মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / বিদ্যুৎস্পৃষ্ট ব্যক্তিৰ প্ৰাথমিক চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিদ্যুৎস্পৃষ্ট ব্যক্তিৰ প্ৰাথমিক চিকিৎসা :

বিদ্যুৎস্পৃষ্ট ব্যক্তিৰ প্ৰাথমিক চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

আমি সকলোৱে জানো মানৱদেহ বিদ্যুৎৰ সুপৰিবাহী। সেয়েহে বহু সময়ত বহু সাৱধানতা অৱলম্বন কৰাৰ তৎসত্বেও বহুজন Electric Shock খোৱা বা বিদ্যুৎস্পৃষ্ট হোৱাটো যেন বৰ্তমান সময়ত এটি সাধাৰণ ঘটনা।

আজি আমি আহকচোন জানি থ‌ওঁ কোনো ব্যক্তি হঠাৎ বিদ্যুৎস্পৃষ্ট হলে তাৎক্ষণিক ভাৱে সংক্ষেপত আমাৰ কৰণীয় খিনি.....

১)বিদ্যুতায়িত ব্যক্তিক দেখাৰ লগে লগে গাত হাত দি বা স্পৰ্শ কৰি এৰোৱাবলৈ চেষ্টা নকৰিব।

২)বৈদ্যুতিক চুইচ বা মেইন চুইচ প্ৰথমে বিচাৰি বন্ধ কৰক।

৩)যদি চুইচ বিচাৰি পোৱা নাই বা Disconnect নহলে বিদ্যুতৰ কুপৰিবাহী সামগ্ৰী যেনে ধৰক শুকান কাঠৰ টুকুৰা, শুকান বাঁহৰ টুকুৰা,শুকান কাগজ, শুকান কপোৰ,ৰবৰ বা প্লাষ্টিকৰ যিকোনো সামগ্ৰী যেনে ধৰক জোতা-চেণ্ডেল ইত্যাদি ব্যৱহাৰ কৰি মানুহ জনক সম্পৰ্কভেদ কৰক।

৪)ইয়াৰ পাছটো যদি বিদ্যুতায়িত বক্তিক তেনে স্থানৰ পৰা ভেদ কৰিব পৰা নাযায় তেনে লগে লগে অফিচত ফোন কৰক।

৫)বিদ্যুৎস্পৃষ্ট ব্যক্তিৰ শৰীৰত কেতিয়াও পানী ধালিবলৈ চেষ্টা নকৰিব।

৬)বিদ্যুৎস্পৃষ্ট ব্যক্তিজনৰ স্থান ভেদ হোৱাৰ লগে লগে গাৰ কপোৰবোৰ ধিলা কৰি দিব।

৭)বিদ্যুৎস্পৃষ্ট ব্যক্তিৰ হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হোৱা যেন অনুমান হলে CPR বা বুকুৰ ওপৰত জোৰ জোৰ কৈ প্ৰেছ কৰক।

৮)বিদ্যুৎস্পৃষ্ট ব্যক্তিৰ শ্বাস প্ৰশ্বাসৰ অসুবিধা হলে কৃত্ৰিমভাৱে দিয়াৰ ব্যৱস্থা কৰক।

৯)শেষত যিমান সোনকালে পাৰে চিকিৎসালয় লৈ নিয়াৰ ব্যৱস্থা কৰিব।

সকলোৰে সতৰ্কতাৰ উদ্দেশ্যে ক‌ই থ‌ওঁ বিদ্যুৰ কাম কৰাৰ সময়ত ভিজা হাত বা শৰীৰে যন্ত্ৰপাতি নধৰিব, খালি ভৰিৰে বা ভিজা ঠাইত ৰৈ বিদ্যুতৰ কাম নকৰিব,পৰাপক্ষত মেইন চুইচ অফ কৰিহে বৈদ্যুতিক কৰ্মবোৰ আৰম্ভ কৰিব।

লেখক: খালিদ ইছলাম

উৎস: উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.05882352941
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top