মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / মেনিনজাইটিছ (Meningitis) ৰ হোমিঅ’পেথিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেনিনজাইটিছ (Meningitis) ৰ হোমিঅ’পেথিক চিকিৎসা

মেনিনজাইটিছ (Meningitis) ৰ হোমিঅ’পেথিক চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

মানৱ শৰীৰৰ অস্থি সজ্জাৰ ভিতৰত থকা প্ৰধান প্ৰধান যন্ত্ৰ সমূহ অভ্যন্তৰীণ ঘৰ্ষণ ও বাহ্যিক চাপৰ লগতে যিকোনো ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জীবাণু (microorganism) আদিৰ পৰা ৰক্ষা পাবৰ বাবে এক পাতল আৱৰণৰ দ্বাৰা ঢকা থাকে। শৰীৰৰ এই গুৰুত্বপূৰ্ণ অংগ সমূহৰ অৱৰণী পৰ্দাৰ সকলোৰে বেলেগ বেলেগ নাম আছে। যেনে-

  • হাঁওফাঁও বা শ্বাস যন্ত্ৰৰ আৱৰণী পৰ্দাক প্লুৰা (Pleura),
  • হৃদপিণ্ডৰ আৱৰণী পৰ্দাক পেৰিকাৰডিয়াম (Pericardium),
  • অন্তৰ আৱৰণী পৰ্দাক পেৰিটনিয়াম (Peritoneum),
  • ঠিক তেনেদৰে ডুৰামেটাৰ (Dura mater),
  • এৰাকনয়ড মেটাৰ (arachnoid mater) আৰু
  • পায়া মেটাৰ (pai mater) নামৰ তিনিটা জীৱন কোষৰ তৰপেৰে গঠিত মস্তিস্কৰ যি আৱৰণ আছে তাকে মস্তিস্কৰ আৱৰণ বা মেনিনজেচ (Meninges) বুলি কোৱা হয়।

কিবা কাৰণত এই আৱৰণী পৰ্দা প্ৰদাহিত হ’লে তাকে মেনিনজাইটিছ বুলি কোৱা হয়। ই অতি যন্ত্ৰনা দায়ক ও জীৱনৰ প্ৰতি ভাবুকি সৃষ্টিকাৰী ৰোগ।

মেনিনজাইটিছ (Meningitis) ৰোগ উৎপত্তিৰ কাৰণ

চিকিৎসা বিজ্ঞানৰ অত্যাধুনিক গৱেষণাত এই কথা স্পষ্ট হৈছে যে, মেনিংগকক্কাচ (Meningococcous) নামৰ এবিধ বিজানু এই ৰোগ উৎপত্তিৰ মূল কাৰক। ইয়াৰ উপৰিও-

  • নিউমকক্কেল (Pneumococcal),
  • ষ্ট্ৰেপটকক্কাচ (Streptococcus)আদি বিজানু আক্ৰমণ,
  • টাইফয়েড,
  • জ্বৰ,
  • ইনফ্লুঞ্জা,
  • নিউমেনিয়া,
  • ব্ৰংকোনিউমোনিয়া,
  • HIV সংক্ৰামণ,
  • বসন্ত আদিৰ উপসৰ্গ,
  • মস্তিস্কৰ যিকোনো ধৰণৰ আঘাট লগা,
  • মাথাৰ হাঁৰ ভগা,
  • কানৰ বিষ,
  • তেজত phosphorus ion আৰু chloride of potash ৰ অভাব,
  • মস্তিস্কত পানী জমাহোৱা (Hydrophobia) আদি।

মেনিনজাইটিছ (Meningitis)ৰ প্ৰকাৰ ভেদে লক্ষণ:

মেনিনজাইটিছ ৰোগক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে।

১) চিমপল (Simple) আৰ

২) টিউবাৰকিউলাৰ (Tubercular) মেনিনজাইটিছ।

চিমপল মেনিনজাইটিছত প্ৰকাশ পোৱা লক্ষণ সমূহ:

চিমপল মেনিনজাইটিছত প্ৰথম অৱস্থাত কিছুমান ৰোগীৰ কঁপি কঁপি জ্বৰ উঠে। জ্বৰত প্ৰলাপ বঁকে। চকু, মুখ, জিভা ৰঙা হৈ পৰে। ৰোগীয়ে খাদ্য খাওক বা নাখাওঁক অনবৰতে বমি কৰে। মূৰত অতিৰিক্ত বিষ অনুভৱ কৰে। হুল খোমোৱাৰ দৰে বিষ হয়।

যন্ত্ৰনাত চিঞঁৰী উঠে গাৰুত মূৰ থেকেচে বা হেঁচামাৰি ধৰে। মুখৰ মাংস পেশী আৰু হাত-ভৰি কঁপে। চকুৰ মনি ঘুৰিবলৈ ধৰে।

শৰীৰ অৱস হৈ পৰে আৰু ডিঙিৰ মাংস পেশী টানহৈ পৰে। মাজে মাজে ৰোগীয়ে বলিয়ালি বকে। এনে অৱস্থাত একৰ পৰা দুই সপ্তাহ থকাৰ পিছত বলিয়ালি বকা কমি অহে।

ৰোগী অতিৰিক্ত দূৰ্বল হৈ পৰে। অজ্ঞান হৈ পৰে, অজ্ঞাতসাৰে বিচনাৰ কাপোৰ কোনি আজুৰে, দাঁত কৰচে। উশাহ-নিশাহত যথেষ্ঠ কষ্ট অনুভৱ কৰে। মাজে মাজে চিঞঁৰী উঠে। অজ্ঞাতসাৰে শৌচ-প্ৰস্ৰাৱ হয়।

সমগ্ৰ শৰীৰত চেচা ঘাঁম উলাই। মূখৰ চেহেৰা কলা পৰে। জিভাত একধৰণৰ প্ৰলেপ পৰে। সমগ্ৰৰ শৰীৰ অৱশ হয় আৰু ডিঙিৰ মাংস পেশী অতিৰিক্ত তান হৈ বেঁকা হৈ পৰে। নাড়ীৰ গতি অনিয়মিত হয়।

টিউবাৰকিউলাৰ(Tubercular) মেনিনজাইটিছৰ লক্ষণ

টিউবাৰকিউলাৰ মেনিনজাইটিছত সাধাৰণতে শিশু বেছি আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়।

ৰোগৰ উৎপত্তিৰ কাৰণ:

  • টিউবাৰকিউলাৰ মেনিনজাইটিছ সাধাৰণতে পুষ্টিকৰ আহাৰৰ অভাৱ,
  • বসন্ত ৰোগৰ কূফল,
  • হুপিংকফৰ উপসৰ্গ ৰুপে সৃষ্টি হ’ব পাৰে,
  • যিকোনো ধৰণৰ মূৰত আঘাট পোৱা,
  • কিছুমান চৰ্মৰোগ শৰীৰৰ ভিতৰলৈ বহি গলে,
  • কোনো ধৰণৰ মানসিক উত্তেজনা,
  • কলেৰা ৰোগৰ পাৰ্শ্বক্ৰিয়া ইত্যাদি কাৰণ বশঃত টিউবাৰকিউলাৰ (Tubercular) মেনিনজাইটিছ উৎপত্তি হয়।

টিউবাৰকিউলাৰ মেনিনজাইটিছত আক্ৰান্ত হলে আক্ৰান্ত শিশুৰ কিছু দিনৰ পৰা টোপনি নোহোৱা হয়। সকলো সময়তে অস্থিৰ হৈ থাকে। মুখৰ চেহেৰা ক্ৰমান্বয়ে কলা হৈ আহে। ভোক ক্ৰমান্বয়ে নোহোৱা হৈ আহে। দূৰ্গন্ধময় শৌচ আৰু প্ৰস্ৰাৱ হয়। শৰীৰৰ অংগ প্ৰত্যংগ ক্ৰমান্বয়ে ক্ষীণ হৈ আহে। মাজে মাজে শুই থকা অৱস্থাত চিঞঁৰ মাৰি উঠে।

কিছু সপ্তাহ এনে অৱস্থাত পাৰ হোৱাৰ পিছত অতিৰিক্ত জ্বৰ, মূৰৰ বিষ, শৰীৰৰ কঁপনী, বমি আদি আৰম্ভ হয়। মূৰত আৰু কঁপালত ভয়ংকৰ বিষ হয়। বিষৰ কাৰণে লৰা-ছোৱালীয়ে গাৰুত মূৰ থেকেচে আৰু চিতকাৰ কৰি উঠে।

ডিঙিৰ মাংস পেশী অতিৰিক্ত টান হয় আৰু ডিঙি বেঁকা হৈ পৰে। এনে অৱস্থাত কিছুদি পাৰ হোৱাৰ পিছত বমি প্ৰায় বন্ধহৈ যায়। সম্পুৰ্ণ জ্ঞান লোপ পায়। মাজে মাজে বলিয়ালি বঁকে আৰু হথাত চিঞঁৰ মাৰি ওঠে। অজ্ঞাতে শৌচ-প্ৰস্ৰাৱ হয়।

অলপ জ্বৰ থাকে। দাঁত কৰচে। ওঁঠ আৰু বিছনাৰ কাপোৰ চিকুতে। খাদ্য ও পানী খাব নোৱাৰা হয়। ওঁঠ আৰু ডিঙিত একপ্ৰকাৰ বগা স্ৰাৱ বহে। চকুৰ পলক একে থাইতে স্থিৰহৈ পৰে, চকু আধা মোদখাই থাকে। ডিঙি, পিঠি বেঁকা হৈ পৰে। পেটত এক ধৰণৰ উদ্বেদ ওলাই। অন্তিম অৱস্থাত সমষ্ট উপসৰ্গ বৃদ্ধি পায়।

দেহৰ তাপমাত্ৰা ১০৩ পৰা ১০৪/১০৫ ডিগ্ৰী পৰ্যন্ত হয়। চকুৰ বগা অংশ ওলাই চকু স্থিৰ হৈ পৰে। শৰীৰৰ মাংস পেশী কোঁচখায়। ৰোগীৰ ডিঙি, পিঠি ধেনুৰ দৰে বেঁকা হৈ পৰে। অৱশেষত মৃত্যু পৰ্ষন্ত হয়।

তলত মেনিনজাইটিছত ব্যৱহৃত কেইটিমান ঔষধৰ নাম লক্ষণ নুসৰি উল্লেখ কৰা হৈছে যদিও প্ৰয়োগৰ ক্ষেত্ৰত অভিজ্ঞ হোমিঅপেথিক চিকিতসকৰ কাষ চাপিবলৈ পৰামৰ্শ আগবঢ়োৱা হল।

এপিচমেল(Apis mellifica)

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীয়ে বিশেষকৈ লৰা-ছোৱালী বিলাকে মূৰৰ ভিতৰত হুল সুমোৱাৰ দৰে এক প্ৰকাৰৰ বিষ টোপনি যোৱাৰ পিছত বা টোপনিৰ পৰা সাৰ পোৱাৰ পিছত অনুভৱ কৰে আৰু সেই বোবে চি়ঞৰ মাৰি উঠে। শৰীৰৰ কোনো অংশ বা সমগ্ৰ শৰীৰতে জোকাৰণি উঠে।

ৰোগীৰ ডিঙিৰ মাংস পেক্ষী টান হয়, মূৰ, পিঠি বেকা হৈ পৰে। অচেতন অৱস্থাত শৌচ, প্ৰস্ৰাৱ হলে এই ঐষধ ব্যৱহাৰ কৰিব পাৰি।

এই লক্ষণ বোৰৰ লগতে যেই কোনো চৰ্ম ৰোগ শৰীৰৰ ভিতৰলৈ সোমাই যোৱাৰ পিছত, বা মস্তিস্কৰ যেই কোনো ৰোগৰ কাৰণে মেনিনজাইটিছ হলে Apis mellifica ব্যৱহাৰ হয়।

CICUTA-VIROSA: কোনো কোনো সময়ত দেহৰ তাপমাত্ৰা বৃদ্ধি আৰু কোনো সময়ত অত্যন্ত ঠাণ্ডা অনুভৱ। চকু আৰু মূখ ণ্ডলৰ পেক্ষী অত্যন্ত দূৰ্ব্বল, চকুৰ পতা জপাব নোবাৰে।

দাঁত কামুৰী ধৰে, মাঠাৰ পিছফালে অত্যন্ত বিষ হয়। শ্বৱন শক্তি লোপ পোৱাৰ লগতে বাক্ শক্তিও হেৰাই। বুকুৰ পেক্ষী দূৰ্ব্বল হৈ পৰাৰ বাবে শ্বাস কষ্ট, কঁপনি হয় আৰু মুখেৰে ফেন ওলোৱা আদি লক্ষণ থাকিলে এই ঐষধ ব্যৱহাৰ হয়।

Belladonna: জ্বৰৰ আৰু মস্তিস্কত ৰক্ত সঞ্চয়ৰ লগতে প্ৰলাপ বকে। চকু মুখ ৰঙাহৈ পৰে। মাঠা পিছফালৰ পৰা টানি থকাৰ দৰে অনুভৱ হয়।

পোহৰ আৰু হুলস্থুলীয়া পৰিবেশ কোনোপধ্যেই সহ্য কৰিব নোৱাৰে। মাঠাৰ পচণ্ড যন্ত্ৰনা আদি লক্ষণ থাকিলে এই ঔষধ ব্যৱহাৰ হয়।

Cannabis indicia: অত্যন্ত দূৰ্বল। মূৰৰ পিছফালে প্ৰচণ্ড বিষ হয়। অজ্ঞান অৱস্থাত ধনুৰ দৰে বেকাঁহৈ পৰি থাকে। শৰীৰ ঠাণ্ডা কিন্তু ঘাম ওলাই থাকে, নাৰীৰ গতি অত্যন্ত দূৰ্বল। পোহৰ আৰু শব্দ সহ্য কৰিব নোৱাৰে। আদি লক্ষণত এই ঔষধ ব্যৱহাৰ কৰিব পাৰি।

Carbo veg- হুপিং কফ, কলেৰা আদি ৰোগ বা যেই কোনো দূৰ্বল ৰোগৰ পৰিনাম ফলত মেনিনজাইটিছ বা যেই কোনো ধৰণৰ ৰোগ হওঁক প্ৰথমে এই ঔষধ ব্যৱহাৰ কৰিব পাৰি। carbo veg ব্যৱহাৰৰ পৰৱৰ্তী পৰ্যায়ত casticum আৰু শেষত tuberculinum ব্যৱহাৰ কৰিব পাৰি।

Actaea-racemosa- যেই কোনো ধৰণৰ মস্তিস্কৰ ৰোগ, মানসিক উত্তেজনা যেনে- ভয়, খং, শোক, দুখ, হিংসা ইত্যাদিৰ কূফলৰ পৰা মেনিনজাইটিছ উৎপত্তি হলে এই ঔষধ দিঘলীয়া সময় ধৰি ব্যৱহাৰ কৰিব লাগে। Actaea-racemosa ব্যৱহাৰ কৰাৰ পিছত lycopodium, medorrhinum আদি ব্যৱহাৰ কৰিব পাৰি।

Netram-sulph- মেৰুদণ্ড ৰোগৰ পৰা মেনিনজাইটিছ হলে সাধাৰণতে এই ঔষধ ব্যৱহাৰ কৰা হয়। এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ মুৰৰ পিছফলে ভয়ঙ্কৰ বিষ থাকে, মূৰ পিছফালে বেঁকা হৈ পৰে, শৰীৰৰ মাংস পেশীবোৰ ভয়ঙ্কৰ ভাবে স্পন্দিত হয়। ৰোগী বলিয়ালি বকে, মাজে মাজে চিঞঁৰি উঠে। ৰোগী ডিঙি, পিঠি ধেনুৰ দৰে বেঁকা হৈ পৰা আদি লক্ষণ থাকে।

Hellebores-niger- এই ঔষধ ব্যৱহাৰ হোৱা ৰোগী সম্পুৰ্ণ অচেতন অৱস্থাত পৰিথাকে, গাৰুত মূৰটো ফাল সিফাল কৰে, কপালৰ মাংস পেক্ষী কোঁচ খাই যায়।

অজ্ঞান অৱস্থাত একে স্থিৰে চাই থাকে। মাজে মাজে হাত দাঙি শূণ্যত কিবা ধৰাৰ দৰে খেপিয়াই, বিচনাৰ কাপোৰ ছোবাই।

ৰোগীগ আংশিক বা সম্পূৰ্ণ শৰীৰ যথৰ হয়। ডিঙিৰ মাংস পেক্ষী টান হৈ ৰোগীৰ মূৰ আৰু পিঠি বেকাঁহৈ যায়। আজ্ঞান অৱস্থাত হঠাত চিঞঁৰ মাৰি উঠে।প্ৰস্ৰাৱ প্ৰায় বন্ধ থকা আদি লক্ষণত এই ঔষধ ব্যৱহাৰ হয়।

Argenium-nitricum- সকলো ধৰণৰ মস্তিস্কৰ ৰোগ- চিমপল মেনিনজাইটিছ, টিউবাৰকিউলাৰ মেনিনজাটিছ ইত্যাদি ৰোগত ৰোগীৰ মাংস পেক্ষী, হাত-ভৰি আৰু সমগ্ৰ শৰীৰতে জোকাৰণী একেৰাহে হৈ থাকিলে এই ঔষধ ব্যৱহাৰ কৰা হয়।

Apocynum cannabinum – চিমপল মেনিনজাইটিছ বা হাইড্ৰোকেফেলাছ ৰোগত বিশেষকৈ লৰা-ছোৱালীৰ মূৰৰ হাড় যোৰা ফাঁকহৈ পৰে।

ৰোগীৰ এটা চকু মূদখাই থাকে, এটা চকুৰে কোনো বস্তু দেখা নাপায়, কপাল ফুলি উঠে। ৰোগী সম্পূৰ্ণ অচেতন অৱস্থাত থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব পাৰি।

ইয়াৰ উপৰি-

  • zincum met,
  • phosphorus ,
  • agarics,
  • ignatia,
  • lechesis,
  • Silesia,
  • gelsemium,
  • sulphur,
  • bryonia,
  • opium,
  • veratum,
  • arsenic iod,
  • medorrhinum,
  • kali-carbo,
  • Calcarea-carbo,
  • bryonia alb,
  • glonoine আদি মেনিনজাইটিছ ৰোগৰ লক্ষণ অনুসৰি ব্যৱহাৰ হয়।

লেখক: ডাঃ হৰিকান্ত দাস

ফোন-9954340102

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top