অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হৃৎপিণ্ড সংৰোপণ :

হৃৎপিণ্ড সংৰোপণৰ বিষয়ে লিখা হৈছে ।

আধুনিক চিকিৎসা বিজ্ঞানৰ বিস্ময়কৰ বিকাশৰ হাত ধৰি সম্প্ৰতি গুৰুতৰ ৰোগ তথা শাৰীৰিক সমস্যা নিৰাময়ৰ বাবে মানৱ দেহত অংগ সংৰোপণ(Organ Transplantation)-ৰ ক্ষেত্ৰত যথেষ্ট সাফল্য অৰ্জন কৰিব পৰা গৈছে।

জটিল ৰোগত আক্ৰান্ত হৈ -

  • যকৃত,
  • বৃক্ক,
  • হৃৎপিণ্ড প্ৰভৃতি শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ বিকল হৈ পৰা ৰোগীৰ দেহত দাতাৰপৰা লাভ কৰা তেনে অংগ সংৰোপণৰ জৰিয়তে নতুন জীৱন দান কৰাটো সম্ভৱ হৈ উঠিছে।
তদুপৰি-
  • চকুৰ কৰ্ণিয়া,
  • হাড়,
  • ছাল আদি সংৰোপণৰ জৰিয়তে বহু লোকক গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰপৰা মুক্তি দিব পৰা গৈছে।

আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হ’ল হৃৎপিণ্ড। এজন সুস্থ মানুহৰ হৃৎপিণ্ডই প্ৰতি মিনিটত ৭০ বা ৭৫ বাৰ, প্ৰতিদিনত এশ হেজাৰবাৰ বুকুৰ স্পন্দন সম্পাদন কৰি, ৪৫০০ৰ পৰা ৯০০০ লিটাৰ তেজ(শৰীৰৰ আকাৰ অনুসৰি) ১,৩০,০০০তকৈও অধিক কিলোমিটাৰ ৰক্তবাহিকা নলীৰ মাজেৰে পাম্প কৰি শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগলৈ পঠিয়ায়।

হৃৎপিণ্ডটো প্ৰকৃতি নিৰ্মিত এটা স্বয়ংক্ৰিয় মেচিন। জন্মৰ পিছৰপৰা মৃত্যুৰ আগলৈকে, অইলিং কৰি ঘড়ী এটাৰ দৰে টিক টিক শব্দ কৰি ই নিৰন্তৰ চলি থাকে।

হৃৎপিণ্ড স্তব্ধ হৈ গ’লে, শৰীৰৰ কোষবোৰলৈ তেজৰ সৰবৰাহ বন্ধ হৈ যায় আৰু এই অৱস্থা অলপ সময় অব্যাহত থাকিলেই মৃত্যু নিশ্চিত হৈ পৰে। হৃৎপিণ্ড স্থৱিৰ হৈ গ’লে, তিনি মিনিটৰ ভিতৰতে সেইটো নষ্ট হৈ যায়।

হৃদপিণ্ড ৰোগাক্ৰান্ত -

স্বাভাৱিকতে হৃদপিণ্ড ৰোগাক্ৰান্ত হ’লে, সেই ৰোগ নিৰাময় বা নিয়ন্ত্ৰণৰ বাবে যথোচিত চিকিৎসা গ্ৰহণ কৰাৰ লগতে আনুষংগিক স্বাস্থ্য-বিধিসমূহ মানি চলাটো অত্যন্ত জৰুৰী হৈ পৰে।

ইয়াৰ অন্যথাই প্ৰাণৰ সংশয় আহি পৰে। কিন্তু যদিহে হৃদৰোগে অতি গুৰুতৰ ৰূপ ধাৰণ কৰি হৃৎপিণ্ড অকামিলা কৰি পেলায়- যাক ‘অন্তিম পৰ্যায়ৰ হৃৎপিণ্ড বৈকল্য’(End Stage Heart Failure) বোলা হয়, তেতিয়া ৰোগীজনক জীয়াই ৰখাৰ বাবে হৃৎপিণ্ড সংৰোপণৰ গত্যন্তৰ নাথাকে।

অৱশ্যে হৃদপিণ্ড সংৰোপণ অত্যন্ত ব্যয়বহুল এক চিকিৎসা প্ৰক্ৰিয়া আৰু এনে চিকিৎসা গ্ৰহণৰ সুবিধা থকা চিকিৎসালয়ৰ সংখ্যাও তেনেই সীমিত।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সংৰোপণৰ বাবে প্ৰয়োজনীয় হৃৎপিণ্ড সংগ্ৰহ কৰাটো অত্যন্ত টান কাম।

হৃদপিণ্ড যিহেতু আমাৰ শৰীৰৰ ‘ছিংগল অৰ্গেন’, গতিকে কোনো জীৱন্ত মানুহৰ দেহৰপৰা সংৰোপণৰ বাবে হৃৎপিণ্ড সংগ্ৰহ কৰাটো সম্ভৱ নহয়।

আনহাতে, যিহেতু হৃৎপিণ্ড স্থবিৰ হোৱাৰ তিনি মিনিটৰ ভিতৰতে নষ্ট হৈ যায়, গতিকে সম্পূৰ্ণৰূপে মৃত মানুহৰ হৃৎপিণ্ড সংৰোপণৰ বাবে গ্ৰহণ কৰিব পৰা নাযায়।

কেৱল ‘ব্ৰেইন ডেথ’ হোৱা মানুহৰ শৰীৰৰপৰাহে সংৰোপণৰ বাবে আন কেইবাপ্ৰকাৰৰ অংগৰ লগতে হৃৎপিণ্ডও সংগ্ৰহ কৰিব পৰা যায়।

  • দুৰ্ঘটনাজনিত জটিলতা,
  • মস্তিষ্কৰ ষ্ট্ৰোক,
  • বিশেষ কেতবোৰ অসুখত আক্ৰান্ত হোৱা প্ৰভৃতি কাৰণত মস্তিষ্কৰ কোষবোৰ ধ্বংস হ’লে, আন কথাত মস্তিষ্কৰ মৃত্যু হ’লে- তাক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘ব্ৰেইন ডেথ’ হোৱা বোলে।

‘ব্ৰেইন ডেথ’ হোৱা মানুহৰ পৰিয়ালত অনুমতি সাপেক্ষে, তেনে মানুহৰ শৰীৰৰপৰা হৃৎপিণ্ডকে ধৰি কেইবাপ্ৰকাৰৰ অংগ সংৰোপণৰ বাবে সংগ্ৰহ কৰিব পৰা যায়।

অৱশ্যে কোনো ধৰণৰ সংক্ৰমণ তথা মেনিনজাইটিছৰ বাবে মস্তিষ্কৰ মৃত্যু হোৱা মানুহৰ অংগ সংৰোপণৰ বাবে গ্ৰহণ কৰিব নোৱাৰি।

আনহাতে, অংগ সংগ্ৰহ কৰিবলৈ বিচৰা ‘ব্ৰেইন ডেথ’ হোৱা মানুহৰ শৰীৰত ভেন্টিলেটৰৰ সহায়ত অক্সিজেনৰ সৰবৰাহ তথা ৰক্তৰ সঞ্চালন অব্যাহত ৰাখিব লগা হয়, যাতে তেনে মানুহৰ হৃৎপিণ্ডকে ধৰি বিভিন্ন অংগ সক্ৰিয় হৈ থাকে।

এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে মৰণোত্তৰভাৱে দেহদান তথা অংগ দান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব পৰা যায়, এয়া এক অতি মহান দান।

পিছে আমাৰ সমাজত প্ৰচলিত অন্ধবিশ্বাস, কু-সংস্কাৰ, অহেতুক অহমিকাবোধ আদিৰ বাবে এনে দানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ আগ্ৰহ প্ৰকাশ কৰা লোকৰ সংখ্যা তেনেই সীমিত হৈ আছে।

এইক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ব্যক্তি তথা সংস্থা-সংগঠনে প্ৰয়াস চলাই থকাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিৰ কিছু পৰিৱৰ্তন হৈছে যদিও এইক্ষেত্ৰত এতিয়াও যথেষ্ট কৰণীয় আছে।

সাম্প্ৰতিকালত ইন্টাৰনেটত উপলব্ধ কেতবোৰ ৱেবছাইটৰ জৰিয়তেও মৰণোত্তৰ অংগদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’ব পৰা যায়।

মৰণোত্তৰভাৱে অংগদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এজন ব্যক্তিৰ ‘ব্ৰেইন ডেথ’ হোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ অংগ দান দিবলৈ সন্মত নহ’লে, সংৰোপণৰ বাবে অংগ সংগ্ৰহ কৰিব পৰা নাযায়।

অংগদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱাসকলে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক ভালদৰে বুজাই-মেলি ৰখা উচিত, যাতে তেওঁৰ ‘ব্ৰেইন ডেথ’ হ’লে, তেওঁৰ দেহৰ অংগবোৰ দান দিবলৈ পৰিয়ালৰ। লোকসকলে দ্বিধাবোধ নকৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত বুজাপৰাৰ মাধ্যমেৰে অংগদানৰ পথ প্ৰশস্ত হয়।

১৯৫০ চনত আমেৰিকাৰ এদল গৱেষকে কুকুৰৰ শৰীৰত নিখুঁতভাৱে হৃৎপিণ্ড সংৰোপণ কৰিবলৈ সক্ষম হয়।

আমেৰিকান গৱেষকৰ এই সফলতাৰ আঁত ধৰিয়ে ১৯৬৭ চনৰ ৩ ডিচেম্বৰৰ দিনা দক্ষিণ আফ্ৰিকাৰ কেপটাউন চহৰত ডাঃ ক্ৰীষ্টিয়ান বাৰ্ণাৰ্ড(Christiaan Barnard)-এ প্ৰথমবাৰৰ বাবে মানৱ দেহত হৃৎপিণ্ড সংৰোপণৰ ক্ষেত্ৰত সফলতা লাভ কৰে।

সংৰোপিত হৃৎপিণ্ডৰে লুই ৱাশ্বকানস্কি(Louis Washkansky) নামৰ ৰোগীজন বেছিদিন বাচি নাথাকিল যদিও এই ঘটনাই চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত সাফল্যৰ এক নতুন দিশ উন্মোচন কৰিলে। ইয়াৰ পিছত আমেৰিকাত মানৱ দেহত হৃদপিণ্ড সংৰোপণৰ ক্ষেত্ৰত সফলতা লাভ কৰা বিজ্ঞানীজন আছিল ডাঃ নৰ্মান শ্বামৱে(Norman Shumway)।

আমাৰ দেশত ১৯৯৪ চনত ‘ট্ৰেন্সপ্লান্ট অব হিউমেন অৰ্গেন এক্ট’(টি এইচ অ’ এ) বলৱৎকৰণৰ ঠিক পিছতে প্ৰথমবাৰৰ বাবে ডাঃ বেণুগোপালে এইমছত হৃৎপিণ্ড সংৰোপণ কৰে।

সংৰোপণৰ বাবে সংগ্ৰহ কৰা অংগবোৰৰ ভিতৰত সংৰোপণ নকৰা অৱস্থাত আটাইতকৈ কম সময় কাৰ্যক্ষম হৈ থাকে হৃৎপিণ্ড, এনে অৱস্থাত একোটা হৃৎপিণ্ড চাৰি ঘন্টা কাৰ্যক্ষম হৈ থাকে, অৱশ্যে সংগ্ৰহৰ চাৰে পাঁচ ঘন্টা পিছত হৃৎপিণ্ড সংৰোপণ কৰি সফলতা লাভ কৰাৰ উদাহৰণো আছে।

আনহাতে, সংগ্ৰহৰ পিছত হৃৎপিণ্ড যিহেতু আটাইতকৈ কম সময় কাৰ্যক্ষম হৈ থাকে, সেয়েহে ব্ৰেইন ডেথ হোৱা ৰোগীৰ শৰীৰৰপৰা হৃৎপিণ্ডটো কাটি লৈ অহাৰ পিছত যিমান পাৰি সোনকালে সেইটো নতুন শৰীৰত প্ৰতিষ্ঠান কৰিবলৈ চেষ্টা কৰা হয়।

সংগ্ৰহ আৰু প্ৰতিষ্ঠাপনৰ মাজৰ সময়খিনিক বোলা হয় ‘ইস্কিমিক টাইম’, অৰ্থাৎ হৃৎপিণ্ডই অক্সিজেন তথা তেজ নোপোৱা সময়। অংগ সংৰোপণ অস্ত্ৰোপচাৰৰ বৰ বেছি জটিল প্ৰক্ৰিয়া নহয়। এই প্ৰক্ৰিয়া বাইপাছ ছাৰ্জাৰীতকৈও সহজ। বেছিভাগ ক্ষেত্ৰতে গোটেই প্ৰক্ৰিয়াটোৰ ৯০ শতাংশ সময় ব্যয় হয় অংগ সংগ্ৰহ কাৰ্যত।

হৃদপিণ্ডকে ধৰি বিভিন্ন অংগ সংৰোপণৰ প্ৰক্ৰিয়া অত্যন্ত ব্যয়বহুল হোৱাৰ লগতে সংৰোপণৰ বাবে প্ৰয়োজনীয় অংগৰ বাৰুকৈয়ে নাটনি হোৱাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি চিকিৎসা বিজ্ঞানীসকলে মানৱ দেহত প্ৰতিষ্ঠাপনযোগ্য কৃত্ৰিম হৃৎপিণ্ড, বৃক্ক আদি অংগ তৈয়াৰ কৰিবলৈ চেষ্টা চলাই আছে, অদূৰ ভৱিষ্যতে এইক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনাও উজ্জ্বল হৈ উঠিছে।

আনহাতে, থেৰাপিউটিক ক্ল’নিং(Therapeutic Cloning)-ৰ বিকাশৰ জৰিয়তেও প্ৰতিষ্ঠাপনযোগ্য অংগৰ নাটনি হ্ৰাস কৰিব পৰা যাব যদিও বহু দেশত মানৱ ক্ল’নিঙৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি থোৱাৰ পৰিপ্ৰেক্ষিতত এনে সম্ভাৱনা সুদূৰপৰাহত হৈ পৰিছে।

অংগ সংৰোপণ প্ৰক্ৰিয়াত ৰোগীৰ পৰিয়ালে বহন কৰিবলগীয়া হোৱা খৰচৰ বোজা কিদৰে হ্ৰাস কৰিব পৰা যায়, সেই সম্পৰ্কে চৰকাৰ, প্ৰশাসন, চিকিৎসক তথা চিকিৎসালয় কৰ্তৃপক্ষই ব্যাপক চিন্তা-চৰ্চা কৰা উচিত বুলি আমি ভাবোঁ।

স্বাস্থ্য বীমা প্ৰতিষ্ঠানবোৰেও এইক্ষেত্ৰত যথেষ্ট উপযোগী ভূমিকা গ্ৰহণ কৰিব পাৰে নিশ্চয়। তদুপৰি মানৱীয় দৃষ্টিকোণৰ আধাৰত বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, ডাঙৰ ডাঙৰ কৰ্প’ৰেট হাউছ তথা কোম্পানীয়ে অংগ সংৰোপণৰ বাবে ৰোগীক আৰ্থিক সাহায্য প্ৰদানৰ আঁচনি গ্ৰহণ কৰিব পাৰে।

লেখক: অমল ভাগৱতী(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top