মূল পৃষ্ঠা / স্বাস্থ্য / জীৱনৰ সত্যসমূহ / শিশুৰ বিকাশ আৰু প্ৰাৰম্ভিক শিক্ষা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ বিকাশ আৰু প্ৰাৰম্ভিক শিক্ষা

সকলো শিশুৰ সঠিকভাৱে বৃদ্ধি আৰু শিশুৰ বিকাশ দৰকাৰ। এই শিতানত শিশুৰ বিকাশ আৰু প্ৰাৰম্ভিক শিক্ষা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰা হৈছে।

শিশুৰ বিকাশ আৰু প্ৰাৰম্ভিক শিক্ষা সম্পৰ্কীয় তথ্যসমূহ বিনিময় কৰা আৰু মানি লোৱাতো কিয় অতি গুৰুত্বপূৰ্ণ?

শিশুকালৰ প্ৰথম আঠ বছৰ অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ প্ৰথম তিনি বছৰ। এই সময়খিনি ভৱিষ্যতৰ স্বাস্থ্যৰ বিকাশ আৰু উন্নয়নৰ মূল ভেটি। এই সময়ছোৱাত শিশুসকলে আন যি কোনো সময়তকৈ দ্ৰুতভাৱে শিকে। যদি শিশুসকলে ভালপোৱা, চোৱা-চিতা, উৎসাহ আৰু মানসিক উদ্দীপনা লাভৰ লগতে পুষ্টিকৰ খাদ্য আৰু সু-স্বাস্থ্যৰ ব্যৱস্থা পায় তেন্তে দ্ৰুতভাৱে শিকে আৰু বিকাশ হয়। সকলো শিশুৰ জন্মৰ লগে লগেই আইনগতভাৱে নথিভূক্ত কৰা, স্বাস্থ্যৰ যত্ন, ভাল পৰিপুষ্টি আৰু শিক্ষা লাভৰ অধিকাৰৰ লগতে কোনো ধৰণৰ ক্ষতি, নিৰ্যাতন আৰু বৈষম্যতাৰ পৰা ৰক্ষা পোৱাৰ অধিকাৰ লাভ কৰে। শিশুসকলৰ এই অধিকাৰ স্বীকাৰ আৰু ৰক্ষা নিশ্চিত কৰাটো পিতৃ-মাতৃ আৰু চৰকাৰৰ দায়িত্ব।

মূল বাৰ্তাসমূহ:

শিশুৰ বিকাশ আৰু প্ৰাৰম্ভিক শিক্ষাৰ বিষয়ত পৰিয়াল আৰু সমাজে যিবোৰ কথা জনাৰ অধিকাৰ আছে। সেইবোৰ হ’ল:

১) জীৱনৰ প্ৰথম ৮ বছৰ, বিশেষকৈ প্ৰথম ৩ বছৰ শিশুৱে যি যত্ন আৰু মৰম পায় সেয়া অতি গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ জীৱনৰ সম্পূৰ্ণ কালছোৱাত ইয়াৰ প্ৰভাৱ পৰে।

২) কেঁচুৱাই জন্মৰ মূহুৰ্তৰ পৰাই দ্ৰুতভাৱে শিকিবলৈ আৰম্ভ কৰে, বিকাশ হৈ থাকে আৰু ভালপোৱা, যত্ন আৰু উদ্দীপনাৰ লগতে ভাল পুষ্টিদায়ক খাদ্য আৰু স্বাস্থ্য যত্নৰ প্ৰয়োজন।

৩) শিশুসকলক খেলিবলৈ আৰু সকলোবোৰ খুটি-নাটি মাৰি চাবলৈ উৎসাহিত কৰাই তেওঁলোকক বুজা, সামাজিকতা, আৱেগ প্ৰৱণতা, শাৰিৰীক, মানসিক আৰু বুদ্ধি বৃত্তিগতভাৱে বিকশিত কৰাত সহায় কৰে।

৪) শিশুসকলে তেওঁৰ ওচৰত থকাজনৰ পৰা ব্যৱহাৰ শিকে।

৫) সকলো পিতৃ-মাতৃ আৰু যত্ন লওঁতাই শিশুৰ বৃদ্ধি আৰু বিকাশৰ লগত সম্পৰ্ক থকা বিপদ সংকেতবোৰ জনা উচিত।

মূলবাৰ্তা-১

জীৱনৰ প্ৰথম ৮ বছৰ, বিশেষকৈ প্ৰথম ৩ বছৰ শিশুৱে যি যত্ন আৰু মৰম পায় সেয়া অতি গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ জীৱনৰ সম্পূৰ্ণ কালছোৱাত ইয়াৰ প্ৰভাৱ পৰে।

প্ৰথম কেইবছৰমানৰ যত্ন আৰু মৰমে শিশুৰ বিকাশত সহায় কৰে। শিশুক স্পৰ্শ কৰা, মৰম কৰা আৰু কথা পতা আদিবোৰে শিশুৰ বৃদ্ধিত উদ্দীপনা যোগায় আৰু আৱেগৰ বিকাশ কৰে। মাকৰ কাষত ৰখা আৰু বিচাৰিলেই স্তনৰ গাখীৰ খুউৱাটোৱে শিশুৰ মনত এটা নিৰাপত্তাৰ ভাৱ জগাই তোলে। পুষ্টি আৰু আৰামৰ বাবে শিশুৱে মাকৰ স্তন চুহাটো অতি প্ৰয়োজন। ল’ৰা-ছোৱালীৰ একে ধৰণৰ শাৰিৰীক, মানসিক, আৱেগিক আৰু সামাজিক প্ৰয়োজনীয়তা থাকে আৰু একে ধৰণৰ মৰম, মনোযোগ আৰু অনুমোদনৰ প্ৰয়োজন। শিশুৱে নিজৰ প্ৰয়োজনীয়তা বুজোৱাৰ এটা পথ হ’ল কান্দোন। কন্দাৰ লগে লগে কেঁচুৱাক আঁকোৱালি ল’লে আৰু তাৰ লগত কথা পাতিলে শিশুৰ মনত বিশ্বাস আৰু নিৰাপত্তাৰ ভাৱ আহে। যিবোৰ শিশু ৰক্তশূন্যতা, অপুষ্টিত ভোগে তেওঁলোকে সুস্থ শিশুতকৈ সহজে ভয় খায় বা চক খায় আৰু সিহঁতৰ খেলা-ধূলা, অনুসন্ধান আৰু আনৰ লগত মিলজুল কৰাৰ উৎসাহ প্ৰদানৰ প্ৰয়োজন হয়। শিশুৰ আৱেগসমূহ বাস্তৱ আৰু শক্তিশালী। শিশুৱে যদি কিবা বিছাৰিলে নাপায় বা কিবাটো কাম কৰিবলৈ বিছাৰি কৰিব নাপায় তেন্তে অতি বেছি নিৰাশ হৈ পৰে। বেছিভাগ শিশুৱেই অচিনাকি লোক আৰু অন্ধকাৰলৈ ভয় কৰে। যিবোৰ শিশুৰ প্ৰতিক্ৰিয়াত উপসাহ কৰা, শাস্তি দিয়া বা অৱহেলা কৰা হয় তেওঁলোকে পিছলৈ দ্বিধান্বিত বা আৱেগ প্ৰকাশত অক্ষম হৈ পৰে। যেতিয়া শিশুৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেতিয়া যত্ন লওঁতাই ধৈৰ্য্য আৰু সহানুভূতি সহকাৰে শিশুটিৰ কথা শুনিব লালে। তেতিয়া শিশুটি সুখী, নিৰাপদ আৰু সুষ্ঠ হৈ বিকাশ ঘটে।

