অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ্বাস-প্ৰশ্বাস জনিত ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা

শ্বাস-প্ৰশ্বাস জনিত ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা

 

আমাৰ বহুত সদস্যই শ্বাস-প্ৰশ্বাস সম্বন্ধীয় চিকিৎসা বিষয়ে মেছেজ দিয়াৰ পৰিপ্ৰেক্ষিতত ইয়াৰ চিকিৎসা উল্লেখ কৰিব লগীয়া হৈছে। ইয়াত সাধাৰণ চিকিৎসা দিয়া হৈছে আৰু প্ৰয়োজন সাপেক্ষে বিশেষ চিকিৎসাৰ বাবে নিজ অঞ্চলত থকা আয়ুৰ্বেদিক চিকিৎসকৰ সৈতে যোগাযোগ কৰি ঔষধ খাব। কাৰণ শ্বাস-প্ৰশ্বাস ৰোগ বহুত প্ৰকাৰৰ আছে‌।।

বমন – ই এক বিশেষ ধৰণৰ চিকিৎসা। ৰোগীক কিছুমান নিয়মৰ মাজেৰে ঔষধ খুৱাই শ্বাসনলী আৰু হাওঁফাওঁৰ ভিতৰত থকা কফ সম্পূৰ্ণকৈ বাহিৰ কৰা হয়। ই আয়ুৰ্বেদিক চিকিৎসা পঞ্চকৰ্মৰ এটা অংশ। পুৰণি হাপানী ৰোগীৰ কাৰণে এই চিকিৎসা অতি প্ৰয়োজনীয়। সচৰাচৰ আন ৰোগী সকলে তলৰ ঔষধ খালেই যথেষ্ট আৰোগ্য হ’ব । আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত বহুত ঔষধ আছে যদিও ইয়াত মাত্ৰা দুটামান উল্লেখ কৰা হৈছে।

বয়সীয়াল সকলৰ বাবে:-

(১) Sitopaladi churnaনাইবা Talishyadi churna- এচামুচকৈ দিনে তিনিবাৰ খাব।

(২) Swash Kuthar ras/ Laxmivilash ras/ Chandramrit ras- যিকোনো এবিধ দুটাকৈ (২৫০-৩০০ মিলি গ্ৰাম) দিনে তিনিবাৰ খাব। এই ঔষধত ছালফাৰ, মাৰ্কাৰী ইত্যাদি কৰি বহুত খনিজ পদাৰ্থ তথা ধাতু থাকে। এই পদাৰ্থ শোধন কৰি ভস্ম বা নেনো কণিকালৈ পৰিৱৰ্তন কৰি প্ৰয়োগ কৰা হয়। উল্লেখ যোগ্য যে আয়ুৰ্বেদিক ঔষধৰ ভস্ম নেনো টেকনোলজিৰে হেজাৰ বছৰ ধৰি প্ৰস্তুত কৰি আহিছে। সেয়েহে ই ক্ষীপ্ৰতাৰে কাম কৰে।

(৩) Kanakasav / Drakshasa ৪৫০ মি:লি: ৰ সৈতে Godanti Bhasma নামৰ ঔষধ ১০ গ্ৰাম মিহলাই ৪ চামুচকৈ ৩ বাৰ খাব

(৪) Chayanprash – এচামুচকৈ দিনে তিনিবাৰ খাব। ই এবিধ শ্ৰেষ্ঠ এন্টিঅক্সিডেন্ট আৰু ৰসায়ন। সেয়েহে শ্বাসনলী আৰু হাওঁফাওঁৰ ভিতৰলৈ যিকোনো ধৰণৰ বীজাণু প্ৰৱেশ কৰাত বাধা দিয়াৰ উপৰিও শৰীৰ সুস্থ সবল কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এই ঔষধ খালে সম্পূৰ্ণ ভাল পাব।

৫-১০ বছৰৰ ব্যক্তিয়ে ইয়াৰ আধা পৰিমাণে খাব।

শিশুসকলৰ চিকিৎসা ইতিমধ্যে আন এটা পোষ্টত দিয়া হৈছে।

আহাৰ বিহাৰ- ঠাণ্ডা আৰু বিজলুৱা খাদ্য , চানা মিঠাই , ক্ৰীম , মাখন , কণী , আদি নাখাব । পদিনা পাতৰ ৰস, কুহুমীয়া গৰম পানীৰে বনোৱা নেমুচৰ্বত,  কিচমিচ, খেজুৰ, তুলসী পাতৰ ৰস , বাহকা পাতৰ ৰস খালে সোনকালে নিৰাময় হোৱাত সহায় কৰে । লং , জষ্টিমধু মুখত লৈ দিনত কেবাবাৰো খাব। ভূজঙ্গাসন, সৰ্বাঙ্গাসন, প্ৰাণায়াম কৰিলে বুকুৰ গঠন ইংৰাজী V আখৰৰ দৰে হয় বাবে হাওঁফাওঁক বুকুৰ মাংসপেশীয়ে চেপামাৰি ধৰিব নোৱাৰে বাবে এই ধৰণৰ ৰোগৰ পৰা মূক্ত হব পাৰি।

লেখক : ডা: মনোজ কুমাৰ শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate