অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানৱ দেহত কোষৰ বিস্ময়কৰ কাৰুকাৰ্য

মানৱ দেহত কোষৰ বিস্ময়কৰ কাৰুকাৰ্য

আমি জানো যে আমাৰ দেহ কোষেৰে গঠিত| কিন্তু এই কোষৰ আকৃতি-আমাৰ শৰীৰত কিমান কোষ থাকে-এইবোৰ নিজাকৈ আৰু কোষবোৰ সংগঠিত হৈ টিছ্যু হিচাপে কেনেদৰে কাম কৰে| কোষৰ এই বিস্ময়কৰ কাৰুকাৰ্য সম্পৰ্কে চমুকৈ উল্লেখ কৰা হ’ল| এই কোষৰ আকৃতি ইমান সূক্ষ্ম যে তাক মাইক্ৰ’স্ক’পেৰেহে দেখা পোৱা যায় আৰু কোষৰ ভিতৰত কাৰুকাৰ্য চাবলৈ হ’লে ছুপাৰ মাইক্ৰ’স্ক’পৰ প্ৰয়োজন| শেহতীয়া গৱেষণাৰ সমীক্ষাৰ মতে আমাৰ দেহত ৭৫ ট্ৰিলিয়ন চেল আছে অৰ্থাৎ ৭৫ ৰ পাছত ১২ টা শূন্য ৭৫,০০০,০০০,০০০,০০০ কোষ| এই কোষৰ আকৃতি ইমানেই নগণ্য যে এটি আলপিনৰ মূৰত দহ লক্ষ কোষক বহুৱাই ৰাখিব পাৰি| আমাৰ দেহত ২০০ ৰো অধিক বিভিন্ন ধৰণৰ কোষ আছে আৰু এই কোষবোৰ শৰীৰ বিভিন্ন প্ৰয়োজনীয় কাম-কাজত ব্যস্ত থাকে| এইবোৰৰ কিছুমানে নিজাববীয়াকৈ কাম কৰে, যেনে ৰেড ব্লাড চেল-যিয়ে অক্সিজেন আৰু দেহলৈ পৰিপুষ্টি যোগায়| কোষক কোৱা হয় প্ৰাণৰ মূল উপদান, আচলতে কোষেই প্ৰাণ| মানুহে যি কামেই নকৰক কিয়-কোষৰ অংশগ্ৰহণ তাত থাকিবই| আমাৰ চকুত প্ৰায় ২৫ কোটি ৰেড কোষ আছে-ইয়াৰ কাৰ্য প্ৰণালী অতি বিস্ময়কৰ| ক্ষীণ পোহৰক এই ৰেড কোষে বঢ়াই এই সংকেত মস্তিস্কলৈ পঠায়| ফলত আপুনি লাহে লাহে দেখিবলৈ ধৰে| এনে ধৰণে অন্ধকাৰ ঘৰতো লাহে লাহে কমকৈ হ’লেও আমি দেখা পাবলৈ সমৰ্থ হও| পোহৰ ধৰি ৰাখিবলৈ এই ২৫ কোটি ৰেড কোষৰ লগত আছে ৰঞ্জক দ্ৰব্য সমন্ধিত ৩ কোটি অণু| শক্তি সৃষ্টি কৰিবলৈ আছে ২ হেজাৰ মাইক্ৰোকনডিয়া| যাক আমি পাৱাৰ ষ্টেচন বুলি ক’ব পাৰো-য’ত শৰ্কৰা পুৰি এনাৰ্জী উৎপাদন কৰে আৰু ছাই হিচাপে থাকে( পানী আৰু কাৰ্বন-ডাই-অক্সাইড) অত্যন্ত জটিল এই ৰাসায়নিক প্ৰক্ৰিয়াৰ মাজেৰে এ ডেনোছিছ ট্ৰাইফচফেট(সংক্ষেপে এ টি পি) নামৰ এবিধ বস্তুৰ সংযোজন ঘটে| গছৰ পৰা পশু-পক্ষী, মানুহলৈ সজীৱ বস্তুৰ সাৰ্বজনীন শক্তিৰ উৎস হ’ল এই এ টি পি| উদাহৰণস্বৰুপে যেতিয়া আমাৰ হৃদযন্ত্ৰ-স্পন্দিত হ’ব লগা হয়-নিশ্বাস ল’বলৈ বুকুৰ পতা ফুলি উঠিবলগীয়া হয় তেতিয়া এ টি পি ভাঙি সহজতৰ উপাদান হৈ যায়| অৰ্থাৎ নিজে ভাঙি শক্তি যোগান ধৰে| গতিকে এই পৃথিৱীত আমি যিমান দিন বাচি থাকিম-সিমান দিনলৈ এ টি পিৰ চাহিদা থাকিব| আনকি আমি গভীৰ নিদ্ৰামগ্ন অৱস্থাত থকা সময়তো এ টি পি ভাঙি মস্তিস্কৰ কোষক এনাৰ্জী যোগান ধৰে| মাইক্ৰোকনডিয়া সকলো কোষৰ ভিতৰত থাকিলেও একমাত্ৰ ৰঙা তেজৰ কণিকাত ই নাথাকে, কাৰণ ৰঙা তেজৰ কণিকাই তেজৰ প্ৰবাহত ওপঙি চলাচল কৰে, এনাৰ্জীৰ প্ৰয়োজন নহয়| কোষৰ ভিতৰত আটাইতকৈ বিস্ময়কৰ নাৰীদেহৰ ডিম্বাণু বা স্ত্ৰী প্ৰজনন কোষ| মাথোঁ ০১ ব্যাসাৰ্ধ বিশিষ্ট ডিম্বাণুৰ এই জীৱন কণাৰ লগত গৰ্ভাশয়ৰ ভিতৰত পুংপ্ৰজনন কোষৰ মিলন হ’লেই এটা ডিম্বাকোষ ভাঙি দুটা হয়| দুয়োটাৰ প্ৰত্যেকটোৱে এনেদৰে ভাঙি থাকে| এনেদৰে ভাঙি দুই বিলিয়ন কোষ তৈয়াৰ হৈ এটি শিশু দেহৰ গঠন হয়| বৰ্তমান বিজ্ঞানৰ গৱেষণাৰ আটাইতকৈ বিস্ময়কৰ বস্তুটোৱে হ’ল ষি এন এ-সম্পুৰ্ণ নামটো হ’ল ডি অক্সিৰিবোনিউক্লিক এচিড| ডি এন এৰ হুকুম মতে এই কোটি কোটি কোষে নিজৰ কাম কৰে| ডি এন এৰ আদেশ মতে-কোষে কেনেকৈ কাম কৰিব লাগিব-কি বস্তু উৎপাদন কৰিব লাগিব-কি বস্তু বিচাৰি বাহিৰ কৰিব লাগিব-কি ত্যাগ কৰিব লাগিব ইত্যাদি কাম কোষে কৰে| ডি এন এৰ জটিল তত্বলৈ নগৈ অতি সাধাৰণ ভাৱে বুজিবলৈ ইয়াক আমি এক আৰ্কিটেকৰ লগত তুলনা কৰিব পাৰো| জীয়াই থাকিবলৈ যি চমকপ্ৰদ নক্সাৰ দৰকাৰ-এই নক্সা বনাই ঠিকেই, কিন্তু ঘৰ সজোৱাৰ দায়িত্ব দিয়ে ডাঙৰ কনট্ৰেকটৰক| এই কনট্ৰেকটৰ হ’ল আৰ এন এ-সম্পুৰ্ণ নাম ৰিবোনিউফ্লিক এচিদ| অনু বা মলিকিউলৰ আকাৰ সমস্ত খবৰ তথ্য ডি এন এৰ মাজত লুকাই থাকে| বাৰ্তাবহ আৰ এন এ পৰম আৰামেৰে ডি এন এৰ গাত গা লগাই জড়িত হৈ নক্সাৰ হুবহু ছাপ উঠাই লয়| যিমান দৰকাৰ সিমান খিনি ছাপেই উঠাই লয়| কনট্ৰেকটৰ ৰুপী আৰ এন এৰ এই ব্লুপ্ৰিণ্টৰ পৰাই খবৰ পঠাই অন্যান্য আৰ এন এলৈ| এনে নিৰ্দেশৰ ফলতে নিৰ্মাণ কৰে আমাৰ দেহৰ লাগতিয়াল প্ৰ’টিন| ২০ ধৰণৰ প্ৰ’টিন পুঁডিৰ মালাৰ দৰে বিশেষ বিশেষ পেটেণ্ট সজাই নিজকে| ফল হয় নানান ৰকমৰ| এনেদৰে কেতিয়াবা তৈয়াৰ হয় আমাৰ দেহৰ হৃদযন্ত্ৰৰ স্পন্দমান পেশী কোষ-সংকোচনক্ষম ভৰিৰ পেশী-যাতে আমি খোজ কাঢ়িব পাৰো| কোষ বিভাজনৰ ফলস্বৰুপেই আমাৰ সৃষ্টি এই কোষ বিভাজন গোটেই জীৱন অব্যাহত থাকে-মৃত্যুৰ আগমুহূৰ্তলৈ| কাৰণ প্ৰত্যেক ছেকণ্ডত লক্ষ লক্ষ কোষৰ জন্ম হয়| ইয়াৰ ব্যতিক্ৰম হ’ল মস্তিস্কৰ কোষ| মস্তিস্কৰ কোষৰ মৃত্যু হ’লে পুনৰাই নতুন কোষৰ জন্ম নহয়| ইয়াৰ কাৰণ হ’ল আমি জন্ম পাওঁতেই গোটেই জীৱনলৈ যিমান মস্তিস্কৰ কোষৰ প্ৰয়োজন সিমান খিনি লৈয়ে জন্ম লাভ কৰিছো| মস্তিস্কৰ কোষৰ মৃত্যু হ’লেও ক্ষতি নহয়, অতিৰিক্ত কোষেৰে সুন্দৰভাৱে চলি যায়| মানৱ দেহটো এটি আধুনিক কেমিকেল কাৰখানাৰ লগত ৰিজাব পাৰি| আমাৰ দেহৰ বাবে এনজাইম অতি লাগতিয়াল বস্তু| আমাৰ নখৰ বাবে দৰকাৰী প্ৰ’টিনৰ পৰা আৰম্ভ কৰি যিমান প্ৰ’টিন আৱশ্যক হয় সেই আটাইবোৰ প্ৰ’টিনেই তৈয়াৰ হয় এই কেমিষ্টৰ কাৰখানাত| এনজাইম তৈয়াৰ কৰা পদ্ধতি দেখি পৃথিৱীৰ শ্ৰেষ্ট কেমিষ্টো স্তব্ধ হৈছে| মানৱ দেহৰ বাহিৰৰ দেৱালৰ গঠনৰ কৌশল জানিব পাৰিলে আপুনি বিস্মৃত হৈ পৰিব| আমাৰ দেহৰ ঝিলীৰ আৱৰণ মাত্ৰ .০০০০০০১ মিলিমিটাৰ| এয়া সম্ভৱ হৈছে বৰ্তমান অতি আধুনিক ইলেক্ট্ৰন মাইক্ৰ’স্কোপৰ আৱিস্কাৰৰ পাছত| যিবোৰ তথ্য বৰ্তমান জনা গৈছে| সেইবোৰ আগতে বৈজ্ঞানিকে কৰিব পৰা নাছিল| শেহতীয়া গৱেষণা মতে দেহৰ ঝিলীৰ আৱৰণ .০০০০০০১ মিলিমিটাৰ| ইয়াৰ ক্ষমতা তথা কাৰ্যপ্ৰণালী অতি বিস্ময়কৰ| গেটত পহৰাৰত ৰক্ষীয়ে কাক সোমাব দিব, কাক নিদিব শেনেদৰে নিয়ন্ত্ৰণ কৰে, ঠিক তেনেদৰে এই ঝিলীয়েও দ্বাৰ ৰক্ষকৰ ভুমিকা পালন কৰে| দেহৰ ভিতৰলৈ কাক যাব দিব, কাক ভিতৰলৈ যোৱাত বাধা দিব এয়া নিৰ্ধাৰণ কৰে| ভিতৰৰ কোষৰ আভ্যন্তৰীণ পৰিৱেশৰ গুৰুদায়িত্বও পালন কৰে| চল্ট জৈৱ বস্তু সমুহ পানী আৰু অন্যান্য উপাদানৰ ভাৰসাম্য বজাই ৰাখে অৰ্থাৎ কম-বেচি হোৱা, বঢ়া-টুটা কঠোৰ হাতেৰে দমন কৰে| আমাৰ জীৱন নিৰ্ভৰ কৰে এই ঝিলী আৱৰণৰ ওপৰতেই| প্ৰ’টিন উৎপাদন কৰিবলৈ যেতিয়া কেচাঁ মালৰ দৰকাৰ হয়, তেতিয়া কামৰ দৰকাৰী বস্তু ভিতৰলৈ সোমাবলৈ দিয়ে আৰু অদৰকাৰী বস্তুক গলধেক্কা দি বাহিৰ কৰি দিয়ে| এই ঝিলী আৱৰণৰ আৰু বহুটো আশ্চৰ্যজনক ক্ষমতা আছে| উদাহৰণ হিচাপে গোটেই দেহৰ কোষৰ লগত যোগাযোগ ৰখাৰ ক্ষমতা কেনেকৈ ৰাখে এয়া এতিয়াও আৱিস্কাৰ কৰিব পৰা হোৱা নাই| যোগাযোগৰ এই আশ্চৰ্য ব্যৱহাৰ লয় হৰ’মনেও বাৰ্তাবাহক হিচাপে| ধৰি লওক আপোনাৰ তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়িছে, তৎক্ষণাত পেনক্ৰিয়াচে বঢ়াই দিয়ে ইনচুলিনৰ উৎপাদন| হুকুম জাৰি কৰিছে এনেদৰে শৰ্কৰাবোৰ বাৰ্ণ কৰা বেছিকৈ| এই হুকুম গোটেই দেহলৈ যায়, লগে লগে সক্ৰিয় হৈ পৰে কোষ| মানৱ দেহৰ বাবে আটাইতকৈ ভয়ংকৰ শত্ৰু হ’ল ভাইৰাজ| এই ভাইৰাজৰ বাবে জ্বৰ, চৰ্দি, কাহ হ’লে অতিকমেও ৭ দিন আমি ভোগো| কিন্তু এই ভাইৰাছক সহজে দেহৰ ভিতৰলৈ আহিব নিদিয়ে আমাৰ প্ৰতিৰক্ষাত ব্যস্ত ঝিলী আৱৰণে| কেনেবাকৈ এটি ভাইৰাজ ভিতৰলৈ সোমালেও প্ৰতিৰক্ষা ব্যৱস্থাই প্ৰতিহত কৰিবলৈ মৰণপণ যুদ্ধত লিপ্ত হয়| যদি প্ৰতিৰক্ষা ব্যৱস্থা পৰাস্ত হয় তেনেহ’লে হুৰ হুৰকৈ বাঢ়ি যায় ভাইৰাছ আৰু ধ্বংস কৰে হেজাৰ হেজাৰ কোষ ভাইৰাছৰ নিজস্ব কোনো মাইট্ৰোকড্ৰিয়া নাই, সেয়ে নিজে তৈয়াৰ কৰিব নোৱাৰে| সেয়েহে এনেদৰে কোষৰ ধ্বংস কাৰ্য আৰম্ভ কৰে| কিন্তু শেষত প্ৰতিৰক্ষা ব্যৱস্থাৰে জয় হয় আৰু ভাইৰেলৰ আক্ৰমণ নিস্তেজ হৈ পৰে| বিস্ময় কৰ কোষৰ কাৰুকাৰ্য মানেই হ’ল আমাৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত কোষৰ এই কাৰুকাৰ্য সক্ৰিয় হৈ থাকে| এই ৭৫ ত্ৰিলিয়ন কোষে নিজৰ নিজৰ দায়িত্ব-কৰ্তব্য সূচাৰু ৰুপে সম্পন্ন কৰে| কোনো কাৰণতে কোনো কামৰ ভাৰসাম্য নষ্ট হ’বলৈ নিদিয়ে| উদাহৰণ-চকুৰ ৰড কোষত এটি শিশু উৎপাদন কৰিবলৈ যি খবৰ দৰকাৰ সেয়া সকলো আছে, অথচ এই ৰডে  কেতিয়াও শিশু উৎপাদন নকৰে| ঠিক তেনেকৈ কাণৰ কোষত যি ডি এন এ আছে, তত্ত্বগত ভাৱে সেই ডি এন এই এখন ভৰি তৈয়াৰ কৰিব পাৰে অথচ এনে কাৰ্য কেতিয়াও নকৰে| সেয়েহে কোষৰ এনে কাৰুকাৰ্য সচাঁকৈয়ে বিস্ময়কৰ| বিজ্ঞানে উন্নত গৱেষণাৰ সহায়ত এই বিস্ময়কৰ কাৰুকাৰ্যবোৰ আৱিস্কাৰ কৰিছে ঠিকেই অথচ এনে বিস্ময়কৰ আশ্চৰ্যজনক নিৰ্মাণ কাৰ্য কেনেকৈ সম্পন্ন হ’ল সেয়া এতিয়াও প্ৰশ্নবোধক|

ড° সনাতন ডেকা।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate