অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৌন্দৰ্য চৰ্চা

১) উফি কিলাৰ ঠাণ্ডাকালি উফিৰ উৎপাত অলপ বেছিয়েই হয়৷ পুৰুষ মহিলা সকলোৰে৷ সহজ উপায় এটা আছে ৰ’ব৷ দুই টেবুলচামুচ হোৱাইট ভিনেগাৰ আৰু সমপৰিমাণৰ গোলাপজল ভালদৰে মিহলাই লৈ কপাহেৰে চুলিত আৰু চুলিৰ তলৰ ছালত লগাওক৷ পোন্ধৰ বিছ মিনিটমান পিছত ভালদৰে শ্বেম্পু কৰি ধুই পেলাব৷ সেইদিনা পাৰিলে বিচনাচাদৰ আৰু গাৰুৰ গিলিপ দুটাও ধুই পেলাব৷

 

১) উফি কিলাৰ

ঠাণ্ডাকালি উফিৰ উৎপাত অলপ বেছিয়েই হয়৷ পুৰুষ মহিলা সকলোৰে৷ সহজ উপায় এটা আছে ৰ’ব৷

দুই টেবুলচামুচ হোৱাইট ভিনেগাৰ আৰু সমপৰিমাণৰ গোলাপজল ভালদৰে মিহলাই লৈ কপাহেৰে চুলিত আৰু চুলিৰ তলৰ ছালত লগাওক৷ পোন্ধৰ বিছ মিনিটমান পিছত ভালদৰে শ্বেম্পু কৰি ধুই পেলাব৷ সেইদিনা পাৰিলে বিচনাচাদৰ আৰু গাৰুৰ গিলিপ দুটাও ধুই পেলাব৷

২) চিক্‌মিক্‌ চম্পি

শ্বেম্পু কৰাৰ আগত জেপজেপীয়াকৈ তেল সানি ল’লে চুলিখিনি শুকান হৈ নপৰে৷ এই তেল সনা কাৰবাৰটোক ’চম্পি’ কৰা বুলি কয় হিন্দীত৷

তিনি টেবুলচামুচ নাৰিকল বা তিল তেল, সমপৰিমাণৰ গোলাপজল একেলগে পাত্ৰ এটাত লৈ তাত Evion 400mg কেপচুল এটা ভাঙি ভিতৰৰ ঔষধখিনি ভালদৰে মিহলাই ল’ব৷ এতিয়া কপাহেৰে এই মিশ্ৰণটো ভালদৰে চুলিত আৰু চুলিৰ গুৰিত লগাই থৈ দিয়ক কেইঘণ্টামান (পাৰিলে গোটেই ৰাতি)৷ তাৰপিছত ভালদৰে শ্বেম্পু কৰি ধুই দিব৷ চাব, আপোনাৰ চুলি চিকমিকাই আছে৷

৩) চিক্ৰেট মাস্ক

শালমইনাৰ উপদ্ৰবত গাল দুখন হালবোৱা পথাৰৰ দৰে হৈছে নেকি? এইটো লগাই চাবচোন৷

দুই মুঠি পুৰণি চাউল নাৰিকলৰ পানীত এৰাতি তিঁয়াই ৰাখিব৷ চাউলখিনি পানীৰে ধুব নালাগে৷ ৰাতিপুৱা চাউলখিনি নাৰিকলৰ পানীৰে সৈতে পটাত বা মিক্সিত দি ভালদৰে এটা পেষ্ট কৰি লওঁক৷ এতিয়া পেষ্টটোত বিছটোপাল গ্লিচাৰিণ, পাঁচটোপাল চন্দন তেল দি ভালদৰে মিহলাই লওক৷ চন্দন তেল নাপালে চন্দন পিহি দিলেও হ’ব৷

ভালদৰে মিহলি হোৱাৰ পিছত এই পেষ্টটো গোটেই গালত সমানকৈ লগাই দিয়ক৷ এঘণ্টামান পিছত মাস্কটো শুকাই গালদুখন যেতিয়া টানি ধৰিব তেতিয়া পানীৰে ঘঁহি ধুই দিয়ক৷ তাৰপিছত পাতলকৈ মইশ্বাৰাইজাৰ অলপ লগাই দিব৷ এনেদৰে এসপ্তাহমান লগাই এমাহমান পিছত আকৌ এবাৰ লগাই চাব৷ শালমইনা চফা হৈ যাব৷

(উৎসঃ ইণ্টাৰনেট, মৃদুল কুমাৰ শৰ্মা)।

3.04761904762
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top