অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এইচ.আই. ভি/এইডছ :

এইচ.আই. ভি/এইডছৰ বিষয়ে লিখা হৈছে ।

 

ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাই(চমুকৈ ‘নাকো’) অলপতে প্ৰকাশ কৰিছে যে ভাৰতত ২০১৭ চনৰ বছৰটোত অনুমানিক ২১.৪ লাখ লোক এইচ.আই. ভি.ৰ দ্বাৰা আক্ৰান্ত হৈছে। এই লোকসকলৰ ভিতৰত ৪০ শতাংশই হৈছে মহিলা।

‘নাকো’য়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০০০ চনৰ পিছত এইচ.আই. ভি. সংক্ৰমণৰ ঘটনা ৬০ শতাংশতকৈ অধিক হ্ৰাস পাইছে। কিন্তু ২০১০ আৰু ২০১৭ চনৰ মাজৰ সময়ছোৱাত সংক্ৰমণৰ হাৰ আছিল ২৭ শতাংশ।

সংক্ৰমণৰ ঘটনা ২০২০ লৈকে ৭৫ শতাংশলৈ হ্ৰাস কৰি অনাৰ লক্ষ্যতকৈ এই হাৰ বহু পৰিমাণে পিছ পৰি থাকিল।

এইচ.আই. ভি.ৰ সংক্ৰমণ -

এইচ.আই. ভি.ৰ সংক্ৰমণ সম্পৰ্কীয় ২০১৭ চনৰ প্ৰতিবেদন অনুসৰি যোৱা বছৰটোত ৮৭,৫৮০ জন লোক এই ভাইৰাছৰ দ্বাৰা নতুনকৈ আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। সেই বছৰটোতে ৬৯,১১০ জন লোকৰ এইডছ ৰোগত আক্ৰান্ত লৈ মৃত্যুবৰণ কৰাটোও নিশ্চিত হৈছে।

ভাৰতৰ পাঁচখন ৰাজ্যত এইচ.আই. ভি. সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে আৰু এই পাঁচখন ৰাজ্যক বাদ দি বাকীবিলাক ৰাজ্যত এই ৰোগৰ সংক্ৰমণৰ হাৰ কমি আহিছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱা পাঁচগখন ৰাজ্য হৈছে- অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, মেঘালয় আৰু উত্তৰাখণ্ড।

এই ৰাজ্যকেইখনত ২০১০ চনৰ বছৰটোৰ তুলনাত যোৱা বছৰ সংক্ৰমণৰ হাৰ বহুগুণে বৃদ্ধি পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই ৰাজ্যকেইখনত এইচ.আই. ভি. আক্ৰান্ত দৰিদ্ৰ অনাথ আৰু অসহায় ল’ৰা-ছোৱালীসকলৰ কাৰণে কম দামত ‘এন্টি ৰেট্ৰভিৰেল চিকিৎসা’(ART) প্ৰদানৰ ব্যৱস্থা কৰিবলৈ এখন আঁচনি গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰকেইখনক পৰামৰ্শ দিছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিয়ে সংসদত দাখিল কৰা ৫৬ নং প্ৰতিবেদনত কৈছে যে, এই ক্ষেত্ৰত মন্ত্ৰালয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে, সেই বিষয়ে অহা তিনি প্ৰতিবেদনত কোৱা হৈছে যে, দেশত এইচ আই ভি সংক্ৰমিত ৰোগীসকলৰ কাৰণে কম খৰচী চিকিৎসা ব্যৱস্থা অতি শীঘ্ৰে আৱশ্যক হোৱাৰ প্ৰয়োজনীয়তালৈ লক্ষ্য কৰি সমিতিয়ে পূৰ্বে দিয়া পৰামৰ্শ মানি চলিবলৈ সোঁৱৰাই দিয়ে।

সমিতিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক ইয়াৰ কৰ্মক্ষেত্ৰৰ সম্প্ৰসাৰণ আৰু শক্তিশালী কৰি তোলাৰ প্ৰতি আহ্বান জনায়।

লগতে মন্ত্ৰালয়ে নিজৰ তত্ত্বাৱধানত নতুন এন্টি-ৰেট্ৰভিৰেল চিকিৎসা কেন্দ্ৰ স্থাপন কৰিবৰ কাৰণে দ্ৰুত প্ৰচেষ্টা হাতত ল’বলৈকো আহ্বান জনাইছে।

সমগ্ৰ দেশতে এন্টিৰেট্ৰভিৰেল চিকিৎসা কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ পৰামৰ্শও সমিতিয়ে আগবঢ়াইছে। ভগত সিং কোশ্যাৰীৰ অধ্যক্ষতাৰ অধীনত গঠন কৰা পেনেলে এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে সমগ্ৰ দেশৰ সকলো অঞ্চল সামৰি এন্টি-ৰেট্ৰভিৰেল চিকিৎসা কেন্দ্ৰ স্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

সমিতিয়ে কৈছে যে এইচ.আই. ভি. সংক্ৰমিত লোকসকল চিকিৎসাৰ কাৰণে কম মূল্যৰ ফলপ্ৰসূ ঔষধ প্ৰয়োগৰ দ্বাৰা ৰোগটো নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়াসৰ কাৰণে সকলো পক্ষই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ শলাগ লোৱা উচিত।

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ পাইছে -

প্ৰতি তিনি মিনিটত এগৰাকী কিশোৰী HIVৰ দ্বাৰা আক্ৰান্ত হৈছে।

ৰাষ্ট্ৰসংঘৰ এটা ৰিপোৰ্টত প্ৰকাশ পাইছে যে পৃথিৱীত প্ৰতি তিনি মিনিটত ১৫ৰ পৰা ১৯ বছৰৰ একোগৰাকী কিশোৰী এনে এবিধ ভাইৰাছৰ সংক্ৰমণত ভুগিছে, যাৰ পৰিণতিত এইডছ ৰোগ হয়গৈ।

প্ৰতিবেদনখনত সকলোকে সতৰ্ক কৰি দিয়া হৈছে যে, এই বিপদ লিংগ বৈষম্য নাইকিয়া হোৱাৰ লগে লগে বৃদ্ধি পাই আহিছে।

আমষ্টাৰডামত ২২ সংখ্যক ‘বিশ্ব এইডছ সন্মিলন’ত গ্ৰহণ কৰা কেবাটাও প্ৰস্তাৱত কোৱা হৈছে যে- এইচ.আই. ভি.ৰ দ্বাৰা পীড়িত লোকৰ ভিতৰত ১৫ৰ পৰা ১৯ বছৰৰ দুই তৃতীয়াংশই ছোৱালী।

ইউনিচেফৰ মুখ্য সঞ্চালক হেনৰিটা ফোৰে কৈছে যে- ‘এই ঘটনাই স্বাস্থ্যৰ প্ৰতি প্ৰধান ভাবুকিৰ সৃষ্টি কৰিছে’।

তেওঁ আৰু কৈছে যে- অধিকাংশ দেশতে মহিলা আৰু ছোৱালীৰ মাজত সতৰ্কতা সম্পৰ্কীয় প্ৰচাৰৰ অভাৱ আৰু চিকিৎসাৰ পৰ্যাপ্ত সা-সুবিধাৰ অভাৱ হৈছে।

তেওঁ এই অৱস্থাৰ কাৰণে অসুৰক্ষিত যৌন সম্পৰ্কৰ ভূমিকাও অস্বীকাৰ কৰিব নোৱাৰি বুলি কৈছে।

ফোৰে লগতে কৈছে যে এইচ.আই. ভি.ৰ সংক্ৰমণ দুৰ্বল আৰু আৰ্থিক দৈন্যত ভোগা লোকৰ মাজত দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু ইয়াৰ পৰিণতিত অতি বেছিকৈ ভুগিব লগা হৈছে কিশোৰীসকল।

প্ৰকাশিত প্ৰতিবেদনৰ তথ্য অনুসৰি যোৱা কেইবছৰত ১৯ বছৰ বা তাতকৈ কম বয়সৰ ১,৩০,০০০ কিশোৰীৰ মৃত্যু এইডছৰ ফলত হৈছে।

বৰ্তমান ৪,৩০,০০০ লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে অৰ্থাৎ প্ৰতি ঘন্টাত ৫০ জন লোক এই ভাইৰাছৰ কবলত পৰিছে।

২০১০ চনৰ পৰা বিশ্বত যিকোনো বয়সৰ লোকৰ এইডছৰ ফলত হোৱা মৃত্যুৰ হাৰ কমি আহিছে যদিও ১৫ৰ পৰা ১৯ বছৰৰ ছোৱালীৰ মৃত্যুৰ সংখ্যা একেই আছে।

ইউনিছেফে প্ৰকাশ কৰা তথ্য অনুসৰি এই মহামাৰীৰ কবলত পৰিছে যুৱতীসকল। তাৰ ফলত সময়তকৈ আগতে কম বয়সতে তেওঁলোকতকৈ ডাঙৰ পুৰুষৰ সৈতে যৌন সম্পৰ্ক কৰা, ধৰ্ষিতা হোৱা, দৰিদ্ৰতাৰ চাপত পৰি এইচ.আই. ভি.ৰ দ্বাৰা আক্ৰান্ত হ’ব লগা হৈছে।

এই বয়সৰ কিশোৰীসকলে পৰামৰ্শৰ বাবে কোনো উপযুক্ত ব্যৱস্থা বা স্বাস্থ্য পৰীক্ষা কেন্দ্ৰৰ পৰাও বঞ্চিত হৈ আছে।

এই সম্পৰ্কত অভিনেতা তথা সমাজকৰ্মী চালিঞ্জ থেৰোণে সন্মিলনত প্ৰকাশ কৰিছে যে- এইডছ মহামাৰী কেৱল যৌন সম্পৰ্কৰ পৰিণতি নহয়।

ইয়াৰ সম্পৰ্ক সমগ্ৰ বিশ্বজুৰি মহিলা আৰু যুৱতীসকলক সমাজৰ দ্বিতীয় শ্ৰেণীৰ মৰ্যাদা দিয়াৰ কাৰণেও হৈছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top