অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰক্তক্ষৰণ হ’লে কি কৰিব?

শৰীৰত আঘাত পোৱাৰ ফলত সিৰা,উপসিৰা, ধমনীৰ পৰা তেজ ওলায়। এই ৰক্তক্ষৰণ তিনি প্ৰকাৰৰ।

১) সিৰা(আৰ্টাৰী)ৰ পৰা হোৱা ৰক্তক্ষৰণ-ই ৰঙা আৰু নাড়ীস্পন্দনৰ লগে লগে তেজ ইৰ্গত হয়।

২) ধমনী(ভেইন) ৰ পৰা ওলোৱা তেজ-ই ক’লা, ৰঙচুৱা আৰু অনবৰতে হৈ থাকে।

৩) উপসিৰাৰ পৰা নিৰ্গত তেজ-ই ৰঙা ৰঙৰ আৰু লাহে লাহে ওলায়। ৰক্তক্ষৰণ শৰীৰৰ ভিতৰত বা শৰীৰৰ পৰা বাহিৰলৈ হ’ব পাৰে। শৰীৰৰ বাহিৰত হোৱা ৰক্তক্ষৰণ দেখা পোৱা যায়। ৰক্তক্ষৰণৰ ফলত ব্যক্তিজন মূচ্ছা যাব পাৰে। এনে ব্যক্তিৰ লক্ষণসমূহ তলত উল্লেখ কৰা হ’ল

  • পিয়াহ লগা
  • মুৰ ঘূৰোৱা
  • চকুৰে দেখাত অসুবিধা হোৱা
  • দুৰ্বল ভাৱ
  • ওঠঁ, মুখ শেঁতা পৰা
  • গাৰ উত্তাপ কমি যোৱা
  • নাড়ীৰ গতি বৃদ্ধি পোৱা
  • ৰক্তচাপ কমি যোৱা
  • ঘন ঘনকৈ উশাহ লোৱা
  • অচেতন বা অজ্ঞান হৈ পৰা আদি।

শৰীৰৰ ভিতৰত আঘাত পোৱাৰ ফলত হোৱা ৰক্তক্ষৰণ দেখা পোৱা নাযায়। এনে ক্ষেত্ৰত কেতবোৰ লক্ষণৰ পৰা অনুমান কৰিব পাৰি যে শৰীৰৰ অন্তৰ্ভাগত ৰক্তক্ষৰণ হৈছে। যেনে-

  • আঘাতৰ ইতিহাস, মুৰ, বুকুত বা পেটত আঘাত পোৱাৰ ইতিহাস থকা
  • মূৰ্চ্ছা যোৱাৰ লক্ষণসমূহ প্ৰকট হোৱা
  • নাকৰ পৰা, মুখৰ পৰা, যৌনাংগৰ পৰা, শৌচদ্বাৰৰ পৰা ৰক্তক্ষৰণ হোৱা। ভিতৰত হোৱা ৰক্তক্ষৰণ উক্ত পথসমূহেৰে বাহিৰলৈ ওলাই আহে।

প্ৰাথমিক চিকিৎসাৰ উদেশ্য হ’ল

১) ৰক্তক্ষৰণ বন্ধ কৰা।

২) উন্মুক্ত হৈ থকা ঘা পৰিস্কাৰ কৰি বেণ্ডেজেৰে ঢাকি দিয়া।

৩) চিকিৎসালয়লৈ ব্যক্তিজনক লৈ যোৱা।

সাধাৰণ প্ৰাথমিক চিকিৎসা

১) সুৰক্ষিত স্থানত কম্বল এখনৰ ওপৰত মানুহজনক শুৱাই দিয়ক। ভৰি দুখন কোঁচাই অলপ ওখ কৰি ৰাখক। কম্বলেৰে গাটো ঢাকি দিয়ক যাতে ঠাণ্ডা নালাগে।

২) ৰক্তক্ষৰণ বন্ধ কৰাৰ ব্যৱস্থা লওক।

২) উশাহ-নিশাহ ভালকৈ ল’ব পৰাৰ ব্যৱস্থা কৰক।

শৰীৰৰ বাহিৰলৈ ওলোৱা ৰক্তক্ষৰণ কেনেকৈ বন্ধহ কৰিব

১) সৰু সৰু আঘাতৰ পৰা হোৱা ৰক্তক্ষৰণ বন্ধ কৰিবলৈ হ’লে তেজ ওলোৱা অংশটো পৰিস্কাৰ পানীৰে ধুই চাফা কৰি শুকান কৰি বেণ্ডেজেৰে মেৰিয়াই দিব লাগে। তেজ ওলোৱা অংশটো অলপ ওখ কৰি ৰাখিব লাগে।

২) ডাঙৰ আঘাতৰ পৰা হোৱা ৰক্তক্ষৰণ—

  • তেজ ওলোৱা অংশটো হাতেৰে হেঁচা মাৰি ধৰক।
  • পৰিস্কাৰ কাপোৰ বা বেণ্ডেজেৰে মেৰিয়াই তেজ বন্ধ নোহোৱালৈকে হেঁচা মাৰি ধৰিব লাগে। ১০-৩০ মিনিটৰ ভিতৰত তেজ ওলোৱা বন্ধ হয়।
  • আঘাত পোৱা অংশটো লৰচৰ নকৰাকৈ ৰাখক।
  • আঘাত পোৱা অংশটো হৃদপিণ্ডৰ অৱস্থানতকৈ অলপ ওপৰলৈ দাঙি ধৰিব লাগে। এনে কৰিলে উক্ত অংশটোলৈ তেজ চলাচল কমে, তেজ গোট মাৰি ৰক্তক্ষৰণ বন্ধ হয়।
  • কাপোৰ বা ফিতা মেৰিয়াই তেজ ওলোৱা বন্ধ কৰিব পাৰি। প্ৰচুৰ ৰক্তক্ষৰণ হ’লে বন্ধ কৰিবলৈ যেতিয়া সকলো প্ৰচেষ্টা ব্যৰ্থ হয়, তেতিয়া ফিতা মেৰিয়াই তেজ ওলোৱা বন্ধ কৰিব পাৰি। ‘টুউৰনিকেট’ তেজ ওলোৱা অংশৰ পৰা অলপ ওপৰলৈ বন্ধা হয়। প্ৰথমে কপাহ মেৰিয়াই তাৰ ওপৰত টুউৰনিকেট টানকৈ মেৰিয়াই বান্ধিব লাগে। বন্ধাৰ সময় লিপিবদ্ধ কৰিব লাগে। কাগজ এখনত বন্ধাৰ সময় লিখি পিনেৰে ৰোগীজনৰ কাপোৰত লগাই থ’ব লাগে।
  • ইয়াৰ পিছত ৰোগীজনক ততকালীনভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰক।
  • টুউৰনিকেট ডাক্তৰক নোসোধাকৈ খুলিব নালাগে।
  • টুৰনিকেট হিচাপে বজাৰত পোৱা টুউৰনিকেট, কাপোৰ, গামোচা, বেল্ট, টাৱেল আদি ব্যৱহাৰ কৰিব পাৰি।
  • বৈদ্যুতিক তাঁৰ, গুনা টুউৰনিকেট হিচাপে ব্যৱহাৰ নকৰিব। ইয়ে শৰীৰৰ মাংসপেশী কাটি পেলাব পাৰে।

শৰীৰৰ ভিতৰত ৰক্তক্ষৰণ হ’লে কি কৰিব?

  • ৰোগীজনক একাষৰীয়া কৰি কম্বল এখনেৰে ঢাকি শুৱাই দিয়ক।
  • ভৰিত আঘাত নাপালে ভৰিৰ ফালটো ওঅখ কৰি ৰাখিব লাগে।এনে কৰিলে মূৰ আৰু হৃদপিণ্ডৰ ৰক্ত সঞ্চালন অটুট থাকে। নাড়ীৰ গতি প্ৰতি মিনিটত কিমান, প্ৰতি মিনিটত উশাহৰ হিচাপ, সচেতন অৱস্থা মন কৰক।
  • শৰীৰৰ আন কোনো অংশত আঘাত পাইছে নেকি? পৰীক্ষা কৰক।
  • অচেতন, কিন্তু উশাহ লৈ আছে। তেতিয়া ৰিক’ভেৰী অৱস্থানত শুৱাই দিব লাগে।
  • নাড়ীৰ গতি স্তব্ধ হ’লে, উশাহ বন্ধ হ’লে চি পি আৰ পদ্ধতিৰে জীয়াই তোলাৰ চেষ্টা কৰক।
  • অনতিপলমে এম্বুলেন্সৰে জৰুৰীকালীন ততপৰতাৰে চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰক।
  • মুখেৰে একো খাবলৈ নিদিব।
  • মূৰৰ পৰা তেজ ওলালে
  • মূৰত পোৱা আঘাতৰ ফলত ৰক্তক্ষৰণ হ’লে তেজ প্ৰচুৰ পৰিমাণে নিৰ্গত হয়।

লক্ষণসমূহ

  • মূৰত আঘাত পোৱা, বিষোৱা
  • আঘাত পোৱা ঠাইৰ পৰা ৰক্তক্ষৰণ হোৱা
  • বমি হোৱা
  • অচেতন হোৱা ইত্যাদি

প্ৰাথমিক চিকিৎসা

  • প্ৰত্যক্ষভাৱে হেঁচা প্ৰয়োগ কৰি হাতেৰে বা পৰিস্কাৰ কাপোৰ বা বেণ্ডেজেৰে, ৰক্তক্ষৰণ বন্ধ কৰিব পাৰি।
  • সচেতন অৱস্থাত থাকিলে, মূৰটো অলপ ওখ কৰি ব্যক্তিজনক কম্বল এখ্নৰ ওপৰত শুৱাই দিয়ক।
  • অচেতন অৱস্থাত থাকিলে ৰিক’ভেৰী অচস্থানত শুৱাই দিব লাগে।
  • উশাহ বন্ধ হ’লে, নাড়ীৰ গতি স্তব্ধ হোৱাৰ উপক্ৰম হ’লে চি পি আৰ আৰম্ভ কৰিব লাগে।
  • এম্বুলেন্সেৰে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

নাকৰ পৰা তেজ ওলালে

মুৰ বা নাকৰ ভিতৰত পোৱা আঘাতৰ ফলত নাকেৰে তেজ ওলাব পাৰে। সৰু ল’ৰা-ছোৱালী, প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত ইয়াক সঘনাই দেখা যায়। বহু ক্ষেত্ৰ্ত নাকৰ পৰা হোৱা ৰক্তক্ষৰণে শৰীৰৰ একো অপকাৰ নকৰে। কেতিয়াবাহে বেছিকৈ ৰক্তক্ষৰণ হৈ ব্যক্তিজনৰ বিপদ ঘটাব পাৰে।

প্ৰাথমিক চিকিৎসা

  • ভয় খাব নালাগে
  • শান্ত হৈ থাকিব লাগে

তলৰ উপদেশ সমূহমানি চলক—

১) চকী এখনত মানুহজনক সন্মুখলৈ হাউলি বহিবলৈ দিয়ক।

নাকৰ তলত এটি পাত্ৰ ধৰি থাকক। নাকৰ পৰা ওলোৱা তেজ পাত্ৰটোত জমা হ’বলৈ দিয়ক। ইয়াৰ পৰা নাকেৰে ওলোৱা তেজৰ সঠিক অনুমান কৰিব পাৰি, যিয়ে চিকিৎসাৰ ক্ষেত্ৰ্ত সহায় কৰে।

২) নাকৰ পাহি দুটাত আঙুলিৰে হেঁচা মাৰি ধৰক। এনে কৰিলে নাকৰ পৰা ওলোৱা তেজ্বন্ধ হ’ব। নাকৰ হাড়ৰ অংশত হেচা মাৰি ধৰিলে বিশেষ লাভ নহ’ব। ১০ মিনিট হেঁচা মাৰি ধৰি থকাৰ পিছত নাকটো ঢিলা কৰি দিয়ক। যদিহে তেজ ওলোৱা বন্ধ হোৱা নাই পুনৰ হেঁচা মাৰি ধৰক।

৩) মুখত থকা তেজ থুৱাই পাত্ৰটোত পেলাওক। কেতিয়াও গিলি থ’ব নালাগে। এনে কৰিলে বমি হ’ব পাৰে। মুখেৰে উশাহ ল’বলৈ দিয়ক। মুখ, নাকৰ লাগি থকা তেজ পৰিস্কাৰ পানীত তিয়াই চাফা কৰক।

৪) নাকৰ দুয়োফালে বৰফ কাপোৰেৰে মেৰিয়াই হেঁচা মাৰি ধৰক। তেনে কৰিলেও তেজ ওলোৱা কমে।

৫) ৩০ মিনিটৰ পিছতো যদি নাকেৰে তেজ ওলোৱা বন্ধ নহয়, বা তেজ ওলোৱা বাঢ়ি যায়, উশাহ-নিশাহত কষ্ট পায়, তুৰন্তে চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে।

৬) নাকৰ ভিতৰত কাপোৰ সুমুৱাই নাকটো বন্ধ নকৰিব।

৭) তেজ ওলোৱাটো বন্ধ হ’লেও ডাক্তৰৰ পৰামৰ্শ লোৱাটো জৰুৰী।

কাণৰ পৰা তেজ ওলালে

কাণত আঘাত পালে, কাণৰ পৰ্দা ফাটিলে বা মূৰৰ হাড় ভাগিলে কাণৰ পৰা তেজ ওলাব পাৰে।

লক্ষণসমূহ

১) কাণৰ পৰ্দা ফাটিলে

  • কাণৰ ভিতৰত বিষাব
  • তেজ ওলাব
  • কাণেৰে নুশুনা হ’ব।

২) মূৰত আঘাত পোৱাৰ ফলত তেজ ওলালে

  • মূৰত দুখ পোৱাৰ ইতিহাস থাকিব।
  • মূৰ বিষাব
  • তেজৰ লগত জুলীয়া পদাৰ্থ ওলাব পাৰে
  • অচেতন অৱস্থাত ৰোগীজন থাকিব পাৰে।

প্ৰাথমিক চিকিৎসা

সচেতন অৱস্থাত থকা ৰোগীজনক আধা বহা অৱস্থাত মূৰটো আঘাত পোৱা কাণৰ ফালে এঢলীয়া কৰি ৰাখক, যাতে কাণৰ পৰা ওলোৱা তেজ বা জুলীয়া পএআৰ্থ বাহিৰলৈ ওলাই অহাত সুবিধা হয়। পৰিস্কaৰ কাপোৰ বা বেণ্ডেজেৰে কাণখন ঢাকি দিয়ক।

  • ৰোগীজন অচেতন অৱস্থাত থাকিলে আৰু যদি উশাহ লৈ থাকে তেতিয়া হ’লে ৰিক’ভেৰী অৱস্থানত শুৱাই দিয়ক।মন কৰিব যাতে আঘাত পোৱা কাণখন তলৰ ফালে থাকে।
  • যদিহে উশাহ বা নাড়ীৰ গতি বন্ধ হোৱাৰ উপক্ৰম হয়, তেতিয়া চি পি আৰ পদ্ধতি প্ৰয়োগ কৰি ব্যক্তিজনক সুস্থ কৰি তোলাৰ চেষ্টা কৰক।
  • ততকালীন ভাৱে এম্বুলেন্সেৰে চিকিতাসলয়ত ৰোগীজনক ভৰ্তি কৰাওক।

নকৰিবলগীয়া

কাণৰ ভিতৰত কপাহ বা বেণ্ডেজ ভৰাই দিব নালাগে। তেনে কৰিলে কাণৰ পৰা তেজ বা জুলীয়াপদাৰ্থ বাহিৰলৈ ওলাই অহাত বাধা পায়। ফলত কাণৰ ভিতৰত চাপ বাঢ়ি আঘাত গুৰুতৰ কৰিব।

চকুৰ পৰা তেজ ওলালে

চকুত আঘাত পালে বা মূৰত আঘাত পালে চকুৰ ভিতৰত বা চকুৰ পৰা তেজ ওলাব পাৰে।

লক্ষণসমূহ

  • চকু ৰঙা পৰা, উখহি উঠা, বিষোৱা। চকুৰ পৰা তেজ ওলোৱা।
  • চকু বা পতাত আঘাতৰ চিন্ থকা
  • চকুৰে ভালকৈ দেখা নোপোৱা হোৱা
  • চকুৰে নেদেখা হোৱা আদি।

প্ৰাথমিক চিকিৎসা

যদিহে চকুৰ আঘাত সন্দেহ কৰা হয়, তেতিয়াহ’লে চকুটো পৰিস্কাৰ কাপোৰ বা ড্ৰেছিং বা পেডেৰে ঢাকি বেণ্ডেজেৰে মেৰিয়াই ততকালে চিকিৎসালয়লৈ লৈ যাব লাগে।

চকুত কিবা লাগি থাকিলে গুচাই আনিবলৈ চেষ্টা নকৰিব।

দাঁতৰ আলুৰ পৰা তেজ ওলালে

আঘাত পোৱাৰ ফলত বা খেলৰ সময়ত পোৱা আঘাতৰ ফলত দাঁতৰ পৰা বা দাঁতৰ গুৰিৰ পৰা তেজ ওলাব পাৰে।

প্ৰাথমিক চিকিৎসা

  • সন্মুখৰ ফালে হাউলি ব্যক্তিজনক বহিবলৈ দিয়ক
  • পৰিস্কাৰ কাপোৰ বা তুলা বা পেড, তেজ ওলোৱা ঠাইত হেঁচি ধৰক। ১০-২০ মিনিট সময় ধৰি হেঁচি ধৰিলে তেজ ওলোৱা বন্ধ হয়।
  • মুখত জমা হোৱা তেজ থুৱাই পেলাব লাগে।
  • গিলি দিব নালাগে। খালে বমি হ’ব পাৰে।
  • ইয়াৰ পিছতো নকমিলে চিকিতসকৰ সহায় লওক।

মুখৰ পৰা তেজ ওলালে

মুখৰ ভিতৰত পোৱচা আঘাত, জিভা, ওঁঠ, মুখৰ ভিতৰৰ আঘাতৰ ফলত মুখৰ পৰা তেজ ওলাব পাৰে।

প্ৰাথমিক চিকিৎসা

  • সন্মুখৰ ফালে হাউলি মানুহজনক বহিবলৈ দিয়ক।
  • পৰিস্কাৰ কাপোৰ বা কপাহেৰে আঘাত পোৱা ঠাইত হেঁচি ধৰক। জিভা কাটিলে কপাহেৰে দুটা আঙুলিৰ মাজত জিভাখনৰ দুখ পোৱা অংশটো ৰাখি হেঁচি ধৰক। ১০ ৰ পৰা ২০মিনিট সময় তেনেকৈ ধৰিলে তেজ ওলোৱা বন্ধ হয়।
  • মুখত তেজ থাকিলে থুৱাই বাহিৰলৈ উলিয়াই দিব লাগে।
  • গৰম বস্তু কমেও ১২ ঘণ্টা খাব দিব নালাগে।
  • মুখখন ধুই নেপেলাব। এনে কৰিলে তেজ পুনৰায় ওলাব পাৰে।
  • প্ৰয়োজন অনুযায়ী চিকিতসকৰ পৰামৰ্শ লওক।

মহিলাৰ যৌনাংগৰ পৰা তেজ ওলালে

১) আঘাত পোৱাৰ ফলত,

২) গৰ্ভস্থ সন্তানটি নষ্ট হোৱাৰ ফলত যৌনাংগৰ পৰা মহিলাগৰাকীৰ ৰক্তক্ষৰণ হ’ব পাৰে।

৩) ঋতুস্ৰাৱৰ সময়ত ততোধিক ৰক্তস্ৰাৱ মহিলাগৰাকীৰ বিপদৰ কাৰণ হ’ব পাৰে।

লক্ষণ

  • তলপেটৰ বিষ
  • যৌনাংগৰ পৰা হোৱা ৰক্তক্ষৰণ
  • মুৰ্ছা যোৱাৰ লক্ষণ দেখা দিয়া

প্ৰাথমিক চিকিৎসা

  • কম্বলেৰে ঢাকী ৰোগীজনক শুৱাই দিয়ক
  • অচেতন হ’লে তাৰ চিকিৎসা কৰক
  • এম্বুলেন্সেৰে চিকিতাসলয়লৈ প্ৰেৰণ কৰক।

ভেৰিক’চ ভেন আৰু ৰক্তক্ষৰণ

ভেৰিক’চ ভেন বা ফুলি উঠা ভৰিৰ সিৰবোৰৰ পৰা বহু সময়ত প্ৰচুৰ ৰক্তক্ষৰণ হয়। ইয়ে কেতিয়াবা ৰোগীজন অচেতন অচেতনৰ কাৰণ হোৱা দেখা যায়।

লক্ষণসমূহ

  • প্ৰচুৰ ৰক্তক্ষৰণ হোৱা, তেজৰ ৰ্ং ক’লা বৰণৰ হয়।অচেতন অৱস্থা
  • প্ৰাথমিক চিকিৎসা
  • তেজ ওলোৱা অংশটো হাতেৰে বা পৰিস্কাৰ কাপোৰেৰে হেঁচি ধৰক।
  • মানুহজনক কম্বল এখনৰ ওপৰত শুৱাই দি ভৰিখন ওখ কৰি ৰাখক।
  • টান কাপোৰ পেণ্টি, জোতা, মোজা খুলি পেলাওক।
  • বেণ্ডেজেৰে ওপৰৰ পৰা তললৈ তেজ ওলোৱা ঠাইডোখৰ মেৰিয়াই বান্ধি দিয়ক।
  • শ্ব’কত থাকিলে শ্ব’কৰ চিকিৎসা কৰক।
  • চিকিৎসালয়লৈ এম্বুলেন্সেৰে ৰোগীজনক লৈ যাওক।

ডা: ৰাজীৱলোচন শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate