অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ বিকাশ কি দৰে হয়?

এমাহ বয়সলৈ

এটি শিশু সক্ষম হ’ব লাগে-

  • গাল বা মূৰত হাত বুলালে সেই দিশে মূৰ ঘুৰুৱা।
  • দুয়োখন হাত মুখলৈ অনা।
  • চিনাকী কণ্ঠ বা শব্দ শুনিলে সেইপিনে ঘুৰা।
  • স্তন চুহা আৰু হাতেৰে ধৰা।

পিতৃ-মাতৃ আৰু যত্ন লওঁতালৈ উপদেশ

  • শিশুটিক এনেভাৱে ধৰিব লাগে যাতে ছালৰ লগত ছালৰ সম্পৰ্ক হৈ থাকে আৰু জন্মৰ এঘন্টাৰ ভিতৰত স্তনপান কৰোৱা হয়।
  • শিশুক থিয়কৈ ধৰাৰ সময়ত মূৰত সহায়ক দিয়ক৷
  • ঘনাই শিশুক মালিছ কৰক আৰু আঁকোৱালি ধৰক।
  • আপুনি ক্লান্ত বা অশান্তিত থাকিলেও সকলো সময়তে শিশুক আলসুৱাভাৱে ধৰক।
  • ঘনাই শিশুক স্তনপান কৰোৱাক, কমেও চাৰি ঘন্টাৰ বিৰতিত।
  • যিমানবাৰ সম্ভৱ হয় শিশুৰ লগত কথা পাতক, কিবা পঢ়ি শুনাওঁক বা গান গাওঁক।
  • জন্মৰ ৬ সপ্তাহৰ পাছত শিশুটিক লৈ স্বাস্থ্যকৰ্মীৰ কাষলৈ যাওঁক।

এই বিপদজনক চিহ্নবোৰৰ প্ৰতি লক্ষ্য ৰখা উচিত-

  • দুৰ্বলভাৱে স্তন চুহা বা চুহিবলৈ আপত্তি কৰা।
  • উচ্চ মাত্ৰাৰ শব্দ বা উজ্জ্বল পোহৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা
  • বহুসময় ধৰি কান্দি থকা।
  • বমি আৰু শৌচ হোৱা, যাৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমি যাব পাৰে।

 

৬ মাহ বয়সত

শিশুৱে কৰিবলৈ সক্ষম হ’ব

  • ওপৰ মুৱাকৈ শুলে মূৰ আৰু বুকু ওপৰলৈ তোলা৷
  • ওলমি থকা বস্তু ধৰিবলৈ চেষ্টা কৰা।
  • বিভিন্ন বস্তু ধৰা আৰু জোকাৰা।
  • দুয়োফালে বাগৰা।
  • সহায়লৈ বহিব পৰা।
  • হাত আৰু মুখেৰে সকলো বস্তু বুজিবলৈ চেষ্টা কৰা।
  • শব্দ আৰু মুখৰ ভাৱ নকল কৰিবলৈ চেষ্টা কৰা।
  • নিজৰ নাম শুনিলে বা চিনাকী মুখ দেখিলে প্ৰতিক্ৰিয়া দেখুৱা৷

পিতৃ-মাতৃ আৰু যত্ন লওঁতালৈ উপদেশ:

  • শিশুটিক এখন পৰিষ্কাৰ নিৰাপদ সমতলত থওঁক যাতে মুকলিভাৱে লৰচৰ কৰিব পাৰে আৰু বস্তু বাহানি ধৰিব পাৰে।
  • শিশুক এনেদৰে দাঙি ধৰক যাতে ওচৰে পাজৰে কি হৈ আছে দেখা পায়।
  • ৰাতি বা দিনত যেতিয়াই খাব বিচাৰে স্তনপান অব্যাহত ৰাখক। ইয়াৰ লগতে আন খোৱা বস্তুও দিবলৈ আৰম্ভ কৰক (৬ ৰ পৰা ৯ মাহলৈ দিনে ২ বাৰ, ৮ ৰ পৰা ১২ মাহলৈ দিনে ৩ ৰ পৰা ৪ বাৰকৈ)।
  • যিমান সম্ভৱ হয় শিশুটিৰ লগত কথা পাতক, কিবা পঢ়ক বা গান শুনাওক।

এই বিপদজনক চিহ্নবোৰলৈ লক্ষ্য ৰাখক:

  • জড়তা বা অংগ লৰচৰ কৰাত অসুবিধা।
  • অনবৰতে মূৰটো লৰাই থকা (এইটো কানৰ সংক্ৰমণৰ বাবেও হ’ব পাৰে, চিকিৎসা নকৰিলে কানেৰে নুশুনাও হ’বগৈ পাৰে)৷
  • শব্দ, পৰিচিত মুখ বা স্তন দেখি কোনো প্ৰতিক্ৰিয়া নেদেখুৱা বা কম পৰিমাণে দেখুওৱা।
  • স্তনপান বা আন খাদ্য খাব নিবিচৰা৷

১২ মাহ বয়সত

 

শিশুৱে কৰিবলৈ সক্ষম হ’ব:

  • আনৰ সহায় অবিহনে বহিব পৰা।
  • ওলোটা বাগৰ মৰা আৰু ঠিয় হোৱা৷
  • কিহবাত ধৰি ভৰি আগবঢ়োৱা।
  • শব্দ আৰু কথা নকল কৰিবলৈ চেষ্টা কৰা আৰু কিবা ক’লে বুজি পোৱা।
  • খেলি আৰু হাত চাপৰি মাৰি ভাল পোৱা।
  • কোনো শব্দ বা ভংগী বাৰে বাৰে কৰা।
  • বুঁঢ়া আৰু তৰ্জনী আঙুলীৰে কিবা বস্তু দাঙি ধৰা।
  • কাপ, চামুচ আদি নিজে ধৰা আৰু খাবলৈ চেষ্টা কৰা।

পিতৃ-মাতৃ আৰু যত্ন কৰোঁতালৈ উপদেশ:

  • কিবা বস্তুৰ ফালে দেখুৱাই তাৰ নাম কওঁক, শিশুটিৰ লগত খেলক আৰু কথা পাতক।
  • খোৱাৰ সময়ত সকলোৰে লগত মিলামিছা কৰি খাবলৈ উৎসাহিত কৰক।
  • যদি শিশুটিৰ বিকাশৰ গতি লেহেমীয়া হয় বা কোনো অসামৰ্থতা দেখা যায় তেন্তে যিবোৰত সামৰ্থতা আছে সেইবোৰত বেছি গুৰুত্ব দিয়ক আৰু বেছিকৈ উদ্দীপনা আৰু অধিক মিলামিছা কৰক।
  • শিশুটিক একে ভাজে অধিক সময় নাৰাখিব।
  • দূৰ্ঘটনাৰ পৰা হাত সাৰি থাকিবলৈ শিশুৰ চাৰিওফাল যিমান সম্ভৱ নিৰাপদ কৰি ৰাখক।
  • স্তনপান অব্যাহত ৰাখক আৰু লক্ষ্য ৰাখক যাতে শিশুটিয়ে পৰ্য্যাপ্ত খাদ্য গ্ৰহণ কৰে-বহুধৰণৰ ঘৰত প্ৰস্তুত কৰা খাদ্যও খুৱাব লাগে।
  • শিশুক কাপ আৰু চামুচ দি নিজে খোৱাৰ পৰীক্ষা কৰিবলৈ দিয়ক।
  • শিশুক সম্পূৰ্ণ প্ৰতিষেধক চিটা আৰু সকলোবোৰ সূক্ষ্মপোষণৰ বিকল্প প্ৰদান কৰাটো নিশ্চিত কৰক।

তলত দিয়া বিপদৰ চিহ্নবোৰলৈ লক্ষ্য ৰাখিব:

  • আনন্দৰ শব্দৰ প্ৰতিক্ৰিয়া দেখুৱাই শিশুৱে শব্দ নকৰে।
  • লৰচৰ কৰি থকা বস্তুৰ ফালে শিশুৱে লক্ষ্য নকৰে।
  • শিশুটি অসহিষ্ণু আৰু যত্ন লওঁতাৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নেদেখুৱায়।
  • শিশুটিৰ ভোক নালাগে বা খোৱা বস্তু নাখায়।

 

দুবছৰ বয়সলৈকে

শিশুৱে যি কৰিবলৈ সক্ষম

  • খোজ কঁঢ়া, ওখ ঠাইত উঠা আৰু দৌৰা।
  • কোনো বস্তু বা ছবিৰ নাম ক’লে সেইটো দেখুৱাই দিয়া (যেনে, কাণ, নাক)।
  • কেইবাটাও শব্দ একেলগে কোৱা (১৫ মাহ বয়সৰ পৰা)
  • সাধাৰণ নিৰ্দেশ পালন কৰা।
  • এডাল পেঞ্চিল বা ৰঙীণ পেঞ্চিল দিলে আকবাক কৰা।
  • সাধাৰণ সাধু কথা বা গান গালে আনন্দ পোৱা৷
  • আনৰ ভাৱ-ভংগী নকল কৰা।
  • নিজে নিজে খাবলৈ আৰম্ভ কৰা৷

পিতৃ-মাতৃ বা যত্নকাৰীলৈ উপদেশ:

  • শিশুৰ লগত পঢ়ক, গান গাওঁক বা খেলক।
  • শিশুক বিপদজনক বস্তুৰ পৰা আঁতৰি থাকিবলৈ শিকাওঁক।
  • শিশুৰ লগত স্বাভাৱিকভাৱে কথা পাতক-সৰু ল’ৰাৰ দৰে কথা নাপাতিব।
  • স্তনপান অব্যাহত ৰাখক আৰু শিশুটিয়ে যাতে যথেষ্ট স্তনদুগ্ধ আৰু আন ঘৰুৱা খাদ্য পৰ্য্যাপ্ত পৰিমাণে খায় সেয়া নিশ্চিত কৰক।
  • শিশুটিক খাবলৈ উৎসাহিত কৰক-হেঁচা প্ৰয়োগ নকৰিব।
  • সাধাৰণ কিছুমান নিয়ম আৰু যুক্তিসংগত কিছু প্ৰত্যাশা জনাওঁক।
  • শিশুটিয়ে কৰা কাম-কাজত প্ৰশংসা কৰক।

এনে বিপদজনক চিহ্নবোৰলৈ লক্ষ্য ৰাখিব:

  • আনৰ প্ৰতি প্ৰতিক্ৰিয়াৰ অভাৱ।
  • খোজকঢ়াৰ সময়ত ভাৰসাম্য ঠিকে ৰখাত অসুবিধা হোৱা (এজন প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ কাষলৈ যাওক)।
  • আঘাট আৰু ব্যৱহাৰত বুজাব নোৱাৰাকৈ পৰিৱৰ্তন হোৱা (যদিহে শিশুটি আনৰ দ্বাৰা প্ৰতিপালিত হয়)

তিনিবছৰ বয়সত

 

শিশুৱে কৰিবলৈ সক্ষম

  • সহজে খোজকঢ়া, দৌৰা, ওপৰলৈ বগোৱা, গুৰিওৱা আৰু জপিওঁৱা।
  • সাধাৰণ বস্তুবোৰ চিনি পোৱা আৰু ছবি চিনি পোৱা, আঙুলীৰে দেখুৱাই দিয়া।
  • দুটা বা তিনিটা শব্দৰে বাক্য ক’ব পৰা।
  • নিজৰ নাম আৰু বয়স ক’বলৈ পৰা।
  • ৰঙৰ নাম কোৱা।
  • সংখ্যা বুজি পোৱা।
  • খেলত মিছামিছি বস্তু ব্যৱহাৰ কৰা।
  • মৰম প্ৰকাশ কৰা।

পিতৃ-মাতৃ আৰু যত্ন লওঁতালৈ পৰামৰ্শ:

  • শিশুৰ সৈতে কিতাপ পঢ়ক, চাওঁক আৰু ছবিবোৰকলৈ সাধুকথা কওঁক।
  • শিশুক সাধু কথা কওক আৰু পদ্য আৰু গান শিকাওঁক।
  • শিশুটিক খাবলৈ পৃথক কাঁহী-বাতি, গিলাছ আদি দিয়ক।
  • শিশুক খাবলৈ উৎসাহিত কৰক, শিশুটিক নিজৰ প্ৰয়োজন মতে আৰু সময় অনুসৰি খাবলৈ দিয়ক।
  • শিশুক কাপোৰ পিন্ধা, হাত ধোৱা আৰু শৌচাগাৰ ব্যৱহাৰ কৰাত সহায় কৰক।

এনেবোৰ বিপদজনক চিহ্নলৈ লক্ষ্য ৰাখক

  • খেল-ধেমালীত উৎসাহৰ অভাৱ।।
  • বাৰে বাৰে বাগৰি পৰা।
  • সৰু সৰু বস্তু ব্যৱহাৰত অসুবিধা হোৱা।
  • সাধাৰণ কথা-বতৰা বুজি নোপোৱা।
  • কেইবাটাও শব্দ ব্যৱহাৰ কৰি কথা কোৱাত অক্ষম।
  • খাদ্যৰ প্ৰতি একেবাৰে আগ্ৰহ নথকা বা কম আগ্ৰহ থকা।

 

৫ বছৰ বয়সত

শিশুৱে কৰিবলৈ সক্ষম

  • সু-সমন্বয়ভাৱে ঘূৰা পকা কৰিব পাৰে।
  • বাক্য সজাই কব পাৰে আৰু বহুবোৰ কঠিন শব্দ ব্যৱহাৰ কৰিব পাৰে।
  • বিপৰীত শব্দ বুজিব পাৰে (যেনে, শকত আৰু ক্ষীণ, ওখ আৰু চাপৰ আদি)
  • আন শিশুৰ লগত খেলা।
  • কাৰো সহায় নোলোৱাকৈ পোছাক পিন্ধা।
  • সাধাৰণ প্ৰশ্নৰ উত্তৰ দিয়া।
  • ৫ ৰ পৰা ১০ টা বস্তু লেখিব পৰা
  • নিজৰ হাত ধুব পৰা

পিতৃ-মাতৃ আৰু যত্ন লওঁতালৈ উপদেশ

  • শিশুটিৰ কথা মনোযোগেৰে শুনিব লাগে।
  • শিশুটিৰ সৈতে ঘনাই বাৰ্তালাপ কৰক।
  • যদি শিশুটিয়ে কথা কওঁতে লাগি ধৰে তেন্তে ধীৰে ধীৰে কথা ক’বলৈ কওঁক।
  • সাধুকথা পঢ়ক আৰু কওঁক।
  • শিশুটিক খেলিবলৈ আৰু কিবা বিচাৰিবলৈ উৎসাহিত কৰক।

এনে বিপদজনক চিহ্নলৈ লক্ষ্য ৰাখক।

  • খেলত শিশুটিয়ে লোৱা ভূমিকা লক্ষ্য কৰক।
  • যদি শিশুটিক ভয়াৰ্ত দেখা যায়, ক্ৰোধ দেখা যায়, বা হিংস্ৰ হোৱা দেখা যায় তেন্তে সেয়া আৱেগিক সমস্যা বা উৎপীড়নৰ বাবে হ’ব পাৰে।

উৎস: ইউনিছেফ

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate