অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃক্কৰ শূল বিষ

বৃক্কৰ শূল বিষ

বৃক্কৰ শূল বিষ(Colic in Kidneys) বৃক্ক আৰু মূত্ৰনলীৰ ব্ৰণযুক্ত যক্ষ্মা, বৃক্কত থকা চালনী জালিকাৰ প্ৰদাহ, অৰ্বুদ বা গুটিকা, বৃক্কৰ পাত্থৰী আদি কেতবোৰ অসুখত হঠাতে কমৰ অঞ্চলত বিষ দেখা দিব পাৰে । জলকা জলকে উঠা বিষ যৌনাংগৰ পৰা উৰু অঞ্চললৈকে বিয়পি যাব পাৰে । বৃক্কৰ ৰোগৰ সৈতে প্ৰস্ৰাৱ কৰোতে জ্বলা পোৰা কৰা, ঘনাই ঘনাই প্ৰস্বাৱ হোৱা, প্ৰস্বাৱৰ ৰং পৰিৱৰ্তিত হোৱা ইত্যাদি উপসৰ্গ প্ৰায়ে থাকে । বৃক্কৰ শূল বিষৰ তীব্ৰতা দেহৰ অৱস্থান পৰিৱৰ্তনতো অকণো উপশমিত নহয় ।বৃক্কৰ অন্তৰভাগৰ সূক্ষ্ম কোষসমুহৰ অধিক সম্প্ৰসাৰণত, পাথৰ বা পূঁজেৰে মূত্ৰনলীৰ পথ বন্ধ হৈ যোৱাৰ ফলত অথবা মাংসপেশীৰ সংকোচনৰ ফলত এই বিষৰ সৃষ্টি হয় । এনে দুৰ্দশাগ্ৰস্তৰ বিষ দুৰ কৰাৰ বাবে দিয়া হয় কেইফোটামান ০.১% ঘন মাত্ৰাৰ এট্ৰ'পিন বা বেলাডোনা টেবলেট অথবা ২-৩ টোপাল ছিষ্টেনাল চেনিৰ ওপৰত পেলাই জিভাৰ তলত ৰাখিবলৈ দিয়া হয় । গৰম পানীৰ বেগ ব্যৱহাৰ কৰিলে বা গৰম পানীৰ বাথ টাবত শুই থাকিব পাৰিলে বৰ উপকাৰ পোৱা যায় । হঠাতে প্ৰস্ৰাৱ বন্ধ হৈ গলে প্ৰস্ৰাৱ বন্ধ হৈ যোৱা বা ৰোগীৱে যেতিয়া নিজে নিজে প্ৰস্ৰাৱ কৰিবলৈ অসমৰ্থ হয় তেতিয়া এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ।পৌৰুষ গ্ৰন্থীৰ অৰ্বুদ বা গুটিকা মূত্ৰাশয়ৰ পাত্থৰী, সুষুম্নাকাণ্ডৰ ৰোগ আদিৰ বাবে এনে হ'ব পাৰে । প্ৰস্ৰাৱ বন্ধ হৈ যোৱাৰ বাবে মূত্ৰাশয়ৰ বেৰবোৰ টান টান হোৱাৰ ফলত ভীষণ পেটৰ বিষ হ'ব পাৰে আৰু ইয়াৰ ফলত অন্ত্ৰ, হৃৎপিণ্ড, হাঁওফাঁও আদিৰ ক্ৰিয়া ব্যাহত হ'ব পাৰে । দুৰ্শাগ্ৰস্তক এক গিলাচ ঠাণ্ডা পানী খাব দিব লাগে, গুহ্যদ্বাৰৰ সন্মুখত গৰম পানীৰ বেগ দিব লাগে আৰু টেপৰপৰা পানী পৰি থাকিলে যি শব্দ হয় অনুৰূপ তেনে শ্ব্দৰ সৃষ্টি কৰিব লাগে । সহ্য কৰিব পৰা গৰম পানীত কঁকাললৈকে ডুবাই কিছু সময় বহি থাকিব । খুটুৰাশাক ঘিউৰে ভাজি খুৱাব । তথাপিতো যদি প্ৰস্বাব নহয়, দুৰ্শাগ্ৰস্তক চিকিৎসালয়লৈ লৈ যাব লাগে ।

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate