অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ষ্ট্ৰোক, পেৰালাইছিছ আৰু চিকিৎসা

ষ্ট্ৰোক, পেৰালাইছিছ আৰু চিকিৎসা

আধুনিক বিজ্ঞানৰ বিভিন্ন অৱদানৰ জৰিয়তে মানুহৰ জীৱন যাত্ৰা দ্ৰুততৰ আৰু উজু হৈ পৰিছে । পাছে ভ্ৰান্তধৰনৰ জীৱন যাপনৰ শৈলীৰ হেতুকে নানা ধৰণৰ ৰোগকে ধৰি জটিল ধৰণৰ সমস্যাই গা কৰি উঠিছে । এইবোৰ সমস্যাক আধুনিক সভ্যতাৰ অভিশাপ বুলি আখ্যা দিব পাৰে । এনেবোৰ ৰোগৰ ভিতৰত উল্লেখনীয় হৈছে উচ্চ ৰক্তচাপ, বহুমুত্ৰ, মেদবহুলতা, কলিজা আৰু লিভাৰৰ নান ৰোগ । ইয়াৰে প্ৰথমবিধে (অৰ্থাৎ উচ্চ ৰক্তচাপৰ ফলত) শৰীৰৰ বিভিন্ন অংশত নানা ধৰণৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে । মগজুলৈ তেজ সৰবৰাহকাৰী ধমনীৰ সুৰংগত তেজ গোট মাৰি তেজ চলাচলত বাধাৰ সৃষ্টি কৰে । ইয়াৰ ফলত মগজুৰ কেতবোৰ বিশেষ অংশ শুকাই যাব পাৰে । সেই বিশেষ অংশটিয়ে শৰীৰৰ যিবোৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে তেনেবোৰ কাম-কাজ ব্যাহত হয় । উদাহৰণস্বৰুপে শৰীৰৰ একোটা পিনৰ হাত-ভৰি জঠৰ বা অকামিলা হৈ যাব পাৰে । চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক Hemiplegia (আংশিকভাৱে অকামিলা হ’লে Hemiparesis  বোলে । আনহাতে সৰ্বসাধাৰণৰ ভাষাত ইয়াক পেৰালাইছিছ বোলে । আনুষংগিকভাৱে বাকশক্তি টুটিব বা ক্ষয় যাব পাৰে । (Impairment of Speech) । আজিৰ তাৰিখত চিকিৎসা বিজ্ঞানৰ অভাৱনীয় অগ্ৰগতি হোৱা সত্ত্বেও এইবিধ জটিলতাৰ সম্পূৰ্ণ আৰোগ্য লাভ যেন সম্ভাৱপৰ হোৱা নাই । অৱধাৰিতভাৱেই এনে ৰুগ্নাৱস্থাৰ বাবে এক পাৰিবাৰিক তথা সামাজিক সমস্যাৰ সৃষ্টি হোৱা বুলিব লাগিব । কাৰণ এইসকল ব্যক্তি নিজৰ জীৱনৰ প্ৰতিটো কামৰ বাবেই পৰমুখাপেক্ষী হ’বলগীয়া হয় ।

অৱশ্যে বিজ্ঞানীসকলৰ শেহতীয়া গৱেষণাৰ ফলত এইক্ষেত্ৰত আশাৰ সঞ্চাৰ হোৱা বুলিব লাগিব । এই নিবন্ধটিৰ জৰিয়তে সহৃদয় পঢ়ুৱৈসকলক চমু আভাস দিব খুজিছোহঁক । এইক্ষেত্ৰত উল্লিখিব লাগিব বান্দৰৰ মস্তিষ্কৰ ওপৰত চলা গৱেষণাৰ বিষয়ে । বায়াৰ (তাঁৰ) আৰু ইলেকট্ৰডৰ জৰিয়তে মগজুৰ মগজুলৈ তথ্য ‘আপলোড’ কৰিব পৰা ইতিমধ্যে হৈ গৈছে । স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে এই পৰিঘটনা সংঘটিত হৈছে । ষ্ট্ৰোকৰ ফলত অসাৰতাত বা পেৰালাইছিছত ভোগা ৰোগীসকলক পুনৰ খোজ কাঢ়িবলৈ সক্ষমতা প্ৰদানৰ উদ্দেশ্যে গতিবিধি (Movement) ছেন্সৰৰ সহায়ত মগজুৰ সংযোগ স্থাপন কৰা হয় । খোজকঢ়াৰ ভংগিমা আৰু গতিবেগৰ ওপৰত ইয়াৰ নিয়ন্ত্ৰণ থাকে । বিজ্ঞানীসকলৰ মতে ইয়াৰ জৰিয়তে ভৱিষ্যতে মানৱ সমাজৰ কল্যাণাৰ্থে কেতবোৰ কাম কৰিব পৰা যাব । আমেৰিকাৰ নৰ্থ কেৰ’লিনাৰ ডিউক বিশ্ববিদ্যালয়ৰ স্নায়ুবিজ্ঞান বিভাগৰ অধ্যাপক ড° মিগুৱেল নিকোলিছৰ মতে বান্দৰৰ মগজুৰ চেৰিব্ৰেল ক’ৰ্টেক্স নামৰ অংশটিলৈ এনে সংকেত প্ৰেৰণ কৰে যাৰ জৰিয়তে ভিন্ন ধৰণৰ খাদ্য-সম্ভাৰৰ জুতিৰ ভিন্নতাৰ উমান জন্তুটিয়ে লভিবলৈ সক্ষম হয় । অৱশ্যে ইয়াত ব্যৱহাৰ হোৱা প্ৰযুক্তিৰ প্ৰচলনৰ পূৰ্বৰে পৰাই আছিল যদিও মগজু আৰু যন্ত্ৰৰ মাজত কোনো সুসমন্বয় নথকা বাবে ব্যৱহাৰকাৰীয়ে ভবা ধাৰণাৰ দ্বাৰা দৈহিক গতিবিধি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল । পাছে আমেৰিকা, ছুইজাৰলেণ্ড আৰু ব্ৰাজিলৰ বিজ্ঞানীসকলে অংশগ্ৰহণ কৰা ‘ৱাক এগেইন’ প্ৰজেক্টৰৰ জৰিয়তে এয়া সম্ভৱপৰ হৈ উঠিছিল । অসাৰতাত ভোগা হাত-ভৰি যুগল এক কৃত্ৰিম তথা বাহ্যিক জঁকাৰ (Exoskeleton) জৰিয়তে চালিত হৈ লৰচৰ কৰা সম্ভৱপৰ হৈ উঠিছিল । ডা: নিকোলিছ আৰু তেওঁৰ সহযোগীসকলৰ মতে লক্ষ্যস্থলত উপনীত হ’বলৈ তেওঁলোকৰ এতিয়াও বহুদূৰ বাকী যদিও এয়া যেন সফলতাৰ প্ৰথমটো মাইলৰ খুঁটি । ইয়াৰে এটা সম্পৰীক্ষাত আৰোৰা নামৰ এটা বান্দৰে তাইৰ মগজুত স্থাপন কৰা ইলেকট্ৰ’ডৰ  মাধ্যমেদি কম্পিউটাৰৰ কাৰ্ছৰ (Cursor) ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল । অনুৰুপ ধৰণৰ কাম কৰিবলৈ সমৰ্থ হৈছিল পাৰ্কিনছন ৰোগীসকলো ।

আশ্চৰ্যকৰ বিষয়টি হৈছে যে মগজুত ইলেকট্ৰ’ডযুক্ত এনে এটা বান্দৰে হেজাৰ যোজন দূৰৈত অৱস্থিত জাপানত থকা এটা ৰ’বটৰ সৈতে ইণ্টাৰনেটৰ জৰিয়তে যোগাযোগ কৰিবলৈ সক্ষম হৈছিল । অৱশ্যে এনেবোৰ ক্ষেত্ৰত বাহ্যিক সংকেতহে পঠিওৱা হৈছিল ।

