অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৃগিৰোগৰ আক্ষেপন

মৃগিৰোগৰ আক্ষেপন

মৃগিৰোগৰ আক্ষেপন হ’ল-এক গুৰুতৰ মানসিক ব্যাধিৰ বাহ্যিক প্ৰকাশৰ অন্যতম ৰূপ। ইয়াত ৰোগীয়ে হঠাতে জ্ঞান হেৰুৱায় আৰু লগে লগে হাত-ভৰি জোকাৰি ফিট হৈ পৰি যায়। ৰোগীৰ মূৰ এফালে বেঁকা হৈ যায় আৰু মুখেৰে থু, ফেন, লালটি আদি ওলাবলৈ ধৰে। ৰোগী আক্ষেপন হোৱাৰ লগে লগেই মাটিত পৰি যায় আৰু মাটিত পৰিয়েই বহুতো ৰোগীয়ে আঘাতপ্ৰাপ্ত হয়। মুখৰ বৰণ নীলাভ হৈ পৰে আৰু চকুৰ মণিয়ে পোহৰৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নেদেখুৱায়।

আক্ষেপন ১ ৰ পৰা ৩ মিনিটলৈকে থাকে। আক্ষেপন শেষ হ’লেই ৰোগী শুই পৰে আৰু তাৰ কি হৈছিল একেই মনত নাথাকে। আক্ষেপন চলি থকা সময়ত কেতিয়াবা ৰোগীয়ে অজ্ঞাতে শৌচ-প্ৰস্ৰাৱ কৰি দিয়ে।

আক্ষেপন চলি থকা সময়ত ৰোগীক সাহাৰ্য্যৰ প্ৰয়োজন হৈ পৰে।

  • আক্ষেপন আৰম্ভ হ’লে ৰোগীক ধৰি আৱদ্ধ কৰি ৰাখিব নালাগে। অথবা অন্য ঠাইলৈ নিয়াৰো চেষ্টা কৰিব নালাগে।
  • আশে-পাশে থকা বস্তুবোৰত যাতে আঘাত নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শিলগুটি, কাঠ আদি থাকিলে লগে লগে আঁতৰাই দিব লাগে।
  • মূৰৰ তলত কোমল বালিচ, কাপোৰ আদি যি পোৱা যায় গাৰু হিচাপে পাৰি দিব লাগে।
  • গাৰ কাপোৰ, টুপি, চশমা আদি খুলি শ্বাস-প্ৰশ্বাসত সুবিধা কৰি দিব লাগে।
  • জিভাত যাতে কামোৰ নালাগে তাৰ বাবে দুই পাৰি দাঁতৰ মাজত টানকৈ ভাঁজ কৰি লোৱা ৰুমাল বা তেনেধৰণৰ কাপোৰ সুমুৱাই দিব লাগে।
  • ঘৰুৱা ব্যৱস্থা
  • ৰোগী সংজ্ঞাহীন হ’লে জালুক এটা বেজীৰে ফুটাই জুইত পুৰিব লাগে। জালুকৰ পৰা ওলোৱা ধোঁৱা ৰোগীৰ নাকৰ ওপৰত ধৰিলে ধোঁৱা ভিতৰলৈ সোমাব আৰু ৰোগীয়ে সংজ্ঞা উভতাই পাব।
  • কোমোৰাৰ পানীৰে সৈতে ষষ্ঠিমধু বটি খুৱাব লাগে।
  • নহৰু আৰু তেল বা শতমূল আৰু এৱাগাখীৰ অথবা ব্ৰাক্ষ্মীশাকৰ ৰস আৰু মৌ মিহলাই খুৱাব লাগে।
  • হাইতাল ভষ্ম আৰু পাৰদ ভষ্ম মিহলাই ১০ গ্ৰামক ১০০ ভাগ কৰি দিনে ২-৩ বাৰকৈ ৪ দিন খালে মৃগই ৰোগ কমে।
  • ঘিউ ৭০ গ্ৰাম, পুৰণি কোমোৰাৰ ৰস ৯০০ গ্ৰাম, ষষ্টিমধুৰ গুড়ি ৬০ গ্ৰাম একেলগে মিহলাই ভালকৈ জুইত পগাব লাগে। পাছত চেঁচা কৰি মিশ্ৰণটো খাব লাগে।
  • বচ গুড়ি কৰি কেইদিনমান মৌৰ লগত খাব লাগে। বচৰ গুড়ি খাই থকা দিনকেইটাত গাখীৰ ভাত খাব, তাৰ বাহিৰে আন একো নাখাব।
  • এভাগ সৰিয়হ তেল, চাৰিভাগ গৰু মূতেৰে সিজাই গাত সিজাই গাত ঘঁহিলে মৃগিৰোগ ভাল হয়।
  • শ্বেত সৰিয়হ আৰু চজিনাগুটি গৰু মূতেৰে বটি গাত লেপ দিব।

লিখক: ডা: ৰফিক আলী।

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate