অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অটল অমৃত অভিযান

ৰাজ্যত প্ৰৱৰ্তন হ'ৱ অটল অমৃত অভিযান৷ এই আঁচনিৰ জৰিয়তে অসমৰ সৰ্বসাধাৰণ ৰাইজে ৫টা নিৰ্দিষ্ট বেমাৰত ২ লাখ টকাৰ বীমা লাভ কৰিব৷অটল অমৃত অভিযান আঁচনিখনৰপৰা

অটল অমৃত অভিযান কি?

 

ৰাষ্টীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ এখন নতুন আঁচনি হ'ল অটল অমৃত অভিযান।

অটল অমৃত অভিযানৰ বিষয়ে কিছু কথা:-

 

অটল অমৃত  আঁচনিৰ জৰিয়তে অসমৰ সৰ্বসাধাৰণ ৰাইজে ৫টা নিৰ্দিষ্ট বেমাৰত ২ লাখ টকাৰ বীমা লাভ কৰিব৷অটল অমৃত অভিযান আঁচনিখনৰপৰা অসমৰ সৰ্বসাধাৰণ উপকৃত হ’ব৷ ৫টা বেমাৰ ক্রমে কেন্সাৰ, কিডনী, হাৰ্ট ছাৰ্জাৰী, নিউৰ’ছাৰ্জাৰী আৰু জুয়ে পোৰা ৰোগীয়ে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন স্থানৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিলে এই ৰোগীজনে ২ লাখ টকাৰ বীমা লাভ কৰিব৷ চলিত বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চলৈকে ৰাইজে এই বীমাৰ বাবে চৰকাৰক ধন পৰিশোধ কৰিব নালাগে৷ কিন্তু ১ এপ্ৰিলৰপৰা বি পি এল পৰিয়ালৰ বাহিৰে আন যিকোনো লোকে ১০০ টকা জমা কৰি স্মাৰ্ট কাৰ্ড লাভ কৰিব৷ এই কাৰ্যৰ জৰিয়তে সৰ্বাধিক ২ লাখ টকাৰ বীমা লাভ কৰিব সাধাৰণ জনতাই৷ অৱশ্যে যিসকল লোকৰ বিভিন্ন কোম্পানীত বীমা আছে তেওঁলোকে এই সুবিধা লাভ নকৰিব৷ আনহাতে অহা ২অক্টোবৰত ৰাজ্য চৰকাৰে অসম আৰোগ্য নিধিৰ উদ্যোগত ২,০০০ কৰ্কট ৰোগীলৈ ৫০ হাজাৰৰপৰা ১ লাখ টকালৈ আৰ্থিক সাহায্য প্ৰদান কৰিব৷

উৎস:অসমীয়া খবৰ

2.97826086957
ৰফিকুল ইছলাম Feb 06, 2018 07:52 AM

কাৰ্ড খন লাভ কৰাৰ পাছতেই এই সেৱা লাভ কৰিব পাৰি নে কাৰ্ড খন আগতে পঞ্জীয়ন কৰাব লাগে।যদি লাগে ক'ত আৰু কেনেকৈ কৰাব লাগে?

মুজাক্কিৰ হুছেইন Jan 03, 2018 11:17 AM

কাৰ্ডখনৰ জৰিয়তে কেতিয়াৰ পৰা পোনপটিয়াকৈ সেৱা গ্ৰহণ কৰিব পৰা যাব ?

দিগন্ত হাজৰিকা Jan 03, 2018 11:34 AM

অটল অমৃত কেনেকৈ পাব পাৰি ?

আতিক আলী Dec 25, 2017 02:08 PM

উক্ত আই কাৰ্ড খন যদি মই এতিয়া সংগ্ৰহ নকৰোঁ, তেন্তে পিছলৈ ইয়াক সংগ্ৰহ কৰিবলে সুযোগ পামনে??
মোৰ প্ৰশ্ন হয়.! বেমাৰী সাহায্য কৰিবলৈ কোনো আচনিৰ প্ৰয়োজন নেকি ?
এতিয়া এক শ্ৰেণীৰ কাৰনে সুবিধা হʼব চিনাকি ডক্টৰ তথা মেডিকেলৰ পৰা প্ৰেচক্ৰিপচন বনাৱ আৰু টকা আদায় কৰিব ৷এতিয়া চৰকাৰে ও
এক দুই হাজাৰ বেমাৰিৰ কাৰনে দুই কৌটি মানুহৰ পৰা টকা আদায় কৰি থাকিব যেন ভাৱ হয়.!!!!!
মই বিশ্বাস কৰো টকাৰ অভাৱত ৰোগীৰ মৃত্যু নহয়, ৰোগীৰ মৃত্যু হয় চিকিৎসাৰ অভাৱত. ৷৷

Jayanta munda Jun 10, 2017 08:14 AM

sir
AAA Cardkhon aru ki ki kamot use koribo pari jonabo neki...?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top