অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানুহৰ বিকাশৰ স্তৰ

মানুহৰ বিকাশৰ স্তৰ

শিক্ষা হৈছে বহল অৰ্থত এক বিকাশ প্ৰক্ৰিয়া। মানুহে জন্মৰ পিছৰে পৰা শিক্ষাৰ যোগেদি এক অবিৰত আৰু ক্ৰমাগত গতিত বিকাশৰ পথত অগ্ৰসৰ হয়। শিক্ষা আৰু বিকাশে মানুহক নতুন পৰিবেশত নিজকে সমাযোজন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা দিয়ে। মানুহৰ এই বিকাশ বিৰামহীনভাৱে জীৱনৰ এক সুদীৰ্ঘ কাল অতিক্ৰম কৰে, যাক সাধাৰণভাৱে চাৰিটা ভাগত বিভক্ত কৰিব পাৰি। এইকেইটা হৈছে- শৈশৱ, বাল্যকাল, কৈশোৰ আৰু বয়:প্ৰাপ্তি। অৱশ্যে এই চাৰিটা বিভিন্ন স্তৰত বিকাশৰ কাল ভাগ কৰি লোৱা হৈছে আমাৰ অধ্যয়নৰ সুবিধাৰ বাবেহে। প্ৰকৃততে সময়ৰ নিৰ্দ্দিষ্ট সীমাৰেখাৰে বিকাশৰ এই গতিক স্পষ্ট ৰূপত সীমায়িত কৰিব নোৱাৰি। মানুহৰ বিকাশ হৈছে অবিৰাম আৰু অবিচ্ছিন্নভাৱে সংঘটিত হোৱা এক গঠন প্ৰক্ৰিয়া। ব্যক্তিয়ে নিজে ধৰিব আৰু ক’ব নোৱাৰাকৈয়ে এনে প্ৰক্ৰিয়া সংঘটিত হয়। অৱশ্যে ইয়াৰ স্বৰূপ অধ্যয়নৰ যোগেদিহে শিক্ষা-নীতি গ্ৰহণ আৰু তাৰ কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰি তোলাটো আমাৰ বাবে সম্ভৱ হৈ উঠিব পাৰে।

বৃদ্ধি আৰু বিকাশ

মানুহৰ বিকাশৰ স্তৰ আলোচনাৰ পূৰ্বে ‘বিকাশ’ শব্দৰ স্বৰূপ সম্বন্ধে আমাৰ স্পষ্ট ধাৰণাৰ প্ৰয়োজন। মন কৰিবলগীয়া যে ‘বৃদ্ধি’ আৰু ‘বিকাশ’ৰ অৰ্থ একে নহয়। ‘বৃদ্ধি’ হৈছে কোনো বস্তুৰ দৈহিক আৰু আবয়ৱিকভাৱে ক্ৰমে বাঢ়ি যোৱা অৱস্থা। মানুহৰ দেহৰ আকাৰ-আকৃতি, ওজন-উচ্চতা আৰু দেহ-কংকালৰ ক্ৰমে বাঢ়ি যোৱা অৱস্থাই হৈছে বৃদ্ধি। আনহাতে ‘বিকাশ’ শব্দৰ অৰ্থ ইয়াতকৈ বহল আৰু গুণগতভাৱে অৰ্থসূচক। বিকাশ হৈছে সামগ্ৰিক বিধৰ অৱস্থা, যি মানুহৰ দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক বিকাশৰ দিশ সামৰি লয়। ই হৈছে জীৱৰ জৈৱিক অস্তিত্বৰ ওপৰত পৰা পৰিবেশৰ অনুকূল-প্ৰতিকূল প্ৰভাৱৰ পৰিণতি।

বিকাশৰ সাধাৰণ বৈশিষ্ট্য

মানুহৰ শিক্ষা-বিকাশৰ স্তৰ আৰু জীৱনৰ স্তৰ একে কথা নহয়। জীৱনৰ স্তৰ জীৱন ব্যাপি থাকে। ই হৈছে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বাণপ্ৰস্থ আৰু সন্ন্যাস। শিক্ষা-বিকাশৰ স্তৰ হৈছে- শৈশৱ, বাল্যকাল, কৈশোৰ আৰু বয়:প্ৰাপ্তি কাল। বিকাশৰ এই স্তৰকেইটাৰ বৈশিষ্ট্য তলত উল্লেখ কৰা হৈছে-

  • জীৱই পৰিবেশত কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ পৰিণতিয়েই হৈছে বিকাশ। আমাৰ সহজাত জৈৱিক ক্ষমতাৰ ওপৰত পৰিবেশে পেলোৱা প্ৰভাৱৰ ফলস্বৰূপেই বিকাশ সাধিত হয়।
  • এই বিকাশৰ গতি হৈছে এক নিৰন্তৰ, অবিচ্ছিন্ন আৰু দীৰ্ঘম্যাদী প্ৰক্ৰিয়া। দুটা স্তৰৰ মাজত সেয়েহে বিকাশৰ তেনে কোনো স্পষ্ট ব্যৱধান টানিব পৰা নাযায়।
  • দৈহিক, মানসিক, আবেগিক, সামাজিক আৰু নৈতিক দিশত হোৱা পৰিৱৰ্তনবোৰৰ এক সমন্বয় সাধন কৰি বিকাশ সংঘটিত হয়। এই সমূহ দিশৰ বিকাশ পৃথক আৰু স্বতন্ত্ৰ বিধৰ হৈ নুঠে।
  • বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত হৈ নুঠে। কোনো সময়ত এই গতি দ্ৰুততৰ হৈ উঠে আৰু আন কোনো সময়ত ই মন্থৰ হৈ পৰে।
  • বিকাশৰ গতিৰ ক্ষেত্ৰত লিংগ প্ৰভেদৰ প্ৰশ্নও জড়িত হৈ থাকে। ল’ৰা আৰু ছোৱালীৰ দেহ-মানসিক বিকাশৰ গতি আৰু ইয়াৰ প্ৰকৃতি একে নহয়।
  • ছোৱালীৰ বিকাশৰ গতি ল’ৰাতকৈ প্ৰায় ডেৰ বছৰ আগুৱাই যায়। আৱেগ-অনুভূতিৰ ক্ষেত্ৰতো এনে প্ৰভেদ পৰিলক্ষিত হয়।

বিকাশৰ স্তৰ নিৰ্ধাৰণ

মানুহৰ বিকাশৰ স্তৰ বা পৰ্যায়কেইটাৰ বিভাজন আৰু তাৰ সময়সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত চিন্তাবিদসকলৰ মাজত মত-পাৰ্থক্য থকা দেখা যায়। ইয়াৰ এক সংক্ষিপ্ত বিৱৰণ তলত দাঙি ধৰা হৈছে।

  • ৰুচোৰ বিভাজন

শিশু-শিক্ষা আৰু বিকাশৰ দিশত স্তৰ বিভাজনৰ ক্ষেত্ৰত দাৰ্শনিক ৰুচোৰ নাম প্ৰথমেই উল্লেখযোগ্য। তেওঁৰ বিভাজিত স্তৰকেইটা হৈছে-

জন্মৰ পৰা ৫ বছৰলৈ শৈশৱ কাল

৫-১২ বাল্যকাল

১২-১৫ ল’ৰালি বা প্ৰাক্‌-কৈশোৰ কাল

১৫-২০ বয়:প্ৰাপ্তি বা শেহতীয়া কৈশোৰ কাল

  • আৰ্ণেষ্ট জ’নচৰ বিভাজন

ৰুচোৰ বিভাজনৰ লগত সংগতি ৰাখি আৰ্ণেষ্ট জ’নচে আন এটা নিৰ্ভৰযোগ্য স্তৰ বিভাজন কৰে। এইকেইটা হৈছে-

জন্মৰ পৰা ৫ বছৰলৈ শৈশৱ কাল

১২ বছৰলৈ শেহতীয়া বাল্যকাল

১৮ বছৰলৈ কৈশোৰ কাল

১৮ বছৰৰ পিছত বয়:প্ৰাপ্তি কাল

  • ৰাইবাৰ্ণৰ বিভাজন

শিক্ষাবিদ ৰাইবাৰ্ণে বিকাশৰ স্তৰ অধিক সূক্ষ্মভাৱে বিভাজন কৰি দেখুৱায়। তেওঁৰ এই বিভাজনকেইটা হৈছে-

শৈশৱ– জন্মৰ পৰা আঢ়ৈ বছৰলৈ

আগতীয়া বাল্যকাল- তিনিৰ পৰা ছয়-সাত বছৰ (মানসিক বিকাশ পৰ্যায়)

অৱস্থানৰ প্ৰাপ্তি কাল- ছয়-চাৰে ছয়ৰ পৰা আঠ বছৰ (দৈহিক বিকাশ পৰ্যায়)

শেহতীয়া বাল্যকাল- আঠৰ পৰা বাৰ বছৰ (মানসিক বিকাশ পৰ্যায়)

আগতীয়া কৈশোৰ- বাৰৰ পৰা চৈধ্য বছৰ (দৈহিক বিকাশ পৰ্যায়)

শেহতীয়া কৈশোৰ- চৈধ্যৰ পৰা ওঠৰ বছৰ (মানসিক বিকাশ পৰ্যায়)

ওপৰত কৰা এনেবোৰ সূক্ষ্ম বিভাজনৰ পৰা বিকাশৰ স্তৰ সাধাৰণভাৱে আলোচনা কৰিবলৈ চাৰিটা ভাগত বিভক্ত কৰি তুলিব পাৰি। এইকেইটা হৈছে- শৈশৱ কাল, বাল্যকাল, কৈশোৰ আৰু বয়:প্ৰাপ্তি। ইয়াৰে প্ৰথম তিনিটা স্তৰ শিক্ষা-বিকাশৰ দিশৰ পৰা অধিক স্পষ্ট আৰু গুৰুত্বপূৰ্ণ।

  • শৈশৱ কাল

জন্মৰ পৰা ৫ বছৰ বয়সলৈকে জীৱনৰ এই আগলি সময়ছোৱাক শৈশৱ কাল বুলি জনা যায়। শৈশৱৰ ক্ৰমাগত বিকাশৰ গতি এনে ধৰণৰ-

  • জন্মৰ পৰা ৫ বছৰলৈ শৈশৱ কাল।
  • জন্ম হোৱাৰ পৰা নাড়ী সংযোগ বিচ্ছিন্ন নকৰালৈকে সদ্যোজাত বোলা হয়।
  • নাড়ী সংযোগ বিচ্ছিন্ন হোৱাৰে পৰা প্ৰায় এমাহ সময়লৈকে নৱজাত।
  • নৱজাত শিশুৰ বিশেষত্ব হৈছে পৰিবেশত দৈহিক সমাযোজন স্থাপনৰ বাবে কৰা চেষ্টা।
  • এই সময়ত শিশুৰ দৈহিক প্ৰতিক্ৰিয়াক বোলা হয় প্ৰতিবৰ্ত ক্ৰিয়া পৰ্যায়।
  • নৱজাত পৰ্যায়ৰ অন্তত দুবছৰৰ শেষলৈকে বোলা হয় শিশুৰ কেঁচুৱা কাল।
  • এই সময়ত দৈহিক বিকাশৰ গতি হয় সৰ্বাধিক।

শৈশৱৰ দেহ-মানসিক বিকাশৰ বৈশিষ্ট্য

শৈশৱ কালে ব্যক্তিৰ পৰৱৰ্তী বিকাশৰ ভেঁটি স্থাপন কৰে। শিশু-বিকাশৰ দিশবোৰ হৈছে- দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক। এনেবোৰ দিশৰ বিকাশৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হৈছে-

  • দৈহিক বিকাশৰ দ্ৰুততা- দ্ৰুত দৈহিক বিকাশ হৈ উঠে যদিও শিশু দৈহিকভাৱে পৰনিৰ্ভৰশীল হৈ থাকে।
  • সঞ্চালন ক্ষমতাৰ বিকাশ- দেহৰ অংগ সঞ্চালন, নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন ক্ষমতা সি আয়ত্ব কৰি উঠে।
  • খেলা প্ৰৱণতা- খেলা প্ৰৱণতাই শিশুক অংগ সঞ্চালনৰ দ্ৰুততা আৰু ক্ৰিয়া পটুতা প্ৰদান কৰে।
  • সংবেদনাত্মক বিকাশ- সংবেদন অনুভূতিৰ বিকাশ হৈ উঠি দৃষ্টি, শ্ৰৱণ আৰু স্পৰ্শ অনুভূতিৰে মানসিক জীৱন গঢ় দি তোলে।
  • ভাষা বিকাশ- কথিত আৰু লিখিত ভাষা জ্ঞান আয়ত্ব কৰি সি সুখ-দুখৰ অনুভূতি ভালদৰে প্ৰকাশ কৰিব পাৰে।
  • কৌতূহল প্ৰৱণতা- মানসিক বিকাশে শিশুক তাৰ পৰিবেশৰ প্ৰতি অধিক কৌতূহলী কৰি তোলে।
  • কল্পনা প্ৰৱণতা- শিশু অধিক কল্পনাপ্ৰৱণ হৈ উঠি মনত বাস্তৱ-অবাস্তৱৰ মাজত ভ্ৰান্তিৰ সৃষ্টি হয়।
  • সৰ্বপ্ৰাণবাদিতা- শিশুৱে সজীৱ আৰু নিৰ্জীৱৰ মাজত পাৰ্থক্য ধৰিব নোৱাৰি সৰ্বপ্ৰাণবাদিতাৰ আচৰণ প্ৰদৰ্শন কৰে।
  • অনুকৰণ প্ৰৱণতা- অপৈণত জ্ঞান-অভিজ্ঞতাৰ ফলত শিশু অধিক অনুকৰণপ্ৰিয় হৈ উঠে।
  • প্ৰবৃত্তিমূলক প্ৰৱণতা- চিন্তা-যুক্তি, বিচাৰ-বিবেচনাৰ অভাৱত শিশু-আচৰণত অধিক প্ৰবৃত্তিমূলক প্ৰৱণতা পৰিলক্ষিত হয়।
  • আৱেগৰ স্থায়ীত্বহীনতা- শিশু আৱেগিকভাৱে অপৈণত হৈ থকা হেতুকে তাৰ সুখ দুখবোৰ ক্ষণস্থায়ী হয়।
  • আত্মকাম প্ৰৱণতা- শিশুৰ যৌন-জীৱন থাকে আৰু ইয়াক আত্ম-কাম প্ৰৱণতা বুলি জনা যায়।
  • আত্ম-কেন্দ্ৰিকতা- শিশুৰ ভাৱ-চিন্তা একান্ত ব্যক্তিকেন্দ্ৰিক আৰু আত্মকেন্দ্ৰিক। সি সামাজিক মনোভাৱ আৰু আচৰণ প্ৰদৰ্শন কৰিব নোৱাৰে।

শিশুৰ দেহ-মানসিক প্ৰয়োজন

শিশুৰ দেহ-মানসিক প্ৰয়োজন পূৰণৰ ওপৰতেই তাৰ সুস্থ বিকাশ নিৰ্ভৰ কৰে। এই প্ৰয়োজনবোৰৰ শিক্ষামূলক গুৰুত্ব এয়ে যে ইয়াৰ প্ৰতি দৃষ্টি ৰাখিহে পিতৃ-মাতৃ আৰু শিশু যতনকাৰীসকলে শিশু-শিক্ষা আৰু বিকাশৰ আঁচনি সাৰ্থকভাৱে কৰি উঠিব পাৰে। ইয়াৰ চমু উল্লেখ তলত কৰা হৈছে-

  • দৈহিক আদৰ-যত্নৰ প্ৰয়োজন- শিশু দৈহিকভাৱে পৰনিৰ্ভৰশীল হোৱা হেতুকে তাৰ দৈহিক আদৰ-যত্ন, সুস্বাস্থ্য ৰক্ষা আৰু সুঅভ্যাস গঠনৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগে।
  • খেলা-ধূলাৰ প্ৰয়োজন- খেলাই শিশুৰ দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক বিকাশৰ প্ৰয়োজন পূৰণ কৰিব পাৰে।
  • কৌতূহল পূৰণৰ প্ৰয়োজন- শিশু মনৰ কৌতূহল পূৰণৰ বাবে তাৰ বৈষয়িক পৰিৱেশ উন্নত কৰি তুলিব লাগে।
  • মৰমৰ প্ৰয়োজন- শিশুৰ মৰমৰ প্ৰয়োজন পূৰণ কৰি শিশু-ব্যক্তিত্বত আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয়ৰ ভাব জগাই তুলিব লাগে।
  • নিৰাপত্তাৰ প্ৰয়োজন- শিশু মনৰ ভীৰুতা আৰু হীনাত্মিকা ভাব গুচাই তাৰ মনত আৱেগিক নিৰাপত্তাৰ ভাব জগাই তুলিব লাগে।
  • মৰ্যাদাৰ প্ৰয়োজন- সুস্থ সামাজিক বিকাশৰ বাবে পৰিয়ালৰ মাজত শিশুক যথোচিত স্থান, মান আৰু সামাজিক মৰ্যাদা প্ৰদান কৰিব লাগে।
  • স্বাধীনতাৰ প্ৰয়োজন- শিশুৰ স্বভাৱসুলভ মুক্ততাৰ প্ৰতি লক্ষ্য ৰাখি খেলা-ধূলাৰ এক মুক্ত আৰু স্বত:সফূৰ্ত পৰিবেশ প্ৰদান কৰিব লাগে।

শিশুৰ বিকাশত গৃহ পৰিবেশৰ প্ৰভাৱ

শিশুৰ ওপৰত পৰা গৃহ পৰিবেশৰ প্ৰভাৱবোৰৰ স্বৰূপ তলত সংক্ষেপে উল্লেখ কৰা হৈছে-

  • দৈহিক প্ৰভাৱ- গৃহ পৰিবেশৰ সুস্থ দৈহিক প্ৰভাৱৰ ওপৰতেই শিশু স্বাস্থ্য একান্ত নিৰ্ভৰ কৰে, যি পিতৃ-মাতৃৰ বাবে এক কষ্ট সাধ্য দায়িত্ব।
  • বৈষয়িক প্ৰভাৱ- পৰিয়ালৰ সুস্থ বৈষয়িক পৰিবেশেহে শিশুৰ অন্ন-বস্ত্ৰৰ প্ৰয়োজন আৰু খেলা-ধূলাৰ প্ৰয়োজন পূৰণ কৰি সুস্থ ব্যক্তিত্ব গঢ় দি তুলিব পাৰে।
  • আৱেগিক প্ৰভাৱ- পৰিয়ালৰ লোকৰ মৰম-চেনেহ আৰু আন্তৰিকতাই শিশুক আৱেগিক নিৰাপত্তা প্ৰদান কৰি তাৰ সুস্থ আকৰ্ষণীয় ব্যক্তিত্ব গঢ়ি তুলিব পাৰে।
  • সাংস্কৃতিক প্ৰভাৱ- পৰিয়ালৰ মাজত লাভ কৰা সাংস্কৃতিক প্ৰভাৱৰ যোগেদি সামাজিক আচৰণ আৰু পৰম্পৰাৰ প্ৰতি আস্থা, নিষ্ঠা আৰু আনুগত্যৰ ভাব গঢ়ি তুলিব পাৰে।
  • নৈতিক প্ৰভাৱ- শিশুৰ মনত ন্যায়-অন্যায়, উচিত-অনুচিত আদিৰ নৈতিক চেতনা, মনোভাৱ আৰু মূল্যবোধ আদি পৰিয়ালৰ মাজতেই গঢ় লৈ উঠে।
  • অনুশাসনৰ প্ৰভাৱ- শিশুৰ ভাৱ-চিন্তা, ক্ৰিয়া-আচৰণ আৰু অভ্যাস গঠনত আনুগত্য আৰু অনুশাসনৰ মনোভাৱ গৃহ পৰিৱেশেই গঢ় দি তোলে।

শিশুৰ প্ৰতি পৰিয়ালৰ ভূমিকা

সচেতন পিতৃ-মাতৃয়ে আজিৰ শিশুৰ প্ৰতি গ্ৰহণ কৰিবলগীয়া কেতবোৰ ভূমিকা তলত সংক্ষেপে উল্লেখ কৰা হ’ল-

  • মৰম-চেনেহৰ এক আন্তৰিকতাপূৰ্ণ গৃহ পৰিৱেশ শিশুৰ বাবে গঢ় দি তুলিব লাগে।
  • পিতৃ-মাতৃয়ে শিশুৰ দেহ-মানসিক প্ৰয়োজনবোৰ যথোচিতভাৱে পূৰণ কৰিব লাগে।
  • শিশুৰ আত্মপ্ৰকাশ আৰু বিকাশৰ বাবে মুক্ত-স্বত:সফূৰ্ত খেলাৰ পৰিবেশ ৰচনা কৰিব লাগে।
  • নিয়ন্ত্ৰিতভাৱে ক্ৰিয়া অনুশীলনৰ যোগে শিশুৰ সজ অভ্যাস গঠন কৰিব লাগে।
  • শিশুক সমাজৰ সাংস্কৃতিক জীৱনৰ নীতি-নিয়ম আৰু ক্ৰিয়া-কলাপৰ লগত পৰিচয় কৰাই দিব লাগে।
  • পিতৃ-মাতৃয়ে শিশুক পৰিয়ালৰ মাজত আদৰ-যত্নৰ আশ্বাস আৰু আৱেগিক নিৰাপত্তা দিব লাগে।
  • পৰিয়ালৰ মাজত শিশুৰ স্থান, মান, আত্মসন্মান আৰু সামাজিক স্বীকৃতি প্ৰদান কৰিব লাগে।
  • পিতৃ-মাতৃৰ অনুশাসন ব্যৱস্থা অৱদমন মুক্ত কৰি গণতান্ত্ৰিক মনোভাৱৰ কৰি তুলিব লাগে।
  • পৰিয়ালত তেওঁলোকে শিশুক অধিক সময়ৰ বাবে লগ দিব লাগে আৰু তাৰ মন বুজিবলৈ চেষ্টা কৰিব লাগে।
  • সমাজৰ সকলোবোৰ সম্ভাৱ্য অসুস্থ আৰু অনিষ্টকাৰী প্ৰভাৱৰ পৰা শিশুক নিলগত ৰাখিব লাগে।

শৈশৱ কালৰ শিক্ষা

বিকাশৰ বিভিন্ন স্তৰৰ বৈশিষ্ট্য অনুসৰি সেই সেই পৰ্যায়ৰ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। শিশুৰ দেহ-মানসিক বৈশিষ্ট্য, প্ৰয়োজন, আগ্ৰহ-অভিৰুচি আৰু ক্ষমতা আদিৰ ওপৰত ভিত্তি কৰিহে শিক্ষাৰ লক্ষ্য, শিক্ষাদানৰ বিষয়-বস্তু, শিক্ষণ আৰু অনুশাসন পদ্ধতি আদি গঢ় দি তুলিব লাগে। ইয়াৰ বাবে শিক্ষানুষ্ঠান বিশেষ ৰূপত গঢ় দি তুলিব লাগে আৰু শিক্ষকসকল প্ৰশিক্ষণপ্ৰাপ্ত হৈ উঠিব লাগে।

প্ৰাক্‌-প্ৰাথমিক শিক্ষা পৰ্যায়ৰ স্বৰূপ

শৈশৱৰ পৰিকল্পিত অথচ শিশুকেন্দ্ৰিক মুক্ত শিক্ষা ব্যৱস্থাক প্ৰাক্‌-প্ৰাথমিক শিক্ষা বুলি জনা যায়। এই শিক্ষাৰ কাল হৈছে সাধাৰণভাৱে শিশুৰ ৩ বছৰৰ পৰা ৬ বছৰ বয়সলৈকে। লিখা-পঢ়াৰ আনুষ্ঠানিক শিক্ষা দিয়াৰ পৰিৱৰ্তে শিশুৰ দেহতন্ত্ৰ, স্নায়ুতন্ত্ৰ আৰু ইন্দ্ৰিয়সমূহ সক্ষম কৰি তোলা আৰু ভৱিষ্যতৰ ক্ৰিয়া অভিজ্ঞতা আহৰণৰ বাবে উপযুক্ত কৰি তোলাটো ইয়াৰ উদ্দেশ্য। এই পৰ্যায়ৰ শিক্ষা দৈহিক ক্ৰিয়াৰ অনুশীলনৰ যোগে অভ্যাস গঠনমূলক, মুক্ত খেলা প্ৰৱণতামূলক আৰু শিশুৰ দৈহিক প্ৰয়োজন পূৰণ কৰিব পৰাকৈ লালন-পালনমূলক।

ইয়াৰ লক্ষ্য-উদ্দেশ্য

শৈশৱ কালৰ বিকাশৰ বৈশিষ্ট্যৰ প্ৰতি দৃষ্টি ৰাখি ইয়াৰ শিক্ষা ব্যৱস্থাৰ প্ৰধান উদ্দেশ্যসমূহ তলত দাঙি ধৰা হৈছে।

  • শিশুৰ আত্মকেন্দ্ৰিক স্বভাৱ গুচাই সামাজিক মনোভাৱ গঢ়ি দি তোলা।
  • দেহযন্ত্ৰ, ইন্দ্ৰিয় আৰু অংগ-প্ৰত্যংগবোৰৰ কৰ্মদক্ষতা, যথাৰ্থতা আৰু ক্ৰিয়া পটুতা বৃদ্ধি কৰি তোলা।
  • শিশুৰ দৈহিক স্বাস্থ্য ৰক্ষা সম্বন্ধীয় মৌলিক জ্ঞান দিয়া।
  • দৈনন্দিন জীৱনৰ সাধাৰণ ক্ৰিয়া-আচৰণবোৰৰ প্ৰয়োজনীয় অভ্যাস গঠন কৰা।
  • শিশুৰ ভাৱ-অনুভূতি আৰু ক্ৰিয়া-আচৰণত অনুশাসনৰ মনোভাৱ আৰু চেতনা জগাই তোলা।
  • শিশুৰ আৱেগ-অনুভূতিবোৰ অৱদমন-মুক্ত কৰি স্বত:সফূৰ্তভাৱে আত্মপ্ৰকাশ আৰু বিকাশৰ সুবিধা দিয়া।
  • শিশু মনৰ অবাস্তৱ কল্পনাৰ প্ৰভাৱ হ্ৰাস কৰি বাস্তৱৰ অভিজ্ঞতা প্ৰদান কৰা।
  • আখৰ আৰু সংখ্যাৰ প্ৰাথমিক জ্ঞান দিয়া।
  • পৰৱৰ্তী কালত প্ৰাথমিক শিক্ষাৰ পৰ্যায়ত শিশুক মানসিকভাৱে সুস্থ সমাযোজনত সহায় কৰা।
  • শিশুৰ গৃহ আৰু স্কুলৰ শিক্ষা পৰিৱেশৰ মাজত সমন্বয় সাধন কৰা।

শিশুৰ এই পৰ্যায়ৰ ক্ৰিয়া আঁচনি

প্ৰাক্‌-প্ৰাথমিক শিক্ষাত পূৰ্বে নিৰ্ধাৰিত কৰি ৰখা পাঠ্যক্ৰম আৰু অধ্যয়নৰ বিষয়সূচী নাথাকে। কিক্তু তথাপিও এই পৰ্যায়ৰ শিক্ষাৰ পূৰ্ব-পৰিকল্পিত কেতবোৰ শিক্ষা আৰু ক্ৰিয়া আঁচনি থাকে, যাৰ যোগেদি এই শিক্ষাৰ লক্ষ্য-উদ্দেশ্যসমূহ পূৰণ কৰি তোলা হয়। ইয়াৰ স্বৰূপ তলত দাঙি ধৰা হৈছে।

  • শিশুৰ দৃষ্টি, শব্দ আৰু স্পৰ্শ অনুভূতিৰ শিক্ষা দি বস্তুৰ আকাৰ-প্ৰকাৰ, ৰং, ওজন, কোমলতা, কঠিনতা, উপযোগিতা আৰু প্ৰায়োগিকতা আদিৰ সম্বন্ধে শুদ্ধ আৰু সঠিক জ্ঞান দিব লাগে।
  • দৈনন্দিন জীৱনৰ সহজ-সৰল ক্ৰিয়া-কলাপবোৰ প্ৰণালীৱদ্ধভাৱে কৰিবলৈ শিকাব লাগে। এই সমূহৰ ভিতৰত হাত-মুখ ধোৱা, চুলি ফণিওৱা, বস্তু হাতেৰে ধৰা আৰু পৰিপাটিকৈ থোৱা, পোছাক পিন্ধা আৰু খোলা আদি কাৰ্য উল্লেখযোগ্য।
  • সময়ানুবৰ্তিতা, নিয়মানুবৰ্তিতা, অনুশাসনীয়তা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিৰ সম্বন্ধে ক্ৰিয়া অনুশীলনৰ যোগেদি অভ্যাস গঠন কৰিব লাগে।
  • গল্প কোৱা, চিত্ৰ অঁকা আৰু চিত্ৰত ৰঙৰ প্ৰয়োগ কৰা, নৃত্য-গীত, আবৃত্তি আদিৰ যোগে শিশুৰ ছন্দময় প্ৰকাশৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।
  • গল্প কোৱা, চিত্ৰ অঁকা আৰু চিত্ৰত ৰঙৰ প্ৰয়োগ কৰা, নৃত্য-গীত, আবৃত্তি আদিৰ যোগে শিশুৰ ছন্দময় প্ৰকাশৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।
  • ইয়াৰ যোগেদি শিশু-কল্পনাৰ সৃজনাত্মক ৰূপ দিব লাগে আৰু স্বত:সফূৰ্ত আত্মপ্ৰকাশত সহায় কৰিব লাগে।
  • প্ৰকৃতি আৰু পৰিবেশ অধ্যয়ন কৰা, দলগত ক্ৰিয়া আৰু খেলা-ধূলাত অংশগ্ৰহণ কৰা, নৈতিক শিক্ষা দিয়া আদি কাৰ্যসূচীও প্ৰাক্‌-প্ৰাথমিক শিক্ষাৰ অন্তৰ্ভূক্ত কৰা হয়।
  • আখৰ আৰু সংখ্যাৰ মৌলিক জ্ঞান শিশুক খেলাৰ চলেৰে দিয়া হয়।

শিক্ষাদান পদ্ধতি

এই পৰ্যায়ৰ শিক্ষাদান পদ্ধতিৰ বৈশিষ্ট্যকেইটা তলত উল্লেখ কৰা হৈছে-

  • শিশুৰ শিক্ষাব্যৱস্থা হ’ব লাগে ক্ৰিয়াত্মক আৰু ব্যক্তিকেন্দ্ৰিক।
  • খেলাৰ পৰিবেশত, খেলাৰ সঁজুলিৰে আৰু খেলাৰ মনোভাৱেৰে শিক্ষা দিব লাগে।
  • শিশুৱে নিজস্বভাৱে বাবে বাৰে কৰা প্ৰচেষ্টা আৰু ভুলৰ যোগে আত্ম-শিক্ষা লাভ কৰিব লাগে।
  • শিশু-শিক্ষাৰ নীতি হৈছে স্বত:প্ৰণোদিত আৰু আত্মনিদেৰ্শনামূলক।
  • শিক্ষকৰ ভূমিকা হৈছে শিশু-আচৰণ নিৰীক্ষকাৰী আৰু নিদেৰ্শনা প্ৰদানকাৰী।
  • এই পৰ্যায়ৰ শিক্ষাদানৰ বাবে শিক্ষক প্ৰশিক্ষণপ্ৰাপ্ত হ’ব লাগে।

প্ৰাক্‌-প্ৰাথমিক শিক্ষাৰ বিভিন্ন প্ৰকাৰৰ স্কুল

বৰ্তমান সময়ত প্ৰাক্‌-প্ৰাথমিক শিক্ষাৰ প্ৰয়োজন সমাজৰ সকলো শ্ৰেণী লোকেই অনুভৱ কৰি উঠে। কিন্তু তথাপিও এই শিক্ষা চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালনা কৰা নহয়। এইবিধ শিশু-শিক্ষা পৰিচালনাৰ দায়িত্ব বিভিন্ন বে-চৰকাৰী কৰ্তৃপক্ষই গ্ৰহণ কৰে। সেই অনুক্ৰমে এই পৰ্যায়ৰ শিক্ষানুষ্ঠানবোৰৰ গুণমান আৰু শিক্ষাদান ব্যৱস্থা ভিন্‌ ভিন্‌ ধৰণৰ হৈ উঠে। ইয়াৰ কেতবোৰ প্ৰচলিত অনুষ্ঠান হ’ল-

  • কিণ্ডাৰগাৰ্টেন স্কুল
  • মণ্টেচৰী স্কুল
  • নাৰ্চাৰী স্কুল
  • প্ৰাক্‌-প্ৰাথমিক স্কুল
  • প্ৰাক্‌-বুনিয়াদী স্কুল
  • বালৱাড়ী
  • অংগনৱাড়ী
  • সংহত শিশু-বিকাশ সেৱা আঁচনি

বাল্যকাল

বাল্যকালক ব্যক্তিৰ শিক্ষা বিকাশৰ দ্বিতীয় স্তৰ স্বৰূপে গণ্য কৰা হয়। শিশুৰ ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সলৈকে এই স্তৰৰ সময়সীমা ধৰা হয়। এই সময়ৰ লক্ষ্যণীয় বৈশিষ্ট্যবোৰ নিম্নলিখিত বিধৰ-

  • বাল্যকালক আগতীয়া বাল্যকাল আৰু শেষতীয়া বাল্যকাল বা প্ৰাক্‌-কৈশোৰ স্বৰূপে দুটা উপ-বিভাগ কৰা হয়।
  • বিকাশৰ দৃষ্টিকোণৰ পৰা শেষতীয়া বাল্যকাল অধিক তাৎপৰ্যপূৰ্ণ হৈ উঠে।
  • বাল্যকালক সাধাৰণতে লিখা-পঢ়া কৰা সময় বা ‘Schooling age’ বুলি জনা যায়।
  • দৈহিক বিকাশতকৈ শিশুৰ মানসিক বিকাশে এই সময়ছোৱাত অধিক প্ৰাধান্য লাভ কৰে।
  • শিশুৰ সামাজিক প্ৰৱণতা আৰু দলগত আচৰণ বিশেষ মন কৰিবলগীয়া।
  • আনুষ্ঠানিক শিক্ষাৰ নীতি-নিয়ম আৰু অনুশাসনৰ প্ৰতি শিশুৱে বিশেষ আনুগত্য ভাব প্ৰকাশ কৰে।
  • বিকাশৰ আনকেইটা পৰ্যায়তকৈ বাল্যকাল আপেক্ষিকভাৱে সমস্যামুক্ত হৈ উঠে।

বাল্যকালৰ সাধাৰণ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হৈছে-

  • শিক্ষা আহৰণ ক্ষমতা- লিখা-পঢ়া আৰু অংক কৰা আদিৰ ক্ষমতা আৰু দায়িত্ববোধ ভাৱ শিশুৱে আহৰণ কৰে। শিক্ষকক আদৰ্শ ব্যক্তিস্বৰূপে বিবেচনা কৰি তেওঁৰ সকলো অনুভূতি, ভাৱ-চিন্তা আৰু ক্ৰিয়া নিৰ্বিবাদে অনুকৰণৰ প্ৰৱণতা এই সময়ত পৰিলক্ষিত হয়।
  • বৌদ্ধিক যোগ্যতা- স্মৃতি, মনোযোগ, আগ্ৰহ, কল্পনা, চিন্তা আদি বৌদ্ধিক যোগ্যতাবোৰ শিশুৱে আহৰণ কৰিব পাৰে। তাৰ জ্ঞান-অভিজ্ঞতা কেৱল গ্ৰহণমুখী হৈ পৰাৰ পৰিৱৰ্তে ক্ৰমে সৃজনমুখী হৈ উঠিবলৈও ধৰে।
  • সামাজিক চেতনাৰ বিকাশ- আত্মকেন্দ্ৰিক প্ৰৱণতা গুচাই শিশুৱে সামাজিক চেতনা লাভ কৰি উঠে।
  • বহিৰ্মুখিতা- মনৰ দু:চিন্তা, দুৰ্ভাৱনাৰ পৰিৱৰ্তে বাস্তৱ জগতৰ প্ৰতি আগ্ৰহী হৈ উঠা বাবে শিশুক বহিৰ্মুখী ব্যক্তি বুলি ক’ব পাৰি। ভৱিষ্যৎ জীৱনৰ পৰিকল্পনা, চিন্তা-ভাৱনা, দু:চিন্তা-দুৰ্ভাৱনা আদি কৰিবৰ বাবে তাৰ সময় আৰু প্ৰয়োজন নাথাকে।
  • খেলা-প্ৰৱণতা- বহিৰ্মুখী মন আৰু আচৰণে শিশুক এই সময়ত অধিক খেলাপ্ৰৱণ কৰি তোলে। খেলা-প্ৰৱণতা আৰু পৰিবেশে শিশুক এই সময়ত তাৰ আত্মকেন্দ্ৰিকতাৰ ভাৱ বহু পৰিমাণে গুচাব পাৰে।
  • দলীয় আনুগত্য- দলৰ প্ৰতি আগ্ৰহী হৈ শিশুৱে দলীয় নীতি-নিয়মৰ প্ৰতি আনুগত্য ভাৱ প্ৰকাশ কৰি উঠে। এই মনোভাৱে শিশুক গণতান্ত্ৰিক মনোভাৱৰ কৰি তোলে।
  • সমকামিতা- ল’ৰাই ল’ৰাৰ প্ৰতি আৰু ছোৱালীয়ে ছোৱালীৰ প্ৰতি আগ্ৰহী হৈ সমকামিতা ভাৱ প্ৰকাশ কৰে।
  • ভিন ভিন প্ৰবৃত্তিৰ প্ৰৱণতা- শিশুৰ ভিন ভিন প্ৰবৃত্তিয়ে গঠনাত্মক ৰূপ ধাৰণ কৰি উঠে। প্ৰাক্‌-কৈশোৰ কালত বিপৰীত লিংগৰ প্ৰতি ভাৱ আৰু আচৰণ জটিলতৰ হৈ উঠে।
  • আৰ্জিত অভিৰুচি- বাল্যকালৰ দ্বিতীয়াৰ্ধত মনৰ আগ্ৰহ-অভিৰুচি কোনো বিশেষ বিষয়ৰ প্ৰতি আৰ্জিত ৰূপ ধাৰণ কৰে। এনে আৰ্জিত আগ্ৰহে পৰৱৰ্তী কালত নিজ ক্ৰিয়া আচৰণ আৰু অধ্যয়ন বিশিষ্ট ৰূপত গঢ় দি তোলে।
  • সৃষ্টি প্ৰতিভাৰ বিকাশ- প্ৰাক্‌-কৈশোৰ কালত শিশুৰ সৃষ্টিপ্ৰতিভা অংকুৰিত হৈ উঠে। খেলা-ধূলা, নৃত্য-গীত, বৌদ্ধিক ক্ৰিয়া আদিৰ দিশত অসাধাৰণ প্ৰতিভাৰ সম্ভাৱনীয়তা বহন কৰা শিশুক শিক্ষকে চিনাক্ত কৰিব পাৰে।

শৈশৱ আৰু বাল্যকালৰ প্ৰভেদ

শৈশৱ আৰু বাল্যকাল হৈছে বিকাশৰ দুটা স্পষ্ট আৰু সুনিৰ্দ্দিষ্ট স্তৰ। এই দুয়ো স্তৰৰ বিকাশৰ বৈশিষ্ট্যবোৰৰ সূক্ষ্ম বিবেচনা কৰিলে কেতবোৰ প্ৰভেদ আমাৰ মনত স্পষ্ট হৈ উঠে। এইবোৰ হৈছে নিম্নলিখিত বিধৰ।

শৈশৱকাল

বাল্যকাল

স্থিতিকাল জন্মৰ পৰা পাঁচ বছৰ বয়সলৈ।

স্থিতিকাল ছবছৰৰ পৰা বাৰ বছৰ বয়সলৈ।

দ্ৰুত দৈহিক বিকাশ বিশেষভাৱে পৰিলক্ষিত হয়।

দ্ৰুত মানসিক বিকাশ বিশেষভাৱে পৰিলক্ষিত হয়।

দৈহিকভাৱে আনৰ ওপৰত নিৰ্ভৰশীল।

দৈহিক পৰনিৰ্ভৰশীলতাৰ ভাৱ কমিবলৈ ধৰে।

ক্ৰিয়া আচৰণ চঞ্চল আৰু প্ৰবৃত্তি পৰিচালিত হয়।

ভিন ভিন গঠনাত্মক প্ৰবৃত্তি পৰিলক্ষিত হয়।

দৈহিক প্ৰয়োজন পূৰণমুখী আৰু আত্মকেন্দ্ৰিক স্বভাৱৰ হয়।

মানসিক আৰু সামাজিক প্ৰয়োজন অনুভৱ কৰে।

যিকোনো লোকৰ লগত আৰু অকলেও খেলা-ধূলা কৰে।

কেৱল সমনীয়াৰ লগতহে খেলা-ধূলা কৰিবলৈ বিচাৰে।

যৌন-জীৱন হৈছে আত্মকামমূলক।

যৌন-জীৱন হৈছে সমকামমূলক।

আনুষ্ঠানিক শিক্ষাৰ বাবে শিশুৰ মানসিক প্ৰস্তুতি নাথাকে।

আনুষ্ঠানিক শিক্ষাৰ বাবে শিশুৰ মানসিক প্ৰস্তুতি আহি পৰে।

ক্ৰিয়া-আচৰণত অনুশাসনীয়তাৰ ভাব নাথাকে।

অনুশাসন আৰু আনুগত্যৰ ভাব মনত গঢ়ি উঠে।

কল্পনাবিলাসী হোৱাৰ বাবে কল্পনা আৰু বাস্তৱৰ পাৰ্থক্য কৰিব নোৱাৰে।

কল্পনাবিলাসী ভাব কমি আহে আৰু বাস্তৱক অনুভৱ কৰি উঠিব পাৰে।

আৱেগ-অনুভূতি অ-নিয়ন্ত্ৰিত অৱস্থাত থাকে।

আৱেগ-অনুভূতি নিয়ন্ত্ৰিত আৰু যুক্তিসংগত হৈ উঠে।

সুপ্ত অন্তৰ্নিহিত শক্তিৰ আত্মপ্ৰকাশ হৈ নুঠে।

সুপ্ত অন্তৰ্নিহিত শক্তিয়ে প্ৰকাশৰ পথ বিচাৰে।

 

বাল্যকালৰ শিক্ষা ব্যৱস্থা

বাল্যকাল শিক্ষা আহৰণৰ সময়। এই পৰ্যায়ৰ শিক্ষাক প্ৰাথমিক শিক্ষা বোলা হয় এইবাবেই যে ই মানুহৰ শিক্ষা জীৱনৰ প্ৰাথমিক বা মৌলিক প্ৰয়োজন পূৰণ কৰে। সেইবাবে ইয়াক অনিবাৰ্য আৰু বাধ্যতামূলক শিশা স্বৰূপে গণ্য কৰা হয়। এই স্তৰৰ বাবে প্ৰস্তুত কৰি তোলা প্ৰাথমিক শিক্ষাৰ কেতবোৰ বিবেচনাযোগ্য দিশ তলত বিশ্লেষণ কৰি চোৱা হৈছে।

প্ৰাথমিক শিক্ষা পৰ্যায়ৰ লক্ষ্য-উদ্দেশ্য

  • লিখা-পঢ়া আৰু অংক কৰাৰ যোগেদি ব্যক্তিক সাক্ষৰতা দান কৰিব লাগে।
  • শিক্ষাৰ গুণমান উন্নত কৰাতকৈ সাক্ষৰ লোকৰ সংখ্যা বৃদ্ধি কৰি তোলাটোহে ইয়াৰ প্ৰধান উদ্দেশ্য।
  • শিশুক জ্ঞান-অভিজ্ঞতাৰ জগতখনৰ লগত আনুষ্ঠানিকভাৱে পৰিচয় কৰাই দিব লাগে।
  • শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ পথ মুকলি কৰি তুলিব লাগে।
  • প্ৰকৃতি জগতৰ গোপন ৰহস্যৰ প্ৰতি শিশু-মনত প্ৰয়োজনীয় কৌতূহল জগাই তুলিব লাগে।
  • মাতৃভাষাৰ কথিত আৰু লিখিত প্ৰয়োগৰ ক্ষমতা আৰু আগ্ৰহ শিশুৰ মনত জগাই তুলিব লাগে।
  • নৈতিক আৰু সৌন্দৰ্যবোধক চেতনা শিশুৰ মনত গঢ়ি তুলিব লাগে।
  • পৰৱৰ্তী কালৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ উপযোগী কৰি তুলিব লাগে।
  • শিশুৰ দেহ-মানসিক স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক জ্ঞান দিব লাগে।

অধ্যয়নৰ বিষয়সূচী আৰু কাৰ্যসূচী

প্ৰাথমিক শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষা। এই পৰ্যায়ৰ পাঠ্যক্ৰমে শিশুৰ মনত মানসিক আৰু বৌদ্ধিক বিকাশৰ দুৱাৰ মুকলি কৰিব লাগে। জ্ঞান অভিজ্ঞতাৰ মূল উপাদানবোৰ অধ্যয়নৰ অন্তৰ্ভুক্ত কৰিলেও ইয়াক তত্ত্বপ্ৰধান আৰু চিন্তাপ্ৰধান নকৰি ব্যৱহাৰিক আৰু ক্ৰিয়াত্মক বিধৰহে কৰি তুলিব লাগে। এনেবোৰ কথাৰ বিবেচনাৰে নিম্ন উল্লেখিত পাঠ্যসূচী আৰু অধ্যয়নৰ উপাদান অন্তৰ্ভুক্ত কৰিব লাগে।

  • শিশুক কথিত, পঠিত আৰু লিখিত ভাষাজ্ঞান দিবৰ বাবে পাঠ্যক্ৰমত ব্যৱস্থা কৰিব লাগে।
  • সংখ্যাৰ জ্ঞান-ধাৰণা বৃদ্ধি কৰি তুলিবৰ বাবে পাঠ্যক্ৰমত বস্তুৰ সংখ্যা, পৰিমাণ, ওজন, দৈৰ্ঘ্য, প্ৰস্থ আদিৰ গাণিতিক প্ৰয়োগৰ ধাৰণা দিব লাগে।
  • মানৱীয় বিষয়সমূহ যেনে- বুৰঞ্জী, ভূগোল, জীৱনী পাঠ, সাধুকথা, ৰূপকথা আদি শিশুৰ উপযোগী কৰি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে।
  • শিশু মনক প্ৰকৃতি জগতৰ প্ৰতি আগ্ৰহী আৰু কৌতূহলী কৰি তুলিবৰ বাবে জীৱ-জন্তু, গছ-গছনি, নদ-নদী আদিৰ প্ৰকৃতি অধ্যয়নমূলক বিষয় অন্তৰ্ভুক্ত কৰিব লাগে।
  • শিশুৰ কল্পনা-বিলাসী মন গঠনাত্মক আৰু সুৰুচিপূৰ্ণ কৰি তুলিবৰ বাবে সংগীত, নৃত্য-নাটিকা, আবৃত্তি আদি শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব লাগে।
  • শিশু-মনৰ ধাৰণা বিকাশৰ বাবে চিত্ৰাংকন আৰু ৰঙীণ চিত্ৰ অংকনৰ শিশা দিব লাগে।
  • হাত দুখনৰ সৃজনক্ষমতা গঠনাত্মক দিশত বিকশাই তুলিবৰ বাবে মাটিৰ কাম, কাগজৰ কাম আদি কাৰ্যসূচী শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব লাগে।
  • শিশুৰ প্ৰাথমিক স্বাস্থ্য ৰক্ষাৰ বাবে চাফ-চিকুণতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিৰ মৌলিক জ্ঞান দিব লাগে।
  • দলীয় মনোভাৱ শক্তিশালী কৰি তুলিবৰ বাবে দলগত খেলা-ধূলা আৰু অন্যান্য কাৰ্যসূচীত উৎসাহ প্ৰদান কৰিব লাগে।
  • চৰিত্ৰ গঠনৰ বাবে নৈতিক শিক্ষা সৌন্দৰ্য অনুভূতি বিকাশৰ বাবে নৃত্য-গীত আৰু কলাত্মক বিষয়ৰ শিক্ষা ব্যৱস্থা কৰিব লাগে।

শিক্ষাদান পদ্ধতি

শিশু-প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু তাৰ জ্ঞান আৰু বোধশক্তিৰ সীমাবদ্ধতালৈ চাই এই স্তৰৰ শিক্ষাদানৰ বাবে তলত দিয়া কথাকেইটা বিবেচনাযোগ্য।

  • শিক্ষাদান পদ্ধতিত ক্ৰিয়াৰ যোগেদি শিক্ষাৰ নীতি গ্ৰহণ কৰিব লাগে।
  • খেলাৰ মনোভাৱেৰে আৰু খেলাৰ মাধ্যমেৰে শিক্ষাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
  • শিশুৰ মনোযোগ অ-নৈচ্ছিক আৰু অ-নিয়ন্ত্ৰিত বিধৰ হোৱালৈ চাই শিক্ষাৰ দৃশ্য-শ্ৰাব্য সঁজুলিবোৰ শিক্ষাদানৰ বাবে প্ৰয়োগ কৰিব লাগে।
  • শিশুৰ শিক্ষা আহৰণৰ দিশত ব্যক্তিগত ক্ষমতা আৰু শিক্ষা অগ্ৰগতিৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।
  • ক্ৰিয়া সম্পাদনৰ যোগে শিশুৱে সমস্যা সমাধান কৰা শিক্ষা পৰিস্থিতি শিক্ষকে সৃষ্টি কৰি তুলিব লাগে।
  • শিক্ষাদান কালত শিক্ষকে বিষয়-বস্তু সহজৰ পৰা কঠিনলৈ, জ্ঞাতৰ পৰা অজ্ঞাতলৈ আৰু মূৰ্তৰ পৰা বিমূৰ্ত অৱস্থালৈ গতি কৰিব লাগে।

প্ৰাক্‌-প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা পৰ্যায়ৰ তুলনা

শৈশৱৰ প্ৰাক্‌-প্ৰাথমিক আৰু বাল্যকালৰ প্ৰাথমিক শিক্ষাক দুটা পৰ্যায় স্বৰূপে বিচাৰ কৰি শিক্ষাৰ উদ্দেশ্য, শিক্ষাৰ সংগঠন আৰু পৰিচালনাৰ দিশত থকা সাদৃশ্য-বৈসাদৃশ্যবোৰ তলত দাঙি ধৰা হৈছে।

সাদৃশ্য-

  • শিশুৰ স্বাধীনতা আৰু স্বত:সফূৰ্ততা দুয়ো পৰ্যায়ৰ বাবে শিক্ষা-নীতি স্বৰূপে গ্ৰহণ কৰা হয়।
  • ক্ৰিয়াৰ যোগেদি শিক্ষাৰ নীতি দুয়ো পৰ্যায়তে গ্ৰহণ কৰা হয়।
  • শিশুৰ সজ অভ্যাস গঠন আৰু সামাজিক আচৰণ গঢ় দি তোলাটো দুয়ো পৰ্যায়ৰ শিক্ষাৰে উদ্দেশ্য স্বৰূপে গ্ৰহণ কৰা হয়।
  • দুয়ো পৰ্যায়তে সমাজৰ প্ৰয়োজনতকৈ শিশুৰ প্ৰকৃতি আৰু প্ৰয়োজনৰ প্ৰতিহে অধিক দৃষ্টি ৰখা হয়।
  • দুয়ো পৰ্যায়তে কলা-সংগীত, হাতৰ কাম, ভাষা অধ্যয়ন, স্বাস্থ্য ৰক্ষা আৰু নৈতিক শিক্ষা আদিৰ বিষয় শিশুক শিকাব লাগে।
  • খেলা-নীতি দুয়ো পৰ্যায়ৰ শিক্ষাতে গ্ৰহণ কৰা হয়।

বৈসাদৃশ্য-

প্ৰাক্‌-প্ৰাথমিক শিক্ষা

প্ৰাথমিক শিক্ষা

শিক্ষা দানত আনুষ্ঠানিকতা নাথাকে।

আনুষ্ঠানিক নীতি-নিয়মেৰে শিক্ষা দিয়া হয়।

অনুশাসন ব্যৱস্থা হৈছে স্বত:সফূৰ্ত বিধৰ।

অনুশাসন ব্যৱস্থা কিছু পৰিমাণে নিয়ন্ত্ৰিত।

পাঠ্যক্ৰমত পূৰ্ব নিৰ্ধাৰিত বিষয়সূচী নাথাকে।

পাঠ্যক্ৰমত পূৰ্ব নিৰ্ধাৰিত বিষয়সূচী থাকে।

লিখা-পঢ়াৰ ওপৰত প্ৰাধান্য দিয়া নহয়।

লিখা-পঢ়াৰ ওপৰত প্ৰাধান্য দিয়া হয়।

শিক্ষা ঐচ্ছিক বিধৰ কৰি তোলা হয়।

শিক্ষা বাধ্যতামূলক কৰি তোলা হয়।

এই শিক্ষাই সাক্ষৰতা দান নকৰে।

এই শিক্ষাই সাক্ষৰতা দান কৰে।

শিক্ষা অতি ব্যয়বহুল।

শিক্ষা ব্যয়বহুল নহয়।

শিক্ষা বিনামূলীয়া কৰি তোলা নহয়।

শিক্ষা বিনামূলীয়া কৰি তোলা হয়।

শিক্ষা শিশুৰ লালন-পালনমূলক।

শিক্ষা শিশুৰ অনুশাসনমূলক।

শিক্ষকৰ ভূমিকা হৈছে পৰোক্ষ বিধৰ।

শিক্ষকৰ ভূমিকা হৈছে প্ৰত্যক্ষ বিধৰ।

 

কৈশোৰ কাল

‘কৈশোৰ’ শব্দটোৰ ইংৰাজী শব্দ ‘adolescence’ ৰ উৎপত্তি ‘adolescer’ শব্দৰ পৰা হৈ উঠিছে। ইয়াৰ অৰ্থ হৈছে ‘to grow’ বা ‘বৰ্ধন’ হোৱা। এই কালছোৱা হৈছে ব্যক্তিৰ দ্ৰুত দৈহিক বৃদ্ধিৰ সময়। কৈশোৰ কালৰ পৰিৱৰ্তন সম্বন্ধে সমাজৰ লোকে ইতিবাচক আৰু নেতিবাচক মন্তব্য প্ৰকাশ কৰে। কোৱা হয় যে কৈশোৰ কাল হৈছে ধুমুহা আৰু পীড়নৰ সময়। পুনৰ কোৱা হয় যে ই হৈছে ব্যক্তিৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিকাশৰ সময়। কৈশোৰ কালৰ দেহ-মানসিক প্ৰয়োজনবোৰ আশানুৰূপভাৱে পূৰণ কৰা হ’লে ই সমস্যা স্বৰূপ হৈ নুঠে। এই সমূহ পূৰণত ব্যৰ্থ হ’লে প্ৰতিকূল পৰিস্থিতিৰে সমস্যা স্বৰূপ হৈ উঠে। কৈশোৰ কালৰ স্বৰূপ তলৰ কথাকেইটাত ফুটি উঠে।

  • কৈশোৰ কালৰ সময় সীমা ১২ৰ পৰা ১৮-১৯ বছৰ বয়সলৈকে ধৰিব পাৰি।
  • ইয়াক শৈশৱৰ পুনৰাবৃত্তি কাল বুলি কোৱা হয়।
  • জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াৰে এই সময়ত ল’ৰা-ছোৱালীৰ দ্ৰুত দৈহিক পৰিৱৰ্তন সাধিত হয়।
  • এই সময়ত ল’ৰা-ছোৱালীয়ে প্ৰজননিক ক্ষমতা লাভ কৰি উঠে।
  • এই পৰিস্থিতিয়ে দৈহিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আৰু আধ্যাত্মিক আদি বিকাশৰ সকলো দিশত দৰ্শনীয় পৰিৱৰ্তন আনে।
  • যৌৱনৰ প্লাৱনে জীৱন উপত্যকাৰ সকলো দিশ প্লাৱিত কৰি সাৰুৱা আৰু সৃষ্টিশীল কৰি তোলে।
  • ল’ৰা-ছোৱালীয়ে এই সময়ত তেওঁলোকৰ ভাৱ-চিন্তা আৰু ক্ৰিয়া-আচৰণত ক্ৰমে পৌৰুষত্ব আৰু নাৰীত্বপ্ৰাপ্ত হয়।

কৈশোৰ কালৰ প্ৰধান বৈশিষ্ট্যসমূহ

কিশোৰ-কিশোৰীসকলৰ শিক্ষা-বিকাশৰ প্ৰসংগত বিশেষ দৃষ্টিদান কৰিবলগা দেহ-মানসিক বৈশিষ্ট্যবোৰ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

  • দৈহিক বিকাশৰ দ্ৰুততা- যৌন গ্ৰন্থিৰ সক্ৰিয়তাই জৈৱ-ৰাসায়নিক সাধন কৰি ল’ৰা-ছোৱালীৰ দ্ৰুত আৰু ভিন্নমুখী দৈহিক বিকাশ সাধন কৰে।
  • মানসিক বিকাশৰ পৈণতা- মানসিক বিকাশ পৈণতাৰ পথত অগ্ৰসৰ হৈ উঠি চিন্তা, যুক্তি, বিচাৰশক্তি, সৃজনাত্মক কল্পনা, সমস্যা সমাধান ক্ষমতা আৰু বৌদ্ধিক যোগ্যতা সৰ্বোচ্চ পৰ্যায়লৈ উঠে।
  • আৱেগিক অপৈণতা- যুৱক-যুৱতীৰ মনত সুখ-দুখৰ আৱেগ-অনুভূতিৰ পূৰ্ণ-পয়োভৰ হয় যদিও তাৰ পৈণতা লাভ কৰি উঠিব নোৱাৰে।
  • সামাজিক সচেতনতা- তেওঁলোকে সমাজ সচেতনতা লাভ কৰি উঠি সমাজৰ সকলো সমস্যা আৰু পৰিস্থিতিৰ প্ৰতি সংবেদনশীল আৰু প্ৰতিক্ৰিয়াশীল হৈ উঠে।
  • নৈতিক চেতনাবোধ- যুৱক-যুৱতীসকলৰ মনত সত্য-অসত্য, ন্যায়-অন্যায়, পাপ-পুণ্য আৰু উচিত-অনুচিতৰ নৈতিক চেতনাই তেওঁলোকৰ ভাৱ-অনুভূতি আৰু আচৰণ নীতিনিষ্ঠ কৰি তোলে।
  • বিপৰীত লিংগকামিতা- কৈশোৰৰ যৌন-তাড়নাই ল’ৰা-ছোৱালীৰ মনত বিপৰীত লিংগকামিতাৰ ভাব আনি দিয়ে।
  • সৃষ্টিশীল কল্পনা- কিশোৰ-কিশোৰীয়ে তেওঁলোকৰ মনৰ কল্পনা শক্তিক কলা আৰু বিজ্ঞানৰ দিশত সৃষ্টিশীল ৰূপদান কৰিব পাৰে।
  • বীৰ-পূজা প্ৰৱণতা- নিজ জীৱনৰ আদৰ্শ বা জীৱন-দৰ্শন স্থিৰ কৰি তুলিবৰ বাবে তেওঁলোকে বীৰ পূজা প্ৰৱণতা বা নায়ক আৰাধনা প্ৰবৃত্তি অনুভৱ কৰে।
  • দু:সাহসিকতা- কৈশোৰ কালত দেহ-মানসিক শক্তিৰ প্ৰাচুৰ্যই অসম্ভৱক সম্ভৱ কৰি তোলাৰ এক দু:সাহসিক প্ৰৱণতা ল’ৰা-ছোৱালীয়ে অনুভৱ কৰি উঠে।
  • আত্ম-নিৰ্ভৰশীলতা শৈশৱ আৰু বাল্যকালত দেখা দিয়া পৰ নিৰ্ভৰশীলতাৰ ভাৱ আঁতৰি গৈ কৈশোৰ কালত আত্ম-নিৰ্ভৰশীলতা আৰু স্বয়ং সম্পূৰ্ণতাৰ ভাব আৰু আচৰণ পৰিলক্ষিত হয়।
উৎস: ইন্টাৰনেট।
3.24358974359
Deepjyoti Deori Jul 01, 2019 02:26 PM

factors affecting growth and development..i need this topic in assamese

প্ৰিন্সী প্ৰিয়া Oct 08, 2018 09:54 PM

বৃদ্ধি আৰু বিকাশৰ মাজৰ পাৰ্থক্যবোৰ সঠিকভাবে উপস্হাপন কৰিলে ভাল হয়....

মৃগাংক দত্ত Dec 13, 2017 07:57 PM

বৃদ্ধি আৰু বিকাশৰ মাজৰ পাৰ্থ্যকবোৰ মূল ভাবে পোৱা হলে ভাল আছিল,,,,

Dhrupadraj das Dec 11, 2017 09:47 PM

শিশু ৰ প্ৰতি দূব্যৱহাৰ ৰোধ কৰা পৰিয়াল আৰু বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা। ........‌এই বিষয়ে মোৰ সহায় লাগিছিল

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top