অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দূৰ্যোগ আৰু জৰুৰীকালীন অৱস্থা

দূৰ্যোগ আৰু জৰুৰীকালীন অৱস্থা

  1. দূৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাৰ তথ্যসমূহ জনা আৰু এইবোৰ মানি চলাটো কিয় গুৰুত্বপূৰ্ণ?
  2. দূৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাৰ বিষয়ে কোনবোৰ কথা প্ৰতিটো পৰিয়াল বা সমাজে জনাৰ অধিকাৰ আছে?
  3. দূৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাত শিশুসকলে অত্যাৱশ্যকীয় স্বাস্থ্য যত্ন লাভ কৰাৰ লগতে মিজিলছৰ প্ৰতিষেধক, পৰ্য্যাপ্ত খাদ্য আৰু সূক্ষ্মপোষণৰ পৰিপূৰক পাব লাগে।
  4. জৰুৰীকালীন অৱস্থাত স্তনপান বিশেষভাৱে গুৰুত্বপূৰ্ণ।
  5. দূৰ্যোগ, সাম্প্ৰদায়িক সংঘৰ্ষ আদিৰ সময়ছোৱাত পিতৃ-মাতৃয়ে বা আন সম্পৰ্কীয় লোকে শিশুক বিশেষভাৱে মৰম আদৰ কৰিব লাগে কাৰণ ইয়ে শিশুৰ মনত নিৰাপদ ভাৱ জগায়।
  6. ঘৰুৱা হিংসা, যুদ্ধ আৰু আন দূৰ্যোগময় পৰিস্থিতিয়ে শিশুক ভয় খুৱাই আৰু খঙাল কৰি তোলে।
  7. বোমা বা আন বিস্ফোৰণ অতি বিপদজনক। এইবোৰ স্পৰ্শ কৰিব নালাগে।

দূৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাৰ তথ্যসমূহ জনা আৰু এইবোৰ মানি চলাটো কিয় গুৰুত্বপূৰ্ণ?

দূৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাত শিশুসকলেই বেছিকৈ ৰোগাক্ৰান্ত হয় আৰু তেওঁলোকক অতি মনোযোগ আৰু যত্নৰ প্ৰয়োজন হয়। হিচাপমতে বিশ্বৰ ২৭ নিযুত শৰনাৰ্থী আৰু ৩০ নিযুত স্থানচ্যুত লোকৰ ৮০ শতাংশই মহিলা আৰু শিশু। ১৯৯০ ৰ পৰা ১৯৯৯ চনলৈকে প্ৰায় ২০ কোটি মানুহ দূৰ্যোগত প্ৰভাৱিত হৈছে। দূৰ্যোগে দুখীয়া মানুহক অতি বেছিকৈ ক্ষতি কৰে। উন্নয়নশীল দেশত দূৰ্যোগত প্ৰায় ৯০ শতাংশ লোকৰ মৃত্যু হয়।

যোৱাটো দশকত এনে দূৰ্যোগৰ বাবেই বিশ্বৰ প্ৰায় ৯ নিযুত শিশুৰ মৃত্যু ঘটিছে, আঘাট প্ৰাপ্ত হৈছে, মাউৰা বা পৰিয়ালৰ পৰা বিচিন্ন হৈ পৰিছে।

মূল বাৰ্তাসমূহঃ

দূৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাৰ বিষয়ে কোনবোৰ কথা প্ৰতিটো পৰিয়াল বা সমাজে জনাৰ অধিকাৰ আছে?

১) দূৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাত শিশুসকলে অত্যাৱশ্যকীয় স্বাস্থ্য যত্ন লাভ কৰাৰ লগতে মিজিলছৰ প্ৰতিষেধক, পৰ্য্যাপ্ত খাদ্য আৰু সূক্ষ্মপোষণৰ পৰিপূৰক পাব লাগে।

২) জৰুৰীকালীন অৱস্থাত স্তনপান বিশেষভাৱে গুৰুত্বপূৰ্ণ।

৩) দূৰ্যোগ, সাম্প্ৰদায়িক সংঘৰ্ষ আদিৰ সময়ছোৱাত পিতৃ-মাতৃয়ে বা আন সম্পৰ্কীয় লোকে শিশুক বিশেষভাৱে মৰম আদৰ কৰিব লাগে কাৰণ ইয়ে শিশুৰ মনত নিৰাপদ ভাৱ জগায়।

৪) ঘৰুৱা হিংসা, যুদ্ধ আৰু আন দূৰ্যোগময় পৰিস্থিতিয়ে শিশুক ভয় খুৱাই আৰু খঙাল কৰি তোলে। যেতিয়া এনে পৰিস্থিতি হয় তেতিয়া শিশুক অধিক মনোযোগ, মৰম আৰু শিশুটিৰ ভাৱ প্ৰকাশ কৰিবলৈ সুযোগ প্ৰদান কৰিব লাগে। শিশুটিৰ বয়স অনুসৰি অভিজ্ঞতাৰ বৰ্ণনা কৰিব লাগে।

৫) বোমা বা আন বিস্ফোৰণ অতি বিপদজনক। এইবোৰ স্পৰ্শ কৰিব নালাগে। শিশু ওমলা ঠাইখিনি নিৰাপদ হ’ব লাগে আৰু অচিনাকী সামগ্ৰীৰ সৈতে নেখেলিবলৈ শিশুসকলক সাৱধান কৰি দিব লাগে।

সহায়ক তথ্য:দূৰ্যোগ আৰু জৰুৰীকালীন অৱস্থা

মূল বাৰ্তা-১

দূৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাত শিশুসকলে অত্যাৱশ্যকীয় স্বাস্থ্য যত্ন লাভ কৰাৰ লগতে মিজিলছৰ প্ৰতিষেধক, পৰ্য্যাপ্ত খাদ্য আৰু সূক্ষ্মপোষণৰ পৰিপূৰক পাব লাগে।

বহুত মানুহ একে ঠাইতে গোট খালে ৰোগ সোনকালে বিয়পে। শৰনাৰ্থী শিবিৰ বা দূৰ্যোগৰ সময়ৰ আশ্ৰয় শিবিৰত শিশুসকলে বহু লোকৰ লগত কম ঠাইতে থাকিব লগা হোৱাৰ বাবে তৎকালে প্ৰতিষেধক প্ৰদান কৰিব লাগে। বিশেষকৈ মিজিলছৰ বেজী প্ৰথম অস্থায়ী শিবিৰতে দিয়াব লাগে। খাদ্যপ্ৰান ‘ক’ ৰ পৰিপূৰকো প্ৰদান কৰিব লাগে।

জৰুৰীকালীন অৱস্থাত প্ৰতিষেধনৰ বাবে ব্যৱহৃত চিৰিঞ্জসমূহ এবাৰেই মাত্ৰ ব্যৱহাৰ কৰিব পৰা বা স্বয়ক্ৰিয়ভাৱে নষ্ট হৈ যোৱা চিৰিঞ্জ ব্যৱহাৰ কৰিব লাগে। দৈন্য অৱস্থা আৰু অপুষ্টিত থকা শিশুৰ বাবে মিজিলছ অতি জতিলৰূপে দেখা দিব পাৰে।

  • যিহেতু মিজিলছ অতি দ্ৰুতভাৱে বিয়পে সেয়েহে মিজিলছ হোৱা শিশুক আন শিশুৰ পৰা আতঁৰাই ৰাখিব লাগে আৰু প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা কৰোৱাই খাদ্যপ্ৰান ‘ক’ ৰ পৰিপূৰক পালি খুৱাব লাগে।
  • মিজিলছৰ বাবে ঘনাই জতিলভাৱে পেটচলা ৰোগ হয়। মিজিলছৰ প্ৰতিষেধন প্ৰদান কৰি শিশুক পেটচলা আৰু নিউমনিয়াৰ পৰা সুৰক্ষা প্ৰদান কৰিব পৰা যায়।

যদিহে শিশুটিক কিবা কাৰণত প্ৰথম বছৰতে প্ৰতিষেধন সম্পূৰ্ণকৈ প্ৰদান কৰিব পৰা নগ’ল, তেন্তে যিমান শীঘ্ৰে পৰা যায় সোনকালে প্ৰতিষেধন সম্পূৰ্ণৰূপে প্ৰদান কৰাটো অত্যাৱশ্যকীয়।

মূল বাৰ্তা-২

জৰুৰীকালীন অৱস্থাত স্তনপান বিশেষভাৱে গুৰুত্বপূৰ্ণ।

শিশুটিক ৬ মাহ বয়সলৈ কেৱল মাত্ৰ স্তনপান কৰোৱাবলৈ আৰু ৬ মাহৰ পিছত আন খাদ্যৰ লগত স্তনপান কৰোৱাই থাকিবলৈ পৰিয়ালৰ সদস্য, আন অভিজ্ঞ মাতৃ, প্ৰশিক্ষিত স্বাস্থ্যকৰ্মী আদিয়ে নতুন মাতৃক ব্যৱহাৰিক সহায় আৰু উৎসাহ প্ৰদান কৰিব লাগে। শিশুটিক দুবছৰ বয়সলৈকে বা তাৰ পাছতো বিছাৰিলে স্তনপান কৰোৱাব লাগে। ছমাহতকৈ ডাঙৰ শিশুক স্তনদুগ্ধৰ বাহিৰেও আন সম্পূৰক আহাৰ প্ৰদান কৰিব লাগে।

মানসিক হেঁচাই স্তনপানত ব্যাঘাট জন্মাই বুলি থকা বিশ্বাস আতঁৰাবলৈকে মাকৰ মানসিক হেঁচা নিৰাময়ৰ ব্যৱস্থা লব লাগে।

ৰোগ আৰু মৃত্যুৰ পৰা শিশুটিক সুৰক্ষা প্ৰদান কৰিবলৈ ৬ মাহ বয়সলৈকে শিশুক অগ্ৰাধিকাৰ ভিত্তিত স্তনপান কৰোৱাটোত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে।

যদিহে স্তনদুগ্ধৰ পৰিপূৰক গাখীৰ খুওঁৱাতো অত্যাৱশ্যকীয় হয় তেন্তে স্বাস্থ্যসন্মতভাৱে কেনেকৈ এই গাখীৰ প্ৰস্তুত কৰিব লাগে সেইটো প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ পৰা ভালদৰে শিকি লব লাগে। কৃত্ৰিম খাদ্য প্ৰদান কৰা শিশুক অধিক মৰম আৰু কাষত ৰখাৰ প্ৰয়োজন হয়। বটলেৰে গাখীৰ খুৱাৰ সময়ত কেতিয়াও শিশুটিক অকলশৰীয়াকৈ এৰিব নালাগে। কাপেৰেহে গাখীৰ খোৱাটোত গুৰুত্ব দিব লাগে।

মূল বাৰ্তা-৩

দূৰ্যোগ, সাম্প্ৰদায়িক সংঘৰ্ষ আদিৰ সময়ছোৱাত পিতৃ-মাতৃয়ে বা আন সম্পৰ্কীয় লোকে শিশুক বিশেষভাৱে মৰম আদৰ কৰিব লাগে কাৰণ ইয়ে শিশুৰ মনত নিৰাপদ ভাৱ জগায়।

অনাটন আৰু জৰুৰীকালীন অৱস্থাত কোনো শিশুৱেই যাতে মাক-দেউতাকৰ পৰা বিচ্ছিন্ন হৈ নপৰে সেইটো চৰকাৰে, ৰাষ্ট্ৰসংঘ (চৰকাৰ নাথাকিলে) ই নিশ্চিত কৰাৰ দ্বায়িত্ব লব লাগে।

যদিহে বিচ্ছিন্ন হৈ পৰে, তেন্তে তেনে শিশুক বিশেষ সুৰক্ষা আৰু যত্ন প্ৰদান কৰাটো চৰকাৰৰ দ্বায়িত্ব। শিশুটিৰ পৰিয়ালক বিচাৰি উলিওৱা আৰু পৰিয়াললৈ ঘূৰাই পঠিওৱাটোও চৰকাৰ আৰু কৰ্তৃপক্ষৰ দ্বায়িত্ব। জৰুৰীকালীন অৱস্থাত পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰা শিশুসকলক বিশেষ যত্ন প্ৰদান কৰাটোও চৰকাৰৰ কৰ্তব্য। এনে যত্ন সম্ভৱ ক্ষেত্ৰত শিশুটিৰ একে সম্প্ৰদায়ৰ পৰিয়ালৰ দ্বাৰা প্ৰদান কৰিবলৈ চেষ্টা কৰিব লাগে।

জৰুৰীকালীন অৱস্থাত পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱা শিশুক মাউৰা বুলি ধৰি লব নালাগে আৰু দত্তক গ্ৰহণৰ বাবে চেষ্টা কৰিব নালাগে। যেতিয়ালৈকে মাক-দেউতাক বা ওচৰ সম্পৰ্কীয় লোকক বিচাৰি পোৱা নাযায় তেতিয়াও বিচ্ছিন্ন হোৱা শিশুটিৰ দূৰ  সম্পৰ্কীয় জীৱিত পৰিয়ালক বিছাৰিব লাগে। যদিহে মাক-দেউতাক বা আন পৰিয়ালক বিছাৰি পোৱা নাযায় তেন্তে একে ঠাইৰ পৰিয়াল এটাই শিশুটিক দত্তক গ্ৰহণ কৰাটো উত্তম উপায়। যদিহে এনে পৰিয়াল পোৱা নাযায় তেতিয়াহে আন সংস্কৃতি বা দেশৰ পৰিয়ালে শিশুটিক দত্তক গ্ৰহণৰ বাবে বিবেচনা কৰিব লাগে।

যদিহে পৰিয়ালটো অত্যাচাৰৰ বলি হয় তেন্তে নতুন ঘৰ বা দেশত নিজকে মিলাই লোৱাটো কঠিন হয়। কেতিয়াবা বহু শৰনাৰ্থী শিশুৱে নতুন ভাষা আৰু সংস্কৃতি শিকাৰ বাবে ওপৰঞ্চি হেঁচাও বহন কৰিব লাগে।

মূল বাৰ্তা-৪

ঘৰুৱা হিংসা, যুদ্ধ আৰু আন দূৰ্যোগময় পৰিস্থিতিয়ে শিশুক ভয় খুৱাই আৰু খঙাল কৰি তোলে।

যেতিয়া এনে পৰিস্থিতি হয় তেতিয়া শিশুক অধিক মনোযোগ, মৰম আৰু শিশুটিৰ ভাৱ প্ৰকাশ কৰিবলৈ সুযোগ প্ৰদান কৰিব লাগে। শিশুটিৰ বয়স অনুসৰি অভিজ্ঞতাৰ বৰ্ণনা কৰিব লাগে।

যেতিয়া চিনাকী মানুহ, ঠাই বা বস্তু সলনি হয় বা হেৰাই যায় আৰু যেতিয়া প্ৰাপ্তবয়স্কসকল হতাশ আৰু বিচাৰি নোপোৱা হয় তেতিয়া শিশুসকলে ভয় খাব পাৰে বা পাহৰিও যাব পাৰে।

অনাটন আৰু জৰুৰীকালীন অৱস্থাত পিতৃ-মাতৃয়ে তেওঁলোকৰ শিশুসকলৰ প্ৰতি মৰম, আন্তৰিকতা আৰু নিৰাপত্তা প্ৰদান কৰাত অসুবিধা হব পাৰে।

ভয়লগা, দুখজনক বা উগ্ৰাত্মক অভিজ্ঞতাৰ পিছত শিশুসকলৰ মানসিক হেঁচা আৰু আচাৰ ব্যৱহাৰত সমস্যা থকাটো পৰিলক্ষিত হোৱাটো স্বাভাৱিক। কিছুমান শিশুৱে পাহৰি যায় আন কিছুমানে অধিক আকোঁৰগোজ হৈ পৰে। কিছুমান শিশুৱে ভয় নাখালেও পৰিস্থিতিৰ লগত মিলি যাব পাৰে। দীৰ্ঘম্যাদী অত্যাচাৰৰ সৈতে শিশুসকলে পৰিচিত হৈ মিলি যাব পাৰে যদিও এইবোৰে তেওঁলোকক আঘাট দিয়ে।

যদি শিশুসকলৰ মনৰ ভাৱ বুজি তেওঁলোকক সহায় কৰা নহয় তেন্তে তেওঁলোক অধিক হতাশ হৈ পৰে।

  • নিয়মীয়া কাৰ্য্যসূচী- বিদ্যালয়লৈ যোৱা আৰু নিয়মীয়া খাদ্য গ্ৰহণ আৰু শোৱাৰ সময়সূচী-আদিয়ে শিশুক সুৰক্ষা আৰু অবিৰত ভাৱ এটা জগাই তোলে।
  • আনন্দদায়ক কাম-কাজে মানসিক হেঁচা পাহৰাত শিশুক সহায় কৰে। হিংসা বিৰোধী নাটক, খেল-ধেমালী আৰু আন ধৰণৰ বিনোদন যেনে শৰনাৰ্থী শিবিৰৰ কাষত নিৰাপদ ঠাইৰ খেল পথাৰত কথা-বতৰা পতা ইত্যাদি কাৰ্য্যসূচী পাতিব পাৰি। ছবি অঁকা, পুতলাৰ সৈতে খেলা বা পুতলা নাছ আদিৰ জৰিয়তে শিশুৰ মনৰ ভাৱ প্ৰকাশত সহায় কৰে আৰু দুখজনক অভিজ্ঞতাৰ সৈতে মোকাবিলা কৰাত সুযোগ পায়। নাটকৰ যোগেৰে দুখজনক পৰিস্থিতি অৱতাৰণা কৰাটো প্ৰায়ে দেখা যায় আৰু ই সৰু শিশুৰ বাবে অতি সহায়ক হয়। কি হৈছিল সেই কথা বুজি পোৱাত শিশুটিয়ে সহায় কৰে।
  • শিশুটিক কিহে কষ্ট দিছে সেই কথা কবলৈ শিশুটিক উৎসাহিত কৰিব লাগে। তেওঁলোকৰ ভাৱ প্ৰকাশৰ বাবে চেষ্টা কৰিব লাগে কিন্তু হেঁচা প্ৰ্য়োগ কৰিব নালাগে। তেওঁলোকে কোৱা কথাবোৰ শুনিব লাগে আৰু শিশুটিয়ে দেখা বা পোৱা অভিজ্ঞতাবোৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে।
  • তিনি বছৰৰ পৰা ছয় বছৰীয়া শিশুৱে সমস্যাবোৰৰ বাবে নিজে দায়বদ্ধতাৰ ভাৱ আহিব পাৰে। এনেভাৱে এক শক্তিশালী ভুলৰ অনুশোচনা জগাই তুলিব পাৰে। এনে শিশুক প্ৰাপ্তবয়স্ক লোকৰ মনোযোগ আৰু সহায়ৰ প্ৰয়োজন।
  • শিশুসকলক অহৰ্নিশে পুনঃনিশ্চয়তাৰ প্ৰয়োজন হয়। তেওঁলোকৰ ওপৰত হেঁচা প্ৰদান কৰিব বা গালি দিব নালাগে। যদি নিকটআত্মীয় কিছু সময়ৰ বাবে আতঁৰি যায় তেন্তে সেই কথা শিশুটিক ক’ব লাগে। ব্যক্তিজন ক’লৈ গৈছে আৰু কেতিয়া আহিব আৰু তেওঁ নথকা সময়খিনিত কোনে তেওঁৰ যত্ন ল’ব সেই কথা শিশুটিক ক’ব লাগে।
  • যিহেতু কিশোৰসকলৰ যুদ্ধ আৰু আন বেদনাদায়ক পৰিস্থিতিৰ বিষয়ে নিকা ধাৰাণা থাকে সেইহে সৰু শিশুতকৈ এওঁলোকে বেছি দূৰ্বল উপলব্ধি কৰে আৰু সম্ভৱতঃ এনে পৰিস্থিতি ৰোধ কৰিব নোৱাৰাৰ বাবে নিজকে দোষী বুলিও ভাবিব পাৰে। তেওঁলোকে পৰিস্থিতিৰ সৈতে তাল মিলাব পাৰিলেও মানসিকভাৱে এনে ভয়াৱহ পৰিস্থিতিৰ সৈতে খাপ খাব নোৱাৰিব পাৰে। এনে কিশোৰসকল কেতিয়াবা খং আৰু হতাশাৰ সৈতে আকোঁৰগোজ মনোভাৱ লব পাৰে। এওঁলোক কৰ্তৃপক্ষৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব পাৰে, নিছাযুক্ত ঔষধ সেৱন কৰিব পাৰে। বা তেওঁলোকে সকলোবোৰ পাহৰিও পেলাব পাৰে। ভয়াতুৰ হৈ পৰিব পাৰে বা বেয়া অভিজ্ঞতাসমূহৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

কৈশোৰসকলক তেওঁলোকৰ অভিজ্ঞতাৰ ভিত্তিত কাম কৰিবলৈ প্ৰাপ্তবয়স্কসকলৰ সহায়ৰ প্ৰয়োজন হয়। সমাজৰ কাম-কাজত কিশোৰসকলক জৰিত কৰি তেওঁলোকক বিশেষ ভূমিকা প্ৰদান কৰিলে লাভজনক ফল পোৱা যায়।

  • সমনীয়া, শিক্ষক, সমাজে পৰিয়ালক হেৰুৱা কিশোৰটিক সহায় আৰু নিৰাপত্তা প্ৰদান কৰিব পাৰে। কিশোৰসকলক প্ৰাপ্তবয়স্কসকলক বিশ্বাসত ল’বলৈ আৰু সমনীয়াৰ লগত নিজৰ অভিজ্ঞতা বিনিময় কৰিবলৈ উৎসাহিত কৰিব লাগে। সামাজিক কাম-কাজত কিশোৰসকলক জৰিত কৰিব লাগে।
  • যদি কোনোবাটি শিশুৰ এনে মানসিক হেঁচা অধিক সময়লৈ অপৰিৱৰ্তিত থাকে তেন্তে বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰা উচিত।

মূল বাৰ্তা-৫

বোমা বা আন বিস্ফোৰণ অতি বিপদজনক। এইবোৰ স্পৰ্শ কৰিব নালাগে।

শিশু ওমলা ঠাইখিনি নিৰাপদ হ’ব লাগে আৰু অচিনাকী সামগ্ৰীৰ সৈতে নেখেলিবলৈ শিশুসকলক সাৱধান কৰি দিব লাগে।

লেণ্ডমাইন বা আন বোমা আদি বিভিন্ন আকাৰ, বৰণ আৰু আৰ্হিৰ থাকে। এনেবোৰ মাটিৰ তলত, বননিৰ মাজত বা পানীৰ তলত লুকুৱাই থ’ব পাৰি।

নষ্ট হৈ যোৱা বিস্ফোৰক সামগ্ৰীবোৰ চিনাক্ত কৰিবলৈ কঠিন হয় আৰু এইবোৰো অতি বিপদজনক। সেনাই অভিযান চলোৱা ঠাই, সেনাই পৰিত্যাগ কৰা ঠাই আদিবোৰত সেইহে অতি সাৱধানতা অৱলম্বন কৰা উচিত। এনে বিস্ফোৰক থকা ঠাইসমূহ বিভিন্ন ধৰণে চিহ্নিত কৰা থাকিব পাৰে। এনে স্থানবোৰলৈ নোযোৱাই ভাল।

এনে কিছুমান বিস্ফোৰক থাকে যিবোৰ মাটিত পৰাৰ লগে লগে বিস্ফোৰণ হয়। কিন্তু কেতিয়াবা নুফুটিবও পাৰে। সেইহে এনেবোৰ অতিশয় বিপদজনক। এনে হাঁবি আদিত জুই লগাই দিলেও এই বোমাবোৰ নুফুটিবও পাৰে বা নষ্ট নহবও পাৰে আৰু নিৰাপদ নহয়।

কিছুমান বোমাত হেঁচা পৰিলে, কিছুমানত ছাবি টানি দিলে, আন কিছুমানত কেৱল স্পৰ্শ কৰিলে বা লৰাই দিলেই বিস্ফোৰণ হয়। গতিকে এনে অচিনাকী সামগ্ৰী স্পৰ্শ কৰিব নালাগে। যি ঠাইত এটা বোমা থাকে তাত আৰু অধিক বোমা থাকিব পাৰে। এনে সামগ্ৰী দেখিলে লগে লগেই সহায় বিচাৰিব লাগে। যদি এনে বিস্ফোৰণ সংঘটিত হয় তেন্তে:

  • তেজ ওলোৱা স্থানত তেজ বন্ধ নোহোৱালৈকে হেঁচা মাৰি ধৰিব লাগে।
  • যদি তেজ ওলোৱাতো নকমে তেন্তে ক্ষত স্থানৰ ওপৰত যি ঠাইতেই সম্ভৱ হয় তাত কাপোৰেৰে বান্ধ দিব লাগে আৰু চিকিৎসা সাহাৰ্য্যৰ বাবে পঠিয়াব লাগে। যদি সাহাৰ্য্য এঘন্টা সময়লৈ পোৱা নাযায় তেন্তে প্ৰতি ঘন্টাৰ অন্তৰে-অন্তৰে বান্ধটো কিছু সময়ৰ বাবে ঢিলা কৰি দিব লাগে আৰু তেজৰ পৰিমাণ কমিছেনে নাই চাব লাগে। যদি তেজ ওলোৱা বন্ধ হৈছে তেন্তে বান্ধটো খুলি দিব লাগে।
  • যদি শিশুটিয়ে উশাহ লৈ আছে কিন্তু অজ্ঞান হৈ আছে তেন্তে শিশুটিক কাতিয়াকৈ শুৱাই দিব লাগে যাতে জিভাখনে উশাহৰ পথ বন্ধ কৰি নেপেলায়।
  • উৎস: ইউনিছেফ

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate