অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰতিষেধক টিকাকৰণ

শিশুৰ বাবে প্ৰতিষেধক টিকাকৰণ কিয় প্ৰয়োজন, প্ৰতিষেধন সম্পৰ্কে তথ্যসমূহ জনা আৰু বিনিময় কৰাটো কিয় গুৰুত্বপূৰ্ণ ইত্যাদিৰ বিষয়ে এই শিতানত আলোচনা কৰা হৈছে।

প্ৰতিষেধন সম্পৰ্কে তথ্যসমূহ জনা আৰু বিনিময় কৰাটো কিয় গুৰুত্বপূৰ্ণ?

চিটা প্ৰদান কৰি সহজেই প্ৰান ৰক্ষা কৰিব পৰা প্ৰায় ১.৭ নিযুত শিশুৰ প্ৰতি বছৰে মৃত্যু ঘটে। এনে চিটা প্ৰদান কৰি এই ৰোগসমূহৰ পৰা শিশুসকলক ৰক্ষা কৰিব পৰা যায়। এনে চিটা প্ৰদান নকৰিলে শিশুৰ মৃত্যু হব পাৰে বা বিকলাংগ হয়। সকলো শিশুৰে এই ৰোগসমূহৰ পৰা সুৰক্ষা পোৱাৰ অধিকাৰ আছে।

সকলো ল’ৰা বা কন্যা শিশুৱে এনে প্ৰতিষেধক চিটা পাব লাগে। প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই নিজকে আৰু শিশুটিক এই ৰোগসমূহৰ পৰা ৰক্ষা কৰিবলৈ এনে প্ৰতিষেধন চিটা লোৱাৰ প্ৰয়োজন।

ক’ত, কেতিয়া, কিয় আৰু কেইবাৰ শিশুক এনে প্ৰতিষেধক চিটা প্ৰদান কৰিব লাগে সেই সম্পৰ্কে সকলো পিতৃ-মাতৃয়ে জনা উচিত। যদি শিশুটি অসুস্থ হৈ থাকে, যদি শিশুটি অসক্ষম, যদি শিশুটি পুষ্টিহীনতাত ভূগিছে তথাপিও এনে প্ৰতিষেধক চিটা লোৱাটো যে নিৰাপদ সেই কথা সকলো অভিভাৱকে জনা উচিত।

মূল বাৰ্তাসমূহঃ

প্ৰতিষেধন সম্পৰ্কে সকলো পৰিয়াল আৰু সমাজে কি বোৰ কথা জনাৰ অধিকাৰ আছে?

১) প্ৰতিষেধন অতি জৰুৰী। সকলো শিশুৱে জন্মৰ প্ৰথম বছৰটোত প্ৰতিষেধনৰ বহু কেইটা চিটা লব লাগে।

২)প্ৰতিষেধনে বহুবোৰ ভয়াবহ ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। যিসকল শিশুক প্ৰতিষেধক চিটা দিয়া নহয় তেওঁলোকৰ অসুস্থতা, স্থায়ী অসক্ষমতা, বৃদ্ধি স্তব্ধ হোৱা আনকি মৃত্যুও হ’বগৈ পাৰে।

৩) যিসকল শিশুৰ সৰু-সুৰা অসুস্থতা আছে, অসক্ষমতা আছে বা অপুষ্টিত ভুগিছে তেওঁলোককো প্ৰতিষেধক চিটা প্ৰদান কৰিব লাগে। ই নিৰাপদ।

৪)সকলো গৰ্ভৱতী মহিলাই ধনুষ্টংকাৰৰ পৰা সুৰক্ষা পাবলৈ বেজী লব লাগে। যদি মহিলাগৰাকীয়ে পূৰ্বে এনে প্ৰতিষেধক লৈছিল তথাপিও চিকিৎসা কৰ্মী বা চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰি অতিৰিক্ত টিটেনাছ টক্সাইড বেজী লব লগা হব পাৰে।

৫) সকলো লোককে প্ৰতিষেধক টিকা দিওঁতে সদাই নতুন আৰু বিজানুমুক্ত চিৰিঞ্জ ব্যৱহাৰ কৰিব লাগে। জনসাধাৰণে এই কথাত গুৰুত্ব প্ৰদান কৰিব লাগে।

৬) বহুতো মানুহৰ সমাগম হোৱা ঠাইত ৰোগ সহজে আৰু দ্ৰুতভাৱে বিয়পে। জনবহুল স্থানত থকা শিশু, বিশেষকৈ শৰনাৰ্থী শিবিৰ বা দূৰ্যোগৰ অৱস্থাত বিশেষকৈ মিজিলছৰ প্ৰতিষেধক অতি শীঘ্ৰে প্ৰদান কৰিব লাগে।

সহায়ক তথ্যঃ প্ৰতিষেধন

মূল বাৰ্তা-১

প্ৰতিষেধন অতি জৰুৰী। সকলো শিশুৱে জন্মৰ প্ৰথম বছৰটোত প্ৰতিষেধনৰ বহু কেইটা চিটা লব লাগে।

শিশুৰ জীৱনৰ প্ৰাৰম্ভিক কালছোৱাতে প্ৰতিষেধন কৰা অত্যাৱশ্যকীয়। এবছৰৰ ভিতৰত সংক্ৰমণ হোৱাৰ বাবে মৃত্যু হোৱা শিশুৰ আধা সংখ্যকৰ হুপিং কাঁহৰ বাবে, তিনিভাগৰ এভাগ পলিঅ’ ৰ বাবে আৰু মিজিলছ হোৱা মুঠ শিশুৰ চাৰিভাগৰ এভাগৰ মৃত্যু হয়।

প্ৰতিটো শিশুক কেঁচুৱা অৱস্থাতে প্ৰতিষেধন চিটা সম্পূৰ্ণকৈ প্ৰদান কৰিব লাগে-অন্যথা এই চিটাবোৰে কোনো কাম নিদিয়ে।

কেঁচুৱাটিক প্ৰথম বছৰত সুৰক্ষা প্ৰদান কৰিবলৈ তলত দিয়া তালিকা অনুসৰি প্ৰতিষেধন প্ৰদান কৰাটো অত্যাৱশ্যকীয়। তলত উল্লেখ কৰা বয়সত এই প্ৰতিষেধকসমূহ প্ৰদান কৰিলে বা সম্ভৱ হ’লে বয়সৰ ওচৰে পাজৰে প্ৰদান কৰিলেহে এইবোৰৰ কাৰ্য্যকৰী বৃহত ভাৱে লাভ কৰিব পাৰি।

যদি কিবা কাৰণবসতঃ শিশুটিক প্ৰথম বছৰ বয়সৰ ভিতৰত প্ৰতিষেধক চিটাসমূহ সম্পূৰ্ণৰূপে প্ৰদান কৰা নহ’ল তেন্তে অতি শীঘ্ৰে বা ৰাষ্ট্ৰীয় প্ৰতিষেধন দিৱসসমূহত শিশুটিক সম্পূৰ্ণ প্ৰতিষেধক প্ৰদান কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। কিছুমান দেশত অতিৰিক্ত চিটাৰ পালি শিশুটিক প্ৰথম বছৰৰ পিছত প্ৰদান কৰা হয় এইবোৰক “বুষ্টাৰ” পালি বোলা হয়। এনে পালিয়ে প্ৰতিষেধক বিধৰ কাৰ্য্যকৰীকৰণ অধিক কৰি তোলে।

কেঁচুৱাৰ প্ৰতিষেধনৰ অনুসূচী*

বয়সঃ জন্মৰ সময়ত

চিটাঃ বিচিজি**, পলিঅ’ আৰু কিছুমান দেশত হেপাটাইটিছ বি।

বয়স: ৬ সপ্তাহ

চিটা: ডিপিটি**, পলিঅ আৰু কিছুমান দেশত হেপাটাইটিছ বি আৰু হিব।

বয়স: ১০ সপ্তাহ

চিটা: ডিপিটি, পলিঅ আৰু কিছুমান দেশত হেপাটাইটিছ বি আৰু হিব।

বয়স: ১৪ সপ্তাহ

চিটা: ডিপিটি, পলিঅ আৰু কিছুমান দেশত হেপাটাইটিছ বি আৰু হিব।

বয়স: ৯ মাহ

চিটা: মিজিলছ (ঔদ্যোগিক দেশসমূহত ১২-১৫ মাহত আৰু কিছুমান দেশত হালধীয়া জ্বৰ, পিঠাখোৱা আৰু ৰুবেলা)

*দেশেপ্ৰতি প্ৰতিষেধক প্ৰদানৰ অনুসূচী সামান্য তাৰতম্য হব পাৰে।

**বিচিজি য়ে কিছুমান ধৰণৰ যক্ষ্মা আৰু কুষ্ঠৰোগত আংশিক সুৰক্ষা প্ৰদান কৰে। ডিপিটি য়ে ডিপথেৰীয়া, হুপিংকাহ আৰু ধনুষ্টংকাৰ ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে।

মূল বাৰ্তা-২

প্ৰতিষেধনে বহুবোৰ ভয়াবহ ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। যিসকল শিশুক প্ৰতিষেধক চিটা দিয়া নহয় তেওঁলোকৰ অসুস্থতা, স্থায়ী অক্ষমতা, বৃদ্ধি স্তব্ধ হোৱা আনকি মৃত্যুও হ’বগৈ পাৰে।

প্ৰতিষেধনে শিশুটিক শিশুকালত হ’ব পৰা কিছুমান অতি বিপদজনক ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। অক্ষমতা থকা শিশুসহ সকলো শিশুকে প্ৰতিষেধক প্ৰদান কৰিব লাগে। এটি শিশুক বেজী আৰু মুখেৰে প্ৰতিষেধক প্ৰদান কৰা হয়। এই চিটাবোৰে শিশুৰ দেহৰ ৰোগ প্ৰতিৰক্ষা গঢ়ি তোলে। ৰোগ হোৱাৰ আগতেই চিটা প্ৰদান কৰিলেহে এই প্ৰতিষেধনে কাম কৰে।

প্ৰতিষেধন প্ৰদান নকৰা শিশুৰ মিজিলছ, হুপিং কাহ আৰু আন মৃত্যু ঘটাব পৰা ৰোগ হোৱাৰ সম্ভাৱনা অধিক থাকে। যিসকল শিশু এই ৰোগত পৰিও প্ৰান ৰক্ষা পৰে তেওঁলোক দূৰ্বল হয় আৰু ভালদৰে বিকাশ নহব পাৰে বা স্থায়ীভাৱে অক্ষম হৈ পৰিব পাৰে। তেওঁলোকৰ পিছলৈ অপুষ্টি আৰু আন ৰোগত মৃত্যু হ’ব পাৰে।

এটি শিশুক মিজিলছৰ বাবে প্ৰতিষেধক প্ৰদান কৰিব লাগে। মিজিলছ পুষ্টিহীনতা, মানসিক বিকাশহীনতা, কানেৰে নুশুনা আৰু দৃষ্টিশক্তি কমাৰ মূল কাৰণ। মিজিলছৰ লক্ষণবোৰৰ ভিতৰত জ্বৰ, শৰীৰত তিনিদিন বা তাতোকৈ অধিক দিনলৈ ঘা হোৱা, লগতে কাঁহ, নাকেৰে পানী ওলোৱা চকু ৰঙা পৰা আদিয়েই প্ৰধান। মিজিলছৰ বাবে শিশু মৃত্যুৰ মুখতো পৰিব পাৰে।

সকলো ঠাইতে থকা সকলো শিশুকে পলিঅ’ ৰ প্ৰতিষেধক প্ৰদান কৰিব লাগে। পলিঅ’ৰ লক্ষণবোৰ হ’ল ভৰি কোমল হৈ পৰা, খোজ কাঢ়িব নোৱাৰা। প্ৰতি ২০০ জন সংক্ৰমিত শিশুৰ ১ জন চিৰজীৱনলৈ পঙ্গু হয়।

ধনুষ্টংকাৰৰ প্ৰতিষেধক প্ৰদান নকৰিলে, অপৰিষ্কাৰকৈ থকা কটা ঘাট ইয়াৰ বিজাণু সংক্ৰমিত হৈ মাৰাত্মক হ’বগৈ পাৰে।

  • গৰ্ভৱতী হোৱাৰ আগতে আৰু গৰ্ভাৱস্থাত মহিলাক দুপালি টিটেনাছ টক্সাইডৰ প্ৰতিষেধন প্ৰদান কৰিলে মহিলাগৰাকীৰ লগতে শিশুটিকো জন্মৰ পাছৰ এসপ্তাহলৈ প্ৰতিষেধকৰ কাম কৰে।
  • কেঁচুৱাৰ ছয় সপ্তাহ বয়সত প্ৰথম পালি ডিপিটিৰ প্ৰতিষেধন প্ৰদান কৰিলে ধনুষ্টংকাৰৰ বিৰোধে সুৰক্ষা সম্প্ৰসাৰিত কৰা হয়।

যিবোৰ দেশত হেপাটাইটিছ বি এটা সমস্যা, তেনেবোৰ ঠাইত ইয়াৰ প্ৰতিষেধন প্ৰদান নকৰিলে প্ৰতি ১০০ জন শিশুৰ ভিতৰত ১০ জনৰে সমগ্ৰ জীৱনলৈ সংক্ৰমণ থাকি যায়। হেপাটাইটিছ বি ৰে সংক্ৰমিত শিশুৰ বয়স বঢ়াৰ লগে লগে যকৃতৰ কৰ্কট ৰোগ বিকাশ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

কিছুমান দেশত হালধীয়া ৰোগে মহামাৰী ৰূপত শিশুসকলৰ জীৱনলৈ বিপদ মাতি আনে। প্ৰতিষেধনেৰে এই ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।

বহুবোৰ দেশত হেম’ফীলাছ ইনফ্লুয়েঞ্জা, টাইপ বি (হিব)ৰ বিজাণুৱে বহুসংখ্যক সৰু ল’ৰা-ছোৱালীৰ নিম’নিয়া কৰি প্ৰানহানী কৰে। হিব বিজাণুৱে শিশুকালত মেনিনজাইটিছো কৰে। বিশেষকৈ ৫ বছৰ বয়সতকৈ সৰু শিশুৰ বাবে এই ভাইৰাছ অতি বিপদজনক। হিবৰ প্ৰতিষেধনে এনে মৃত্যু প্ৰতিৰোধ কৰিব পাৰে। স্তনদুগ্ধ আৰু শিশু জন্মৰ পাছতে মাতৃ স্তনৰ পৰা ওলোৱা ডাঠ হালধীয়া কল’ষ্ট্ৰ’ম নামৰ গাখীৰবিধে শিশুৰ দেহত নিউম’নিয়াৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলে। ই শিশুক ডায়েৰীয়া আৰু আন ৰোগৰ পৰাও সুৰক্ষা প্ৰদান কৰে। শিশুটিয়ে যিমান দিনলৈ স্তনপান কৰে-সিমান দিনলৈ এই সুৰক্ষা থাকে।

খাদ্যপ্ৰান ক য়ে শিশুক সংক্ৰমণৰ বিৰুদ্ধে আৰু অন্ধত্বৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলে।

স্তনদুগ্ধ, যকৄত, মাছ, গাখীৰৰ সামগ্ৰী, কিছুমান কমলা আৰু হালধীয়া বৰণৰ পাছলি, কিছুমান সেউজীয়া পাতৰ পাছলি আদিত খাদ্যপ্ৰান ক পোৱা যায়। যিবোৰ অঞ্চলত খাদ্যপ্ৰান কমকৈ থাকে সেইবোৰ অঞ্চলৰ ছমাহতকৈ ডাঙৰ শিশুক প্ৰতিষেধন প্ৰদান কৰাৰ সময়ত বা ৰাষ্ট্ৰীয় প্ৰতিষেধন দিৱসবোৰত খাদ্যপ্ৰান ক ৰ বড়ি বা পনীয়া প্ৰদান কৰা হয়। মিজিলছ ৰোগৰ চিকিৎসাতো খাদ্যপ্ৰান ক ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

মূল বাৰ্তা-৩

যিসকল শিশুৰ সৰু-সুৰা অসুস্থতা আছে, অসক্ষমতা আছে বা অপুষ্টিত ভুগিছে তেওঁলোককো প্ৰতিষেধক চিটা প্ৰদান কৰিব লাগে। ই নিৰাপদ।

বহু পিতৃ-মাতৃয়ে শিশুটিক এই কাৰণেই প্ৰতিষেধন প্ৰদানৰ বাবে লৈ নাহে যে, যিদিনা প্ৰতিষেধন প্ৰদান কৰিব লগা থাকে সেইদিনাই শিশুটিৰ জ্বৰ, কাহ, পানীলগা, পেটচলা আদি বিভিন্ন ৰোগত ভোগে। তথাপিও সৰু সুৰা অসুস্থতাতো প্ৰতিষেধন প্ৰদান কৰাটো অতি নিৰাপদ।

কেতিয়াবা স্বাস্থ্যকৰ্মীয়ে শিশুটিৰ পেটচলা ৰোগ বা পুষ্টিহীনতাত ভুগিলে প্ৰতিষেধন নিদিবলৈ উপদেশ দিয়ে। এইটো ভুল উপদেশ। পুষ্টিহীনতাত ভোগা বা অক্ষম শিশুৰ বাবেও প্ৰতিষেধন অতি নিৰাপদ।

বেজী দিয়াৰ পাছত শিশুটিয়ে কান্দিব পাৰে বা জ্বৰো উঠিব পাৰে। সৰু ঘা আদিও হব পাৰে। এয়া অতি স্বাভাৱিক। এনে সময়ত শিশুক ঘনাই স্তনপান কৰোৱাব লাগে, পৰ্য্যাপ্ত পৰিমাণৰ আহাৰ আৰু পানীয় খুৱাব লাগে। যদি শিশুটিৰ অতিপাত জ্বৰ হয়, তেন্তে শিশুটিক স্বাস্থ্যকেন্দ্ৰলৈ নিব লাগে।

যিহেতু অপুষ্টিত ভোগা শিশুৰ বাবে মিজিলছ অতি বিপদজনক সেয়েহে বিশেষভাৱে অতিপাত পুষ্টিহীনতাত ভোগা শিশুসহ সকলো শিশুকে মিজিলছৰ প্ৰতিষেধক প্ৰদান কৰাটো অত্যাৱশ্যকীয়।

মূল বাৰ্তা-৪

সকলো গৰ্ভৱতী মহিলাই ধনুষ্টংকাৰৰ পৰা সুৰক্ষা পাবলৈ বেজী লব লাগে। যদি মহিলাগৰাকীয়ে পূৰ্বে এনে প্ৰতিষেধক লৈছিলো তথাপিও চিকিৎসা কৰ্মী বা চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰি অতিৰিক্ত টিটেনাছ টক্সাইড বেজী লব লগা হব পাৰে।

বিশ্বৰ বিভিন্ন অঞ্চলত অস্বাস্থ্যকৰ পৰিৱেশত মাতৃয়ে শিশু জন্ম প্ৰদান কৰে। এনে ক্ষেত্ৰত মাক আৰু শিশু দুয়ো ধনুষ্টংকাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ধনুষ্টংকাৰ নৱজাতক শিশুৰ মৃত্যুৰ এটা প্ৰধান কাৰণ।

যদি এগৰাকী গৰ্ভৱতী মহিলাক ধনুষ্টংকাৰৰ প্ৰতিষেধক প্ৰদান কৰা নহয় আৰু ধনুষ্টংকাৰৰ বিজাণু তেওৰ দেহত প্ৰৱেশ কৰে তেন্তে তেওৰ শৰীৰ বিপদত পৰিব পাৰে।

ধনুষ্টংকাৰৰ বিজাণু লেতেৰা কটা ঘাত বৃদ্ধি ঘটে। যদিহে অপৰিষ্কাৰ কটাৰী বা আন সামগ্ৰীৰে নৱজাতকৰ নাড়ী কটা হয়, তেন্তে তাত ধনুষ্টংকাৰৰ বেক্টেৰীয়াৰে সংক্ৰমিত হব পাৰে। নাড়ী কটাৰ বাবে ব্যৱহাৰ কৰিব লগা আহিলাবোৰ প্ৰথমে ভালদৰে পৰিষ্কাৰ কৰি লৈ তাৰ পাছত ভালদৰে উতলাব লাগে বা জুইৰ শিখাৰ ওপৰত ধৰি তপতাই  লব লাগে আৰু ব্যৱহাৰৰ আগতে ঠাণ্ডা হবলৈ দিব লাগে। জন্মৰ পৰা এসপ্তাহলৈ শিশুটিৰ নাড়ী পৰিষ্কাৰ কৰি ৰাখিব লাগে। সকলো গৰ্ভৱতী মহিলাই ধনুষ্টংকাৰৰ বিৰুদ্ধে প্ৰতিষেধন লোৱাটো নিশ্চিত কৰিব লাগে। ই শিশু আৰু নৱজাতকক সুৰক্ষা প্ৰদান কৰে।

গৰ্ভৱতী মহিলাৰ বাবে ধনুষ্টংকাৰৰ প্ৰতিষেধন সম্পূৰ্ণ নিৰাপদ। গৰ্ভৱতী

মহিলাই তলত দিয়া অনুসূচী মতে ধনুষ্টংকাৰৰ প্ৰতিষেধন লব লাগে।

প্ৰথম পালিঃ যেতিয়াই তেওঁ জানিব পাৰে যে, তেওঁ গৰ্ভধাৰণ কৰিছে।

দ্বিতীয় পালিঃ প্ৰথম পালি লোৱাৰ এমাহ পাছত আৰু সাম্ভাব্য প্ৰসৱৰ দিনৰ দুসপ্তাহতকৈ কম দিনৰ ভিতৰত নহয়।

তৄতীয় পালিঃ দ্বিতীয় পালি লোৱাৰ ছয় ৰ পৰা ১২ মাহৰ ভিতৰত বা দ্বিতীয় গৰ্ভৱতী হোৱাৰ সময়ত।

চতুৰ্থ পালিঃ তৃতীয় পালি লোৱাৰ এবছৰৰ পাছত বা পৰৱৰ্তী গৰ্ভধাৰণত।

পঞ্চম পালিঃ চতুৰ্থ পালি লোৱাৰ এবছৰৰ পাছত বা পিছৰ গৰ্ভধাৰণৰ সময়ত।

যদি এগৰাকী ছোৱালী বা মহিলাই নিৰ্দিষ্ট সময়ৰ ব্যৱধানত পাচ পালি প্ৰতিষেধক গ্ৰহণ কৰে তেন্তে তেওঁ সমগ্ৰ জীৱনকালৰ বাবে সুৰক্ষিত হয়। তেওঁৰ শিশুটিও জীৱনৰ প্ৰথম কেইসপ্তাহমানলৈ সুৰক্ষিত হয়।

মূল বাৰ্তা-৫

সকলো লোককে প্ৰতিষেধক টিকা দিওঁতে সদাই নতুন আৰু বিজানুমুক্ত চিৰিঞ্জ ব্যৱহাৰ কৰিব লাগে। জনসাধাৰণে এই কথাত গুৰুত্ব প্ৰদান কৰিব লাগে।

উপযুক্তভাৱে বিজাণুমুক্ত নোহোৱা বেজী, চিৰিঞ্জ আৰু আন সামগ্ৰীৰ বাবে মাৰাত্মক ৰোগ হব পাৰে। একেটা পৰিয়ালৰ মাজতো একেটা বেজী ব্যৱহাৰ কৰিলেও মাৰাত্মক ৰোগ হ’বগৈ পাৰে। কেৱল নতুন বিজাণুমুক্ত কৰা চিৰিঞ্জ আৰু বেজীহে ব্যৱহাৰ কৰিব লাগে।

মূল বাৰ্তা-৬

বহুতো মানুহৰ সমাগম হোৱা ঠাইত ৰোগ সহজে আৰু দ্ৰুতভাৱে বিয়পে। জনবহুল স্থানত থকা শিশু, বিশেষকৈ শৰনাৰ্থী শিবিৰ বা দূৰ্যোগৰ অৱস্থাত বিশেষকৈ মিজিলছৰ প্ৰতিষেধক অতি শীঘ্ৰে প্ৰদান কৰিব লাগে।

জৰুৰী অৱস্থা বা নিজৰ ঘৰৰ পৰা আঁতৰি আহিব লগা পৰিস্থিতিত মানুহৰ সহজে বেমাৰ সোচৰে। সেইবাবেই আশ্ৰয় শিবিৰ আদিত থকা ১২ বছৰ বয়সতকৈ সৰু ল’ৰা-ছোৱালীক অতি শীঘ্ৰে প্ৰতিষেধক প্ৰদান কৰিব লাগে। বিশেষকৈ প্ৰথম আশ্ৰয় শিবিৰতে মিজিলছৰ প্ৰতিষেধক প্ৰদান কৰাটো অত্যাৱশ্যকীয়।

জৰুৰীকালীন অৱস্থাত সকলো প্ৰতিষেধন স্বয়ংক্ৰিয়ভাৱে নষ্ট হোৱা চিৰিঞ্জৰে প্ৰদান কৰিব লাগে। এনে চিৰিঞ্জ মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰি।

শিশুটি পুষ্টিহীনতাত ভুগিলে বা অতি দৈন্য পৰিস্থিতিত বাস কৰা শিশুৰ বাবে মিজিলছ অতি জতিল হৈ পৰে।

  • মিজিলছৰ দৰে ৰোগ অতি ক্ষিপ্ৰতাৰে বিয়পে। মিজিলছ হোৱা শিশুক আন শিশুৰ পৰা আঁতৰত ৰাখিব লাগে আৰু এজন প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগে।

মিজিলছৰ ফলত সাংঘাটিক ধৰণে ঘনাই পেটচলা ৰোগ হয়। মিজিলছৰ প্ৰতিষেধন প্ৰদান কৰিলে শিশুক ডায়েৰিয়াৰ পৰা মুক্ত ৰাখিব পৰা যায়। যদি অনুসূচী মতে শিশুক প্ৰতিষেধন প্ৰদান ব্যাহত হয় তেন্তে ৰাষ্ট্ৰীয় দিক দৰ্শনৰ অনুসৰি কেনেকৈ প্ৰতিষেধন সম্পূৰ্ণ কৰিব পৰা সেই সম্পৰ্কে স্বাস্থ্যকৰ্মীৰ লগত আলোচনা কৰিব লাগে।

উৎস: ইউনিছেফ

2.95081967213
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top