকাৰ বিশেষ ।

কাৰণ:- সাধাৰণতে বহুমূত্ৰ ৰোগ দুবিধ বুলি ধৰা হয় । শৰ্কৰাযুক্ত বহুমূত্ৰ (Diabetes Melli-) আৰু শৰ্কৰাবিহীন বহুমুত্ৰ (Diabetes insipidus)নিস্তেজ হৈ অগ্নিগ্ৰন্থিৰ ক্ৰিয়া দুৰ্বল হ’লে এই ৰোগ সৃষ্টি হ’ব পাৰে । অতিৰিক্ত মানসিক পৰিশ্ৰম আৰু দুশ্চিন্তা-দুৰ্ভাৱনায়ো অগ্নিগ্ৰন্থিবোৰক দুৰ্বল কৰি এই ৰোগ সৃষ্টি কৰিব পাৰে । যিসকলে অতিৰিক্ত চাহ অথবা সদায় যিসকলে ক্ষীৰ,সন্দেশ, ৰসগোল্লা প্ৰভৃতি চেনিযুক্ত মিঠাই আহাৰ কৰে, তেওঁলোকৰ দেহত প্ৰয়োজনতকৈ বেছি চেনি সঞ্চিত হোৱাৰ ফলতো এই ৰোগ সৃষ্টি হ’ব পাৰে । অতিৰিক্ত মাছ,মাংস বা কণী খালে অথবা অতিৰিক্ত ঘিউ, মাখন আৰু ঘিউৰে তৈয়াৰী খাদ্য খালে যকৃৎ আৰু প্লীহা দুৰ্বল হৈ এই ৰোগ সৃষ্টি হয় । অন্যান্য কাৰণত স্বাস্থ্যভংগ হ’লেও এই ৰোগৰ উদ্ভৱ হ’ব পাৰে ।

চিকিৎসা : (পুৱা) সহজ বস্তিক্ৰিয়া আৰু তাৰ লগৰ আসন-মুদ্ৰা আদি । (এই বস্তিক্ৰিয়া মাহত দুবাৰ কৰিব) ইয়াৰ পাছত প্ৰাত:কৃত্য আৰু অৰ্ধস্নান, সহজ অগ্নিসাৰ-৩০ বাৰ , অগ্নিসাৰ ধৌতি ২০ বাৰ, সহজ প্ৰাণায়াম- ভস্ত্ৰিকা, কপালভাটি, অনুলম-বিলম, উজ্জায়ী কৰিব । বাৰিষাৰ ধৌতি বা বমন-ধৌতি মাহত দুবাৰ কৰিব ।

দুপৰীয়া স্নানৰ সময়ত সহজ অগ্নিসাৰ-২৫ বাৰ,অগ্নিসাৰ ধৌতি ২০ বাৰ ।

গধূলি :- ভ্ৰমণ-প্ৰাণায়াম, যোগমুদ্ৰা, পশ্চিমোত্তান, সহজ অগ্নিসাৰ, ওপৰত উল্লেখ কৰা সহজ প্ৰাণায়ামকেইটা, বিপৰীতকৰণী, পৱনমুক্তাসন, অৰ্ধ-মৎস্যেন্দ্ৰাসন । খোৱাৰ পাছত এঘণ্টা সোঁ নাকেৰে শ্বাসপ্ৰৱাহ অব্যাহত ৰাখিব ।

নিয়ম আৰু পথ্য :- আগতেই কোৱা হৈছে বহুমূত্ৰ ৰোগৰ মূলতেই আছে অজীৰ্ণ ৰোগ । এই ৰোগত যকৃতৰ ক্ৰিয়া দুৰ্বল হৈ থাকে কাৰণে দেহৰ অপ্ৰয়োজনীয় চৰ্বি দগ্ধ হ’ব নোৱাৰে- ফলত বহুমূত্ৰ ৰোগাক্ৰান্ত লোক প্ৰায়েই স্থূলকায় হয় । ৰোগৰ সূচনা বুজিব পাৰিলে উপৰ্যুপৰি ২- ৩ দিন উপবাস দিব । উপবাসৰ সময়ত প্ৰচুৰ পানী খাব, অন্য কোনো খাদ্য গ্ৰহন নকৰিব । এইদৰে সম্পূৰ্ণ উপবাস কৰিব নোৱাৰিলে উপবাসৰ সময়ত প্ৰয়োজন অনুসাৰে ভালকৈ পকা কমলা, আনাৰস, আঙুৰ, ডালিম প্ৰভৃতি খাব । এইদৰে ৰোগৰ আৰম্ভণিতে ২-৩ দিন উপবাস দিলেই তেজত চেনিৰ পৰিমাণ কমি যাব আৰু প্ৰস্ৰাৱতো চেনিৰ পৰিমান কমি যাব অথবা একেবাৰে নোহোৱা হ’ব । ইয়াৰ পাছত আহাৰ-বিহাৰত বিশেষ সংযম অভ্যাস কৰিব । সদায় সতৰ্ক  থাকিব – যাতে আহাৰৰ দোষত অজীৰ্ণ বা অম্ল সৃষ্টি নহয় আৰু আহাৰৰ লগত অতিৰিক্ত চেনি পেটলৈ নাযায় ।

কোনো ঔষধতেই এই ৰোগ সম্পূৰ্ণ আৰোগ্য নহয় । যৌগিক ক্ৰিয়াৰ অভ্যাস কৰিলে নতুন ৰোগ খুব সোনকালে আৰোগ্য হ’ব । ৰোগ পুৰণা হ’লে সম্পূৰ্ণ আৰোগ্য হ’বলৈ কিছু সময় লাগিব । একাদশীৰ উপবাস, অমাৱস্যা আৰু পূৰ্ণ ইমাৰ নিশিপালন পুৰণা বহুমূত্ৰ ৰোগীৰ পক্ষে বিশেষ উপকাৰী । এই ৰোগৰ প্ৰবল অৱস্থাত ভাত আৰু ৰুটিৰ পৰিৱৰ্তে কাঁচকল সিজোৱা, ওল সিজোৱা বা মানকচু সিজোৱা খাব । চাউল, আটা, চাগু, বাৰ্লি প্ৰভৃতি শ্বেতসাৰজাতীয় খাদ্যৰ পৰা দেহত চেনি উৎপন্ন হয় আৰু আমিষজাতীয় খাদ্যত বহুমূত্ৰ ৰোগীৰ প্ৰবল অৱস্থাত এইবোৰ খাদ্য বন্ধ ৰখা উচিত । দৈ, নাৰিকল আদি খাদ্যতো প্ৰ’টিন থাকে, কিন্তু এইবোৰ মাছ, মাংস আৰু কণী প্ৰভৃতি আমিষজাতীয় খাদ্যৰ দৰে অম্লধৰ্মী নহয় বৰং শাক-পাচলিৰ দৰেই ক্ষাৰধৰ্মী । গতিকে বহুমুত্ৰ ৰোগীয়ে আমিষ খাদ্য বৰ্জন কৰি উপৰিউক্ত দৈ আৰু নাৰিকলৰ পৰা দেহৰ প্ৰয়োজনীয় প্ৰ’টিন উৎপাদন সংগ্ৰহ কৰিব । পকা কল, বিলাহী, বেঙেনা, কলডিল, পচলা, ডম্বৰু আৰু অন্যান্য শাক-পাচলি, বিশেষকৈ টাটকা শাক আৰু টেঙা আৰু মিঠা ফল এই ৰোগত সুপথ্য। চাহ, চিগাৰেট, মদ প্ৰভৃতি মাদক দ্ৰব্য যথাসাধ্য বৰ্জন কৰি চলিব । ছানা, সন্দেশ প্ৰভৃতি সংহত খাদ্য আৰু ঘিউৰে তৈয়াৰী খাদ্য আৰু আমিষ খাদ্য এই ৰোগত গ্ৰহণ কৰা উচিত নহয়। এইবোৰ খাদ্যই দেহত দূষিত বস্তু (ইউৰিক এচিড) সঞ্চিত কৰি ৰোগ বৃদ্ধিত সহায় কৰে । লগতে সন্ধ্যাকালত কিছু ভক্তিমূলক সংগীত শুনিব ।

লেখক- পাৰ্থপ্ৰতিম দাস

উৎস – দৈনিক জনমভূমি

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top