মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / হাড় ভগা বা ফাট মেলাৰ প্ৰাথমিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাড় ভগা বা ফাট মেলাৰ প্ৰাথমিক চিকিৎসা

হাড় ভগা বা ফাট মেলাৰ প্ৰাথমিক চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

হাড় ভগা বা ফাট মেলা হৈছে হাড়ত আঘাত পোৱাৰ ফলত সৃষ্টি হোৱা অৱস্থা ।

হাড় ভগাৰ মুখ্য কাৰকসমূহ হ’ল -

১) আঘাত, যেনে –ওখ ঠাইৰ পৰা পৰিলে, দুৰ্ঘটনাত পতিত হ’লে, কোনোবাই কোবালে হাড় ভাগিব পাৰে ।

২) হাড়ৰ গাঁথনি লেহুকা বা দুৰ্বল হ’লে সাধাৰণতে বৃদ্ধাৱস্থাত হাড় ঠুনুকা হয় ।

হাড়ৰ আঘাতৰ প্ৰকাৰ :- হাড়ৰ আঘাত কেইবা ধৰণৰো হ’ব পাৰে ।

১) মুকলি আঘাত :- ইয়াত হাড় ভগাৰ লগতে হাড়ৰ ওপৰত আবৃত হৈ থকা ছালৰো ক্ষতি হয় । ফলত হাড়ৰ ভগা অংশটো ছালৰ বাহিৰলৈ ওলাই আহে নতুবা ভগা অংশটো বাহিৰৰ পৰা দেখা পোৱা হৈ থাকে ।

২) বন্ধ আঘাত :- ইয়াত হাড়ৰ ভগা অংশৰ ওপৰৰ আবৃত ছালৰ কোনো ক্ষতি নহয় । সেয়েহে ভগা অংশটো বাহিৰলৈ ওলাই নাহে বা বাহিৰৰ পৰা দেখা পোৱা নাযায় ।

৩) জটিল আঘাত :- ইয়াত হাড় ভগাৰ লগতে ওচৰত থকা শৰীৰৰ আন অংশৰো ক্ষতি হয়। উদাহৰণ স্বৰুপে হাড়ৰ লগতে স্নায়ু, সিৰা, ধমনী, মাংসপেশী আদিৰ ক্ষতি হয় ।

৪) ষ্ট্ৰেছ ফ্ৰেকচাৰ :- বাৰে বাৰে হাড়ৰ একেটা অংশত আঘাত পোৱাৰ ফলত চুলিৰ দৰে সৰু ফাট মেলে । ইয়াক ষ্ট্ৰেছ ফ্ৰেকচাৰ বোলে ।

৫) গ্ৰীন ষ্টিক ফ্ৰেকচাৰ :- সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এনে ধৰণৰ হাড়ত ফাট মেলা দেখা যায় । সৰু ল’ৰা-ছোৱালীৰ হাড় সহজতে ভাঁজ কৰিব পৰা ধৰণৰ হয় ।

লক্ষণসমূহ -

১) ভগা অংশও প্ৰচণ্ড বিষ অনুভৱ হোৱা ।

২) ভগা অংশটো লৰচৰ কৰিব নোৱাৰা হোৱা ।

৩) উখহি যোৱা, ছালৰ বৰণ ৰঙচুৱা হোৱা ।

৪) ছাল ছিগিলে উক্ত স্থানৰ পৰা ৰক্তক্ষৰণ হোৱা ।

৫) নিৰ্দিষ্ট ভগা অংশটো বেঁকা হৈ যোৱা ।

৬) হেঁচা দিলে ভগা অংশটোত বিষ অনুভৱ হোৱা

৭) বেছি ৰক্তক্ষৰণ হোৱাৰ ফলত শ্ব’কৰ লক্ষণসমূহ দেখিবলৈ পোৱা ইত্যাদি ।

প্ৰাথমিক চিকিৎসাৰ উদ্দেশ্য -

১) আঘাত বাঢ়িবলৈ নিদিয়া ।

২) বিষ উপশম কৰা ।

৩) ৰোগীজনক আৰাম দিয়া ।

৪) যিমান পাৰি সিমান সোনকালে চিকিৎসকৰ উপদেশ লৈ প্ৰকৃত চিকিৎসা আৰম্ভ কৰা ।

প্ৰাথমিক চিকিৎসা প্ৰদানৰ গুৰুত্ব নিৰ্ভৰ কৰে হাড় ভগা অংশটোৰ অৱস্থিতি আৰু দুৰ্ঘটনাৰ প্ৰকৃতিৰ ওপৰত ।

প্ৰাথমিক চিকিৎসা (মুকলি আৰু বন্ধ আঘাত )

*মানুহজনে উশাহ-নিশাহ লৈ আছে নে নাই মন কৰক ।

*অভয় দান কৰক, সান্ত্বনা দিয়ক যাতে ভয় নকৰে ।

*ভাগি যোৱা অংশটো স্থিৰ কৰি ৰাখক বেণ্ডেজ স্প্লিণ্ট ব্যৱহাৰ কৰি ।

*বৰফ কাপোৰেৰে মেৰিয়াই আঘাত পোৱা অংশটোৰ ওপৰত লগালে বিষ কমিব, ফুলা কমি যাব।

*ভগা অংশটোৰ ওপৰৰ কাপোৰ খুলি দিয়ক বা কাটি দিয়ক (কেঁচীৰে ) এইটো মন কৰিব যাতে মানুহজনৰ লজ্জা নিবাৰণ হয় ।

