মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / বাত ৰোগৰ হোমিঅ চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাত ৰোগৰ হোমিঅ চিকিৎসা

বাত ৰোগৰ হোমিঅ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

বাত বেমাৰ সাধাৰণতে দুই প্ৰকাৰৰ -

১)সন্ধিবাত

২)গাঁঠি বাত।

সন্ধিবাত:

সন্ধিবাতত প্ৰথমে আঁঠু আক্ৰান্ত হয়। তাৰ পিছত ক্ৰমান্বয়ে ইটোৰ পিছত সিটো সন্ধি ফুলিবলৈ ধৰে। বিষ এটা সন্ধিৰ পৰা আন এটা সন্ধিলৈ পৰিচালিত হয়।

বিষৰ কাৰণে হাত-ভৰি লৰাব নোৱাৰে, ইকাটি-সিকাটিকৈ শুব নোৱাৰে। জ্বৰ ১০৪°-১০৫° ডিগ্ৰীলৈকে প্ৰায়ে উঠে।

সন্ধিবাতত প্ৰায়ে বিষ পৰিচালিথৈ হৈ হৃদপিণ্ড আক্ৰান্ত হয়।

গাঁঠি বাত -

গাঁঠি বাত সাধাৰণতে মধ্য বয়সৰ বা বয়সীয়া লোকসকলৰ হয়। শৰীৰৰ ভিতৰত উৎপন্ন হোৱা ইউৰিক এচিড সুস্থ অৱস্থাত প্ৰস্ৰাৱৰ লগত ওলাই যায়।

কিছু কাৰণবশতঃ ইউৰিক এচিড প্ৰস্ৰাৱৰ লগত ওলাই যাব নোৱাৰিলে তেজৰ লগত মিহলি হয় আৰু গাঁঠিত ‘ইউৰেট-অফ-চৌডা’ নামে এক ধৰণৰ পদাৰ্থ সঞ্চিত হয়।

গাঁঠি ফুলে, বিষ হয়। এনে ধৰণৰ ৰোগ হ’লে গাঁঠি বাত বেমাৰ বুলি কয়।

গাঁঠি বাত সাধাৰণতে-

  • মদ,
  • মাংস অতিৰিক্ত মাত্ৰাত খালে,
  • অতিৰিক্ত চেঁচা মাটিত শুলে,
  • অজীৰ্ণ,
  • শৌচ কঠিন হোৱা ইত্যাদি কাৰণত উৎপন্ন হয়।

কিছুমান গাঁঠি বাতত আক্ৰান্ত ৰোগীৰ-

  • আঠু ভৰিৰ পানী গাঁঠি,
  • গোৰোহা আদি প্ৰথমে ফুলে বা আন কোনো ঠাইত প্ৰথমে গাঁঠি বাত হৈ পিছত সমগ্ৰ শৰীৰৰ অনিয়মিত হয়,
  • অজীৰ্ণ,
  • টেঙা উগাৰ,
  • টেঙা বমি আদি হয়।

চিকিৎসা -

Mercurius sol 30:

এই ঔষধ সন্ধি বাত বেমাৰত ব্যৱহাৰ কৰা বিশেষ লক্ষণ হ’ল-

  • ফুলা সন্ধিবোৰ ৰঙা পৰে,
  • প্ৰচুৰ পৰিমাণে ঘামে,
  • জ্বৰ থাকে কিন্তু প্ৰচুৰ ঘাম ওলালেও ৰোগ উপশম নহয়।

Rhus tox 30:

এই ঔষধ ব্যৱহাৰ কৰা বিশেষ লক্ষণ হ’ল-

সন্ধিবোৰ ফুলি থাকিলেও ৰোগীয়ে সন্ধিবোৰ লৰচৰ কৰি থাকিবলৈ ইচ্ছা কৰে আৰু লৰচৰ কৰি থাকিলে কিছু আৰাম পায়।

এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ হৃদপিণ্ড আক্ৰান্ত হ’লে বাওঁহাত আৰু বাওঁকান্ধক খোচা-বিন্ধা কৰাৰ দৰে বিষ থাকে।

Acid Phos 30:

এই ঔষধ স্বপ্নদোষ, অজ্ঞাতসাৰে শুক্ৰ ক্ষয় হোৱাৰ লক্ষণসহ বাত ৰোগ হ’লে সাধাৰণতে ব্যৱহাৰ হয়।

Ginseng Q:

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ শুক্ৰ দোষৰ কাৰণে বাত ৰোগ হয়। পুৰুষ অংগ সম্পূৰ্ণ অকামিলা হয়। সকলো সময়তে মনৰ উত্তেজনা থাকে।

Berberis vulgaris Q:

প্ৰস্ৰাৱৰ ৰোগৰ পৰা বাত ৰোগ হ’লে সাধাৰণতে এই ঔষধটো সঘনাই ব্যৱহাৰ কৰা হয়।

  • এই ঔষধ প্ৰস্ৰাৱ তেজৰ দৰে ৰঙা,
  • ডাঠ ৰসৰ দৰে পাত্ৰত থলে প্ৰস্ৰাৱৰ তলত জেলিৰ দৰে বা ৰঙা গেদেৰী পৰা ধৰণৰ প্ৰস্ৰা হয় বা হ’ব পাৰে।

Acid Lactic 30:

  • তিতা,
  • কেহা,
  • টেঙা উগাৰ অহা বা বমি হোৱাৰ লগত গাঁঠি বাত বা সন্ধিবাৰ হ’লে ঔষধ সাধাৰণতে ব্যৱহাৰ হয়।

ডায়েবেটিছ ৰোগৰ লগত গাঁঠি বাত বা সন্ধিবাত হ’লে এইবিধেই একমাত্ৰ ঔষধ।

Antim crude 30:

  • ভৰিৰ সৰু গাঁঠিতকৈ ভৰিৰ তলুৱা অতিৰিক্ত ফুলিলে,
  • বিষালে আৰু সেইবাবে খোজকাঢ়িব নোৱাৰিলে এই ঔষধ ব্যৱহাৰ হয়।

Urtica urens 30:

সকলো ধৰণৰ পুৰণি গাঁঠি বাত ৰোগ, আঁঠুৰ গাঁঠি বাত ৰোগত এই ঔষধটো ব্যৱহাৰ হয়।

কিছু অধিক দিনলৈ অন্ততঃ তিনি-ছমাহ ব্যৱহাৰ কৰিলে প্ৰস্ৰাৱৰ যোগেদি ইউৰিক এচিড নিৰ্গত হৈ গাঁঠি বাত আৰোগ্য হয়।

এই ঔষধ ব্যৱহাৰ কৰিলে গাঁঠিবোৰত শিলগুটিৰ দৰে জমা হোৱা পদাৰ্থ ক্ৰমান্বয়ে ভাগি যায়।

Acid Benzoic 30:

আঁঠুৰ গাঁঠি বাত বেমাৰৰ লগত প্ৰস্ৰাৱত খুব দুৰ্গন্ধ ওলালে এই ঔষধ ব্যৱহাৰ কৰা হয়।

  • প্ৰস্ৰাৱত এইদৰে গোন্ধ ওলোৱাৰ লগত আঁঠুৰ গাঁঠি ফুলি শিলগুটিৰ দৰে পদাৰ্থ জমা হ’লে আৰু আঁঠু লৰচৰ কৰিলে,
  • খোজকাঢ়িলে পদাৰ্থবোৰ ঘঁহনি খাই শব্দ ওলালে এই ঔষধ ব্যৱহাৰ হয়।

Munganum mur 30:

ভৰিৰ গাঁঠিত আৰু ভৰিৰ হাড়বোৰত বিষ হ’লে এই ঔষধ ব্যৱহাৰ হয়।

Nux vomica 30:

অতিৰিক্ত শুক্ৰ ক্ষয় হৈ কঁকালত বিষ হ’লে বা অজীৰ্ণ ৰোগ হৈ পিছলৈ কঁকালত বিষ হ’লে এই ঔষধ ব্যৱহাৰ হয়।

এই ঔষধ ব্যৱহাৰ কৰা বিশেষ লক্ষণ হ’ল ৰাতিপুৱা শুই উঠাৰ লগে লগে কঁকালত অতিৰিক্ত বিষ হয় বা ৰাতি শুই থাকোঁতে কঁকালৰ বিষ থাকে, ইকাটি-সিকাটি হ’বলৈ হ’লে উঠি বহি ল’বলগীয়া হয়।

লেখিকা: ডাঃ এলিজা বেগম(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.13636363636
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top