মানুহে খোজ কঢ়াৰ সময়ত মাথোঁ দৃষ্টিশক্তিৰ জৰিয়তে দৈহিক গতিবিধি নিয়ন্ত্ৰণ নকৰে-গতিবেগ আৰু স্থিতি অটুট ৰখাৰ বাবে সংজ্ঞাবাহী তথ্যৰো (Sensory Data) দৰকাৰ হয় । গতিকে অসাৰতাত ভোগা ৰোগীসকলে বাহ্যিক জঁকা নিয়ন্ত্ৰণ কৰাৰ বাবে মগজুৰ পৰা তথা মগজুলৈ সংকেত পৰিবাহিত হ’ব লাগিব ।

গৱেষণাৰ সময়ত বান্দৰৰ লাওখোলাত বিজ্ঞানীসকলে ৰন্ধ্ৰৰ মাজেদি এনে এক মাইক্ৰ’চিপ সুমুৱাই দিয়া হৈছিল যিটো নেকি সাত শতাধিক চুলিৰ লেখীয়া ইলেকট্ৰ’ডৰ দ্বাৰা গঠিত । মগজুৰ উপৰিভাগৰ কিছু তললৈকে এনে ইলেকট্ৰ’ড সুমুৱাই দিয়া হয় । ইয়াৰে কিছু অংশই সংকেত ৰেকৰ্ডিং কৰে আৰু আন কিছুমান অংশই বাহ্যিক পৰিৱেশৰ তথ্য সংগ্ৰহ কৰে । নিগনিৰ ওপৰতো অনুৰুপ ধৰণৰ গৱেষণাৰ জৰিয়তে স্পৰ্শানুভূতিৰ তথ্য সংগ্ৰহ কৰা হৈছিল । সমস্ত গৱেষণাখিনিৰ ফলাফল এতিয়ালৈকে প্ৰকাশ কৰা নাই যদিও ছায়েন্স আমেৰিকান নামৰ আলোচনীত এই সন্দৰ্ভত এটি প্ৰতিবেদন প্ৰকাশিত হৈছে । নি:সন্দেহে মগজুত সংস্থাপন কৰা ইমপ্লেণ্টবোৰৰ কাৰ্যদক্ষতা বঢ়াব লাগিব । কাৰণ ইয়াৰ জৰিয়তে কেইবাহেজাৰো মাইক্ৰ’ ইলেকট্ৰ’ডত পৰিবাহিত হ’ব । বিজ্ঞানীসকলৰ মতে সাম্প্ৰতিক কালৰ তুলনাত উন্নততৰ প্ৰযুক্তিৰ জৰিয়তেহে মগজু আৰু যন্ত্ৰৰ সুসমন্বয়ত পৰিচালিত বাহ্যিক জঁকাৰ জৰিয়তে ষ্ট্ৰোকৰ হেতুকে প্ৰতিবন্ধী ব্যক্তিসকলৰ আক্ৰান্ত অংশৰ দৈহিক সক্ষমতা ওভতাই লভিব পৰা যাব ।

ইয়াৰ বাবে নৱপ্ৰজন্মভুক্ত উচ্চ ঘনত্বযুক্ত মাইক্ৰ’ ইলেকট্ৰ’ডৰ দৰকাৰ হ’ব আৰু এনে যন্ত্ৰ মানৱ মগজুত সংস্থাপন কৰিব পৰা যাব । মগজুৰ বিভিন্ন  অংশত অৱস্থিত লাখ লাখ স্নায়ুকোষ বা নিউৰণৰ বৈদ্যুতিক কম-কাজ সুদীৰ্ঘকালৰ বাবে বিশ্বাসযোগ্য ৰেকৰ্ডিং কৰিব পৰা যাব ।

এনে যান্ত্ৰিক পদ্ধতিৰ সুবিধাৰ লগতে অসুবিধাও আছে । অসাৰতা বা পেৰালাইছিছত ভোগা ৰোগীজন অদূৰ ভৱিষ্যতে এদিনাখন খোজ কাঢ়িবলৈ সক্ষম হ’ব যদিও মানসিকভাৱে ব্যক্তিগৰাকী বাহ্যিক জঁকাটিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব । বান্দৰৰ ওপৰত চলোৱা গৱেষণাৰ ওপৰত ভিত্তি কৰি বিজ্ঞানীসকলে জনাইছে যে এনে যন্ত্ৰ ব্যৱহাকাৰীসকলে তেওঁলোকৰ দেহৰ অবিচ্ছেদ্য অংগৰুপে গণ্য কৰিব ভৱিষ্যতৰ সেই যন্ত্ৰটিক । বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ এক নতুন জীৱন প্ৰদান কৰাৰ উপৰি এনেধৰণৰ যন্ত্ৰৰ অন্য ব্যৱহাৰো থাকিব । তাত্ত্বিক দিশৰ পৰা এনে যন্ত্ৰৰ জৰিয়তে মানৱ মগজুৰ এক ওতপ্ৰোত সম্পৰ্ক স্থাপিত হ’ব কম্পিউটাৰৰ আৰু অন্যান্য ইলেকট্ৰ’নিক যন্ত্ৰৰ সৈতে । কম্পিউটাৰ ব্যৱহাৰকাৰীসকলে ছফটৱেৰ আৰু অপাৰেটিং ছিষ্টেমৰ সৈতে প্ৰত্যক্ষ যোগাযোগ ৰাখিব পাৰিব । গতিকে গোপনীয়তা ৰক্ষা কৰাটো উজু হ’ব । মাইক্ৰ’ছফট আৰু গুগলৰ বিজ্ঞানীসকলে এইক্ষেত্ৰত অগ্ৰসৰ হৈছেই ।

উপৰিউক্ত সম্ভাৱনীয়তাসমূহে নি:সন্দেহে ষ্ট্ৰোকত আক্ৰান্ত হৈ হাত-ভৰিৰ অসাৰতাত ভোগা ৰোগীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে । আজিৰ তাৰিখত এনে ৰোগীৰ সংখ্যা একেবাৰে নগণ্য বুলিব নোৱাৰি । এইক্ষেত্ৰত নি:সন্দেহে শেহতীয়াভাৱে ফিজিঅ’থেৰাপীৰ এক অনবদ্য ভূমিকা আছে । চিকিৎসা বিজ্ঞানৰ বিভিন্ন শাখা তথা সেই শাখাৰ সৈতে জড়িত অংগবোৰৰ ৰুগ্নাৱস্থাৰ বাবে সুকীয়া ফিজিঅ’থেৰাপীৰ ব্যৱস্থা আছে । উদাহৰণস্বৰুপে ষ্ট্ৰোকৰ দৰে স্নায়ু তথা মগজুঘটিত ৰোগৰ বাবে নিউৰো ফিজিঅ’থেৰাপী আৰু কিলিজাৰ ৰোগাক্ৰান্তসকলৰ বাবে কাৰ্ডিয়াক ফিজিঅ’থেৰাপীৰ সুব্যৱস্থা আছে । অনুৰুপভাৱে হাঁপানী বা চি অ’ পি ডিৰ লেখীয়া শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ ৰোগৰ উপসৰ্গ প্ৰশমনৰ বাবে ৰেছপিৰেটৰী বা ‘চেষ্ট’ ফিজিঅ’থেৰাপীৰ সহায় ল’ব পাৰি । শেষত উল্লিখিব খুজিছো যে কম বয়সীয়া (আনকি ডেকা-গাভৰুও) মানুহো আজিকালি উচ্চ ৰক্তচাপত ভুগি ষ্ট্ৰোক হৈ হাত-ভৰিৰ অসাৰতাত ভুগিব পাৰে । তদুপৰি ভূতৰ ওপৰত দানহ পৰা দি মহামাৰীৰ ৰুপত দেখা দিয়া মেদবহুলতাৰ বৰ্ধিত প্ৰাদুৰ্ভাৱে উচ্চ ৰক্তচাপ সৃষ্টিত অৰিহণা যোগাইছে । ন ন চিকিৎসা পদ্ধতি বিজ্ঞানে উদ্ভাৱন কৰিয়েই থাকিব । মাথোঁ এটা দশকৰ আগলৈকে ৰব’টিক ছাৰ্জাৰী আছিল ছায়েফিক গল্পৰ উপজীৱ্য বিষয় । অনুৰুপ সত্যফৰা এদিন প্ৰযোজ্য হ’ব বাহ্যিক জঁকাৰ দৰে বিজ্ঞানৰ নৱতম অৱদানবোৰ ।

লেখক :- ডা: মিহিৰ কুমাৰ গোস্বামী

উৎস :- অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 7/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate