মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা / হাৰ্ট এটেক চিকিৎসা আৰু প্ৰতিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাৰ্ট এটেক চিকিৎসা আৰু প্ৰতিকাৰ

হাৰ্ট এটেক চিকিৎসা আৰু প্ৰতিকাৰৰ বিষয়ে লিখা হৈছে ।

 

বিশ্বৰ উন্নত দেশসমূহত মানুহৰ প্ৰগতি আৰু উত্তৰণৰ দিশত স্বাস্থ্যক এক প্ৰধান সূচক হিচাপে গণ্য কৰা হয় । সুস্বাস্থ্যই মানুহৰ জীৱনটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সকলো ফালৰ পৰাই সহায় কৰে । সহজ কথাত চিন্তা কৰি চালে সুস্বাস্থ্য অৰ্থাৎ নিৰোগী স্বাস্থ্যই মানুহক দীৰ্ঘজীৱন প্ৰদান কৰে আৰু ইয়াৰ লগে লগে মানুহে জীৱনত সমাপন কৰিবলগীয়া কাম-কাজসমূহ সুন্দৰভাৱে সম্পাদন কৰে । একবিংশ শতিকাৰ এই সময়ত বিজ্ঞান আৰু প্ৰযুক্তিৰ চমকপ্ৰদ সাফল্যই বিকাশ আৰু উন্নয়নৰ বিভিন্ন ক্ষেত্ৰৰ দৰে স্বাস্থ্যখণ্ডতো অভূতপূৰ্ব সফলতা আনিবলৈ সমৰ্থ হৈছে । স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত প্ৰযুক্তি আৰু চিকিৎসা পদ্ধতি প্ৰয়োগৰ জৰিয়তে মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে । কিন্তু ইয়াৰ মাজতো বৰ্তমান সময়ত কেতবোৰ স্বাস্থ্যজনিত সমস্যা অথবা ৰোগ মানুহৰ মাজত ভয়াৱহ হাৰত বৃদ্ধি পাইছে । এইসমূহে একোজন ব্যক্তিৰ জীৱনলৈ হঠাতে মাৰাত্মক বিপদ কঢ়িয়াই আনে । এই সমূহৰ ভিতৰত হৃদৰোগ, হৃদযন্ত্ৰৰ বিভিন্ন সমস্যা, উচ্চ ৰক্তচাপজনিত ৰোগ প্ৰধান । আজিৰ এই আলোচনাত হাৰ্ট এটেক , ইয়াৰ বিভিন্ন কাৰণসমূহ, প্ৰতিকাৰৰ উপায় সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ কথা পাঠকসমাজৰ জ্ঞাতাৰ্থে আগবঢ়ালো ।

হৃদযন্ত্ৰৰ একোটা এলেকালৈ তেজৰ যোগান ধৰা বা কঢ়িয়াই লৈ যোৱা ধমনী অৰ্থাৎ ৰক্তপ্ৰৱাহ কৰা নলীসমূহৰ কোনোবাডাল যদি হঠাৎ সম্পূৰ্ণৰুপে বন্ধ হৈ পৰে, তেতিয়াই মানুহ হাৰ্ট এটেকত আক্ৰান্ত হ’ব পাৰে । হৃদযন্ত্ৰটো হৈছে এটা পেশীযুক্ত শোধক (পাম্প) আৰু এই হৃদযন্ত্ৰটো সুস্থ কৰি ৰাখিবলৈ সুন্দৰভাৱে তেজৰ চলাচল অথবা ৰক্ত সঞ্চালন হৈ থাকিব লাগে । যেতিয়া এজন ব্যক্তিৰ বৃদ্ধাৱস্থা উপনীত হয়, তেখেতৰ বা তেনে ব্যক্তিৰ হৃদযন্ত্ৰলৈ ৰক্ত প্ৰৱাহিত কৰা ধমনীসমূহৰ ভিতৰভাগৰ বেৰ বা দেৱালসমূহ নষ্ট হ’ব পাৰে আৰু অতিৰিক্ত চৰ্বি জাতীয় পদাৰ্থ বা মেদ জমা হোৱা বাবে ধমনী অৰ্থাৎ ৰক্ত প্ৰৱাহ কৰা নলীসমূহ ঠেক হৈ পৰে । এই জমা হোৱা মেদ বা চৰ্বিসমূহক প্লাক (Plaque) বুলি কোৱা হয় । যেতিয়া এই প্লাক (Plaque) ৰ এটা এলেকা ভাঙিবলৈ লয় , তেজৰ কণিকা আৰু অন্যান্য অংশসমূহে আৱৰি ধৰি চেঁকুৰা বান্ধিবলৈ লয় । তেজৰ চেঁকুৰাসমূহে যেতিয়া তেজৰ প্ৰৱাহ বা সঞ্চালনটো বন্ধ কৰি পেলায় আৰু যেতিয়া হৃদপিণ্ডৰ পেশীসমূহলৈ তেজ চলাচল সম্পূৰ্ণ বন্ধ হৈ যায়, তেতিয়াই হাৰ্ট এটেক হয় । ইয়াৰ ফলস্বৰুপে হৃদযন্ত্ৰৰ কিছুমান পেশী মৃত হ’বলৈ ধৰে । এইটো কাৰণতেই ৰোগীসকলে বুকুৰ বিষো অনুভৱ কৰে । এই ৰক্ত পৰিবাহী নলীসমূহ যদি দীৰ্ঘ সময় বন্ধ হৈ থাকে আৰু ইয়াৰ কোনো চিকিৎসা কৰোৱা নহয়, তেন্তে হৃদযন্ত্ৰৰ পেশীসমূহ বেছিধৰণে নষ্ট হ’বলৈ ধৰে । যদি ৰক্তপ্ৰৱাহৰ এই সমস্যাটো সোনকালে আৰোগ্য কৰি তোলা নহয়, তেতিয়াহ’লে হৃৎপিণ্ডৰ পেশীসমূহ একেবাৰে নষ্ট হৈ যায় ।

হাৰ্ট এটেক হোৱাটোক মায়’কাৰ্ডিয়েল ইনফাৰকশ্যন (myocardial infarction) বুলিও কোৱা হয় ।

হাৰ্ট এটেক হোৱাৰ লক্ষণসমূহ -

এইসমূহ হাৰ্ট এটেকৰ একেবাৰে সচৰাচৰ উমৈহতীয়া লক্ষণ । এইসমূহৰ ভিতৰত এজন ব্যক্তিৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা এটা আৰু কেতিয়াবা একাধিক লক্ষণ দেখা যাব পাৰে ।

১) বুকুৰ বিষ অথবা অসুবিধা অনুভৱ কৰা ।

২) বুকুৰ ওপৰত হেঁচা মাৰি ধৰা অথবা জোৰ পৰা, গধুৰ ভাব অনুভৱ হোৱাটো প্ৰায়ে দেখা যায় । বুকুৰ মধ্যভাগত সাধাৰণতে এই উপসৰ্গ, অসুবিধাসমূহ  অনুভৱ কৰা হয় ।

এই অসুবিধা বা উপসৰ্গসমূহৰ শৰীৰৰ ওপৰভাগৰ বিভিন্ন অঞ্চললৈ বিয়পিব পাৰে । বাহু, কান্ধ, ডিঙি, হনুৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰা ।

আপোনাৰ ডিঙিটোত নি:শ্বাস বন্ধ হোৱাৰ দৰে অনুভৱ কৰিব পাৰে । আপোনাৰ বাহুকেইটা গধুৰ অথবা অকামিলাৰ দৰে অনুভৱ কৰিব পাৰে ।

অন্যান্য লক্ষণসমূহ -

*উশাহ চুটি হোৱা ।

*মূৰ ঘূৰণিৰ দৰে অনুভৱ হোৱা ।

*শৰীৰ ঘামি যোৱা ।

*মূৰটো পাতল লগা, মূৰ আচন্দ্ৰাই কৰা ।

কিছুসংখ্যক ব্যক্তিৰ শৰীৰটো সুস্থ অনুভৱ নকৰা বা গাটো বেয়া লাগি থকাৰ দৰে হয় । লক্ষণসমূহ কেতিয়াবা হঠাতে দেখা দিব পাৰে আৰু কেইটামান মিনিটৰ ভিতৰতে লক্ষণসমূহ প্ৰকট হৈ পৰিস্থিতি বেয়াৰ ফাললৈ ঢাল খায় । এই সকলোখিনি অতিকমেও ১০-২০ মিনিটৰ ভিতৰতে ঘটি যায় । বহুসংখ্যক মানুহেই হাৰ্ট এটেকৰ পিচত হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হৈ মৃত্যুমুখত পৰে কাৰণ পৰিয়ালৰ লোকে এম্বুলেন্স এখন মাতোতে বহুসময় লয় । গতিকে হাৰ্ট এটেকৰ লক্ষণসমূহ দেখা পোৱা মাত্ৰকে পৰিয়ালৰ লোকসকল যথেষ্ট তৎপৰ হ’ব লাগে । সকলোৱে এইখিনি সময়ত তৎপৰ হ’লেহে ব্যক্তিজনৰ জীৱন ৰক্ষা কৰিব পাৰি আৰু হৃদপিণ্ডটো নষ্ট হোৱাটো কিছু কমাব পাৰি ।

কাৰণসমূহ -

হাৰ্ট এটেক হোৱাৰ কাৰণটো হ’ল ক’ৰন্যাৰী আৰটাৰি (ধমনী) ৰ অসুখ (CAD)  অৰ্থাৎ হৃদপিণ্ডলৈ ৰক্ত সঞ্চালন হোৱা ধমনীৰ সিৰাসমূহত হোৱা বিসংগতি । ক’ৰন্যাৰী (coronary) ধমনীসমূহ, এনে ধমনী যিসমূহে হৃদপিণ্ডলৈ ৰক্ত সঞ্চালন কৰি থাকে । ক’ৰন্যাৰী আৰটাৰিৰ (CAD) অসুখ তেতিয়াই হয়, যেতিয়া এই ধমনীসমূহ ঠেক হৈ পৰে আৰু হৃদপিণ্ডলৈ তেজৰ সঞ্চালন কমি যায় । যেতিয়া তেজ গোট মাৰি অথবা তেজৰ চেঁকুৰা বান্ধি তেজৰ সঞ্চালনত সম্পূৰ্ণ বাধা বা বন্ধ কৰি দিয়ে আৰু হৃদপিণ্ডৰ পেশীসমূহলৈ তেজৰ সঞ্চালন হোৱাটো একেবাৰে কমি যায় । কিছুসংখ্যক ব্যক্তিয়ে তেওঁলোকে হাৰ্ট এটেকত আক্ৰান্ত নোহোৱালৈকে গমেই নাপায় যে, তেওঁলোক ক’ৰন্যাৰী ধমনীৰ অসুখত (CAD) ত ভুগিছে । কিছুসংখ্যক ব্যক্তিৰ ক্ষেত্ৰত ক’ৰন্যাৰী ধমনীৰ অসুখত (CAD) ভোগাৰ সপ্তাহ, মাহ অথবা বছৰৰ পিচতো হাৰ্ট এটেকত আক্ৰান্ত হ’ব পাৰে ।

ৰোগ নিৰ্ণয় -

আপোনাৰ হৃদপিণ্ডৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল’বলৈ চিকিৎসকে কিছু পৰীক্ষা-নিৰীক্ষা কৰিব । এইসমূহৰ ভিতৰত-

১) ইলেক্ট’কাৰ্ডিঅ’গ্ৰাম (ECG)

২) ইক’কাৰ্ডিঅ’গ্ৰাম (Heart ultrasound)

৩) তেজৰ পৰীক্ষা (Blood test)

৪)ক’ৰন্যাৰী এনজিঅ’গ্ৰাম বা ক’ৰন্যাৰী কম্পিউটেড টম’গ্ৰমি এনজিঅ’গ্ৰাম (CT-Angiogram)

চিকিৎসা -

ক’ৰন্যাৰী ধমনীৰ ৰোগ সম্পূৰ্ণ আৰোগ্য নহয় । কিন্তু বিভিন্ন চিকিৎসা আৰু জীৱনযাত্ৰাৰ প্ৰক্ৰিয়াৰ সলনি কৰিব পাৰিলে হাৰ্ট এটেক বা হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হোৱাৰ পৰা নিজক বচাই ৰাখিব পাৰি ।

জৰুৰী চিকিৎসা :- আপুনি যদি ভাবিছে যে আপুনি হাৰ্ট এটেকত অকৰান্ত হৈছে, তেন্তে শীঘ্ৰে এখন এম্বুলেঞ্চ মাতিব লাগে । সদায় এইটো কোৱা হয় যে, হাৰ্ট এটেকত নিজক বচোৱাৰ বাবে ‘সময় আটাইতকৈ উৎকৃষ্ট সমল বা শক্তি’ । যিমান সোনকালে চিকিৎসা আৰম্ভ কৰিব পাৰি, সিমানেই হৃদপিণ্ডৰ পেশীসমূহ একেবাৰে নষ্ট হৈ যোৱাৰ পৰা ৰক্ষা কৰিব পাৰি । এইখিনি কৰিব পাৰিলে হাৰ্ট এটেকৰ জটিল অৱস্থা কিছু কমাব পাৰি । তেওঁৰ চেঁকুৰাসমূহ ভাঙি পেলোৱাৰ বাবে আৰু হৃদপিণ্ডটোৰ পৰৱৰ্তী পৰ্যায়ত নষ্ট হোৱাটো প্ৰতিৰোধ কৰিবলৈ ঔষধ প্ৰদান কৰিব লাগে । হাৰ্ট এটেকৰ পিচত হৃদযন্ত্ৰৰ ক্ৰীড়া বিকল হোৱাৰ দৰে জটিল অৱস্থা হ’ব পাৰে । যদি এইক্ষেত্ৰত অতিশীঘ্ৰে চিকিৎসা কৰোৱা নহয়, তেন্তে ৰোগী তৎক্ষণাৎ মৃত্যুমুখত পৰিব পাৰে ।

চিকিৎসালয় -

চিকিৎসালয়ত আপুনি চিকিৎসাসেৱা লাভ কৰিব যিসমূহে আপোনাৰ হৃদপিণ্ডটো নষ্ট হৈ যোৱাটো কমাই পেলাব আৰু ভৱিষ্যতে উদ্ভৱ হ’ব পৰা সমস্যাসমূহ প্ৰতিৰোধ কৰাত সহায় কৰিব । হাৰ্ট এটেকৰ বিপজ্জনক কাৰকসমূহ প্ৰতিৰোধ কৰিবলৈ আৰু ক’ৰন্যাৰী ধমনীৰ অসুখ (CAD) ৰ চিকিৎসা কৰিবলৈ চিকিৎসকে বিভিন্ন ঔষধৰ নিৰ্দেশনা দিব । উদাহৰণস্বৰুপে উচ্চ ৰক্তচাপ, উচ্চ ক’লেষ্ট্ৰ’ল আদিৰ বাবে ঔষধ প্ৰদান কৰিব । বন্ধ হৈ থকা ধমনীডালৰ তেজৰ চেঁকুৰা (Clot) গলাই পেলাবলৈ বিশেষধৰণৰ ঔষধৰ (Thrombolysis) ব্যৱস্থা আছে । আপোনাক চিকিৎসকে নিৰ্দেশনা দিয়ামতে ঔষধসমূহৰ সঠিক প্ৰয়োগ কৰাটো নিত্যান্তই গুৰুত্বপূৰ্ণ কিয়নো এই ব্যৱস্থাই অইন এটা হাৰ্ট এটেক হোৱাৰ বিপদ বা আশংকা বহু পৰিমাণে কমাই পেলাব পাৰে । সেইবাবে এইক্ষেত্ৰত দীৰ্ঘদিনলৈ ঔষধ ব্যৱহাৰ কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে ।

পদ্ধতি/ কৌশলসমূহ -

চিকিৎসালয়ত অন্তৰ্ভুক্ত (নামভৰ্তি ) কৰাৰ পিচত আপুনি কিছু পদ্ধতিৰ মাজেদি যাবলগীয়া হ’ব । উদাহৰণস্বৰুপে

১) ক’ৰন্যাৰী এনজিঅ’গ্ৰাফী আৰু ষ্টেণ্ট ইমপ্লানটেশ্যন (Coronary Angiog raphy and Angioplasty)

২) বাইপাছ চাৰ্জাৰী (Coronaryartery bypass grafts or CABG)

৩) অস্থায়ী/ স্থায়ী পেচমেকাৰ সংস্থাপন (Temporary/permanent Pacemaker implantation)

প্ৰাইমেৰী এনিজিঅ’প্লাষ্টি (Primary Angioplasty):-

হৃদপিণ্ডৰ ধমনীৰ বাট বন্ধ হৈ যোৱাৰ পিচত সেয়া খোল খুৱাবলৈ আৰু ধমনীৰ মাজেদি হৃদপিণ্ডলৈ ৰক্ত সঞ্চালন স্বাভাৱিক কৰি তুলিবলৈ প্ৰাইমেৰী এনজিঅ’প্লাষ্টি এক শ্ৰেষ্ঠ পদ্ধতি । যদি হাৰ্ট এটেকৰ একেবাৰে প্ৰাৰম্ভিক পৰ্যায়তে এইটো কৰিব পৰা যায়, তেন্তে হৃদপিণ্ডৰ পেশীসমূহক ধ্বংসৰ মুখৰ পৰা মুক্ত কৰাত বহুত বেছি সম্ভাৱনা থাকে ।

জীৱনযাত্ৰাত প্ৰণালীত কিছু পৰিৱৰ্তন :-

হৃদপিণ্ডৰ অসুখ বা অসুস্থতাক অধিক বেয়াৰ ফালে যোৱাটো প্ৰতিহত কৰিবলৈ আপুনি/ আপোনালোকে নিজৰ জীৱনযাত্ৰাত কিছু পৰিৱৰ্তন আনিব লাগিব । এইক্ষেত্ৰত চিকিৎসক/ চিকিৎসা প্ৰদানকাৰীসকলৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

আৱেগিক স্বাস্থ্য :- (Emotional Health)

হাৰ্ট এটেক এগৰাকী ব্যক্তিৰ বাবে জীৱনটো পৰিবৰ্তন কৰি দিয়া এক অভিজ্ঞতা । সেয়েহে এনে হোৱাৰ পিচত দুখ, বিৰক্তি, চিন্তা, খং, অকলশৰীয়া বা দোষী ভাব মনলৈ অহাটো অত্যন্তই স্বাভাৱিক । এই আৱেগিক অনুভৱসমূহ অৱশ্যে দীৰ্ঘদিনলৈ নাথাকে । আৱেগিক স্বাস্থ্য আৰু শাৰীৰিক দুয়োটাৰ যত্ন যাতে সমানেই লোৱা হয়, এইটো গুৰুত্বপূৰ্ণ মনত ৰাখিবলগীয়া কথা । হতাশা, উদ্বিগ্নতা আৰু সমাজ বা পৰিয়ালৰ সমৰ্থনৰ অভাৱৰ বাবেই ব্যক্তিগৰাকী সুস্থ হৈ উঠাত পলম হয় আৰু অত্যধিক সমস্যা হোৱাৰ আশংকা বৃদ্ধি কৰে ।

স্বাভাৱিক জীৱনলৈ ঘূৰি অহা :-

আপোনাৰ হাৰ্ট এটেক হোৱাৰ কেইসপ্তাহমানৰ পিচত স্বাভাৱিকতা ঘূৰি আহি গতানুগতিক কামসমূহত হাত দিয়াটো উচিত । বিভিন্ন কামসমূহ কিদৰে আৰম্ভ কৰিব পৰা যায়, সেই ক্ষেত্ৰত চিকিৎসকৰ লগত কথা পতা উচিত ।

খাদ্যাভ্যাস :-

সদায় স্বাস্থ্যসন্মত খাদ্য খাব লাগে , যাতে হৃৎপিণ্ডৰ অধিক সমস্যা হোৱাৰ পৰা আঁতৰাই ৰাখিব পাৰি । কেতবোৰ সৰু-সুৰা সাল-সলনিয়ে এইক্ষেত্ৰত ডাঙৰ পৰিবৰ্তন আনিব পাৰে । কেনেধৰণৰ খাদ্য আপোনাৰ শৰীৰৰ বাবে যথোপযুক্ত হয়, সেইক্ষেত্ৰত চিকিৎসক অথবা খাদ্য পৰামৰ্শদাতাৰ পৰা পৰামৰ্শ লওক ।

শাৰীৰিকভাৱে সক্ৰিয় :-

হাৰ্ট এটেক বা হৃদযন্ত্ৰৰ বিভিন্ন সমস্যাৰ পৰা যাতে সোনকালে আৰোগ্য হৈ উঠিব পাৰি, তাৰ বাবে প্ৰতিদিনে শাৰীৰিকভাৱে নিজকে অধিক সক্ৰিয় কৰি ৰাখিব লাগে । কিদৰে নিৰাপদে আপোনাৰ কামসমূহ সক্ৰিয়তাৰে কৰি যাব পাৰে, সেইক্ষেত্ৰত চিকিৎসক অথবা চিকিৎসা কৰ্মীৰ সৈতে আলোচনা কৰি লওক ।

দেহৰ ওজন সুস্থ কৰি ৰাখক :-

হৃদযন্ত্ৰৰ অধিক সমস্যাৰ পৰা নিজকে বচাই ৰাখিবলৈ মানুহৰ শৰীৰৰ ওজন সুস্থ কৰি ৰখাটো নিত্যান্তই গুৰুত্বপূৰ্ণ । শৰীৰৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত চিকিৎসকৰ সৈতে পৰামৰ্শ লওক । যদি শৰীৰৰ ওজন হ্ৰাস কৰাৰ আৱশ্যকতা আছে, সেয়া স্বাস্থ্যসন্মতভাৱে পৰিকল্পনা কৰক । অপোনাৰ খাদ্যাভ্যাস সলনি কৰক । শাৰীৰিক পৰিশ্ৰম বঢ়াওক আৰু বেছিকৈ বহি থকাটো কমাই দিয়ক ।

ধূমপান ত্যাগ কৰক :-

হৃদপিণ্ডৰ বিভিন্ন সমস্যা, অসুখৰ আশংকা কমাই ৰাখিবলৈ ধূমপান ত্যাগ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা । চিকিৎসক অথবা চিকিৎসা কৰ্মীৰ পৰা এইক্ষেত্ৰত পৰামৰ্শ গ্ৰহণ কৰক ।

হৃদযন্ত্ৰ সম্বন্ধীয় পুন:সংস্থাপন (Cardiac rehabilitation)-

আপোনাৰ যদি হাৰ্ট এটেক হৈছিল অথবা হাৰ্ট এটেক হোৱাৰ প্ৰক্ৰিয়ালৈ গৈছিল, তেন্তে আপোনাক কাৰ্ডিয়াক (হৃদযন্ত্ৰ সম্পৰ্কীয়) পুন:সংস্থাপন ৰগামৰ বিষয়ে উপযুক্ত তথ্য, জ্ঞান দিয়া উচিত, য’ত আপুনি ক’ৰন্যাৰী হৃৎপিণ্ডৰ ৰোগত ভুগি থকাৰ পিচত অত্যধিক বিপদৰ পৰা বচাই ৰখাত সহায় কৰিব পাৰে । কাৰ্ডিয়াক পুন:সংস্থাপন এনেকুৱা এক প্ৰগ্ৰাম, য’ত চিকিৎসক, চিকিৎসা কৰ্মীয়ে আপোনাক আৰু আপোনাৰ পৰিয়ালক হাৰ্টৰ অসুখত সহায় আগবঢ়াব পাৰে ।

ব্যক্তিগত সচেতনতা, চিকিৎসকৰ উপযুক্ত আৰু সময়সাপেক্ষ চিকিৎসা, পৰিয়ালৰ লোকৰ যত্ন আৰু সহযোগিতাই হৃদৰোগীসকলক বহুত সকাহ দিব পাৰে আৰু এয়াই তেওঁলোকক এক স্বাভাৱিক জীৱন যাপনত বহু পৰিমাণে সহায় কৰে ।

লেখক :- ডা° অমিতাভ মিশ্ৰ

উৎস :- সাদিন

 

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top