* চিকিৎসকৰ পৰামৰ্শ লওক ।

কেতিয়াও নকৰিব :-

১) মালিচ নকৰিব ।

২) ভগা হাড়ৰ অংশটো চিধা কৰিবলৈ চেষ্টা নকৰিব ।

৩) ভগা অংশৰ ওপৰ আৰু তলৰ গাঁঠি নলৰাব ।

৪) গোটা বস্তু খাবলৈ নিদিব । জুলীয়া বস্তু খাবলৈ দিয়ক ।

৫) হাতৰ হাড় ভাগিলে বেণ্ডেজেৰে ভগা হাতখন গাত লগাই ৰাখিব । ভৰিৰ হাড় ভাগিলে নভগা ভৰিখনৰ লগত ভগা ভৰিখন বেণ্ডেজেৰে বান্ধি স্থিৰ কৰি ৰাখিব পাৰে । যদিহে দুয়োখন ভৰি ভাগে, তেতিয়া স্প্লিণ্ট ব্যৱহাৰ কৰক । সাৱধান হ’ব যাতে বেণ্ডেজ খুউব টানকৈ বন্ধা নহয় ।

৬)স্প্লিণ্ট হিচাপে প্লাষ্টিকৰ বা ধাতুৰ বা কাঠৰ তক্তা ব্যৱহাৰ কৰিব পাৰি । এইবোৰ বেছ দীঘলীয়া,  সহজে নভগা , কাপোৰ বা কপাহেৰে ভালকৈ মেৰিয়াই দুখ নোপোৱা কৰি ল’ব লাগে। কাপোৰৰ ওপৰত স্প্লিণ্ট ব্যৱহাৰ কৰাই শ্ৰেয় ।

৭) ভগা অংশটো স্থিৰ হোৱাৰ পিছত অলপ ওখ কৰি ৰাখিব লাগে । এনে কৰিলে ফুলাটো কমে আৰু বিষ কমে ।

৮) যদিহে ৰোগীজন শ্ব’কত থাকে, তেতিয়াহ’লে শ্ব’কৰ চিকিৎসা আৰম্ভ কৰিব লাগে ।

মুকলি আঘাত :-

ভগা অংশটো ছাল ভেদি বাহিৰলৈ ওলাই আহিলে কৰিবলগীয়া প্ৰাথমিক চিকিৎসা –

১) ৰক্তক্ষৰণ হৈ থাকিলে পৰিষ্কাৰ কাপোৰ বা হাতেৰে হেঁচা দি তেজ ওলোৱা বন্ধ কৰক । যদিহে ঘা-ডোখৰৰ পৰা তেজ ওলোৱা নাই, তেতিয়াহ’লে হেঁচি ধৰাৰ পৰা বিৰত থাকক ।

২) ঘা-ডোখৰ পৰিষ্কাৰ কাপোৰ বা বেণ্ডেজেৰে ঢাকি দিয়ক । ওলাই থকা হাড়ৰ চাৰিওফালে যথেষ্ট পৰিমাণৰ বেণ্ডেজেৰে ঢাকি দিয়ক, চাব যাতে হাড়ডালৰ ওপৰত অযথা হেঁচা নপৰে ।

৩) ভগা অংশটো অলপ ওপৰলৈ তুলি ৰাখক ।

৪) ওচৰৰ চিকিৎসালয়লৈ ৰোগীজনক তৎকালে পঠিওৱাৰ ব্যৱস্থা কৰক ।

৫) এম্বুলেন্সেৰে নিব পাৰিলে ভাল । কাৰণ ৰোগীজনক চিকিৎসালয়লৈ নিয়াৰ পথত কিবা অঘটন ঘটিলে , সহায় কৰিবলৈ উপযুক্ত লোক এম্বুলেন্সত থাকিব ।

মূৰৰ লাওখোলা ভাগিলে :-

মূৰ বা মূৰৰ খোলাৰ আঘাত সাধাৰণতে তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে সংঘটিত হ’ব পাৰে ।

১) মূৰত জোৰেৰে খুন্দা খালে ।

২) ওখ ঠাইৰ পৰা মূৰ তল কৰি পৰিলে

৩) ওখ ঠাইৰ পৰা ভৰিত ভৰ দি পৰিলে নতুবা

৪) জোৰেৰে দাঁতৰ তলৰ হাড়ত আঘাত হানিলে ।

লক্ষণসমূহ :-

১) মূৰৰ পৰা বা কাণ বা নাকৰ পৰা তেজ ওলোৱা ।

২) চকু ক’লা পৰা, উখহি যোৱা

৩) অলপ সময়ৰ বাবে অচেতন অৱস্থাত থকা ।

৪) দেহৰ কোনো অংশ অৱশ হোৱা ইত্যাদি ।

প্ৰাথমিক চিকিৎসা :-

১) মানুহজনক পৰীক্ষা কৰি অচেতন নে সচেতন অৱস্থাত আছে ঠাৱৰ কৰক ।

২) যদিহে সচেতন অৱস্থাত আছে , মূৰৰ ফালটো অলপ ওখ কৰি, দুখ পোৱা ফালটো তল কৰি, একাষৰীয়াকৈ শুৱাই দিয়ক ।

৩) কাণৰ পৰা তেজ ওলালে পৰিষ্কাৰ কাপোৰেৰে মচি দিয়ক । ঢিলা বেণ্ডেজেৰে দুখ পোৱা অংশটো ঢাকি দিব পাৰে ।

৪) কাণৰ ভিতৰত কোনো বস্তু, যেনে- কপাহ, বেণ্ডেজ, সুমুৱাই দিব নালাগে ।

৫) অচেতন কিন্তু শ্বাস-প্ৰশ্বাস নিয়মীয়াকৈ লৈ আছে, তেনে অৱস্থাত ‘ৰিক’ভাৰী’ অৱস্থানত শুৱাই দিয়ক । মূৰৰ দুখ পোৱা ফালটো তললৈ কৰি ৰাখক ।

৬) নাড়ীৰ গতি বা স্পন্দন বন্ধ হ’লে বুকুত হেঁচা প্ৰয়োগ কৰি (কাৰ্ডিয়াক মাছাছ) নাড়ী স্পন্দন ঘূৰাই আনিব পাৰি ।

৭) শ্ব’কত থাকিলে শ্ব’কৰ চিকিৎসা কৰক ।

৮) তৎকালে এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰক ।

দাঁতৰ তলৰ আলুৰ হাড় ভাগিলে :-

বক্সিং খেলত বা জোৰেৰে মুখত ঘুচিয়াই দিলে দাঁতৰ আলুৰ হাড় ভাগিব পাৰে –

লক্ষণসমূহ –

*মুখ মেলি নোৱাৰা হোৱা

*তেজ ওলোৱা

*বিষ

*কথা ক’ব নোৱাৰা হোৱা

*মুখখন ফুলি উঠা

*মুখৰ ভিতৰত আঘাত পোৱা, ৰক্তক্ষৰণ হোৱা আদি

প্ৰাথমিক চিকিৎসা –

*শ্বাসনলী বন্ধ হৈ পৰিছে নেকি মন কৰক । মুখৰ ভিতৰত কিবা থাকিলে উলিয়াই আনক । যেনে-ভগা দাঁত ।

*তেজ ওলোৱা বন্ধ কৰক । কপাহেৰে বা পৰিষ্কাৰ কাপোৰেৰে হেঁচা মাৰি ধৰিলে তেজ ওলোৱা বন্ধ হয় ।

*ব্যক্তিজন সচেতন অৱস্থাত থাকিলে সন্মুখৰ ফালে হাউলি বহিবলৈ দিয়ক । মুখত কিবা থাকিলে উলিয়াই দিবলৈ দিয়ক । তেজ থাকিলে থুৱাই পেলাব লাগে। নহ’লে ই শ্বাসনলী বন্ধ কৰি ব্যক্তিজনক বিপদত পেলাব ।

*থুঁতৰিত বেণ্ডেজেৰে বান্ধি কপালৰ সন্মুখত ঘূৰাই, আঘাত পোৱা অংশৰ বিপৰীত দিশৰ কাণৰ ওচৰত গাঁঠি মাৰি দুখ পোৱা থুঁতৰিটো স্থিৰ কৰি ৰাখিব লাগে ।

*অচেতন অৱস্থাত থাকিলে ‘ৰিক’ভাৰী পজিচন’ত শুৱাই দিয়ক । মূৰৰ দুখ পোৱা অংশৰ তলত কপাহ এনেদৰে দিয়ক যাতে মূৰৰ অংশত দুখ নাপায় ।

*উশাহ লৈ আছে কিন্তু নাড়ীৰ গতি ধৰিব নোৱাৰি, তেনে অৱস্থাত বুকুত হেঁচা প্ৰয়োগ কৰি নাড়ীৰ গতি বা স্পন্দন ঘূৰাই আনিবলৈ চেষ্টা কৰক ।

*তৎকালে এম্বুলেন্সেৰে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰক।

নাকৰ হাড় ভাগিলে –

বক্সিং খেলোতে আঘাত পালে বা নাকত কোনোবাই জোৰেৰে ঘুচিয়ালে বা দুৰ্ঘটনাৰ সময়ত পোৱা আঘাতৰ ফলত নাকৰ হাড় ভাগিব পাৰে ।

লক্ষণ –

*নাকৰ ওপৰত আঘাত পোৱা ।

*নাকৰ পৰা তেজ ওলোৱা

*নাক বন্ধ হৈ উশাহত কষ্ট পোৱা ইত্যাদি ।

প্ৰাথমিক চিকিৎসা-

*পৰিষ্কাৰ কাপোৰ বা কপাহেৰে আঘাত পোৱা অংশটো হেঁচি ধৰিলে তেজ ওলোৱা বন্ধ হ’ব ।

*সন্মুখৰ ফালে হাউলি মানুহজনক বহুৱাই দিয়ক ।

*নাক বন্ধ কৰি মুখেৰে উশাহ লওক ।

*মুখত তেজ থাকিলে থুৱাই পেলাওক ।

*ঠাণ্ডা পানীত কাপোৰ তিয়াই হেঁচা মাৰি ধৰিলে বিষ কমিব, তেজ ওলোৱা বন্ধ হ’ব ।

*চিকিৎসকৰ পৰামৰ্শ লওক ।

ৰাজহাড় বা স্পাইন ভাগিলে-

ৰাজহাড় সাধাৰণতে ওখ ঠাইৰ পৰা পাৰিলে, যানবাহন দুৰ্ঘটনাত পতিত হ’লে, গধুৰ বস্তু দাঙিবলৈ চেষ্টা কৰোতে, গধুৰ বস্তু চিধাচিধি পিঠিত পৰিলে, ওখ ঠাইৰ পৰা ভৰিত ভৰ দি পৰিলে আদি বিভিন্ন কাৰণত ৰাজহাড়ত দুখ পাব পাৰে বা ভাগিব পাৰে ।

ডিঙিৰ অংশত বা তপিনাৰ ওপৰ অংশত সঘনাই ৰাজহাড় ভগা দেখা যায় ।

লক্ষণসমূহ –

*ডিঙিৰ পাছফালে বা কঁকালৰ ওচৰত অসহ্য বিষ হোৱা ।

*ভৰিৰ শক্তি কমি যোৱা, ভালকৈ লৰচৰ কৰিব নোৱাৰা হোৱা ।

*সংজ্ঞাহীন হোৱা ।

*ৰাজহাড়ৰ দুখ পোৱা অংশটো ফুলি উঠা ।

*নাড়ীৰ গতি বা স্পন্দন কমি যোৱা

*অচেতন হোৱা ।

*ডিঙিৰ অংশ ভাগিলে উশাহত কষ্ট পোৱা ।

*ৰক্তচাপ, শৰীৰৰ উষ্ণতা, নাড়ীৰ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা হোৱা ইত্যাদি ।

প্ৰাথমিক চিকিৎসা-

১) ব্যক্তিজন সচেতন অৱস্থাত থাকিলে-

*লৰচৰ নকৰাকৈ ওপৰলৈ মুখ কৰি কম্বল এখনৰ ওপৰত শুৱাই দিয়ক ।

*অভয়দান কৰক, সাহস যোগাওক ।

*শৰীৰৰ উষ্ণতা, নাড়ীৰ গতি, উশাহ-নিশাহ ভালকৈ লৈছে নে নাই পৰীক্ষা কৰক ।

*কম্বলেৰে ডিঙিৰ পৰা ভৰিলৈকে ঢাকি দিয়ক, যাতে গাটো গৰম হৈ থাকে ।

*শৰীৰৰ আন ঠাইত আঘাত থাকিলে তাৰ চিকিৎসা কৰক ।

*১০৮/১০৪ ত ফোন কৰি এম্বুলেন্সেৰে উন্নতমানৰ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰক ।

২) ব্যক্তিজন যদিহে অচেতন অৱস্থাত আছে-

*১০৮/১০৪ ক ফোন কৰক ।

*ৰোগীজনক লৰচৰ নকৰাকৈ ডিঙি, মূৰ, ভৰি স্থিৰ কৰি ৰাখক ।

*নাড়ীৰ গতি, উশাহ-নিশাহ, শৰীৰৰ উষ্ণতা পৰীক্ষা কৰক ।

*শ্বাসনলী ক’ৰবাত বন্ধ হৈ আছে নেকি পৰীক্ষা কৰক, মুখত মুখ লগাই উশাহ দিয়ক যদিহে উশাহ বন্ধ হ’বৰ উপক্ৰম হৈছে । নাড়ীৰ গতি বন্ধ হোৱাৰ উপক্ৰম হ’লে বুকুত হেঁচা প্ৰয়োগ কৰি নাড়ী স্পন্দন ঘূৰাই অনাৰ চেষ্টা কৰক ।

*তৎকালে এম্বুলেন্সেৰে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰক ।

ষ্ট্ৰেছাৰত ৰোগীজনক উঠোৱা নিয়ম -

আঘাতপ্ৰাপ্ত লোকজনক কম্বল এখনৰ ওপৰত মুখ কৰি শুৱাই দিয়ক । ডিঙিৰ তলত, কঁকালৰ তলত সৰু গাৰু দি দেহটো ভাঁজ নলগাকৈ ৰাখক । বেণ্ডেজেৰে উৰুৰ ওচৰত, আঁঠুৰ ওপৰত, ভৰিৰ তলৰ অংশত কম্বল সহিতে বান্ধি দিয়ক । মূৰৰ ফালে এজন, ভৰিৰ ফালে এজন, শৰীৰৰ দুয়োফালে দুজনে ধৰি একে সময়তে ডাঙি ষ্ট্ৰেছাৰত উঠাওক । চিকিৎসালয়ৰ দূৰত্ব বেছি হ’লে, ৰাস্তা ওখোৰা-মোখোৰা হ’লে মানুহজনক ষ্ট্ৰেছাৰৰ লগত বেণ্ডেজেৰে বান্ধি স্থিৰ কৰি ৰাখিব লাগে । লৰচৰ কৰিলেই আঘাত বাঢ়ি মানুহজনক বিপদত পেলাব ।

ডিঙিৰ ওচৰত ৰাজহাড় ভাগিলে, ডিঙিত কলএৰ লগাই ডিঙিটো ভাঁজ কৰিব নোৱাৰাকৈ স্থিৰ কৰি ৰাখিব লাগে। ডাঠ কাগজত কাপোৰ মেৰিয়াই ডিঙিৰ কলএৰ তৈয়াৰ কৰি ল’ব পাৰি । বাতৰিকাকত এখন ভাঁজ কৰি দহ চে:মি: ব্যাসাৰ্ধৰ এটা নুৰা বনাওক । ত্ৰিকোণ বেণ্ডেজেৰে মেৰিয়াই ৰোগীজনৰ ডিঙিত বান্ধি দিয়ক । উশাহ-নিশাহ লোৱাত কষ্ট পাইছে নেকি মন কৰক আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰক ।

কামীহাড় ভাগিলে-

বুকুৰ হাড় বহুতো কাৰণত ভাগিব পাৰে । গাড়ী চলাই থাকোতে দুৰ্ঘটনাৰ সময়ত গাড়ীৰ ষ্টিয়েৰিং বুকুত খুন্দা খাই কামীহাড় ভাগিব পাৰে । বুকু পেলাই ওখ ঠাইৰ পৰা পৰিলে, বুকুত জোৰেৰে আঘাত কৰিলে কামীহাড় ভগাৰ সম্ভাৱনা থাকে ।

কামীহাড় ভাগি কেতিয়াবা ভিতৰলৈ সোমাই যায় আৰু হাওঁফাওঁত আঘাত আনে । কেতিয়াবা আকৌ কামীহাড় ভাগি বাহিৰলৈ ওলাই আহে আৰু উশাহ-নিশাহত ফুটা অংশেৰে বতাহ বুকুৰ ভিতৰলৈ ওলোৱা-সোমোৱা কৰে ।

লক্ষণসমূহ :-

*আঘাত পোৱা অংশত বিষ অনুভৱ হোৱা ।

*দীঘলকৈ উশাহ ল’লে বা কাহিলে বিষ বাঢ়ি যোৱা ।

*বিষৰ বাবে উশাহ ঘন ঘনকৈ, চুটি চুটি উশাহ লোৱা ।

*ভিতৰত ৰক্তক্ষৰণ হৈ নাড়ীৰ গতি বাঢ়ি যোৱা, ৰক্তচাপ কমি যোৱা

*শেঁতা পৰা

*অচেতন হৈ পৰা ইত্যাদি ।

প্ৰাথমিক চিকিৎসা-

১) কামীহাড় ভাগি ছালৰ বাহিৰলৈ ওলাই আহিলে-

*বতাহ বুকুৰ ভিতৰলৈ সোমাই যাব নোৱাৰাকৈ বেণ্ডেজেৰে মেৰিয়াই ফুটাটো বন্ধ কৰক ।

*মানুহজনক মূৰৰ ফাললৈ ওখ কৰি আঘাত পোৱা অংশটোৰ ফালে কাতি কৰি শুৱাই দিয়ক ।

*আঘাত পোৱা অংশটোৰ ফালৰ হাতখন বেণ্ডেজেৰে ডিঙিত ওখকৈ বান্ধি দিয়ক ।

*তৎকালে ষ্ট্ৰেছাৰত উঠাই এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰক ।

*যদিহে কামীহাড় অকল ভাগিছে, হাওঁফাওঁৰ অনিষ্ট হোৱা নাই, তেতিয়া-

*বহল বেণ্ডেজেৰে বুকুখন সম্পূৰ্ণকৈ মেৰিয়াই দিয়ক ।

*লাহে লাহে, চুটি চুটি উশাহ ল’বলৈ কওক ।

*বেণ্ডেজেৰে আঘাত পোৱা ফালৰ হাতখন ডিঙিত ওখকৈ বান্ধি দিয়ক ।

*তৎকালে চিকিৎসালয়লৈ প্ৰেৰণ কৰক ।

ডিঙিৰ হাড় বা কলএৰ হাড় ভাগিলে-

ডিঙিৰ হাড় সাধাৰণতে হাত মেলি পৰিলে বা কান্ধ পাতি ওখ ঠাইৰ পৰা পৰিলে নাইবা পোনপটীয়াকৈ হাড়ডালত আঘাত পালে কলএৰ হাড় ভাগিব পাৰে ।

লক্ষণসমূহ-

১) বিষ অনুভূত হোৱা

২)ভগা ঠাইডোখৰ ফুলি উঠা, ৰঙা পৰা

৩) ভগা হাড়ৰ ফালৰ হাতখন ভালকৈ লৰচৰ কৰিব নোৱাৰা বা লৰচৰ কৰিলে বিষ বাঢ়ি যোৱা আদি ।

প্ৰাথমিক চিকিৎসা-

*বেণ্ডেজেৰে ভগা হাড়ৰ ফালৰ হাতখন ডিঙিত বান্ধি ওখ কৰি ৰাখক ।

*বেণ্ডেজেৰে বুকুত লগাইয়ো ৰাখিব পাৰি । কপাহ বুকু আৰু হাতৰ মাজত সুমুৱাই দিয়ক-যাতে বুকুত বেছি হেঁচা নপৰে ।

*ত্ৰিকোণ আকৃতিৰ শ্লিং ও ব্যৱহাৰ কৰিব পাৰে ।

*চিকিৎসালয়লৈ প্ৰেৰণ কৰক ।

বুকুৰ মাজৰ হাড় বা ষ্টাৰ নাম ভাগিলে-

ঠেলা-হেঁচা বা বুকুত দুয়োফালৰ পৰা প্ৰচণ্ড আঘাত পালে বুকুৰ মাজৰ ভাগিব পাৰে । যিহেতু ই বুকুৰ সোঁমাজত অৱস্থিত ই ভাগি ভিতৰলৈ সোমাই গ’লে হৃৎপিণ্ড বা ধমনীৰ আঘাত হানিব পাৰে ।

লক্ষণসমূহ-

*ভগা অংশত প্ৰচণ্ড বিষ অনুভৱ হোৱা

*উশাহত কষ্ট পোৱা

*ভগা অংশ ৰঙা পৰা, ফুলি উঠা, তেজ ওলোৱা ইত্যাদি ।

প্ৰাথমিক চিকিৎসা

*গাৰ টান কাপোৰ-কানি খুলি ঢিলা কৰি দিয়ক ।

*মূৰ ওপৰলৈ কৰি ব্যক্তিজনক শুৱাই দিয়ক ।

*নাড়ীৰ গতি, উশাহ-নিশাহৰ হাৰ মন কৰক ।

*এম্বুলেন্সেৰে ষ্ট্ৰেছাৰত উঠাই চিকিৎসালয়লৈ প্ৰেৰণ কৰক।

কান্ধৰ বান্ধনী বা গাৰ্ডল ভাগিলে-

পোনপটীয়া আঘাতৰ ফলত কান্ধৰ বান্ধনী ভাগিব পাৰে । ফলত কান্ধত বিষ অনুভৱ হয় । কান্ধখন লৰাব বা দাঙিব নোৱাৰা হয় ।

প্ৰাথমিক চিকিৎসা

*বেণ্ডেজেৰে আঘাত পোৱা কান্ধৰ ফালৰ হাতখন বিপৰীত ফালৰ কান্ধৰ ওচৰলৈ নি ডিঙিত বান্ধি ওখ কৰি ৰাখক । এনে কৰিলে কান্ধৰ বিষ কমিব ।

*তৎকালে চিকিৎসালয়লৈ প্ৰেৰণ কৰক ।

বাহুৰ হাড় (হিউমেৰাছ ) ভাগিলে –

ওখ ঠাইৰ পৰা পৰিলে বা পোনপটীয়াকৈ আঘাত পালে বাহুৰ হাড় ভাগিব পাৰে ।

লক্ষণসমূহ-

*ভগা বাহুত প্ৰচণ্ড বিষ অনুভৱ হোৱা ।

*হাড় ভাগি বেঁকা হৈ পৰা ।

*ভগা অংশটো ফুলি উঠা ।

*ভগা হাতখন লৰচৰ কৰিব নোৱাৰা হোৱা

*কিলাকুটি ভাঁজ কৰিব নোৱাৰা হোৱা ইত্যাদি ।

প্ৰাথমিক চিকিৎসা :-

*ভগা বাহু আৰু বুকুৰ মাজত যথেষ্ট পৰিমাণে কপাহ দি বেণ্ডেজেৰে বাহুটো বুকুৰ লগত মেৰিয়াই বান্ধি দিয়ক ।

*আঘাত পোৱা বাহুৰ ফালৰ হাতখন বিপৰীত ফালৰ কান্ধৰ ওচৰত ৰাখি বেণ্ডেজেৰে ডিঙিত ওলোমাই দিয়ক ।

*নতুবা ত্ৰিকোন শ্লিং ব্যৱহাৰ কৰি ভগা বাহুটো স্থিৰ কৰি ৰাখক ।

*তৎকালে চিকিৎসালয়লৈ প্ৰেৰণ কৰক ।

কিলাকুটি ভাগিলে-

যদিহে হাতখন ভাঁজ কৰিব পাৰি, ত্ৰিকোণীয় শ্লিং ব্যৱহাৰ কৰি হাতখন বিপৰীত ফালৰ কান্ধৰ ওচৰত ৰাখি ডিঙিত আঁৰ দি স্থিৰ কৰি ৰখা হয় । এনে কৰিলে বিষ কমিব । যদিহে আঘাতৰ বাবে কিলাকুটিত হাতখন ভাঁজ কৰিব নোৱাৰি, তেতিয়াহ’লে গাৰ লগত বেণ্ডেজেৰে বান্ধি চিকিৎসালয়লৈ পঠিওৱা হয় । চিকিৎসালয়লৈ ষ্ট্ৰেছাৰত শুৱাই নিব লাগে ।

মণিবন্ধনৰ হাড় ভাগিলে (কলিচ ফ্ৰেকশ্বাৰ)

হাতত ভৰ দি পৰিলে, মণিবন্ধনৰ ওচৰত ৰেডিয়াচ নামৰ হাড়ডালৰ তলৰ অংশটি ভাগি যায়। হাতখন উখহি উঠে, লৰচৰ কৰিব নোৱাৰা হয়, আৰু হাতখন মণিবন্ধনৰ ওচৰত বেঁকা হৈ পৰে।

প্ৰাথমিক চিকিৎসা

*মণিবন্ধনৰ ওচৰত বেণ্ডেজেৰে বান্ধি হাতখন বিপৰীত ফালৰ কান্ধৰ ওচৰত লগাই, ডিঙিত ওলোমাই ৰাখিব লাগে । ইয়াক কলাৰ এণ্ড কাফ শ্লিং বোলে । এনে কৰিলে হাতখন স্থিৰ হৈ থাকে, বিষ কমে, ফুলাটো কমি যায় ।

*ডাক্তৰৰ পৰামৰ্শৰ বাবে, পিছৰ চিকিৎসাৰ বাবে, চিকিৎসালয়লৈ লৈ যাব লাগে ।

হাতৰ বা আঙুলিৰ হাড় ভাগিলে –

*পোনপটীয়াকৈ আঘাত পোৱাৰ ফলত হাতৰ হাড় নাইবা আঙুলিৰ হাড় ভগা দেখা যায় ।

লক্ষণসমূহ –

*ভগা অংশত বিষ অনুভৱ কৰা ।

*ফুলি উঠা বা উখহি উঠা ।

*ভগা আঙুলিটো লৰচৰ কৰিব নোৱাৰা হোৱা ইত্যাদি ।

প্ৰাথমিক চিকিৎসা –

*ৰক্তক্ষৰণ হৈ থাকিলে পৰিষ্কাৰ কাপোৰ বা কপাহেৰে হেঁচি ধৰিলে তেজ ওলোৱা বন্ধ হয় ।

*কপাহ দি বেণ্ডেজেৰে হাতখন মেৰিয়াই দিয়ক ।

*শ্লিং ব্যৱহাৰ কৰি হাতখন ওখ কৰি ৰাখক ।

*প্ৰয়োজন অনুসৰি গোটেই হাতখন বেণ্ডেজেৰে বুকুৰ লগত মেৰিয়াই দিয়ক ।

*চিকিৎসকৰ পৰামৰ্শৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰক ।

কঁকালৰ হাড় ভাগিলে-

ওখ ঠাইৰ পৰা ভৰিত ভৰ দি পৰিলে, যান-বাহনৰ দুৰ্ঘটনাৰ সময়ত পোৱা আঘাতৰ বাবে কঁকালৰ হাড় ভাগিব পাৰে ।

লক্ষণসমূহ –

*কঁকালৰ পিছফালে প্ৰচণ্ড বিষ অনুভৱ হোৱা ।

*থিয় হ’ব নোৱাৰা বা খোজ কাঢ়িব নোৱাৰা হোৱা ।

*প্ৰস্ৰাৱ কৰাত অসুবিধা হোৱা ।

*প্ৰস্ৰাৱত তেজ ওলোৱা ।

*শৰীৰৰ ভিতৰভাগত হোৱা ৰক্তক্ষৰনৰ ফলত নাড়ীৰ গতি বৃদ্ধি পোৱা, ৰক্তচাপ কমি গৈ শেঁতা পৰা (শ্বক) ।

প্ৰাথমিক চিকিৎসা

*ব্যক্তিজনক কম্বল এখনৰ ওপৰত, মূৰ ওপৰলৈ কৰি চিধাকৈ শুৱাই দিয়ক ।

*যদিহে অসুবিধা নাপায়, তেতিয়াহ’লে ভৰি দুখন আঁঠুৰ ওচৰত অলপ ভাঁজ কৰি, আঁঠুৰ তলত কম্বল দি স্থিৰ কৰি ৰখা হয় ।

*শ্বকত থাকিলে শ্বকৰ চিকিৎসা কৰক ।

*ষ্ট্ৰেছাৰত শুৱাই এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰক ।

*যদিহে হাস্পতালৰ পথ দূৰত হয়, কঁকাল আৰু ভৰিৰ ওচৰত বেণ্ডেজেৰে ষ্ট্ৰেছাৰৰ লগত বান্ধি স্থিৰ কৰি ৰাখিব লাগে ।

উৰুৰ হাড় ভাগিলে-

ওখ ঠাইৰ পৰা পৰিলে বা পোনপটীয়াকৈ জোৰেৰে উৰুত আঘাত পালে, উৰুৰ হাড় (ফিমাৰ) ভাগিব পাৰে । উৰুৰ হাড় ভাগিলে ভিতৰত বহুত ৰক্তক্ষৰণ হয় বাবে ব্যক্তিজন শ্বকত যাব পাৰে ।

প্ৰাথমিক চিকিৎসা-

*প্ৰথমতে শ্বকৰ চিকিৎসা কৰক

*কম্বল এখনৰ ওপৰত শুৱাই দিয়ক

*আঘাত পোৱা ভৰিখন, ভাল ভৰিখনৰ লগত বেণ্ডেজেৰে কঁকালৰ পৰা আঁঠুলৈ মেৰিয়াই স্থিৰ কৰি ৰাখক ।

*স্প্লিণ্ট থাকিলে কঁকালৰ পৰা ভৰিলৈকে স্প্লিণ্টৰ লগত বেণ্ডেজেৰে বান্ধি দিয়ক ।

*চিকিৎসালয়লৈ সোনকালে পঠিওৱাৰ ব্যৱস্থা কৰক ।

আঁঠুৰ ঘিলা ভাঙিলে-

আঁঠুৰ ঘিলা পোনপটীয়াকৈ আঘাত পালে বা মাংসপেশীৰ সংকোচনৰ ফলত ভাগিব পাৰে । উদাহৰণস্বৰুপে পিছলি পৰিলে, আঁঠুত ভৰ দি পৰিলে আদি ।

লক্ষণসমূহ –

*আঁঠুৰ ওচৰত প্ৰচণ্ড বিষ অনুভৱ হোৱা ।

*আঁঠুটো লৰচৰ বা ভাঁজ কৰিব নোৱাৰা হোৱা

*আঁঠুটো ৰঙা পৰা, ফুলি উঠা, তেজ ওলোৱা ইত্যাদি ।

প্ৰাথমিক চিকিৎসা-

মূৰৰ ফালে গাৰু দি, ভৰিখন ওখ কৰি শুৱাই দিয়ক ।

*ভৰিৰ ফালটো ওখ কৰি ৰাখিবলৈ গাৰু ব্যৱহাৰ কৰিব পাৰে ।

*কঁকালৰ পৰা গোৰোহা পাৰ হৈ যোৱাকৈ দীঘলীয়া স্প্লিণ্ট ভালকৈ কপাহ মেৰিয়াই, তাৰ ওপৰত আঘাত পোৱা ভৰিখন ভাঁজ নকৰাকৈ ৰাখক ।

*আঁঠুৰ তলত, ভৰিৰ গোৰোহাৰ তলত বেছিকৈ কপাহ সুমুৱাই দিয়ক ।

*ইংৰাজীৰ ‘8’ আখৰটোৰ বেণ্ডেজেৰে স্প্লিণ্টৰ লগত ভৰিখন গোৰোহাৰ ওচৰত, আঁঠুৰ তলত, উৰুৰ ওচৰত বান্ধি স্থিৰ কৰি ৰাখক ।

*ইয়াৰ পিছত এম্বুলেন্সেৰে চিকিৎসালয়লৈ জৰুৰীভাৱে প্ৰেৰণ কৰক ।

ভৰিৰ তলৰ অংশৰ হাড় ভাগিলে-

ভৰিৰ তলৰ অংশত দুডাল হাড় থাকে । এডালৰ নাম টিবিয়া আৰু আনডালৰ নাম ফিবউলাহ। একে সময়তে যিকোনো এডাল বা দুয়োডাল হাড় ভাগিব পাৰে । পোনপটীয়াকৈ পোৱা আঘাত বা যান-বাহন দুৰ্ঘটনাৰ সময়ত পোৱা আঘাতৰ সময়ত উক্ত হাড় দুডাল ভাগিব পাৰে ।

লক্ষণ –

*ভৰিত দুখ পোৱা ।

*বিষোৱা, ফুলি উঠা

*ভৰিখন লৰচৰ কৰিব নোৱাৰা হোৱা ।

*থিয় হ’ব নোৱাৰা

*ভগা অংশৰ ছাল ছিগি হাড়ডাল বাহিৰলৈ ওলাই অহা ।

*ৰক্তক্ষৰণ হোৱা ।

*অত্যধিক ৰক্তক্ষৰণৰ ফলত ৰোগীজন শ্বকত যোৱা ।

প্ৰাথমিক চিকিৎসা

*ব্যক্তিজনক কম্বল এখনৰ ওপৰত শুৱাই দিয়ক ।

*ভৰিখন হাতেৰে স্থিৰ কৰি ৰাখক ।

*আঘাত পোৱা ভৰিখন ভাল ভৰিখনৰ লগত বেণ্ডেজেৰে ইংৰাজীৰ ‘8’ আখৰটোৰ দৰে আঁঠুৰ ওচৰত, উৰুৰ ওচৰত ভৰিৰ গোৰোহাৰ অলপ ওপৰত বান্ধি স্থিৰ কৰি ৰাখক ।

*ভগা অংশটো বেণ্ডেজেৰে বান্ধি নিদিব ।

*শ্বকত থাকিলে ইয়াৰ চিকিৎসা কৰক ।

*স্পিণ্ট’ থাকিলে দুয়োখন ভৰি ইয়াৰ ওপৰত ৰাখি বেণ্ডেজেৰে বান্ধি স্থিৰ কৰি ৰখা হয় । আঁঠুৰ তলত, গোৰোহাৰ ওচৰত, কঁকালৰ তলত যথেষ্ট পৰিমাণে কপাহ দি দুখ নোপোৱাৰ ব্যৱস্থা কৰা হয় ।

*ষ্ট্ৰেছাৰত উঠাই এম্বুলেন্সেৰে চিকিৎসালয়লৈ পঠিয়াই দিয়ক ।

গোৰোহাৰ হাড় ভাগিলে-

পোনপটীয়াকৈ গোৰোহাত আঘাত পালে বা কোনো গধুৰ বস্তু ভৰিৰ ওপৰত পৰিলে, গোৰোহাৰ হাড় ভাগিব পাৰে ।

লক্ষণসমূহ-

*গোৰোহাত আঘাত পোৱা ।

*উখহি উঠা, ভৰিখন লৰচৰ কৰিব নোৱাৰা হোৱা ।

*ভৰি পাতিব নোৱাৰা হোৱা ।

*আঘাত পোৱা অংশ ৰঙা পৰা বা তাৰ পৰা তেজ ওলোৱা ।

প্ৰাথমিক চিকিৎসা-

*ব্যক্তিজনক কম্বল এখনৰ ওপৰত ওপৰলৈ মুখ কৰি শুৱাই দিয়ক ।

*ভৰিত জোতা বা মোজা থাকিলে খুলি দিয়ক ।

*ভৰিখন অলপ ওখ কৰি ৰাখক ।

*তেজ ওলাই থাকিলে পৰিষ্কাৰ কাপোৰ বা কপাহেৰে হেঁচি বন্ধ কৰক । ১৫ মিনিটমান হেঁচা মাৰি ধৰিলে তেজ ওলোৱা বন্ধ হয় । তথাপিও বন্ধ নহ’লে আৰু কপাহ দি হেঁচা মাৰি ধৰিব লাগে ।

*কপাহ মেৰিওৱা স্প্লিণ্ট ভৰিৰ তলুৱাত থৈ বেণ্ডেজেৰে ইংৰাজীৰ ‘8’ আখৰটোৰ দৰে বান্ধি দিয়ক আৰু ভৰিখন ওখ কৰি ৰাখক ।

*ষ্ট্ৰেছাৰত শুৱাই চিকিৎসালয়লৈ প্ৰেৰণ কৰক ।

জোৰা সোলোকা-

পোনপটীয়া আঘাতৰ ফলত বা জন্মগতভাৱে হোৱা দুৰ্বল গাঁথনিৰ বাবে একো একোটা জোৰা নিৰ্দিষ্ট স্থানৰ পৰা সুলকি যাব পাৰে । সাধাৰণতে কান্ধৰ জোৰা, আঙুলিৰে জোৰা বা বুঢ়া আঙুলিৰ জোৰাৰ ক্ষেত্ৰত এনে ডিছলোকেচন দেখা যায় ।কঁকালৰ জোৰা, কিলাকুটি আৰু মণিবন্ধনৰ জোৰাও সুলকিব পাৰে ।

ই দুই ধৰণৰ-

১) ছিম্পল বা সৰল-য’ত বাহিৰৰ ছালখন আবৃত হৈ থাকে

২) কম্পাউণ্ড বা মিশ্ৰ, য’ত জোৰাৰ ওপৰৰ ছালখন ছিগি, জোৰাটো বাহিৰৰ পৰা দেখা পোৱা যায় ।

কাৰণসমূহ –

*জোৰাটোত প্ৰচণ্ড জোৰেৰে পোৱা আঘাত ।

*জোৰাটোত ভৰ দি ওখ ঠাইৰ পৰা পৰিলে ।

*যান-বাহন দুৰ্ঘটনাৰ সময়ত পোৱা আঘাতৰ ফলত ।

*হাড়ত হোৱা ৰোগ, যেনে-বাত বিষ বা ৰুমেটিক বিষ ।

*জন্মগতভাৱে লাভ কৰা দুৰ্বল সিৰ, যিয়ে জোৰা এটাক চাৰিওফালৰ পৰা আবৰি মজবুত কৰি ৰাখে ।

যান –বাহন দুৰ্ঘটনাৰ সময়ত পোৱা আঘাতৰ বাবে কঁকালৰ জোৰা সঘনাই সোলোকা দেখা যায় । খেলাৰ সময়ত পোৱা আঘাতৰ বাবে কান্ধ আৰু কঁকালৰ জোৰা সঘনাই সোলোকা দেখা যায় ।

লক্ষণসমূহ-

*সোলোকা জোৰাটো লৰচৰ কৰিব নোৱাৰা হোৱা ।

*সাময়িকভাৱে জোৰাটো অৱশ হৈ পৰা ।

*জোৰাটোত বিষ অনুভৱ হোৱা ।

*ৰঙা পৰা, ফুলি উঠা ।

*জোৰাটো বিসংগতিপূৰ্ণ দেখা

*ছাল ছিগি জোৰাটো বাহিৰ ওলাই আহিলে ব্যক্তিজন শ্বকত যাব পাৰে ।

প্ৰাথমিক চিকিৎসা –

*নিৰ্দিষ্ট জোৰাটো লৰচৰ নকৰাকৈ স্থিৰ কৰি ৰাখক ।

*কেতিয়াও ঠেলি পুনৰ অৱস্থালৈ নিবৰ চেষ্টা নকৰিব ।

*বৰফ কাপোৰেৰে মেৰিয়াই নিৰ্দিষ্ট ঠাইখিনিত লগালে ফুলাটো কমিব, বিষ কমিব ।

*ব্যক্তিজন যি অৱস্থাত থাকিলে আৰাম পায় তেনে অৱস্থাত ৰাখক ।

*শ্লিং বা স্প্লিণ্ট ব্যৱহাৰ কৰি সোলোকা জোৰাটো সুস্থিৰ কৰি ৰাখিব লাগে ।

*চিকিৎসকৰ সহায় লওক ।

মনত ৰাখিব -

চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱাই, লাগিলে এক্সৰে কৰি জোৰা সোলোকাটো নিৰ্ণয় কৰা হয় আৰু চিকিৎসা ব্যৱস্থাৰে পুন:সংস্থাপন কৰা হয় । কঁকালৰ জোৰা সোলোকাটো অত্যন্ত জৰুৰী অৱস্থা হেতুকে, যিমান পাৰি সিমান সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে । ডিঙিত আঘাতৰ ফলত ৰাজহাড়ৰ গাঁঠিৰ জোৰা সুলকিলে আঘাতপ্ৰাপ্ত লোকজনক অযথা লৰচৰ কৰাটো নিষেধ । যদিহে কৃত্ৰিম শ্বাস-প্ৰশ্বাস বা চিপিআৰৰ দৰকাৰ হয়, তেতিয়াহে সুবিধাজনক স্থানলৈ স্থানান্তৰ কৰা হয় ।

লেখক : ডা: ৰাজীৱ লোচন শৰ্মা

উৎস : জি এনআৰচি স্বাস্থ্য

 

 

 

 

 

 

2.36363636364
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top