শাৰিৰীক শাস্তি আৰু উৎপীড়নৰ দৃশ্যই শিশুৰ বিকাশত ক্ষতিকাৰক প্ৰভাৱ পেলায়। যিবোৰ শিশুক খং কৰাৰ বাবে শাস্তি প্ৰদান কৰা হয় তেওঁলোক নিজেই পাছলৈ হিংস্ৰ হৈ উঠিব পাৰে। কি কৰা উচিত, দৃঢ় নিয়ম, কি কৰা অনুচিত আৰু ভাল ব্যৱহাৰৰ বাবে প্ৰশংসা কৰিলে শিশুসকল পৰিয়ালৰ ভাল সদস্য হোৱাত উৎসাহিত কৰে।

পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন সদস্য সকলোৱেই শিশুৰ যত্ন লোৱা উচিত। পিতৃৰ অংশ বিশেষভাৱে গুৰুত্বপূৰ্ণ। পিতৃয়ে শিশুৰ মৰম, স্নেহ আৰু উদ্দীপনাৰ প্ৰয়োজনীয়তা পূৰাব পাৰে আৰু ভাল শিক্ষা, ভাল পুষ্টি আৰু স্বাস্থ্যৰ যত্ন নিশ্চিত কৰিব পাৰে। মাকে স্তনপান কৰোৱাৰ সময়ছোৱা বা গৰ্ভৱতী অৱস্থাত পিতৃয়ে আন ঘৰুৱা কাম-কাজো কৰিব লগা হ’ব পাৰে।

মূলবাৰ্তা-২

কেঁছুৱাই জন্মৰ মূহুৰ্তৰ পৰাই দ্ৰুতভাৱে শিকিবলৈ আৰম্ভ কৰে, বিকাশ হৈ থাকে আৰু ভালপোৱা, যত্ন আৰু উদ্দীপনাৰ লগতে ভাল পুষ্টিদায়ক খাদ্য আৰু স্বাস্থ্য যত্নৰ প্ৰয়োজন।

ছালৰ লগত ছালৰ স্পৰ্শ আৰু স্তনৰ গাখীৰ জন্মৰ এঘন্টাৰ ভিতৰতে খুৱালে শিশুৱে ভালভাৱে বিকশিত হোৱাত সহায়ক হয়। মাকৰ লগতো এটা সম্পৰ্কৰ আৰম্ভণী হয়।

স্পৰ্শ, ঘ্ৰান আৰু দৃষ্টি হ’ল শিশুৱে শিকাৰ আহিলা, এই বোৰেই শিশুৱে চাৰিওফাল নিজৰ পৰিৱেশ বুজিবলৈ বিচাৰে।

শিশুৰ সৈতে কথা পাতিলে, স্পৰ্শ কৰিলে, আঁকোৱালি ল’লে বা যেতিয়া শিশুটিয়ে তাৰ পৰিচিত মুখ দেখে, পৰিচিত কন্ঠ শুনে আৰু বিভিন্ন বস্তু চোৱা মেলা কৰে-ইয়াৰ মাজেৰে শিশুটিৰ বিকাশ হয়। শিশুসকলে মৰম আৰু নিৰাপত্তাৰ অনুভূতি পালে আৰু পৰিয়ালৰ সদস্যসকলৰ লগত মিলা-মিছা কৰিলে দ্ৰুতভাৱে শিকিব পাৰে। যিবোৰ শিশুৱে নিৰাপদ বোধ কৰে, তেওঁলোকে সহজে বিদ্যালয়ত আৰু জীৱনৰ বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজত ভালভাৱে নিজকে পৰিচালিত কৰিব পাৰে।

প্ৰথম ছয়মাহলৈকে কেৱল মাত্ৰ স্তনৰ গাখীৰেই খুৱাব লাগে। দুবছৰ বয়স বা তাতোকৈ দেৰীলৈকে স্তনৰ গাখীৰ খুওঁৱাতো অব্যাহত ৰাখিব লাগে। ইয়াৰ ফলত শিশুৰ পুষ্টি আৰু শাৰিৰীক উপকাৰ হোৱাৰ লগতে স্নেহৰ অনুভূতি জগায় আৰু যত্ন কৰোঁতাৰ লগত আন্তৰিকতা বৃদ্ধি পায়।

শিশুৰ শিক্ষা আৰু বিকাশৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ হ’ল আনৰ লগত মিলামিছা কৰা। পিতৃ-মাতৃ বা শিশুক যত্ন লোৱা সকলে শিশুৰ লগত যিমানে বেছিকৈ কথা পাতে, সিমানে দ্ৰুতভাৱে শিশুসকলে শিকিব পাৰে। পিতৃ-মাতৃ বা শিশুৰ যত্ন লওঁতাই শিশুৰ লগত কথা পতা, কিবা পঢ়া বা গান গোৱা আদি কৰা উচিত। শিশুটিয়ে সকলো কথাৰ অৰ্থ বুজি নাপালেও এনে প্ৰাৰম্ভিক কথা বতৰাই শিশুৰ ভাষা আৰু লিখাৰ ক্ষমতা বিকাশত সহায় কৰে। নতুন আৰু আকৰ্ষণীয় বস্তু চোৱা, শুনা বা চুবলৈ আৰু খেলিবলৈ দিলে শিশুক শিকিবলৈ সহায় কৰা হয়। শিশু বা সৰু ল’ৰা-ছোৱালীক বহু সময়ৰ বাবে অকলশৰীয়াকৈ ৰাখিব নালাগে। এনে কৰিলে শিশুৰ শাৰিৰীক আৰু মানসিক বিকাশ ব্যাহত হয়।

কন্যা শিশুকো আন শিশুৰ দৰেই একে ধৰণৰ খাদ্য, মনোযোগ, মৰম আৰু যত্নৰ প্ৰয়োজন হয়। নতুন কিবা ক’বলৈ পাৰিলে বা শিকিলে সকলো শিশুকে উৎসাহ প্ৰদান আৰু প্ৰশংসা কৰা দৰকাৰ।

শিশুৰ শাৰিৰীক বা মানসিক বিকাশ ভালদৰে নহ’লে পিতৃ-মাতৃয়ে স্বাস্থ্যকৰ্মীৰ পৰামৰ্শ লোৱা প্ৰয়োজন। শিশুক প্ৰথমে মাতৃ ভাষাত শিক্ষাদান কৰিলে শিশুৰ ভাৱ শক্তি আৰু প্ৰকাশৰ ক্ষমতা বৃদ্ধি হয়। শিশুৱে গান, সামাজিক গল্প, কবিতা আৰু খেলৰ মাজেৰে অতি সোনকালে আৰু সহজে ভাষা শিকে।

যিসমূহ শিশুৰ প্ৰতিষেধক চিটা সময়মতে সম্পূৰ্ণ হৈছে, সঠিকভাৱে পুষ্টি পাইছে সেইসকল শিশুৰ জীয়াই থকাৰ, মিলামিছা, খেলা আৰু শিকাৰ উৎসাহ অধিক হয়। এনে ক্ষেত্ৰত শিশুটিৰ বাবে স্বাস্থ্য যত্নৰ খৰছ, অসুস্থতাৰ বাবে বিদ্যালয়ত অনুপস্থিত থকা আৰু চোৱাচিতাৰ বাবে পিতৃ-মাতৃৰ উপাৰ্জনৰ ধন কমকৈ ব্যয় হয়।

মূলবাৰ্তা-৩

শিশুসকলক খেলিবলৈ আৰু সকলোবোৰ খুটি-নাটি মাৰি চাবলৈ উৎসাহিত কৰাই তেওঁলোকক বুজা, সামাজিকতা, আৱেগ প্ৰৱণতা, শাৰিৰীক, মানসিক আৰু বুদ্ধিবৃত্তিগতভাৱে বিকশিত কৰাত সহায় কৰে।

শিশুসকলে আনন্দ লাভ কৰে বাবেই খেলে। কিন্তু খেলাৰ মাজতে শিশুৰ শিকা আৰু বিকাশৰ মূল্যও থাকে। খেলে শিশুসকলৰ জ্ঞান আৰু অভিজ্ঞতা প্ৰদান কৰে। শিশুসকলক অনুসন্ধিৎসু কৰি তোলাৰ লগতে আত্মবিশ্বাস বৃদ্ধি কৰে।

শিশুৱে শিকিলৈ কিবা কৰাৰ চেষ্টা কৰে। উত্তৰৰ তুলনা কৰে, প্ৰশ্ন কৰে আৰু নজনা কথাৰ মুখামুখি হয়। খেলে ভাষাৰ দক্ষতা, চিন্তাশক্তি, কবিতা গোৱা, একগোট হোৱা আৰু সিদ্ধান্ত লোৱাৰ দক্ষতা বৃদ্ধি কৰে। কোনো ধৰণৰ অক্ষমতা থকা শিশুৰ বাবে খেল আৰু উদ্দীপনা বিশেষ গুৰুত্বপূৰ্ণ।

ছোৱালী আৰু ল’ৰাই একেলগে খেলা-ধূলা কৰা আৰু পৰিয়ালৰ লগত মিলা-মিছাৰ সুযোগ থকাটো অতি প্ৰয়োজনীয়। দেউতাকৰ লগত খেলা আৰু কথা পতাই দেউতাক আৰু শিশুৰ সম্পৰ্ক শক্তিশালী কৰি তোলে। পৰিয়ালৰ লোক বা শিশুক যত্ন লোৱাসকলে শিশুক স্পষ্ট নিৰ্দেশসহ সৰু-সুৰা কাম কৰিবলৈ দি, খেলনা সামগ্ৰীৰে বা নতুন কিবা ক্ৰিয়াকলাপৰ নিৰ্দেশ দি, তেওঁলোকৰ খেলা-ধূলাত হস্তক্ষেপ নকৰি তেওঁলোকক শিকিবলৈ সহায় কৰিব পৰা যায়। শিশুক নিবিড়ভাৱে লক্ষ্য কৰিব লাগে আৰু তেওঁৰ ধাৰণাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগে।

যত্ন লওঁতাসকল ধৈৰ্য্যশীল হোৱা উচিত। যেতিয়া এটি শিশুৱে নিজাকৈ কিবা কৰিবলৈ বিছাৰে। বিপদৰ পৰা সুৰক্ষিত অৱস্থাত নতুন আৰু কষ্টকৰ কিবা কৰাৰ চেষ্টা শিশুৰ বিকাশৰ বাবে ইতিবাচক।

শিশুসকলক খেলিবৰ বাবে অতি সাধাৰণ বস্তুৰ প্ৰয়োজন হয়-যিবোৰ শিশুৰ স্তৰত বিকাশৰ বাবে উপযুক্ত। পানী, বালি, ডাঠ কাগজৰ বাকচ, ইটা, বাচন আৰু ঢাকনি আদিবোৰ দোকানক পোৱা আন খেলনাৰ দৰেই তেওঁলোকৰ বাবে জৰুৰী।

শিশুসকলৰ ক্ৰমাগতভাৱে পৰিৱৰ্তন হয় আৰু নতুন ক্ষমতা আহৰণ কৰে। যত্ন লওঁতাসকলে শিশুৰ পৰিৱৰ্তনসমূহ আৰু গতিবিধিবোৰ ভালদৰে লক্ষ্য কৰিব লাগে যাতে শিশুটিৰ বিকাশত সহায় কৰিব পৰা যায়।

মূলবাৰ্তা-৪

শিশুসকলে তেওঁৰ ওচৰত থকাজনৰ পৰা ব্যৱহাৰ শিকে।

শিশুসকলে তেওঁৰ একেবাৰে কাষত থকাজনৰ পৰা ব্যৱহাৰ দেখি নকল কৰে আৰু সামাজিকভাৱে কেনে বাৰ্তালাপ কৰিব লাগে সেয়া শিকে। কেনে ধৰণৰ ব্যৱহাৰ গ্ৰহণযোগ্য নহয় সেইটোও শিকে। জ্যেষ্ঠসকল বা আপেক্ষাকৃতভাৱে ডাঙৰ শিশুসকলৰ পৰা দেখা উদাহৰণসমূহে শিশুৰ মনত গভীৰ চাপৰ সৃষ্টি কৰে আৰু শিশুৰ ব্যৱহাৰ গঠনত গভীৰ প্ৰভাৱ পৰে। শিশুসকলে আনক দেখি শিকে- তেওঁলোকক কি কৰিবলৈ কোৱা হৈছে সেইটো শুনি নহয়। যদি ডাঙৰসকলে চিঞৰি চিঞৰি কথা কয় আৰু চৰম ব্যৱহাৰ কৰে, শিশুসকলেও সেই ব্যৱহাৰেই শিকিব। ডাঙৰসকলে যদি আনৰ লগত সহৃদয়তা, সন্মান আৰু ধৈৰ্য্য সহকাৰে ব্যৱহাৰ কৰে, শিশু সকলেও তাকেই শিকিব।

শিশুসকলে ভাও ধৰি ভাল পায়। যিহেতু এনে ভাও ধৰা কাৰ্য্যই শিশুৰ কল্পনা শক্তি বৃদ্ধি কৰে সেয়েহে শিশুসকলৰ এনে কাৰ্য্যত উৎসাহ প্ৰদান কৰিব লাগে। আনসকলে কেনে ব্যৱহাৰ কৰে সেয়া বুজিবলৈ আৰু গ্ৰহণ কৰিবলৈ ই সহায় কৰে।

মূলবাৰ্তা-৫

সকলো পিতৃ-মাতৃ আৰু যত্ন লওঁতাই শিশুৰ বৃদ্ধি আৰু বিকাশৰ লগত সম্পৰ্ক থকা বিপদ সংকেতবোৰ জনা উচিত।

সকলো পিতৃ-মাতৃ আৰু যত্ন লওঁতাই শিশুৰ বিকাশৰ মাইলৰ খুটিসমূহ জনা উচিত যাতে শিশুৰ স্বাভাৱিক বিকাশ হৈছে নে নাই সেয়া গম পোৱা যায়। তেওঁলোকে এইটোও জনা উচিত যে কেতিয়া শিশুটিক সহায়ৰ প্ৰয়োজন হ’ব-আৰু কেনেদৰে শাৰিৰীক বা মানসিকভাৱে অসমৰ্থ শিশুৰ বাবে যত্ন আৰু ভাল পোৱা পৰিৱেশ এটা প্ৰস্তুত কৰিব পৰা যায়।

সকলো শিশু একে ধৰণেই বৃদ্ধি আৰু বিকাশ হয়, কিন্তু প্ৰতিজন শিশুৰ বিকাশৰ গতি ভিন্ন হয়।

স্পৰ্শ, শব্দ আৰু দৃশ্য প্ৰতি শিশুৱে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাক লক্ষ্য কৰি পিতৃ-মাতৃসকলে বুজিব পাৰে যে শিশুটিৰ বিকাশত সমস্যা বা সামৰ্থ্য আছে নে নাই। যদি বিকাশৰ গতি লেহেমীয়া হয়, পিতৃ-মাতৃ আৰু যত্ন লওঁতাই শিশুটিৰ লগত অধিক সময় কটাই, কথা পাতি বা মালিচ কৰি সহায় কৰিব পাৰে।

যদি শিশুটিয়ে এনে মনোযোগ আৰু উদ্দীপনাত সঁহাৰি নজনায় তেন্তে পিতৃ-মাতৃ আৰু যত্ন প্ৰদানকাৰীয়ে সহায় বিচাৰিব লাগে। অসমৰ্থ শিশুসকলৰ পূৰ্ণতা প্ৰদানৰ বাবে অতি শীঘ্ৰে পদক্ষেপ ল’ব লাগে। পিতা মাতা আৰু যত্ন লওঁতাই শিশুৰ সামৰ্থ্য অনুসৰি সকলোতকৈ অধিক বিকাশৰ বাবে উৎসাহ প্ৰদান কৰা প্ৰয়োজন।

কোনো ধৰণৰ অসমৰ্থতা থকা শিশুক অলপমান বেছি মৰম আৰু সুৰক্ষাৰ প্ৰয়োজন হয়। আন কেঁচুৱাৰ দৰে এওঁলোককো জন্মৰ সময়ত বা পিছতেই নথিভূক্ত কৰিব লাগে, স্তনপান কৰোৱাব লাগে, প্ৰতিৰোধক চিটা আৰু পুষ্টিকৰ খাদ্য প্ৰদান কৰিব লাগে। নিৰ্যাতন আৰু মাৰপিটৰ পৰা ৰক্ষা কৰিব লাগে। অসমৰ্থ শিশুসকলক খেলিবলৈ আৰু আন শিশুসকলৰ লগত মিলামিছা কৰিবলৈ উৎসাহ প্ৰদান কৰিব লাগে।

যিসমূহ শিশুৰ আৱেগজনিত সমস্যা আছে বা অসুখী তেওঁলোকে অস্বাভাৱিক ব্যৱহাৰ কৰিব পাৰে। যেনে হঠাতে প্ৰতিকূলভাৱ দেখুওৱা, দুখঃপোৱা, অলস হৈ পৰা, উৎপাত কৰা, কান্দা, আন শিশুৰ লগত কাজিয়া কৰা, আন শিশুৰ লগত খেলা-ধূলা নকৰি অকলে অকলে বহি থকা, হঠাৎ অস্বাভাৱিক কাম-কাজ কৰা, বিদ্যালয়ৰ পঢ়া-শুনা, খাদ্য গ্ৰহণ আদিত উৎসাহ নোহোৱা।

  • পিতৃ-মাতৃয়ে শিশুৰ কথা শুনা বা তেওঁৰ লগত কথা পাতিব লাগে। তেনেদৰেও সমস্যা সমাধান নহ’লে শিক্ষক বা স্বাস্থ্যকৰ্মীৰ পৰামৰ্শ ল’ব লাগে।
  • যদি কোনোবাটি শিশুৰ আবেগজনিত বা মানসিক সমস্যা থাকে, নিৰ্যাতন পায় থাকে, তেন্তে তেওঁ যাতে ভৱিষ্যতে অধিক জটিল অৱস্থালৈ নাযায় তাৰ বাবে পৰামৰ্শ লোৱা উচিত।

তলত উল্লেখ কৰা নিৰ্দেশনাৱলীয়ে শিশুসকলৰ বিকাশ কি ধৰণে হয় তাৰ এটা ধাৰণা প্ৰদান কৰিছে। সকলো শিশুৰ বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য থাকে। কম পুষ্টি, বেয়া স্বাস্থ্য বা উদ্দীপনা বা আন গুৰুতৰ সমস্যাৰ বাবে পলমকৈ অগ্ৰগতি হ’ব পাৰে। পিতৃ-মাতৃয়ে শিশুৰ বিকাশ সম্পৰ্কে শিক্ষক আৰু স্বাস্থ্য কৰ্মীৰ সৈতে আলোচনা কৰিব পাৰে।

উৎস: ইউনিছেফ

3.10112359551
Daisy kalita Sep 18, 2018 09:05 PM

প্ৰাক বিদ্যালয় স্তৰৰ শিশুৰ শাৰীৰিক বিকাশৰ ক্ষেত্ৰত এয়া লিখিব পাৰো নে??

Monirul Islam Oct 23, 2017 02:35 PM

ধাৰনা গঠন প্ৰক্ৰিয়াত অনুভূতি আৰু উপলব্দিৰ ভূমিকা কি আলোচনা কৰা ।।।।।।। এই প্ৰশ্নটোৰ উত্তৰ লাগে মোৰ অনুগ্ৰহ কৰি দিব নে?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top