লোক –সংস্কৃতিৰ এক উল্লেখযোগ্য অৱদান হৈছে লোক খাদ্য । লোকখাদ্য আৰু বনৌষধিৰ ব্যৱহাৰ অতীজৰে পৰা আমাৰ জীৱনত প্ৰচলিত হৈ আহিছে । আমাৰ উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা বৈচিত্ৰ্যময়ী জাতি-গোষ্ঠীসমূহৰো আছে লোকখাদ্যৰ পৰম্পৰা, বনৌষধিৰ চিকিৎসা পদ্ধতি । প্ৰাকৃতিক পৰিৱেশেৰে ভৰা আমাৰ ৰাজ্যখনত তাহানি কালৰ পৰাই বিভিন্ন লোকখাদ্যবোৰৰ ভিতৰত গছৰ শিপা , গছ পাত, গুটি উদ্ভিদজাত সামগ্ৰীৰ ব্যৱহাৰ চলি আহিছে । এইবোৰ আছে খাদ্যমৌল আৰু ঔষধি গুণ । যিবোৰে আমাৰ বিভিন্ন ৰোগ নিৰাময় কৰি সুস্বাস্থ্যৰ অধিকাৰী হোৱাত সহায় কৰিব পাৰে ।
আমাৰ লোকজীৱনত ব্যৱহৃত লোকখাদ্য আৰু লোক চিকিৎসা পদ্ধতি আকৌ কেইবাটাও ভাগত ভাগ কৰা হৈছে-
১) বনৌষধি হিচাপে খাদ্য
২) বনৌষধিৰ চিকিৎসা
৩) লোকাচাৰ আৰু তন্ত্ৰ-মন্ত্ৰ বিশ্বাস
৪) বনৌষধিৰ গুণাগুণ
বৈদিক যুগৰ পৰাই ইয়াৰ প্ৰচলন হোৱাৰ তথ্য জনা যায় । ইয়াৰ পিছত চুকাফা স্বৰ্গদেৱে সৌমাৰত ১১২৮ খ্ৰীষ্টাব্দত চিকিৎসা পদ্ধতি পৰম্পৰাগতভাৱে আৰু বনৌষধিৰ দ্বাৰা চিকিৎসা কৰা হৈছিল । ইয়াৰ উপৰি ড: লীলা গগৈদেৱৰ টাই সংস্কৃতিৰ ৰুপৰেখা পুথিত উল্লেখ কৰা মতে আহোম যুগত লোকখাদ্য সম্ভাৰ আৰু বনৌষধিৰ প্ৰাচুৰ্য অত্যধিক আছিল বুলি উল্লেখ কৰিছে ।
সি যি কি নহওক কিয়, সম্প্ৰতি বিভিন্ন বনৌষধিৰ গুণাগুণৰ কথা আলোচনা কৰিবলৈ লোৱা হৈছে । গ্ৰীষ্ম কালত মানুহৰ বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পোৱা আৰু ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ ঔষধি গুণসম্পন্ন হৈছে নৰসিংহ । নৰসিংহ আৰু মাছৰ জোল পেটৰ ৰোগৰ মহৌষধ । ই খোৱাৰ ৰুচি বঢ়ায় । গ্ৰহণী আৰু ডায়েবেটিছ ৰোগৰ উত্তম ঔষধ ।
তিতা টেঙা খাৰ
এই তিনি ভোজনৰ সাৰ
ইয়াৰ উপৰি তুলসী এবিধ ঔষধি গুণসম্পন্ন পৱিত্ৰ উদ্ভিদ । ই অমনুহৰ কাহ-কফ দূৰ কৰে । মৌৰ লগত বতুলসীৰ ৰস খালে কাহ ভাল হয় । ই অসুস্থতা নাইকিয়া কৰিব পাৰে । সেয়েহে ডাকৰ বচনত পোৱা যায় এইদৰে-
কলীয়া তুলসী বেলৰ পাত
মুঠাই সহিতে বটিয়া পটাত,
তপত কৰিয়া জনমী খাইবো
তেবেসে নাৰীক সুস্বাস্থ্য পাইবো ।
অকল এয়াই নহয়, আমাৰ লোকখাদ্য সম্ভাৰ আৰু লোকচিকিৎসা পদ্ধতিত আৰু বহুতো বনৌষধি আছে । যিবোৰ সংৰক্ষণ কৰা আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰতি ৰাইজক সজাগ কৰিব লাগিব ।আমাৰ বিভিন্ন লোক লোক খাদ্যৰ প্ৰতি সজাগ হ’ব লাগিব । ডাকৰ বচনত আৰু পোৱা যায় এইদৰে-
বতৰৰ শাক-পাচলি ফল মূল-খোৱা
শৰীৰ দুৰ্বল হ’লে জিৰণি লোৱা
বতৰৰ শাক-পাত নিয়মিত খাৱা
তেবেহে সুস্বাস্থ্যৰ অধিকাৰী হ’বা ।
অকল এয়াই নহয় , আমাৰ বাৰী-বস্তিত পোৱা সহজলভ্য শাক-পাতেৰে আমি সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰো । আমাৰ চৌপাশে থকা গনচানা, মানকচু, ক’লাকচু, আমলখি, টুপৰীলতা, শ্যামলতা, সিন্ধেলতা, কলমৌ শাক, হেলচী শাক, পচেতীয়া, নেফাফু, মছন্দৰী আদি হৈছে বনৌষধি, আমাৰ লোকখাদ্য ।
লেখক :- ধনেশ্বৰ হুজুৰি
উৎস :- জি এনআৰচি স্বাস্থ্য