অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

‘আয়ুষ্মান ভাৰতʼ আঁচনি :

‘আয়ুষ্মান ভাৰতʼ আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

ড° বি আৰু আম্বেদকাৰৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ এপ্ৰিলত চত্তিশগড়ৰ বিজাপুৰ জিলাত ‘আয়ুষ্মান ভাৰত’ আঁচনিখনৰ কথা ঘোষণা কৰে। ২০১৮-১৯ চনৰ বিত্তীয় বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে এই আঁচনিখনৰ বাবে প্ৰয়োজনীয় পুঁজি আবন্টনৰ বিষয়ে উল্লেখ কৰে। স্বাস্থ্য খণ্ডৰ দুটা বিশেষ শিতানৰ বাবে এই আঁচনিখনে গুৰুত্ব আৰোপ কৰিছে।

ক)স্বাস্থ্য সচেতনতা সম্পৰ্কীয় বিভিন্ন স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণ কৰা,

খ)ৰাষ্ট্ৰীয় স্বাস্থ্য সংৰক্ষণ শিতান। এই ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ অধীনত আৰ্থিক আৰু সামাজিকভাৱে পিছপৰা পৰিয়াললৈ প্ৰত্যেকেই বছৰি উপকৃত হ’ব পৰাকৈ পাঁচ লাখ টকাৰ স্বাস্থ্য বীমা লক্ষ্য কৰি লোৱা হৈছে। প্ৰত্যেক ৰোগীয়ে ভাৰতৰ যিকোনো প্ৰান্তৰ চিকিৎসালয়ত চিকিৎসা কৰাব পাৰিব। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো ৰোগীৰ বাবে এই আঁচনিখন উপলব্ধ হ’ব। তদুপৰি চিকিৎসালয়সমূহত নগদবিহীন লেন-দেনৰো ব্যৱস্থা থাকিব। ‘আয়ুষ্মান ভাৰত’ স্বাস্থ্য বীমা আঁচনিখন ২০১৮ চনৰ ১৫ আগষ্টৰ পৰা কাৰ্যকৰী কৰাৰ বাবে চেষ্টা কৰা হৈছে। ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ লোকৰ বাবে যিকোনো জটিল ৰোগৰ চিকিৎসা ব্যয় বহন কৰাৰ ক্ষমতা নাথাকে। গতিকে দুখীয়া আৰু পিছপৰা শ্ৰেণীটো উপকৃত হ’ব পৰাকৈ এই আঁচনিখনৰ প্ৰৱৰ্তন কৰা হৈছে, যাতে সাধাৰণ দুখীয়া লোকসকলে জীয়াই থকাৰ ক্ষেত্ৰত সংগ্ৰাম কৰিব লগা নহয়। এই আঁচনিৰ অধীনত সৰ্বোচ্চ পাঁচ লাখ টকা পৰ্যন্ত বীমাৰ ধনৰাশি নিৰ্ধাৰণ কৰা হৈছে যদিও ইয়াৰ ৬০ শতাংশ কেন্দ্ৰীয় চৰকাৰ আৰু ৪০ শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। বাৰ্ষিক প্ৰিনিয়াম ২০০০ টকাতকৈ অধিক নহ’ব। ইয়াৰ পৰা প্ৰায় ১০০ মিলিয়ন দুখীয়া লোক উপকৃত হ’ব বুলি অনুমান কৰা হৈছে।

এই আঁচনিখনৰ প্ৰধান বিসয়বস্তু হৈছে-

ক)দুখীয়া লোকসকলৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণৰ ব্যৱস্থা কৰা,

খ)দুখীয়া লোকসকলৰ সু-স্বাস্থ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা,

গ)লগতে চিকিৎসাজনিত কাৰণত দূৰ দূৰণিৰলৈ যাতে ৰোগীসকল যাব লগা নহয়, তাৰ বাবে কম দূৰত্বত স্বাস্থ্য কেন্দ্ৰ কিছুমান নিৰ্মাণ কৰা।

এই স্বাস্থ্যকেন্দ্ৰসমূহে ৰোগীক বিনামূলীয়া ঔষধ যোগান ধৰাৰ উপৰি বিভিন্ন ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষাৰ বাবদ বিনামূলীয়া সেৱা আগবঢ়াব লাগিব। এই আঁচনিখনে ৫০ কোটি দুখীয়া লোকক সামৰি ল’ব বুলি অনুমান কৰা হৈছে।

উৎস: ৰাইজৰ বাতৰি

3.33333333333
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
Nayanmoni Borah Oct 01, 2018 06:12 PM

দুখীয়াৰ দুখ নিৰ্মূল হওক

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top