আগৰ দিনত হাৰ্ট এটেকৰ পিছত চিকিৎসা বুলিবলৈ বিশেষ একো নাছিলেই। হাৰ্ট এটেকৰ ৰোগীক পোনে পোনে আই চি ইউ ৱাৰ্ডত ৰাখি চিকিৎসা কৰা হৈছিল যদিও হাৰ্ট এটেকৰ ফলত হাৰ্টৰ যিখিনি ক্ষতি হ’ল তাৰ কোনো ধৰণৰ চিকিৎসা কৰা নহৈছিল। পিছলৈ যাতে আৰু ক্ষতি নহয় তাৰহে চিকিৎসা হৈছিল। কিন্তু আজিকালি চিকিৎসা ব্যৱস্থাৰ বহুল উন্নতি হৈছে। আজিকালি হাৰ্ট এটেকত ভোগা ৰোগীক এনে এবিধ ঔষধ প্ৰদান কৰা হয় যাৰ ফলত হাৰ্টৰ পেশীক ৰক্তৰ যোগান ধৰা ধমনীৰ ভিতৰত গোট মাৰি জমা হোৱা তেজৰ টুকুৰা ভাঙি দিয়া হয়। ৰোগীক যদি হাৰ্ট এটেকৰ পাঁচ ঘণ্টাৰ ভিতৰত হস্পিতাললৈ আনিব পৰা হয়, তেনেহ’লে এই ঔষধ প্ৰয়োগ কৰিব পাৰি। এই ঔষধে ডকা বন্ধা তেজৰ বাধা ৩০ শতাংশ গলাব পাৰে। বাকী ৭০ শতাংশ ধমনীৰ ব্লকেজ ভঙাৰ কাৰণে এঞ্জিওপ্লাষ্টি, বাইপাছ চাৰ্জাৰী বা মিনি বাইপাছ চাৰ্জাৰী আদি ব্যৱস্থা আছে। হৃদযন্ত্ৰৰ গাত মেৰিয়াই থকা তিনিডাল ধমনীৰ পথ যদি ৭০-৮০ শতাংশ বন্ধ হৈ পৰে তেনেহ’লে বাইপাছ চাৰ্জাৰী কৰা হয়। ইয়াৰ এডাল ধমনী বন্ধ হ’লে ‘মিনি বাইপাছ চাৰ্জাৰী’ কৰি আৰোগ্য কৰিব পাৰি। বাইপাছ চাৰ্জাৰী কৰিবৰ বাবে বুকুত ডাঙৰ এটা অস্ত্ৰোপচাৰ কৰিব লগা হয় বাবে এটি মাত্ৰ ব্লক আঁতৰাবৰ বাবে বহুতে এঞ্জিওপ্লাষ্টি কৰে। এই ব্যৱস্থাত সময় কম লাগে ঠিকেই কিন্তু খৰচ পৰে বহু বেছি। হাৰ্ট এটেকৰ পৰা হাত সাৰিবৰ বাবে কৰা শল্যচিকিৎসাবোৰ এনে ধৰণৰ –
বৰ্তমান এই চাৰ্জাৰীত আগৰ দৰে ১০ বা ১২ ইঞ্চি নাকাটি বুকুৰ বাওঁফালে এটা মাত্ৰ তিনি ইঞ্চি বহল ফুটা কৰা হয়। এই ফুটাৰ মাজেৰে হাৰ্টৰ ওপৰৰ পাতল আৱৰণ গুচাই ধমনীটো পৰিষ্কাৰকৈ দেখা গৈছে নে নাই সেইটো প্ৰথমতে চাই লোৱা হয়। তাৰ পিছত বুকুৰেই আন এটি সতেজ অথচ কম প্ৰয়োজনীয় ধমনী আঁতৰাই হৃদপিণ্ডৰ ওচৰলৈ লৈ অহা হয়। তাৰ পিছত হৃদযন্ত্ৰটো চলি থকা অৱস্থাতেই বুকুৰ ধমনীক হাৰ্টৰ ধমনীৰ লগত লগ লগাই দিয়া হয়। এই কামটো খুব কঠিন। কাৰণ বুকুৰ ধমনীডাল স্পন্দনৰ সৈতে ক্ৰমাগতভাৱে লৰচৰ কৰি থাকে। মাত্ৰ এডাল বা দুডাল ধমনী বন্ধ থাকিলেহে মিনি বাইপাছ চাৰ্জাৰী কৰা সম্ভৱ।
হাৰ্টৰ ধমনী ৭০ শতাংশ ব্লক থাকিলে ইয়াক ঠিক কৰিবলৈ এঞ্জিওপ্লাষ্টিৰ সহায় লোৱা হয়। এটা সম্পূৰ্ণ নতুন ধাৰাৰ মাধ্যমেৰে হাৰ্টৰ ধমনীৰ ব্লক আঁতৰ কৰা হয়। এই পদ্ধতিত হাৰ্টৰ যিটো অংশত ব্লকেজ আছে সেইখিনিত এটা সৰু বেলুন সুমুৱাই ফুলাই দিয়া হয়। এবাৰ বেলুন ফুলোৱাৰ পিছত সেই ঠাইখিনিত যাতে আকৌ ব্লকেজ নহয় তাৰ বাবে তাত ষ্টেণ্ট নামৰ এটি বস্তু বহুৱাই দিয়া হয়। ইয়াৰ ফলত আক্ৰান্ত ঠাইখিনিৰে তেজ চলাচল কৰাত বাধা নাইকিয়া হয়। বৰ্তমান এঞ্জিওপ্লাষ্টি বহুত উন্নত মানৰ হৈছে। ষ্টেণ্টৰ মুখত যাতে অন্য কোনো সমস্যা নহয় তাৰবাবে এই ঠাইত বিশেষ ঔষধ লগোৱা থাকে। এডাল বা দুডাল ধমনী ব্লকেজত এই চিকিৎসা কৰা হয়।
আৰ্টাৰি বা ধমনীত বেছি পৰিমাণে চৰ্বি জমা হ’লে বাইপাছ চাৰ্জাৰীৰ বাহিৰে গত্যন্তৰ নাই। কৰোনাৰি আৰ্টাৰিৰ প্ৰায় ৭০ শতাংশ অংশত চৰ্বি জমা হৈ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিলে ভৰিৰ শিৰা কাটি বন্ধ নলীৰ আগত আৰু পিছত এখন সেতু বা ব্ৰিজৰ লেখীয়াকৈ জোৰা লগাই দিয়া হয় যাতে কৰোনাৰি আৰ্টাৰি বন্ধ হৈ গ’লেও সেতুৰ মাধ্যমেৰে স্বাভাৱিকভাৱে তেজ চলাচল অব্যাহত থাকিব পাৰে। চিকিৎসাশাস্ত্ৰত ইয়াক বাইপাছ চাৰ্জাৰী বোলা হয়। পানী সৰবৰাহৰ বাবে যেনেদৰে কিছুমান মোটা পাইপলাইন থাকে, তেনেদৰে হৃদযন্ত্ৰৰো অপেক্ষাকৃত সফীত ৰক্তবাহী নলী আছে। ইয়াৰ নাম এওৰ্টা। কাটি নিয়া ভৰিৰ শিৰা এফালে এওৰ্টাৰ লগত আৰু অন্যফালে ৰক্তপ্ৰবাহ বন্ধ হোৱা অংশটোৰ তলৰ অংশত জোৰা লগাই দিয়া হয়। ইয়াৰ ফলত এওৰ্টাৰ পৰা পোনপটীয়াকৈ বাইপাছৰ মাজেৰে তেজ চলাচল বন্ধ হৈ পৰা অংশত পৰিবাহিত হয়। বহু সময়ত দুই বা তিনি বা তাতকৈ বেছি নলীত একেলগে বাইপাছ কৰা হয়। ভৰিৰ শিৰাৰে বাইপাছ কৰিবলৈ গৈ দেখা গৈছে যে, এই শিৰাই ধমনী বা আৰ্টাৰিৰ কাম বহুদিনলৈকে কৰি ৰাখিবলৈ অক্ষম। কাৰণ শিৰাৰ তুলনাত ধমনীত ৰক্তচাপ বেছি থাকে। ধমনীৰ ৰক্তচাপ ৮০-১২০, আনহাতে শিৰাৰ মাজৰ চাপ মাত্ৰ ৫-১০। সেয়ে এই শিৰাক যেতিয়া ধমনীৰ কামত ব্যৱহাৰ কৰা হয়, তেতিয়া কেইবছৰমানৰ ভিতৰতে ই অকামিলা হৈ পৰে। সেইকাৰণে আজিকালি কৰোনাৰি ধমনীত বাইপাছৰ বাবে ধমনীকে ব্যৱহাৰ কৰা হয়। প্ৰত্যেক মানুহৰ শৰীৰৰ বুকুৰ ভিতৰৰ দেৱালত দুডাল ধমনী থাকে। ইয়াৰ নাম ইণ্টাৰনেল মেমৰি আৰ্টাৰি। বাইপাছ চাৰ্জাৰীত আজিকালি এই ধমনী ব্যৱহাৰ কৰা হয়। এই ধমনী পোন্ধৰ বছৰৰ পৰা সোতৰ বছৰ পৰ্যন্ত কাৰ্যক্ষম হৈ থাকে। আজিকালি বাইপাছ চাৰ্জাৰীৰ খৰচ বহু পৰিমাণে কমিছে।
লিখক: ডা° দেৱাশীষ গোহাঁই, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
শেহতীয়া উন্নীতকৰণ: : 2/28/2024
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
আঁঠুৰ বিষৰ হোমিও আৰু আকুপাংচাৰ চিকিৎসা
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা