মূল পৃষ্ঠা / স্বাস্থ্য / জীৱনৰ সত্যসমূহ / জীৱনৰ দৈৰ্ঘ্য আৰু স্বাস্থ্যৱান জীৱনৰ দৈৰ্ঘ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱনৰ দৈৰ্ঘ্য আৰু স্বাস্থ্যৱান জীৱনৰ দৈৰ্ঘ্য

নতুন গৱেষণাই দিছে আনন্দৰ বতৰা

আশী আৰু নব্বৈ বছৰ পাৰ হৈ যোৱা মানুহৰ খাদ্যত অধিক পৰিমাণে চৰ্বী থাকিলে তেওঁলোকৰ স্বাস্থ্যৰো উপকাৰ হ'ব পাৰে আৰু জীৱনৰ দৈর্ঘ্যও বাঢ়িব পাৰে। নিগনিৰ ওপৰত চলোৱা এলানি সূক্ষ্ম গৱেষণাৰ অন্তত এনে সম্ভাৱনায়েই দেখা গৈছে। জীৱনৰ গুণগত মান বঢ়োৱাত চৰ্বীযুক্ত আহাৰৰ বিশেষ অৰিহণা থাকিব পাৰে বুলি জনা গৈছে। নিগনিৰ ক্ষেত্ৰত এইলানি পৰীক্ষাই এইবোৰ কথা অতি স্পষ্টকৈ প্ৰমাণ কৰিছে যদিও মানুহৰ ক্ষেত্ৰত তেনে পৰীক্ষা কৰি চোৱা হোৱা নাই বাবে কেৱল সম্ভাৱনাৰ কথাহে কোৱা হৈছে। নিগনিৰ ক্ষেত্ৰত প্রমাণ পোৱা গৈছে যে কিট’জেনিক (Ketogenic) খাদ্য বা উচ্চ পৰিমাণৰ চৰ্বী থকা খাদ্যই কেৱল যে আয়ুসেই বঢ়ায় এনে নহয়, সি শাৰীৰিক বলোবৃদ্ধি কৰে। এই একে কথা মানুহৰ ক্ষেত্ৰতো ঘটিব বুলি গৱেষকসকলে আশা কৰিছে।

এইলানি গৱেষণা চলোৱা হৈছিল আমেৰিকাৰ কেলিফ'ৰ্নিয়াৰ ডেভিজ স্কুল অৱ ভেটেৰিনেৰী মেডিচিনৰ গৱেষণাগাৰত। এই মাহত (ছেপ্টেম্বৰ ২০১৪) “চেল মেটাবলিজিম’ (Cell Metabolism) নামৰ উচ্চ সন্মানিত গৱেষণাৰ আলোচনীখনত এই ফল প্রকাশ কৰা হৈছে। গৱেষকসকলৰ ভিতৰত জ্যেষ্ঠ, পুষ্টি বিজ্ঞানী জন মেছেই (Jon Ramsey) কৈছে: ‘এই ফলাফল দেখি মই কিছু বিস্ময়হে অনুভৱ কৰিছোঁ। আমি সামান্য পার্থক্য এটাহে দেখিম বুলি আশা কৰিছিলো। কিন্তু এনে এটা ফল দেখি আমি আচৰিত হৈ পৰিছোঁ— উচ্চ কাৰ্ব'হাইড্ৰেটযুক্ত আহাৰ খুওৱা নিগনিৰ তুলনাত উচ্চ-চৰ্বীযুক্ত আহাৰ খুওৱা নিগনিৰ গড় (মাধ্যিকী-median) আয়ুস ১৩ শতাংশ বৃদ্ধি দেখিবলৈ পাইছে। নিগনিৰ এই ফল মানুহৰ ক্ষেত্ৰত দেখোন সাতৰ পৰা দহ বছৰ বৃদ্ধি হোৱাৰ দৰে হ’ব। সমানেই গুৰুত্বপূৰ্ণ কথাটো হ’ল এই নিগনিবোৰে পিছৰ জীৱনত জীৱনৰ মান অক্ষুন্ন ৰাখিব পাৰিছে।

ৰেমছেই যোৱা কুৰি বছৰ কাল ধৰি বয়োবৃদ্ধি প্ৰক্ৰিয়াটোৰ বিষয়ে অনুসন্ধান চলাই আহিছে। বয়োবৃদ্ধিৰ ভিতৰুৱা প্ৰক্ৰিয়াটোৱেই নিগনি আৰু মানুহৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা ৰোগবোৰৰ এক অৰিহণা হিচাপে কাম কৰে। ইতিমধ্যে বহুতো গৱেষণাত এই কথা প্রমাণিত হৈছে যে খাদ্যৰ কেল'ৰী নিয়ন্ত্রিত হ’লে নানা প্রাণীৰ ক্ষেত্ৰতে বয়োবৃদ্ধিৰ হাৰ লেহেমীয়া হয়। কিন্তু ৰেমছে আৰু তেওঁৰ সহযোগীসকলে এই কথা বুজিব খুজিছিল যে উচ্চ-চৰ্বীযুক্ত আহাৰে বয়োবৃদ্ধিৰ প্ৰক্ৰিয়াটোত কিবা প্ৰভাৱ বিস্তৰ কৰে নে নকৰে, আৰু যদি কৰে কেনেকৈ কৰে।

কিট’জেনিক খাদ্যই (মাছ, বিশেষকৈ সাগৰৰ মাছ, কবি, বেঙেনা, তিয়ঁহ আদি পাচলি, মাংস, কণী, নাৰিকল তেল, আদি) স্বাস্থ্যৰ নানা উপকাৰ কৰে বুলি বিভিন্ন উৎসৰ পৰা অহা দাবীৰ বাবে এনে খাদ্যৰ জনপ্ৰিয়তা বাঢ়িছে। কিন্তু বিজ্ঞানীসকলে কিট’ছিছ নামৰ প্ৰক্ৰিয়াটো সূক্ষ্মাতিসূক্ষ্মভাৱে বুজিবৰ বাবে এতিয়াও চেষ্টা চলাই আছে। খাদ্যত কাৰ্ব'হাইড্ৰেটৰ পৰিমাণ বৰকৈ কমি গ’লে, শৰীৰটোৱে তাৰ ইন্ধন যোগানৰ বাবে গ্লুক’জ প্ৰধান উৎস হিচাপে ব্যৱহাৰ কৰাৰ সলনি শৰীৰৰ চৰ্বীবোৰ পুৰি কিট’ন প্রস্তুত কৰি তাৰে ইন্ধন যোগান ধৰা আৰম্ভ কৰে।

খাদ্যেৰে দীৰ্ঘৰ্জীৱন

নিগনিবোৰক এই গৱেষণাত তিনিটা গোটত ভগাই লোৱা হৈছিল। এটা গোটক উচ্চ-কার্বহাইড্রেটযুক্ত নিগনিৰ খাদ্য দিয়া হৈছিল। দ্বিতীয় গোটক নিম্ন-কাৰ্ব’হাইড্রেট/উচ্চ-চৰ্বীযুক্ত আহাৰ দিয়া হৈছিল। তৃতীয়টো গোটক দিয়া হৈছিল কিট’জেনিক আহাৰ। উচ্চ-চৰ্বীযুক্ত আহাৰে নিগনিবোৰৰ ওজন বঢ়াব আৰু জীৱনৰ দৈর্ঘ্য কমাব বুলি আশংকা কৰি গৱেষকসকলে তিনিওবিধ আহাৰৰে কেল'ৰী মূল্য একে হোৱাকৈ ৰাখিছিল।

“আমি গৱেষণাটোত ওজন কমোৱা বা কমি যোৱা কথাটোত গুৰুত্ব দিয়া নাছিলোঁ, গুৰুত্ব দিছিলোঁ বিপাক (metabolism) (অর্থাৎ যি ৰাসায়নিক প্রক্ৰিয়াৰ সহায়ত জীৱন চালিত হয়) প্রক্ৰিয়াৰ ওপৰতহে। চাইছিলোঁ বিপাকৰ এই প্ৰক্ৰিয়াই বয়োবৃদ্ধিৰ ওপৰত কিবা প্ৰভাৱ পেলায় নেকি।' এই কথা কৈছে জ্যেষ্ঠ গৱেষক জন ৰেমছেয়েই।

নিগনিৰ ওপৰত চলোৱা এই গৱেষণাত ওলাই পৰিছিল যে কিট’জেনিক খাদ্যই নিগনিবোৰৰ আয়ুস বৃদ্ধি কৰাৰ লগতে সিহঁতৰ স্মৃতিশক্তিও বৃদ্ধি কৰিছিল। তদুপৰি সিহঁতৰ মটৰ কার্যত (বল, আৰু সমন্বয় ৰক্ষা) বঢ়াই তুলিছিল। লগতে, নিগনিবোৰৰ বয়োবৃদ্ধিৰ চিন প্রদাহ (inflammation) বৃদ্ধি হোৱাটো নিয়ন্ত্ৰণ কৰিছিল, সিহঁতৰ শৰীৰত টিউমাৰ সৃষ্টি হোৱাটোতো অধিক বাধা আহি পৰিছিল।

“আমি এই গৱেষণাত মনোযোগ দিয়া বহুতো কথা মানুহৰ ক্ষেত্ৰতো বিশেষ একো বেলেগ নহয়, ৰেমছেই মন্তব্য কৰিছে। ‘মৌলিক স্তৰত, মানুহৰ ক্ষেত্ৰতে একেধৰণৰ পৰিৱৰ্তনেই আহি পৰে। মানুহৰ বয়োবৃদ্ধিৰ লগে লগে শৰীৰৰ অংগ-পত্যংগবোৰৰ কাম-কাজৰ দক্ষতা লাহে লাহে কমি যাব। এই গৱেষণাই প্রমাণ কৰিছে যে কিট’জেনিক আহাৰে মানুহৰ হয়তো জীৱনৰ দৈৰ্ঘ্য বঢ়াই দিব আৰু ই মানুহৰ বৃদ্ধ অৱস্থালৈ সুস্থ কৰি ৰখাতো অৰিহণা যোগাব। তাৰ বাবে খাদ্যবস্তুৰ অত্যধিক নিয়ন্ত্ৰণৰ প্ৰয়োজন নহ'ব আৰু শৰীৰৰ ওজনো বৰকৈ কমি নাযাব। গতিকে, এইলানি গৱেষণাই বয়োবৃদ্ধিৰ ওপৰত প্ৰভাৱ পেলাব পৰা আহাৰৰ ব্যৱস্থা কৰাত সহায় কৰিব।

স্তব্ধ বয়োবৃদ্ধিৰ ঘড়ী

বয়োবৃদ্ধি সম্পর্কে গৱেষণা চলোৱা আমেৰিকাৰ বাক ইনষ্টিটিউটে (Buck Institute of Research on Aging) চলোৱা আন এটা একেধৰণৰ গৱেষণাতো প্ৰমাণ পোৱা গৈছে যে কিট’জেনিক খাদ্যই বয়োবৃদ্ধিৰ সময়ত স্মৃতি উন্নতি কৰি ৰাখে আৰু জীৱনৰ দৈৰ্ঘ্য বঢ়াই দিয়ে। তাতো নিগনিৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছিল আৰু এই গৱেষণাৰ প্ৰ-পত্ৰখনো ‘চেল মেটাবলিজিম’ৰ আলোচনীখনৰ একেটা সংখ্যাতে প্ৰকাশ পাইছে।

লছ এঞ্জেলেছৰ কেলিফ’ৰ্নিয়াৰ জীৱ বিজ্ঞানীৰ গোট এটাই কুনকুনি মাখিৰ (Fruit fly) বয়োবৃদ্ধিৰ ঘড়ীটো স্তব্ধ কৰি দিব পৰাৰ এটা কৌশল উদ্ভাৱন কৰিছে আৰু তাৰ পৰা এই আশা কৰিব পৰা হৈছে যে তেনে প্ৰক্ৰিয়াৰে বিকাশ ঘটাই মানুহৰ বয়োবৃদ্ধিৰ স্তব্ধ বা অন্ততঃ মন্থৰ কৰি দিব পৰা হ’ব। এনে গৱেষণাই এদিন মানুহৰ পাৰকিনছৰ ৰোগ, এলঝেইমাৰ ৰোগ, কেন্সাৰ, ষ্ট্ৰোক, ন-ৰক্ত সংবহন ৰোগ আদি বয়োবৃদ্ধিৰ লগতে জড়িত ৰোগৰ আৰম্ভণি পলম কৰি দিব পাৰিব বুলি আশা কৰা হৈছে।

এই বিশেষ গৱেষণাটোত ফুল মাখি বা কুনকুনি মাখিবোৰৰ কোষৰ ভিতৰৰ মাইট’কন্ড্রিয়নবোৰৰ ওপৰত মনোযোগ দিয়া হয়। মাইট'কণ্ডিয়নবোৰ হ'ল শক্তিৰ জনক আৰু ইহঁতে কোষৰ বৰ্ধন আৰু কোষটো জীয়াই থকা বা মৰাটো নিয়ন্ত্ৰণ কৰে। বয়সৰ লগে লগে মাইট’কন্ড্রিয়নবোৰো নষ্ট হৈ গৈ থাকে। নষ্ট হ’লে মানুহৰ ক্ষেত্ৰত ইহঁত মানুহজনৰ মস্তিস্ক, মাংসপেশী বা আন অংগত গোট খায়। কোষবোৰে মাইট’কণ্ড্ৰিয়নবোৰ আঁতৰাই পেলাব নোৱাৰিলে সিহঁত বিষাক্ত হৈ পৰিব পাৰে। তেতিয়া সিহঁতে নানা বয়স সম্বন্ধিত ৰোগৰ সৃষ্টি কৰিব পাৰে। এই কথাখিনি এই গৱেষণাৰ জ্যেষ্ঠ গৱেষক, বিশ্ববিদ্যালয়খনৰ একীকৃত জীৱবিজ্ঞান আৰু শৰীৰক্ৰিয়া বিজ্ঞানৰ অধ্যাপক ডেভিদ ৱাকাৰৰ।

ফল মাখিবোৰৰ জমা হোৱা বিনষ্ট হোৱা মাইট'কণ্ড্ৰিয়নবোৰ কোষৰ ভিতৰতে ভাঙি টুকুৰা-টুকুৰ কৰি দিয়াত দেখা গ’ল যে সিহঁত আকৌ আগৰ দৰে তজবজীয়া হৈ উঠিছে। ‘নেচাৰ কমিউনিকেশ্বন্‌ছ’ নামৰ গৱেষণা আলোচনীৰ ৬ ছেপ্টেম্বৰ (২০১৭) তাৰিখৰ সংখ্যাত প্রকাশিত এই অধ্যয়নত মাইকী মাখিবোৰৰ আয়ুস ২০ শতাংশ আৰু মতাবোৰৰ আয়ুস ১২ শতাংশ বাঢ়ি যোৱা বুলি প্ৰকাশ কৰা হৈছে।

এই গৱেষণাৰ মূল গৱেষক অনিল ৰাণাই প্রমাণ পাইছে যে Drp' নামৰ এবিধ প্ৰ’টিন ব্যৱহাৰ কৰি বিনষ্ট আৰু ডাঙৰ আকৃতিৰ বাবে কোষৰ বাহিৰ হৈ যাব নোৱৰা মাইট’কন্ড্রিয়নবোৰ ভাঙি সৰু সৰু কৰিব পাৰি। তেতিয়া প্ৰাণীবিধৰ Atg' নামৰ জিনবোৰে সেই টুকুৰাবোৰ কোষবোৰৰ পৰা উলিয়াই দিব পাৰে। তেতিয়া বাৰ্ধক্যৰ লক্ষণ কমি যায়।

বয়োবৃদ্ধি ৰোধৰ ঔষধ

ফল মাখিবোৰৰ ক্ষেত্ৰত বয়োবৃদ্ধিৰ প্ৰভাৱ অধ্যয়ন কৰাটো গৱেষকসকলৰ বাবে সুবিধাজনক। কাৰণ সিহঁতৰ জীৱনকাল চুটি প্রায় দুমাহ আৰু এমাহমান বয়সতে সিহঁতৰ গতি বয়োবৃদ্ধিৰ লক্ষণ ফুটি ওলাবলৈ ধৰে। সেইবাবে সিহঁতৰ ওপৰত বয়োবৃদ্ধি স্তব্দ বা মন্থৰ কৰাৰ গৱেষণাৰ প্ৰভাৱ কম সময়তে অধ্যয়ন কৰিব পাৰি। তদুপৰি, ফল মাখিৰ বয়োবৃদ্ধিৰ বহুতো প্ৰক্ৰিয়া কোষীয় স্তৰত মানুহৰ বয়োবৃদ্ধিৰ প্ৰক্ৰিয়াৰ লগত মিলে, গতিকে সিহঁতৰ ওপৰত চলোৱা বহু অধ্যয়নে মানুহৰ সদৃশ প্ৰক্ৰিয়াৰো জ্ঞান দিয়ে। আন এটা সুবিধাৰ কথা হ’ল ফল মাখিবোৰৰ আটাইবিলাক জিন ইতিমধ্যে চিনাক্ত কৰা হৈছে। (সিহঁতৰ জিনৰ সংখ্যা প্রায় ১৭,০০০ মানুহৰ প্রায় ২০,৫০০ জিন আছে।) ফলত গৱেষকসকলে এই জিনবোৰৰ ছুইচ ইচ্ছামতে অন-অফ কৰি তাৰ প্ৰভাৱ অধ্যয়ন কৰিব পাৰে। অনিল ৰাণায়ো Atg জিনটো অফ কৰি আৰু পিছত অন কৰি তাৰ প্রভাৱ অধ্যয়ন কৰিছিল।

গৱেষণাৰ ফলাফলবোৰ এনে হৈছে যে গৱেষক দলটোৱে এতিয়া আশা কৰিব পৰা হৈছে যে মানুহৰ ক্ষেত্ৰতো এই প্রক্রিয়াটোৱে কাম দিব। কিন্তু অধ্যাপক ৱাকাৰে ভাবে যে সোনকালেই তেওঁলোকে PrP'ৰ সলনি ব্যৱহাৰ কৰিব পৰা ঔষধ প্ৰস্তুত কৰিব পাৰিব। DrP' এবাৰ ব্যৱহাৰ কৰিলেই যিহেতু বাৰ্ধক্য মন্থৰিত আৰু বার্ধক্যজনিত ৰোগ বিলম্বিত কৰিব পৰাৰ সম্ভাৱনা দেখা গৈছে, তাৰ ঠাইত ব্যৱহাৰ কৰিবলগীয়া ঔষধো এবাৰ কিছুদিনলৈ বা মাজে মাজেহে ব্যৱহাৰ কৰিব লগা হ’ব। তেতিয়া ঔষধৰ দুষ্ক্রিয়া হোৱাৰ ভয়ে কমি থাকিব।

এইবোৰ গৱেষণাই সোনকালেই এদিন মানুহৰ জীৱনৰ দৈৰ্ঘ্যই অকল নহয় স্বাস্থ্যৰ দৈৰ্ঘ্যও (স্বাস্থ্যৱান হৈ থকা কাল) বঢ়াই তুলিব। বয়োবৃদ্ধিৰ দিশত আগবঢ়া লোকসকলে অৱশ্যে তেতিয়ালৈ খাদ্য, ব্যায়াম, চিকিৎসা আদিৰে সন্তুলিত জীৱন যাপন কৰি সু-স্বাস্থে থাকিব লাগিব।

লিখক: ড° দীনেশ চন্দ্ৰ গোস্বামী।

3.02941176471
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top