যিবোৰ বস্তু বা গেছ যথেষ্ট পৰিমাণ দেহত প্ৰৱেশ কৰিলে প্ৰাণৰ ক্ষতি বা বিনাশ কৰে তাকে বিহ বোলা হয়। এইবোৰ তিনি ধৰণৰে শৰীৰত প্ৰৱেশ কৰিব পাৰে- • হাওঁফাওঁৰ মাধ্যমেৰে। • ছালৰ মাধ্যমেৰে। • মুখেৰে। হাওঁফাওঁৰ মাধ্যমেৰে হাওঁফাওঁৰ মাধ্যমেৰে বিষক্ৰিয়া তেতিয়া হ’য়, যেতিয়া আমি উশাহত বিষাক্ত পদাৰ্থ সেৱন কৰো। ইয়াত মুখেৰে আৰু ছালৰ মাধ্যমেৰে দূৰ্ঘটনাবসতঃ বা ইচ্ছাকৃত ভাৱে সংঘটিত হোৱা বিষক্ৰিয়া বিষয়ে আলোচনা কৰা হৈছে। ছালৰ দ্বাৰা বা স্পৰ্শৰ জৰিয়তে হোৱা বিষক্ৰিয়া সাধাৰণতে বিভিন্ন উদ্ভিদ, কৃষিজাত কীটনাশক আদিৰ দ্বাৰা হয় আৰু ইয়াৰ চিকিৎসা ব্যৱস্থাও ইয়াত আলোচনা কৰা হৈছে। বেছিভাগ বিষক্ৰিয়া দূৰ্ঘটনাবসতঃ ঘটে। গতিকে তেনে পৰিস্থিতিৰ পৰা সুবুদ্ধিসহ সতৰ্কতাৰে আঁতৰি থাকিবলৈ যত্ন কৰিব লাগে। এইটো অতি গুৰুত্বপূৰ্ণ কথা। যিবোৰ কাম কৰিব নালাগে • শিশুৱে ঢুকি পোৱা ঠাইত কেতিয়াও ঔষধ পাতি ৰাখিব নালাগে। এইবোৰ বস্তু এটা তলাবন্ধ ড্ৰয়াৰ বা বাকচত থব লাগে। ওখ ঠাই যেনে আলমাৰীৰ ওপৰতো থব পাৰি। • ঔষধ পাতি কেতিয়াও বহুদিন জমা কৰি থ’ব নালাগে। এইবোৰ নষ্ট হৈ যায়। চিকিৎসা সম্পূৰ্ণ হোৱাৰ পাছতো যদি ঔষধ বেছিকৈ থাকি যায়, তেন্তে সেইবোৰ ঘুৰাই দিব লাগে। পেলাবলগীয়া ঔষধবোৰ শৌচাগাৰত পেলাই ভালদৰে পানী মাৰিব লাগে। • অন্ধকাৰ ঠাইত বা কোঠাত কেতিয়াও ঔষধ খাব নালাগে। • খোৱা পানীয়ৰ বটল কেতিয়াও ক্ষতিকাৰক পদাৰ্থ বা দ্ৰব্য থবলৈ ব্যৱহাৰ কৰিব নালাগে। শিশুৱে পানীয় খাদ্য বুলি ভাবি ক্ষতিকাৰক পদাৰ্থবোৰেই খাই পেলাব পাৰে। • কেতিয়াও পাকঘৰৰ চিংকৰ তলত বাচন ধোৱা আৰু ঘৰ চাফা কৰা সামগ্ৰী থব নালাগে।। শিশুৱে এইবোৰ বিচাৰি পাই সেইবোৰেৰে খেলিব পাৰে (এই প্ৰসংগত কৈ থোৱা উচিত যে ব্লিছ আৰু টয়লেট চাফা কৰা দ্ৰব্য একেলগে মিহলালে আৰু বেছি ভাল চাফা হোৱা কথাটো অযুক্তিকৰ, বৰং এই মিশ্ৰণৰ পৰা বিষাক্ত গেছ ওলাই। যিয়ে উশাহৰ লগত শৰীৰৰ ভিতৰলৈ গ’লে বিষক্ৰিয়া ঘটে।) • কেতিয়াও আক্ৰান্ত ব্যক্তিক বমি কৰোৱাব নালাগে। নিমখীয়া পানী খাব দিব নালাগে। • কেতিয়াও মুখেৰে একো বস্তু নোখোৱাব (যদিহে মুখ নোপোৰে আৰু সজ্ঞানে থাকে)। • আক্ৰান্ত ব্যক্তি অজ্ঞান অৱস্থাত থাকিলে কেতিয়াও মুখেৰে বস্তু খুৱাবলৈ চেষ্টা কৰিব নালাগে। • পেট্ৰলিয়াম জাতীয় বস্তু খোৱা ব্যক্তিয়ে বমি কৰালৈকে অপেক্ষা কৰিব নালাগে- তেওঁক লগে লগে ৰিকভাৰি পজিচনত থব লাগে। যাতে তেওঁৰ মূৰটো হূদযন্ত্ৰৰ তলত থাকে। • কেতিয়াও মদৰ লগত টোপনীৰ ঔষধ খাব নালাগে। ই ভয়াবহ বিষক্ৰিয়া কৰে। কিছুমান সাধাৰণ বিহ তলত আমাৰ দৈনন্দিন জীৱনত দেখা সাধাৰণ, চিনাকী বিহ কিছুমান উল্লেখ কৰা হ’ল- • বিভিন্ন গুটি নথকা সৰু ৰসাল ফল আৰু গুটি। • কাঠফুলা। • গেলিব ধৰা খাদ্য। • উগ্ৰ ৰাসায়নিক, পেৰাফিন, পেট্ৰল ব্লিছ, ঘুণনাশক, ৰাসায়নিক সাৰ। • ঔষধ: এস্প্ৰিন, টোপনীৰ ঔষধ, চেতনানাশক, আইৰণ টেবলেট। • জীৱজন্তুৰ কামোৰ: নিগনী আৰু চিকাৰ বিষ। • মাদক দ্ৰব্য। • কেঁচা সেউজীয়া আলু (এই আলু যে কিমান বিষাক্ত সেইটো সাধাৰণতেই উপলব্ধি কৰা নহয়) ই পেটৰ বিষ, বমি, ডায়েৰিয়াৰ উপৰিও মৃত্যুও ঘটাব পাৰে। সাধাৰণ চিকিৎসা আক্ৰান্ত ব্যক্তি অজ্ঞান আৰু সজ্ঞান দুয়োটা অৱস্থাত থাকিব পাৰে। যদি জ্ঞান থাকে তেন্তে চিকিৎসা কৰোতে কিছু সহজ হয়। (ক) আক্ৰান্ত ব্যক্তিৰ জ্ঞান থাকিলে- কি খাইছিল, কিমান খাইছিল আৰু কিমান সময়ৰ আগতে খাইছিল সেয়া জানিবলৈ চেষ্টা কৰিব লাগে। (খ) আক্ৰান্ত ব্যক্তিৰ কাষত যদি খালি ঔষধৰ পেকেটৰ টুকুৰা বা টেবলেট, খালি বটল বা গিলাছ আদি থাকে- সেইবোৰ চিকিৎসালয়ত পৰীক্ষা কৰিবলৈ ভালদৰে ৰাখিব লাগে। ইয়াৰ যোগেদি কি বিষ খাইছে সেইটো নিৰ্ণয় কৰাত সুবিধা হব। (গ) আক্ৰান্ত ব্যক্তিৰ মুখৰ ভিতৰখন পৰীক্ষা কৰিব লাগে। যদি ভিতৰখন পুৰি যোৱাৰ দৰে হয় তেন্তে তেওঁ যিমান গাখীৰ বা পানী খাবলৈ পাৰে দিব লাগে। (ঘ) আক্ৰান্ত ব্যক্তিয়ে বমি কৰিলে এটা পাত্ৰত বা পলিথিনত বমিখিনি সংগ্ৰহ কৰি চিকিৎসালয়ত পৰীক্ষাৰ বাবে থব লাগে। ইয়াৰ পৰাও বিষাক্ত বস্তুবিধ নিৰ্ণয় কৰিব পাৰি। (ঙ) যিমান সোনকালে পাৰি আক্ৰান্ত ব্যক্তিক চিকিৎসালয়লৈ নিব লাগে। যদি আক্ৰান্ত ব্যক্তিজন অজ্ঞান অৱস্থাত থাকে বা প্ৰাথমিক চিকিৎসা প্ৰদানৰ সময়ত অজ্ঞান হয়- • প্ৰথমতে উশাহ-নিশাহ পৰীক্ষা কৰিব লাগে। যদি শ্বাস বন্ধ হৈ যায়, তেন্তে লগে লগে কৃত্ৰিম শ্বাস-প্ৰশ্বাস দিয়াৰ ব্যৱস্থা কৰিব লাগে। আক্ৰান্ত ব্যক্তিৰ মুখ আৰু ওঠ পুৰি থকা অৱস্থাত থাকে তেন্তে তেওঁক কৄত্ৰিম শ্বাস দিয়াৰ ব্যৱস্থা কৰিব লাগে। • যদি আক্ৰান্ত ব্যক্তিজনে শ্বাস-প্ৰশ্বাস লৈ আছে, তেন্তে তেওঁক ৰিকভাৰী পজিচনত ভৰি দুটা ওপৰ ফালে দি ৰাখিব লাগে (চিকিৎসালয়লৈ নিয়াৰ সময়ত শিশুক কোলাতলৈ মূৰটো অকনমান তললৈ ৰাখিব লাগে) • ৰোগীৰ শ্বাস প্ৰশ্বাসলৈ লক্ষ্য কৰি থাকিব লাগে। বহু বিষে ৰোগীৰ শ্বাস বন্ধ কৰি দিব পাৰে। • যিমান সোনকালে পৰা যায় চিকিৎসালয়লৈ নিয়া উচিত। • আক্ৰান্ত ব্যক্তিৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখিব লাগে। কপালত জলপতি দিব লাগে। গাটো ঠাণ্ডা পানীৰে কাপোৰ তিয়াই মোহাৰি দিব লাগে। বিশেষকৈ ডিঙিৰ পিছফালৰ আৰু ৰাজহাড়ত। • আক্ৰান্ত ব্যক্তিক ঠাণ্ডা জুলীয়া খাদ্য খাবলৈ উত্সাহিত কৰিব লাগে। • মাংস পেশীৰ সংকোচন বা ফিটা হোৱাৰ উপক্ৰম হৈছে নেকি সেয়া লক্ষ্য কৰি থাকিব লাগে। • আক্ৰান্ত ব্যক্তি অজ্ঞান হৈ গ’লে- তেওঁ উশাহ নিশাহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু ৰিকভাৰি পজিচনত থ’ব লাগে। • বিষৰ পাত্ৰ, বমি আদি ভালদৰে থ’ব লাগে। চিকিৎসকে আক্ৰান্ত ব্যক্তিক চিকিৎসা কৰোতে এই বস্তুবোৰে তেখেতক সহায় কৰিব। ছালৰ মাধ্যমেৰে হোৱা বিষক্ৰিয়া কৃষিকাৰ্য্য আৰু নাৰ্চাৰীবোৰত আজিকালি ব্যৱহাৰ হোৱা বহুবোৰ কীটনাশকত উগ্ৰ ৰাসায়নিক পদাৰ্থ থাকে (যেনে, মেলাথিয়ান) এইবোৰ ছালৰ সংস্পৰ্শলৈ আহিলে দেহৰ ভিতৰলৈ সোমাই যায়। ফলত মাৰাত্মক বিষক্ৰিয়াৰ সম্ভৱনা থাকে। কিছু ইংগিত • কীটনাশকৰ সংস্পৰ্শলৈ অহা আৰু ইয়াৰ মাৰাত্মকতা সম্পৰ্কে জ্ঞান আহৰণ। • কঁপনি, পেশী সংকোচন আৰু ফিট হৈ যোৱা। • আক্ৰান্ত ব্যক্তিয়ে লাহে লাহে জ্ঞান হেৰুৱাই পেলায়। যত্ন • বিষাক্ত পদাৰ্থ স্পৰ্শ কৰা অংশটো ঠাণ্ডা পানীৰে ভালদৰে ধুই পেলাব লাগে। • এনে পদাৰ্থ লগা কাপোৰ কানি সাৱধানে খুলি পেলাব লাগে। প্ৰাথমিক চিকিৎসা দিওঁতা জনে যাতে এই পদাৰ্থ স্পৰ্শ নকৰে তালৈ লক্ষ্য ৰাখিব লাগে। • আক্ৰান্ত ব্যক্তিক আস্বস্ত কৰিব লাগে। তেওঁক শুৱাই দিব লাগে আৰু স্থিৰ আৰু কথা নোকোৱাকৈ থাকিবলৈ দিব লাগে। • যিমান সোনকালে পাৰি- চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে। • আক্ৰান্ত ব্যক্তিৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখিব লাগে। কপালত জলপতি আৰু গলধন, ৰাজহাড়কে ধৰি গোটেই শৰীৰটো ঠাণ্ডা পানীৰে মুছি দিব লাগে। • আক্ৰান্ত ব্যক্তিজনক পৰ্য্যাপ্ত পৰিমাণৰ ঠাণ্ডা জুলীয়া খাদ্য খাবলৈ উত্সাহিত কৰিব লাগে। • পেশী সংকোচন আৰু ফিট হোৱাৰ উপক্ৰম হৈছে নেকি- লক্ষ্য ৰাখিব লাগে। • যদি আক্ৰান্ত ব্যক্তিজন অজ্ঞান হৈ যায়, শ্বাস-প্ৰশ্বাস পৰীক্ষা কৰিব লাগে আৰু ৰিকভাৰি পজিচনত ৰাখিব লাগে। • সদায় বিষৰ পাত্ৰ ভালদৰে ৰাখিব লাগে। চিকিত্সকে চিকিৎসা কৰাত সুবিধা হয়।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 4/8/2020
ঔষধ সেৱন আৰু ক্ৰয়ৰ ক্ষেত্ৰত সাৱধান হওক
অনিদ্ৰা দূৰ কৰো আহক
ঔটেঙাৰ ঔষধি গুণাগুণৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে
অযথা বিষৰ ঔষধৰ ব্যৱহাৰে বিপদ মাতি আনে